কৰাচীত আৱৰ্জনাৰে ঘৰ বনায় নাৰ্গিছ লটিফে

কৰাচীত আৱৰ্জনাৰে ঘৰ বনায় নাৰ্গিছ লটিফে

Saturday August 27, 2016,

2 min Read

পকিস্তানৰ কৰাচীত প্ৰতিদিনে ১২,০০০ টন আৱৰ্জনাৰ সৃষ্টি হয় । এই আৱৰ্জনাক লৈয়েই এক লাভজনক ব্যৱসায় গঢ়ি তুলিছে নাৰ্গিছ লটিফে । এই আৱৰ্জনা কঢ়িয়াবৰ বাবে নাৰ্গিছ লটিফৰ আছে এটা বাহিনী ।

Image : Al Jazeera

গুল বাহাও নামৰ সামাজিক অনুস্থানটোৰ যোগেদি নাৰ্গিছে আৱৰ্জনাক দিছে এক নতুন ৰূপ । আৱৰ্জনাৰে তেওঁ নিৰ্মাণ কৰে ঘৰ-দুৱাৰ, সাৰ আৰু পশুখাদ্য । জেমছ ৱাটৰ ভাপ ইঞ্জিনৰ দ্বাৰা প্ৰভাৱিত নাৰ্গিছে বিশ্বাস কৰে যে পৰৱৰ্তী ঔদ্যোগিক বিপ্লৱ আহিব আৱৰ্জনা নিষ্কাশনৰ সস্তীয়া প্ৰযুক্তিৰপৰা । 

নাৰ্গিছৰ সংগঠনে নিৰ্মাণ কৰা অন্যতম বিশেষ সৌধটো হৈছে আৱৰ্জনাৰে নিৰ্মাণ কৰা চান্দী ঘৰ । ২০০৫ চনত প্ৰথমবাৰৰ বাবে আশ্ৰয়স্থলীৰূপে নিৰ্মাণ কৰা চান্দী ঘৰৰ সফলতাৰ পাছত এতিয়ালৈকে তেওঁলোকে ১৫০ তকৈও অধিক চান্দী ঘৰ নিৰ্মাণ কৰিছে । এই ঘৰবোৰ বিশেষকৈ পাকিস্তানৰ থৰপাৰকাৰ অঞ্চলৰ অঘৰী লোকসকলৰ বাবে অতিশয় উপযোগী বিবেচিত হৈছে। 

অৱশ্যে নাৰ্গিছৰ বাবে এই কাম চলাই যোৱাটো ইমান সহজ নহয় । এসময়ত ৭০ জন আৱৰ্জনা কঢ়িওৱা লোক চাকৰিত ৰাখিছিল যদিও বৰ্তমান ধনৰ অভাৱত মাত্ৰ সাতজনহে আছেগৈ । "পাকিস্তানত গৱেষণাৰ বাবে টকা খৰচ কৰিবলৈ কোনো ইচ্ছুক নহয় ।" নাৰ্গিছে কয় ।

আনহাতে চান্দী ঘৰত থাকিবলৈ মানুহক সৈমান কৰোৱাটোও এটা সমস্যা । "মানুহে কয় এই ঘৰটো আৱৰ্জনাৰ পৰা বনোৱা আৰু আমি ইয়াত থাকিবলৈ নিবিচাৰোঁ । কিন্তু ইয়াৰপৰা বনোৱা প্লাষ্টিক সম্পূৰ্ণৰূপে চাফা বস্তু । তথাপিও এই ধাৰণা মানুহৰ মনৰপৰা উলিয়াই পেলোৱা অসম্ভৱ ।" তেওঁ কয় ।

এনেকুৱা কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কিছুমান কাহিনী

উপলুঙাৰ উত্তৰ দিবলৈ আৰম্ভ হৈছিল গুৱাহাটী ফুডি

বিভূতি লহকৰ: এছিয়াৰপৰা মনোনীত একমাত্ৰ IUCN ৱৰ্ল্ড হেৰিটেজ হিৰ'

অলিম্পিক পদক নিলাম কৰি কৰ্কট ৰোগীৰ চিকিৎসাৰ বাবে ধন যেগাৰ কৰা এথলীটজন

ষ্টিফেন হকিঙৰ আৰ্হিত কণ্ঠস্বৰেৰে নিয়ন্ত্ৰণ কৰিব পৰা হুইল চেয়াৰ নিৰ্মাণ কৰা এজন ছাত্ৰ