আৱৰ্জনা বুটলি উপাৰ্জন কৰা মহিলাই চোৱাচিতা কৰে ৪০০ কুকুৰ

আৱৰ্জনা বুটলি উপাৰ্জন কৰা মহিলাই চোৱাচিতা কৰে ৪০০ কুকুৰ

Monday August 29, 2016,

2 min Read

তেওঁক জনা যায় দিল্লীৰ ডগ লেডী নামেৰে । তেওঁ কোনো দামী কুকুৰ লগত লৈ ফুৰা ফেশ্বনেবল মহিলা নহয় । কিন্তু আৱৰ্জনা বুটলি জীৱিকা নিৰ্বীহ কৰা ৬২ বছৰীয়া প্ৰতিমা দেৱীয়ে গৰাকীবিহীন ৪০০ কুকুৰৰ চোৱাচিতা কৰে । টিনপাত আৰু ফটা বস্তাৰে নিৰ্মিত তেওঁৰ ঘৰটোত তেওঁৰ লগতে ১২০ টা কুকুৰ থাকে । এই কুকুৰবোৰক তেওঁ খুৱাই বুৱাই সিহঁতৰ যত্ন লয় ।

Image : Dog Express

Image : Dog Express


"তিনি দশক ধৰি দিল্লীৰ সাকেত অঞ্চলত বাস কৰা প্ৰতিমাই সমস্ত আয় ব্যয় কৰে এই ৪০০ কুকুৰৰ ওপৰত । মই ৪০০ কুকুৰৰ যত্ন লওঁ আৰু ইয়াৰে দুশমান মোৰ লগতে থাকে । বাকীবোৰ পিভিআৰ কমপ্লেক্স আৰু জে-ব্লকত বাস কৰে । মোৰ কুকুৰবোৰে কাকো নেকামোৰে । পৌৰ নিগমে ইহঁতক ষ্টেৰিলাইজ কৰি থৈছে ।" প্ৰতিমা দেৱীয়ে কয় ।

প্ৰতিমাৰ তিনিটা সন্তান গাৱঁত থাকে । কিন্তু প্ৰতিমাৰ ইচ্ছা তেওঁ দিল্লীতে থাকিব আৰু কুকুৰবোৰৰ যত্ন ল'ব । এটা টেলিভাছন সাক্ষাৎকাৰত তেওঁ কয়, "মই সিহঁতৰ লগত আনন্দিত অনুভৱ । মোৰ স্বামীৰ লগত যেতিয়া মই আছিলো মই সুখী নাছিলো । মই গোটেই দিনটো কাম কিৰ ঘৰ চলাইছিলে । মোৰ স্বামীয়ে কাম নকৰিছিল । মোৰ লৰাই সদায় মোক নিজৰ লগত গাঁৱলৈ লৈ যাবলৈ বিচাৰে কিন্তু মই শেষ সময়লৈকে এই কুকুৰবোৰৰ লগতে থাকিম ।"


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

অবিবাহিত দম্পতিৰ বাবে অয়' ৰুমছৰ সেৱা

২৫ বছৰৰ তলৰ উদ্যমীসকলে কি কৰা উচিত আৰু অনুচিত

হাত-ভৰি নথকা নিক ভুয়িচিক এজন সফল আৰু সুখী ব্যক্তি

দৈনিক ৮ কি:মি: পাহাৰ বগাই এখন স্কুল জীয়াই ৰাখিছে এজন শিক্ষকে