কৃষিখণ্ডৰ উন্নয়নৰ বাবে এক মঞ্চ krixomnet

কৃষিখণ্ডৰ উন্নয়নৰ বাবে এক মঞ্চ krixomnet

Wednesday September 27, 2017,

2 min Read

অসম প্ৰাকৃতিকভাৱে শস্য শ্যামলা । অসমৰ কৃষি খণ্ডৰ বিপুল সম্ভাৱনীয়তালৈ লক্ষ্য ৰাখি krixomnet নামৰ এটা পৰ্টেল আৰম্ভ কৰা হৈছে । ইয়াৰ যোগেদি বিভিন্ন কৃষিভিত্তিক সেৱা আগবঢ়োৱা হ'ব । বৰ্তমান কৃষিভিত্তিক ই-কমাৰ্চ সেৱা আগবঢ়োৱা হৈছে । ইয়াৰ যোগেদি কৃষিজাত সামগ্ৰীৰ বিক্ৰীৰ ক্ষেত্ৰত মধ্যভোগীক আঁতৰ কৰাৰ লক্ষ্য লোৱা হৈছে । কৃষকসকলে তেওঁলোকৰ সামগ্ৰী পোনপটীয়াকৈ গ্ৰাহকৰ ঘৰত যোগান ধৰিব পাৰিব ।

image


এই কৃষিভিত্তিক ষ্টাৰ্টাপটোৰ আনুষ্ঠানিক উদ্বোধন কৰা হয় ২৪ ছেপ্টেম্বৰত উত্তৰ লক্ষীমপূৰ প্ৰেছ ক্লাবত । এই অনুস্থানত উত্তৰ লক্ষীমপূৰ প্ৰেছ ক্লাবৰ সভাপতি শৈলেন বৰুৱা, ড° অৰবিন্দ ৰাজখোৱা আৰু হেমন্ত মাধৱ গগৈৰ উপস্থিতিত কৃষমনেট উদ্বোধন কৰা হয় । কৃষমনেটৰ প্ৰতিস্থাপক ধ্ৰুৱজ্যোতি কাকতি, মানস প্ৰতীম চেতিয়া, শুভজিৎ খাউণ্ড আৰু লক্ষ্যজিৎ কলিতাই কৃষমনেট সম্পৰ্কে বিতং তথ্য প্ৰকাশ কৰে ।  

'আমাৰ কেঁচা সামগ্ৰী, আমাৰ প্ৰস্তুতি আৰু আমাৰ ক্ৰয়' নীতিৰে পৰিচালিত কৃষমনেট ডট কমে কৃষক আৰু ক্ৰোতাৰ মাজৰ এক মঞ্চ হিচাপে সেৱা আগবঢ়োৱাৰ লক্ষ্য লৈছে । ভাৰতীয় মানুহৰ ৭০ শতাংশই কৃষিজীৱি । এই খণ্ডটোৰ ওপৰত গুৰুত্ব দিলে ই কেৱল কৃষকৰ জীৱন উন্নত কৰা আৰু খাদ্যৰ প্ৰয়োজনীয়তা পূৰণ কৰাই নহয় নিবনুৱা সমস্যাৰ সৈতে যুঁজ দিয়াৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব ।  

image


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

তালিবানৰ কবলৰপৰা পলায়ন কৰা শিশু নাদিয়া আজি ডেনমাৰ্কৰ ৰাষ্ট্ৰীয় স্তৰৰ ফুটবলাৰ

বি এছ এফৰ ইতিহাসৰ প্ৰথম মহিলা বিষয়া তনুশ্ৰী পাৰিক

অভিশাপ হ'লগৈ আশীৰ্বাদ: দাল-দৰিদ্ৰ পৰিয়ালৰ জন্মান্ধ যুৱক শ্ৰীকান্ত বোলা আজি কোটিপতি উদ্যোগপতি