শৈশৱত চাৰি বছৰ ধৰি আংশিক ভাৱে অন্ধ আছিল মলিকা মাৰাথে । বৰ্তমান তেওঁ অল ইণ্ডিয়া টেনিছ এছোচিয়েছনৰ ছোৱালীৰ শাখাৰ শীৰ্ষ ৰেংকি প্ৰাপ্ত খেলুৱৈ ।
শৈশৱতে এমব্লায়পিয়া নামৰ ৰোগত আক্ৰান্ত হৈ তেওঁ এটা চকুৰ দৃষ্টিশক্তি প্ৰায় হেৰুৱাইছিল । মগজু আৰু চকুৰ মাজত সমন্বয়ৰ অভাৱৰ বাবেই এই সমস্যাৰ সৃষ্টি হৈছিল । সোঁ চকুটো ৰোগাক্ৰান্ত হোৱাৰ বাবে বাওঁ চকুটো তেওঁ অনবৰতে ঢাকি ৰাখিবলগীয়া হৈছিল ।
এই ধৰণৰ জীৱন মলিকাৰ বাবে আছিল অত্যন্ত কষ্টকৰ । কিন্তু বিশ্ব মানৰ টেনিছ তাৰকা হোৱাৰ সপোন দেখা মলিকাই পিছে হাৰ মনা নাছিল । প্ৰায় দৃষ্টিশক্তিহীন অৱস্থাৰেই তেওঁ চলাই গৈছিল প্ৰশিক্ষণ ।
২০১৭ চনত তেওঁ অল ইণ্ডিয়া টেনিছ এছ'চিয়েছনৰ ১৪ বছৰ অনুৰ্দ্ধৰ ছোৱালীৰ শাখাত শীৰ্ষ ৰেংকিং দখল কৰিবলৈ সক্ষম হয় ।
এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
অন্যান্য কেতবোৰ কাহিনী
'কমন মেন'ৰ স্ৰষ্টা আৰ কে লক্ষ্মণৰ নাতিনী ৰিমানিকাই আনিব 'কমন ৱমেন'
‘মোৰ পকেটত ৫০টকীয়া নোট এখনৰ বাহিৰে হাতত ভাত খাবলৈও এটকাও নাছিল ’ – এজন উদ্যোগীৰ কাহিনী
অষ্ট্ৰেলিয়াৰ চৰাইৰে শোণিতপুৰত উদ্যমিতাৰ নিদৰ্শন দাঙি ধৰিছে এক দম্পতীয়ে
Related Stories
July 11, 2017
July 11, 2017
Stories by Team Asamiya