নিয়তিৰ নিষ্ঠুৰ পৰিহাসে অধিক শক্তিশালী কৰিলে প্ৰদীপ কুমাৰক

কম বয়সৰপৰা বহুতে ব্যৱহাৰ কৰা বেজীৰে ড্ৰাগছ লোৱাৰ ফলত এদিন এইডছ আক্ৰান্ত হৈছিল কে প্ৰদীপ কুমাৰ । ২০০০ চনত শৰীৰত এইচ আই ভিৰ বিষাণু ধৰা পৰাৰ পাছত প্ৰায় তিনিবছৰ মৃতপ্ৰায় অৱস্থাত ঘৰত আবদ্ধ হৈ থকাৰ সময়ত বন্ধু-বান্ধৱ, আত্মীয় কোনো নাহিল তেওঁৰ খবৰ লবলৈ । আনকি যিসকল বন্ধুৱে তেওঁক ড্ৰাগছ ল'বলৈ শিকাইছিল সেইসকলো দূৰে দূৰেই থাকিল । প্ৰদীপৰ ইতিমধ্যে ভাৰাক্ৰান্ত মনটোক আৰু ভাৰাক্ৰান্ত কৰি তুলিলে এই কথাই । কিন্তু লগে লগে মনলৈ এটা জেদ আহিল - "মই জীয়াই থাকিম আৰু আনতকৈও শ্ৰেষ্ঠ হৈ দেখুৱাম ।" মিঃ ছাউথ এছিয়া চেম্পিয়নশ্বিপ জয় কৰা আৰু মিঃ ৱৰ্ল্ড প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক জয় কৰা প্ৰদীপ কুমাৰৰ কাহিনী এখন উপন্যাসতকৈও শিহৰণকাৰী আৰু প্ৰেৰণাদায়ক।

নিয়তিৰ নিষ্ঠুৰ পৰিহাসে অধিক শক্তিশালী কৰিলে প্ৰদীপ কুমাৰক

Tuesday September 19, 2017,

12 min Read

কিছুমান মানুহৰ মনোবল হাজাৰ সমস্যা আৰু দুৰ্ভাগ্যয়ো ভাঙিব নোৱৰে । বৰঞ্চ এই সমস্যাবোৰে তেওঁলোকক আৰু বেছি শক্তিশালী কৰি তোলে । মিঃ ছাউথ ইষ্ট এছীয়া চেম্পিয়নশ্বিপ জয় কৰা আৰু মিঃ ৱৰ্ল্ড প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক জয় কৰা মণিপুৰৰ শৰীৰচৰ্চাবিদ কে প্ৰদীপ কুমাৰ সিং কেৱল ক্ৰীড়াবিদসকলৰ বাবেই অনুপ্ৰৰণাৰ উৎস নহয় । জীৱন যুদ্ধত হাৰ নমনা লোকৰ অদম্য মনোবলৰ উদাহৰণ হৈছে প্ৰদীপ কুমাৰ । 

মণিপুৰত জন্মলাভ কৰা প্ৰদীপকুমাৰৰ শৈশৱ আছিল অন্য শিশুৰ দৰেই । স্কুললৈ গৈছিল, ভাই-ভনীৰ সৈতে খেলা-ধূলা কৰিছিল । কেতিয়াও ক্লাছ ক্ষতি নকৰা প্ৰদীপ কুমাৰ কেতিয়াবা দেৰীকৈ ঘৰলৈ আহিলে শাস্তিৰপৰা হাত সাৰিবলৈ হঠাতে একোটা কাহিনী সৃষ্টি কৰাত অভ্যস্ত আছিল । কিন্তু নিজৰ সমনীয়াসকলৰ সৈতে খেলা-ধূলা কৰাতকৈ বয়সত ডাঙৰ বন্ধুৰহে সঙ্গ কৰিবলৈ ভাল পাইছিল তেওঁ । কাৰণ সমনীয়াসকলৰ কথা-বতৰাই তেওঁক আকৰ্ষিত নকৰিছিল । এই স্বভাৱেই এদিন তেওঁৰ জীৱন চিৰদিনৰ বাবে সলনি কৰি পেলাইছিল ।

আশীৰ দশকৰ মাজভাগত ষষ্ঠ-সপ্তম শ্ৰেণীত থকা অৱস্থাতে ড্ৰাগছৰ কবলত পৰিছিল প্ৰদীপ কুমাৰ । সেই সময়ত ড্ৰাগছৰ কু-প্ৰভাৱ অথবা একেটা বেজী ব্যৱহাৰ কৰাৰ বিপদ সম্পৰ্কে বিশেষ চৰ্চা হোৱা নাছিল । সেইসময়ত মণিপুৰত ড্ৰাগছৰ ব্যৱহাৰ ব্যাপক ৰূপত বাঢ়ি আহিছিল । ড্ৰাগছ ব্যৱসায়ী চক্ৰই অতি সুলভ মূল্যত বাজাৰত এৰি দিছিল বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ । যুৱ সমাজৰ মাজত ড্ৰাগছ লোৱাটো এটা ফেশ্বনত পৰিণত হৈছিল । সঙ্গদোষত পৰি ফলাফল চিন্তা নকৰাকৈ ড্ৰাগছ ল'বলৈ আৰম্ভ কৰিছিল প্ৰদীপ কুমাৰে । প্ৰদীপ কুমাৰৰ সম্পৰ্কীয় এজন ককায়েক আছিল অতি ধনী ঠিকাদাৰৰ পুত্ৰ আৰু তেওঁৰ হাতত কেতিয়াও টকাৰ অভাৱ নহৈছিল । তেওঁলোকে সঘনাই পাৰ্টী কৰিছিল আৰু ইয়াত যোগ দিছিল অন্যান্য বন্ধুৱে ।

image


লাহে লাহে ড্ৰাগছ যে তেওঁৰ বাবে এটা নিচাত পৰিণত হৈছে তেওঁ সেয়া বুজিছিল আৰু এই নিচা এৰিবলৈ তেওঁ চেষ্টা চলাইছিল প্ৰদীপ কুমাৰে। কিন্তু এয়া সম্ভৱ হৈ উঠা নাছিল কাৰণ ড্ৰাগছ এৰিবলৈ চেষ্টা কৰিলে তেওঁক আগুৰি ধৰিছিল কেতবোৰ ভয়ানক উইড্ৰৱেল চিনড্ৰমে। ইতিমধ্যে দ্বাদশ শ্ৰেণীলৈকে মণিপুৰতে শিক্ষা গ্ৰহণ কৰাৰ পাছত তেওঁ উৰিষ্যাত স্নাতক শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিল আৰু নতুন কিছুমান বন্ধুৰ লগ হৈ পুনৰ ড্ৰাগছৰ কবলত পৰিছিল । বহু চেষ্টা কৰিও তেওঁ তাৰ কবলৰপৰা ওলাই আহিবপৰা নাছিল । সেই সময়ৰ ড্ৰাগছ ব্যৱহাৰৰ ভয়ানক অভিজ্ঞতা সম্পৰ্কে তেওঁ কয় -

"ড্ৰাগছ ল'বৰ বাবে একোটা চিৰিঞ্জ কিনাটো বৰ সহজ কাম নাছিল । কাৰণ আমি চিৰিঞ্জটো কিয় কিনিছো সেই সম্পৰ্কে কোনোবাই সন্দেহ কৰিব বুলি আমাৰ ভয় আছিল আৰু সেয়েহে একোটা চিৰিঞ্জকে আমি বহুতে ব্যৱহাৰ কৰিছিলো আৰু পুনৰ ব্যৱহাৰ কৰিছিলোঁ । ইয়াৰ ভয়ানক ফলাফল সম্পৰ্কে আমাৰ কোনো জ্ঞান নাছিল ।"

উড়িষ্যাত স্নাতক শিক্ষা লাভ কৰাৰ পাছত তেওঁ গণিতত এম এছ চি কৰিবলৈ নাইনিতাললৈ গৈছিল যদিও ড্ৰাগছৰ অভ্যাসৰ বাবেই তেওঁ শিক্ষা সমাপ্ত নকৰিলে । 

নব্বৈৰ দশকৰ শেষৰফালে এদিন প্ৰদীপ কুমাৰে বাতৰি কাককত এটা প্ৰৱন্ধ পঢ়িবলৈ পালে । ইয়াত লিখা আছিল একেটা বেজি ব্যৱহাৰ কৰি ড্ৰাগছ লোৱাৰ ফলত হ'ব পৰা বিপদ সম্পৰ্কে । এই প্ৰৱন্ধতে তেওঁ প্ৰথমবাৰৰ বাবে এইডছ ৰোগৰ বিষয়েও পঢ়িবলৈ পালে । ইতমধ্যে ড্ৰাগছৰ নিচাৰ ফলত তেওঁৰ দুজনমান বন্ধুৰ মৃত্যু হৈছিল । এইডছ ৰোগৰ বিষয়ে জানিবলৈ পাই শংকিত হৈ প্ৰদীপ কুমাৰে সিদ্ধান্ত ললে তেওঁ যিকোনো প্ৰকাৰে ড্ৰাগছ এৰিব । ১৯৯৭ চনত তেওঁ শেষবাৰৰ বাবে ড্ৰাগছ লৈছিল। কিন্তু ড্ৰাগছৰ উইড্ৰৱেল চিনড্ৰমৰপৰা হাত সাৰিবলৈ এইবাৰ তেওঁ মদৰ শৰণাপন্ন হ'ল । লাহে লাহে মদৰ পৰিমাণ বাঢ়ি আহিল যদিও তেওঁৰ মনত এটাই ভাব আছিল যে মদ অন্ততঃ ড্ৰাগছতকৈ কম ভয়াবহ । তেওঁ মনে মনে আশা কৰিছিল যে ড্ৰাগছ এৰি দি তেওঁ হয়তো এইডছৰ লগতে আন আন সমস্যাবোৰৰপৰা হাত সাৰিব পাৰিব । কিন্তু তেওঁ জনা নাছিল যে এই ৰোগে ইতিমধ্যে তেওঁৰ শৰীৰক আক্ৰমণ কৰি পেলাইছিল আৰু পূৰ্ণৰূপত আত্মপ্ৰকাশ কৰিবলৈ উপযুক্ত সময়ৰ অপেক্ষাত আছিল ।

১৯৯৯ চনৰ ডিচেম্বৰ মাহত এদিন ভাইৰেল জ্বৰত আক্ৰান্ত হ'ল প্ৰদীপ কুমাৰ । লগতে ডিঙিত অনুভৱ কৰিলে প্ৰচণ্ড বিষ আৰু অশান্তি । চিকিৎসকে তেওঁক এন্টিবায়টিক লোৱাৰ পৰামৰ্শ দিলে । ৰাতিপুৱা সেই দৰব ফাৰ্মাচীত নাছিল বাবে তেওঁ গধূলি সময়ত আকৌ ফাৰ্মাচীখনলৈ গ'ল । ফাৰ্মাচী গৈ পায়েই অচেতন হৈ পৰি গল তেওঁ । যেতিয়া তেওঁ সাৰ পালে তেওঁ নিজকে ঘৰত আৱিষ্কাৰ কৰিলে । তেওঁৰ পৰিয়ালে তেওঁক ঘৰলৈ লৈ আহিছিল । পিছদিনা তেওঁ মাতৃৰ সৈতে পুনৰ চিকিৎসকৰ ওচৰলৈ গ'ল । এইবাৰ চিকিৎসকে তেওঁক আন এটা দৰৱ দিলে যদিও তেওঁ সেই দৰবটো নল'লে । কিন্তু শৰীৰত প্ৰচণ্ড বিষৰ বাঢ়ি অহাৰ লগতে ডিঙিৰ বিষৰ বাবে একো খাব নোৱৰা হ'ল তেওঁ । দুই তিনিদনৰ ভিতৰত তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিল । তেওঁ বিচনাৰপৰা উঠিবও নোৱৰা হ'ল আৰু হাত ভৰিও লৰচৰ কৰিব নোৱৰা হ'ল । অৱশেষত মণিপুৰৰ ৰিজনেল ইন্সটিটিউট অৱ মেডিকেল চায়েন্সেজত ভৰ্তি কৰোৱা হ'ল প্ৰদীপ কুমাৰক । 

চিকিৎসালয়ত বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা চলিল তেওঁৰ ওপৰত । লাহে লাহে তেওঁৰ অৱস্থা অধিক বেয়ালৈ ঢাল খাবলৈ ধৰিলে । আনকি চকুৰে ধোঁৱা-কোঁৱা দেখা, যেতিয়াই তেতিয়াই অচেতন হোৱা, কথা ক'ব নোৱৰা আৰু খাব নোৱৰা হোৱা আদি বিভিন্ন উপসৰ্গই দেখা দিলে । পৰীক্ষাত ধৰা পৰিল তেওঁৰ ডিঙিৰ গ্ৰন্থিৰ যক্ষ্মাৰোগ হৈছে । চিকিৎসা চলিল আৰু তেওঁৰ অৱস্থা কিছু উন্নত হোৱাৰ পাছত তেওঁ ঘৰলৈ গল যদিও কেইদিনমানৰ পিছতে পুনৰ সংকটজনক আৰু অচেতন অৱস্থাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হ'ল । তিনিদিনৰ পাছত জ্ঞান পাই তেওঁ তেওঁৰ আশে-পাশে থকা চিকিৎসকসকলৰ কথা বতৰা বুজিবলৈ চেষ্টা কৰিলে । তেওঁলোকৰ মূখত তেওঁ এটা শব্দ শুনিবলৈ পালে - চেৰ' পজিটিভ । তেওঁ তাৰে এজনক শুধিলে সেই শব্দটোৰ অৰ্থ কি । চিকিৎসকজনে তেওঁক বুজাই ক'লে যে চেৰ' পজিটিভ শব্দৰ অৰ্থ হৈছে কোনো তেজৰ পৰীক্ষাত এবিধ ৰোগৰ উপস্থিতি ধৰা পোলাৱোটো । আৰু তেওঁৰ ক্ষেত্ৰত এই ৰোগটো আছিল এইডছ । তেতিয়া প্ৰদীপ কুমাৰৰ বয়স মাত্ৰ ৩০ বছৰ । 

এইডছ ৰোগৰ কথা শুনি তেওঁৰ মূৰত যেন সৰগ ভাগি পৰিল । যিটো ৰোগৰপৰা বাচিবলৈ তেওঁ বহু আশা কৰিছিল অৱশেষত সি তেওঁক কাবু কৰি পেলালে । তেওঁ কান্দোনত ভাগি পৰিল । তেনেতে কোঠাটোলৈ তেওঁৰ মাক সোমাই আহিল । প্ৰদীপে নিজকে সংযত কৰি কোনোমতে মাকক কলে- "মা, ব'লা আমি ঘৰলৈ ঘূৰি যাওঁ ।"

ঘৰত তেওঁৰ পৰিয়ালৰ লোকে তেওঁৰ যন্ত লবলৈ ধৰিলে আৰু এদিন মাকে তেওঁক ক'লে- "তোমাক কি লাগে কোৱা । তুমি যি বিচাৰা তোমাৰ বাবে সেয়া মই কৰিম ।" প্ৰদীপ কুমাৰে ক'লে যে তেওঁ উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ যাবলৈ বিচাৰে । পিচদিনাই তেওঁৰ ভনীয়েক আৰু মাকে তেওঁক গুৱাহাটীলৈ লৈ গ'ল আৰু গুৱাহাটীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱালে।

দুৰ্ভাগ্যজনকভাৱে ইয়াত তেওঁ প্ৰথমবাৰৰ বাবে এইডছ ৰোগীৰ সৈতে হোৱা দুৰ্ব্যৱহাৰৰ মূখামূখি হল । তেওঁক হাত ভৰি বন্ধা মানসিক ৰোগীৰ সৈতে আচুতীয়াকৈ এটা বন্ধ কোঠাত ৰখা হ'ল আৰু এই পৰিবেশে তেওঁক মানসিকভাৱে বিপৰ্যস্ত কৰি তুলিলে । এয়া আছিল মাত্ৰ আৰম্ভণী । তেওঁৰ বাবে আৰু দুৰ্ব্যৱহাৰে অপেক্ষা কৰি আছিল । এটা ঘটনাই তেওঁক অতিমাত্ৰা আহত কৰিলে । এগৰাকী নাৰ্চে তেওঁৰ চেলাইনৰ বেজী ইমান বেপৰোৱাভাৱে খুলিলে যে তেওঁৰ শিৰাৰ পৰা তেজ ওলাবলৈ ধৰিলে আৰু ইমান তেজ ওলাল যে সি বিচনা চাদৰখন ৰাঙলী কৰি পেলালে । কিন্তু নাৰ্চগৰাকীয়ে তেওঁৰফালে ঘূৰি নোচোৱাকৈয়ে কোঠাটোৰপৰা ওলাই গ'ল । হাতখনৰ বিষতকৈও এই ব্যৱহাৰৰ বেদনা আছিল অধিক কষ্টকৰ । সেইদিনাই তেওঁলোক মণিপুৰলৈ ঘূৰি গ'ল । 

মণিপুৰলৈ ঘুৰি অহাৰ পাছত তেওঁলোক সম্পূৰ্ণৰূপে নিৰাশ হৈ পৰিল । প্ৰদীপ আৰু পৰিয়ালৰ লোকে তেওঁৰ মৃত্যুৰ ক্ষণ গণিবলৈ ধৰিলে । কিন্তু তেনেকুৱাতে তেওঁলোকে লগ পালে এজন নতুন চিকিৎসকক । ডা° নৰেন । তেওঁ আছিল এইছ আই ভি বিশেষজ্ঞ । তেওঁ বুজালে যে এইডছ ৰোগী এজন ঔষধৰ সহায়ত স্বাভাৱিকভাৱে জীয়াই থাকিব পাৰে । কিন্তু এই ঔষধ আছিল অতিশয় দামী আৰু এইটো পোৱাটো সহজ নাছিল । এই দৰৱৰ দাম আছিল সেই সময়তে ৩৬ হাজাৰ টকা । তথাপি পৰিয়ালৰ লোকে সিদ্ধান্ত ল'লে যিকোনো উপায়েৰে তেওঁলোকে এই দৰৱৰ খৰচ বহন কৰিব । এই দৰৱ ৰাখিবলগীয়া হৈছিল শীত-তাপ নিয়ন্ত্ৰিত পৰিবেশত আৰু তেওঁলোকৰ ঘৰত ৰেফ্ৰিজাৰেটৰ নথকাত তেওঁলোকে আনৰ ঘৰত এই দৰৱ ৰাখিবলগীয়া হৈছিল । চিকিৎসা আৰম্ভ হল আৰু ডা° নৰেনৰ পৰামৰ্শমতে যক্ষ্মাৰোগৰ ঔষধ বন্ধ কৰি দিয়া হ'ল । নতুন দৰৱবিধ লোৱাটোও সহজ নাছিল । এই দৰৱ ভক্ষণ কৰাৰ লগে লগে তেওঁৰ বমি হৈছিল । যিহেতু দৰববিধ অতি দামী আছিল সেয়েহে তেওঁ এটা পাত্ৰত বমি কৰি তাৰপৰা আকৌ দৰববিধ আহৰণ কৰি পুনৰ ভক্ষণ কৰিছিল । 

লাহে লাহে তেওঁ অলপ অলপকৈ লৰচৰ কৰিব পৰাকৈ শক্তি ঘূৰাই পাবলৈ ধৰিলে । প্ৰদীপ কুমাৰে কয় - "এইডছ ৰোগত আক্ৰান্ত হৈ বহুতেই ভাবে যে তেওঁৰ মৃত্যু সন্নিকট । এই ধৰণে চিন্তা নকৰি জীৱনটোক সুস্থভাৱে আগবঢ়াই নিয়াৰ কথাহে চিন্তা কৰিব লাগে ।"

২০০০ চনৰপৰা ২০০৪ চনৰ মাজভাগলৈ প্ৰায় চাৰে তিনিবছৰ সময় তেওঁ নিজৰ ঘৰতে আবদ্ধ হৈ থাকিল । এই সময়চোৱাত কিন্তু তেওঁৰ এজনো বন্ধু বা আত্মীয় তেওঁৰ খবৰ লবলৈ নাহিল । যিসকলে এদিন ড্ৰাগছ লবলৈ শিকাইছিল তেওঁলোকৰো কোনো এজন নাহিল তেওঁক দেখা কৰিবলৈ । তেওঁ নিজৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় পাৰ কৰিলেও প্ৰতি মূহুৰ্ততে তেওঁ সজাগ হৈ থাকিছিল যাতে তেওঁ ব্যৱহাৰ কৰা ব্লেড অথবা কেনেবাকৈ তেওঁৰ শৰীৰৰপৰা তেজ ওলালে সেই তেজৰপৰা যাতে আন কাৰো শৰীৰলৈ এই ৰোগ সংক্ৰমিত নহয় । এই সাৱধানতা তেওঁ আজিও অৱলম্বন কৰে । 

এদিন তেওঁৰ ভনীয়েকে তেওঁক এজোপা ফুলগছ উপহাৰ দিলে । প্ৰদীপ কুমাৰে এই গছজোপা বৰ মনোযোগেৰে প্ৰতিপালন কৰিবলৈ ধৰিলে আৰু মনতে ভাবিলে যে এই ফুলজোপাই তেওঁৰ বাবে এটা নতুন জীৱনৰ প্ৰেৰণাৰ উৎস । লাহে লাহে তেওঁ এজোপা দুজোপাকৈ ফুলগছ ৰুবলৈ ধৰিলে আৰু নিজাকৈ এখন নাৰ্ছাৰী গঢ়ি তুলিলে । লাহে লাহে মণিপুৰৰ বিভিন্ন পুষ্পমেলাত তেওঁ যোগ দিবলৈ ধৰিলে । অলপ অলপকৈ এইদৰে জীয়াই থকাৰ উৎসাহ আৰু শক্তি ঘূৰি অহাত তেওঁ ভাবিলে অলপ ব্যায়াম কৰি স্বাস্থ্যৰ যত্ন লোৱাৰ কথা । ২০০৪ চনত তেওঁ ঘৰৰ ওচৰৰে ঈগল জীম নামৰ এটা ব্যায়ামাগৰলৈ গ'ল । সেই সময়ত তাত তেওঁৰ কিছুমান বন্ধুৱে ডাবা খেলি আছিল আৰু এই খেলৰ চৰ্ত আছিল যিয়েই খেলত হাৰিব তেওঁ ভাৰোত্তোলন কৰিব লাগিব । প্ৰদীপকুমাৰ খেলত হাৰিল আৰু তেওঁ গধুৰ ওজন ডাঙিবলগীয়া হ'ল আৰু এইদৰেই আৰম্ভ হল তেওঁৰ শৰীৰচৰ্চা । 

image


লাহে লাহে প্ৰদীপ কুমাৰৰ আত্মবিশ্বাস বাঢ়ি আহিল আৰু তেওঁ নিজৰ ব্যায়ামৰ প্ৰাৱল্য বঢ়াই আনিলে । চিকিৎসকে তেওঁক পৰামৰ্শ দিছিল সমান্য কিছু ব্যায়াম কৰাৰ । কিন্তু বেছি গধুৰ ব্যায়ামে তেওঁৰ অনিষ্ট সাধন কৰিব পাৰে বুলি তেওঁক সাৱধান কৰি দিছিল । কিন্তু প্ৰদীপ কুমাৰে ক্ৰমান্বয়ে নিজৰ ব্যায়ামৰ পৰিমাণ বঢ়াই নিলে । দুবছৰৰ পাছত ২০০৬ চনত তেওঁ প্ৰথমাবৰৰ বাবে মিঃ মণিপুৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৬০ কিলোগ্ৰাম শাখাত ৰূপৰ পদক লাভ কৰিলে । শয্যাগত হৈ থকা অৱস্থাত কিছুদিনৰ আগতে শৰীৰৰ ওজন ৩০ কিলোগ্ৰামতকৈও কমি যোৱা প্ৰদীপকুমাৰ ৬০ কিলোগ্ৰাম শাখাত পদক লাভ কৰিবলৈ পাই আনন্দত আত্মহাৰা হৈ পৰিল । "মোৰ কলিজাৰ স্পন্দন বাঢ়ি হৈছিল । মই যেন পুনৰ জীৱন লাভ কৰিছিলো । মই যে নিঃশেষ হৈ যোৱা নাই সেই কথাই মোক আনন্দ দিছিল।" তেওঁ কয় । কিন্তু প্ৰতিযোগিতাৰ আয়োজক অথবা আন প্ৰতিযোগিয়েও প্ৰদীপ কুমাৰৰ ৰোগৰ বিষয়ে একো গম পোৱা নাছিল । 

২০০৭ চনত এদিন তেওঁৰ এজন বন্ধুৱে এজন সাংবাদিকক তেওঁৰ ঘৰলৈ লৈ আহিল । এখন ৰাষ্ট্ৰীয় কাকতৰ বাবে কাম কৰা এই সাংবাদিকজনে তেওঁক কলে যে তেওঁৰ যদি আপত্তি নাথাকে তেনেহলে প্ৰদীপ কুমাৰ যে এইডছ ৰোগ স্বত্তেও জীৱনত থমকি ৰোৱা নাই সেই সম্পৰ্কে তেওঁ এটা প্ৰৱন্ধ লিখিব খোজে আৰু ই সকলোৰে বাবে এটা প্ৰেৰণাৰ উৎস হ'ব পাৰে । প্ৰদীপ কুমাৰ এই কথাত মান্তি হল যদিও তেওঁ এটা চৰ্ত ৰাখিলে যে এই প্ৰৱন্ধ তেওঁ ২০০৭ চনৰ মিঃ মণিপুৰ প্ৰতিযোগিতা শেষ হোৱাৰ পাছতহে প্ৰকাশ কৰিব । কাৰণ এইডছ ৰোগৰ বাবে তেওঁৰ বন্ধু বান্ধৱে কৰা নিৰ্মম ব্যৱহাৰ তেতিয়াও মনত সজীৱ হৈ আছিল প্ৰদীপ কুমাৰৰ ।

মিঃ মণিপুৰ ২০০৭ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিলে প্ৰদীপ কুমাৰে । প্ৰতিযোগিতা শেষ হোৱাৰ লগে লগে প্ৰকাশ হ'ল সেই প্ৰৱন্ধটো যিটো প্ৰৱন্ধই মণিপুৰৰ স্থানীয় সংবাদ মাধ্যমত তোলপাৰ লগালে । প্ৰদীপ কুমাৰৰ এইডছ ৰোগৰ বিষয়ে কোনোৱে একো নাজিনিছিল । সকলোৱে তেওঁক প্ৰশ্ন কৰিবলৈ ধৰিলে । কথাটো সঁচানে ? তেওঁৰ উত্তৰ আছিল- 

"হয় ! মই এইছ আই ভি পজিটিভ । কিন্তু এইচ আই ভিয়ে ৰোগীৰ মৃত্যু নঘটায় । সমাজেহে এজন এইডছ ৰোগীক মৃত্যুমূখলৈ ঠেলি দিয়ে । মই নিজে এই কথাৰ উদাহৰণ ।" 

২০০৮ চনত তেওঁ প্ৰথমবাৰৰ বাবে মিঃ ইণ্ডিয়া প্ৰতিযোগিতাত যোগদান কৰে আৰু পঞ্চম স্থান লাভ কৰে । সেই বছৰ ঔৰঙ্গাবাদত অনুস্থিত মিঃ ইণ্ডিয়া ২০০৮-০৯ প্ৰতিযোগিতাত তেওঁ চতুৰ্থ স্থান লাভ কৰে । ২০১০ চনত ৫০তম মিঃ ইণ্ডিয়া প্ৰতিযোগিতাত তেওঁ ৰূপৰ পদক লাভ কৰাৰ পাছত তেওঁ এবাৰো মিঃ ইণ্ডিয়াত যোগদান কৰা নাই । ২০১২ চনত বেংককত অনুস্থিত মিঃ ৱৰ্ল্ড প্ৰতিযোগিতাত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে । সেই বছৰেই লুধিয়ানাত অনুস্থিত মিঃ ছাউথ এছিয়া প্ৰতিযোগিতাত তেওঁ মিঃ ছাউথ এছিয়া খিতাপ দখল কৰে । 

২০০৮ চনত মিঃ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণৰ ক্ষেত্ৰত তেওঁক এটা স্থানীয় স্বেচ্ছাসেৱী সংস্থাই আৰ্থিকভাৱে সহায় কৰিছিল । কিন্তু তাৰ বাহিৰে তেওঁ কোনো স্বেচ্চাসেৱী সংগঠন বা চৰকাৰৰপৰা প্ৰতিযোগিতাসমূহত যোগদানৰ বাবে কোনো ধৰণৰ সহায়-সহয়োগ লাভ কৰা নাই। শৰীৰচৰ্চা এটা যথেষ্ট খৰচী খেল হোৱা বাবে তেওঁৰ মাক আৰু ভনীয়েকে নিজৰ গহণা বিক্ৰী কৰি হলেও তেওঁক সহায় কৰি আহিছে । অৱশ্যে ২০১২ চনৰ পাছৰপৰা তেওঁ কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাই । কিয়নো দীৰ্ঘদিন ধৰি এ আৰ টি ঔষধ ব্যৱহাৰৰ কৰি অহাৰ পাৰ্শ্বক্ৰিয়া হিচাপে তেওঁৰ মানসিক স্বাস্থ্যৰ ওপৰত কেতবোৰ প্ৰভাৱ দেখা দিছে । আনহাতে এ আৰ টিৰ দ্বিতীয় পৰ্যায়ৰ ঔষধলানি সেৱনৰ সময়ত অধিক সতৰ্কতা অৱলম্বনৰ প্ৰয়োজন থকা বাবেই তেওঁ চিকিৎসকৰ পৰামৰ্শমতে প্ৰতিযোগিতাত যোগদান কৰা বাদ দিয়ে । অৱশ্যে নিয়মিত ব্যায়াম এতিয়াও চলাই গৈছে তেওঁ । বৰ্তমান মণিপুৰ চৰকাৰৰ ক্ৰীড়া বিভাগৰ অধীনত তেওঁ শাৰীৰিক শিক্ষা প্ৰশিক্ষক হিচাপে কৰ্মৰত ।

ইতিমধ্যে কে প্ৰদীপ কুমাৰৰ বিষয়ে বহু প্ৰৱন্ধ, তথ্যচিত্ৰ আৰু কিতাপ লিখা হৈছে । ইয়াৰে অন্যতম হৈছে মণিপুৰী চলচিত্ৰৰ পিতৃস্বৰূপ অৰিবাম শ্যাম শৰ্মাৰ তথ্যচিত্ৰ মিঃ মণিপুৰ, ৰাষ্ট্ৰীয় বটা বিজয়ী পৰিচালক পৱন কুমাৰৰ তথ্যচিত্ৰ মিঃ ইণ্ডিয়া । কিন্তু তেওঁৰ লগত হোৱা বৈষম্য যেন আজিও ওৰ পৰা নাই । 

"মই ব্যৱহাৰ কৰা বাৰডাল ব্যৱহাৰ কৰিবলৈ বহুতে ভাল নাপায় । মই পানী খোৱা বটলটো চুবলৈও বহুতৰ দ্বিধা । আনকি বহুকেইটা জীমে মই গলে ভাল নপায় । সেই কাৰণে মই বিশ্বমানৰ সা-সুবিধা নথকা স্বত্ত্বেও ঘৰৰ ওচৰৰ ঈগল জীমলৈ যাবলৈকে ভাল পাওঁ, য'ত মই প্ৰথমে শৰীৰ চৰ্চা আৰম্ভ কৰিছিলো ।" তেওঁ কয় । 

আনহাতে বৈষম্যৰ উপৰিও উদাসীনতাৰ চিকাৰো হৈছে প্ৰদীপ কুমাৰ । ২০০৮ চনত মণিপুৰ ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সংস্থাই তেওঁক মাহে ৬০০০ হাজাৰ টকা জলপানিৰে ব্ৰেণ্ড এম্বেছেডৰ নিযুক্ত কৰিছিল যদিও সেই সময়ছোৱাত সেই টকা কেইটাৰ বাবে তেওঁ তেওঁলোকৰ ওচৰত বাৰে বাৰে কুটুৰিব লগীয়া হোৱাৰ অভিজ্ঞতাৰ কথা বিৰক্তিৰে প্ৰকাশ কৰে । 

অকল মণিপুৰৰে নহয়, সমগ্ৰ দেশ তথা বিশ্বৰ বাবেই অনুপ্ৰেৰণাৰ এক উৎস কে প্ৰদীপ কুমাৰ । নিয়তিৰ নিষ্ঠুৰতা, মৃত্যুৰ হাতবাউলী, সমাজৰ নিৰ্দয়তা একোৱেই মনোবল ভাঙি পেলাব নোৱৰা প্ৰদীপ কুমাৰৰ জীৱন সম্পৰ্কে বক্তব্য স্পষ্ট- 

জীৱন এক যাত্ৰা য'ত আমি আগুৱাই যাব লাগিব । মৃত্যু নিশ্চিত । কিন্তু সেইবুলি আমি থমকি ৰ'লে নহ'ব । আমি অমৰ নহয় কিন্তু আমি এনেকুৱা কিছুমান ভাল কাম কৰিব লাগে যাতে আমি আনৰ বাবে কিবা এটা আদৰ্শ দেখুৱাব পাৰোঁ ।

( ইমমাচা হাইছনামৰ সহযোগত )

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

আইছিছৰ যৌন দাসী নাদিয়া মুৰাদ এতিয়া ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি

পদপথত শুই ভিক্ষা মাগি খোৱা জয়াৱেলৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়লৈ যাত্ৰা

জেট এয়াৰৱেজৰ প্ৰতিষ্ঠাতা নৰেশ গোয়েলে ষ্ট্ৰীটলাইটৰ পোহৰত পঢ়িছিল