শ্যামকানু মহন্ত : অসম আৰু উত্তৰ-পূবক ৰাষ্ট্ৰীয় স্তৰত ডাঙি ধৰিবলৈ অহৰহ চেষ্টা চলাই অহা এজন উদ্যমী

শ্যামকানু মহন্ত : অসম আৰু উত্তৰ-পূবক ৰাষ্ট্ৰীয় স্তৰত ডাঙি ধৰিবলৈ অহৰহ চেষ্টা চলাই অহা এজন উদ্যমী

Wednesday September 06, 2017,

3 min Read

অসমৰ এটা অন্যতম সংস্কৃতিবান পৰিয়ালৰপৰা সন্তান শ্যামকানু মহন্ত । এসময়ত কৰ্পৰেট জগতৰ উচ্চপদস্থ চাকৰিৰ সূত্ৰে দেশ-বিদেশৰ বিভিন্ন স্থানত কৰ্মৰত হৈ থকা অৱস্থাতো সংস্কৃতিৰ প্ৰতি টান এৰাব পৰা নাছিল তেওঁ । কিন্তু চাকৰিৰ ক্ষেত্ৰত থকা কেতবোৰ বাধ্যবাধকতাৰ বাবে সেই দিশত একো কাম কৰিব পৰা নাছিল আৰু এই কথাই তেওঁক যথেষ্ট অশান্তি দিছিল । সেয়েহে এদিন চাকৰি এৰি নিজা এটা প্ৰকল্প প্ৰৱন্ধন প্ৰতিস্থান আৰম্ভ কৰিলে শ্যামকানু মহন্তই । সমান্তৰালভাৱে ট্ৰেণ্ডছ এম এম এছ নামৰ এটা ট্ৰাষ্ট বা নিধি গঠন কৰি সাংস্কৃতিক কাম-কাজ হাতত ল’লে । ২০১২ চনত তেওঁলোকৰ প্ৰথম পদক্ষেপ আছিল শংকৰদেৱ মুভমেন্ট। ইয়াৰ যোগেদি ৰাষ্ট্ৰীয় স্তৰত শংকৰদেবক প্ৰচাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছিল । কিন্তু উত্তৰ-পূবৰ বিভিন্ন লোকৰ বিৰুদ্ধে হোৱা বৰ্ণবাদী আক্ৰমণৰ ঘটনা সমূহে তেওঁক অনুপ্ৰাণিত কৰিলে এই ক্ষেত্ৰত কিবা এটা কৰাৰ । সেয়েহে সমগ্ৰ উত্তৰ-পূবৰ সংস্কৃতি সম্পৰ্কে সজাগতা আনিবলৈ তেওঁ এটা সাংস্কৃতিক মহোৎসৱ পালনৰ কথা চিন্তা কৰিলে । দিল্লী নিবাসী কেইবাজনো অসমীয়া ইয়াৰ লগত জড়িত হ’ল । সকলোৰে যৌথ প্ৰচেষ্টাত ২০১৩ চনত উত্তৰ-পূব মহোৎসৱ প্ৰথমাবাৰৰ বাবে মহা-আড়ম্বৰেৰে অনুস্থিত হল ৰাজধানী দিল্লীত । 

image


উত্তৰ-পূব মহোৎসৱৰ লগত চৰকাৰী বে-চৰকাৰী বহু সংগঠন জড়িত হৈ পৰিল আৰু ই উত্তৰ-পূবৰ সাংস্কৃতিক বিবিধতাক চকুত লগাকৈ উপস্থাপন কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিলে । তেতিয়াৰেপৰা প্ৰতি বছৰে ই এক সফল মহোৎসৱ হিচাপে পালিত হৈ আহিছে । 

শ্যামকানু মহন্তৰ ভাষাত এই মহোৎসৱৰ পাছৰেপৰা দিল্লীত উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে আক্ৰমণ বহু পৰিমাণে কমি গৈছে । আনহাতে উত্তৰ-পূবৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ খাদ্য, সাজ-পাৰ সম্পৰ্কে ব্যাপক প্ৰচাৰৰ ক্ষেত্ৰত এই মহোৎসৱে সহায় কৰিছে। "উত্তৰ-পূব মহোৎসৱৰপৰা হোৱা অন্যতম লাভ হৈছে যে উত্তৰ-পূব সম্পৰ্কে থকা কেতবোৰ ঋণাত্মক ধাৰণা দূৰ কৰাৰ ক্ষেত্ৰত ই সহায় কৰিছে । উদাহৰণ স্বৰূপে আগতে বেছিভাগ মানুহে উত্তৰ-পূব বুলি ক'লে কেৱল সন্ত্ৰাসবাদৰ ৰাজ্য বুলি ভাবিছিল । কিন্তু উত্তৰ-পূব মহোৎসৱে এই ধাৰণা দূৰ কৰাৰ ক্ষেত্ৰত সহায় কৰিছে ।" তেওঁ কয় ।

উত্তৰ-পূব মহোৎসৱৰ ব্যাপক সফলতাৰ পিছত মুম্বাইত কালাৰছ অৱ নৰ্থ-ইষ্ট শীৰ্ষক এক মহোৎসৱৰো আয়োজন কৰা হয় য'ত ছবি উদ্যোগৰ সৈতে জড়িত বিভিন্ন লোকক আমন্ত্ৰণ জনোৱা হৈছিল । সেইদৰে মেক ইন নৰ্থ-ইষ্ট শীৰ্ষক এক অনুষ্ঠানৰ জৰিয়তে উত্তৰ-পূবলৈ বিনিয়োগ অনাৰ চেষ্টা কৰা হয় ।

image


ৰাষ্ট্ৰীয় স্তৰত উত্তৰ-পূবৰ কলা-সংস্কৃতিৰ প্ৰচাৰৰ সমান্তৰালভাৱে অসমত 'বৰ-অসম'ৰ অন্তৰ্ভুক্ত জাতি-জনগোষ্ঠীসমূহৰ সকলোকে একত্ৰিত কৰি সকলোৰে কলা-সংস্কৃতি প্ৰদৰ্শনৰ বাবে আৰম্ভ কৰা হয় বাৰ্ষিক ৰঙালী উৎসৱ । লগতে এই সকলোবোৰ জাতি-জনগোষ্ঠীৰ সামাজিক, সাংস্কৃতিক আৰু ভৌগোলিক উপাদানসমূহৰ ব্ৰেণ্ডিঙৰ জৰিয়তে পৰ্যটনৰ দৰে উদ্যোগসমূহৰ প্ৰসাৰৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰা হৈছে । 

ৰঙালী উৎসৱৰ জৰিয়তে বৰ অসমৰ পৰম্পৰা আৰু কৃষ্টিক দাঙি ধৰাৰ বাবে পৰম্পৰা আৰু আধুনিকতাৰ সহ-উপস্থাপনৰ ওপৰত গুৰুত্ব দিয়া বুলি মন্তব্য কৰে মহন্তই । একেখন মঞ্চতে যেতিয়া অংকীয়া ভাওনা আৰু ৰক সংগীতক উপস্থাপন কৰা হয় তেতিয়া সেইবোৰ মানুহেও পৰম্পৰাৰ প্ৰতি নতুনকৈ আগ্ৰহ প্ৰদৰ্শন কৰে যিসকলে হয়তো কেতিয়াও ভবাই নাছিল যে আমাৰ পাৰম্পৰাবোৰো ইমান আকৰ্ষণীয় হ'ব পাৰে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

শ্বিলঙত জন্ম হৈছিল এটিএমৰ উদ্ভাৱকৰ

এ পি জে আব্দুল কালামৰ এসময়ৰ গাড়ীচালক এতিয়া ইতিহাসৰ অধ্যাপক

বিনিয়োগকাৰীক আপোনাৰ ব্যৱসায়ৰ প্ৰতি কিদৰে আকৰ্ষিত কৰাব 


 

    Share on
    close