মহিলা উদ্যোগীৰ উত্থানত ইনভেষ্ট কর্ণাটকা ২০১৬ ৰ ভূমিকা

মহিলা উদ্যোগীৰ উত্থানত ইনভেষ্ট কর্ণাটকা ২০১৬ ৰ ভূমিকা

Saturday February 06, 2016,

4 min Read

মহিলা উদ্যোগীসকল কর্ণাটকৰ ক্ষুদ্ৰ আৰু মধ্যম শ্ৰেণীৰ ব্যৱসায়ৰ এক অপৰিহার্য অংশ৷ কর্ণাটক চৰকাৰৰ তথ্য মতে কেৱল মহিলা উদ্যোগীয়ে পৰিচালনা কৰা ব্যৱসায়ত চহৰখনৰ প্ৰায় ৫,০০,০০০ লোকে কর্মসংস্থান লাভ কৰিছে৷ কর্ণাটকৰ বাঙ্গালুৰু চহৰত তিনিদিনীয়াকৈ আয়োজন কৰা গোলকীয় বিনিয়োগকাৰী সকলৰ এক সন্মিলনত অংশগ্ৰহণ কৰা মহিলা উদ্যোগীৰ সংখ্যাই সেই কথাটোকে প্ৰতিপন্ন কৰিছে৷ এই সন্মিলনৰ দ্বিতীয় দিনাৰ ‘মহিলা উদ্যোগীৰ উত্তৰণ’ শীর্ষক আলোচনাত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰৰ অসংখ্য মহিলাই অংশগ্ৰহণ কৰিছিল৷ সেই আলোচনাচক্ৰতে এগৰাকী আই.এ.এছ. বিষয়া তথা কর্ণাটক চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ বিভাগৰ এডিশ্যনেল চিফ চেক্ৰেটেৰী শ্ৰীযুতা ৰত্না প্ৰভাই কয়, “এই মঞ্চতে মই সমগ্ৰ বিশ্বক দেখুৱাই দিব খোজোঁ যে প্ৰতি গৰাকী মহিলা আৰু মহিলা সকলৰ সন্মিলনে এটাই আনটোৰ লগত হাতত হাত ধৰি আগুৱাই যাবলৈ সদায় প্ৰস্তুত”৷ তাৰোপৰি তেখেতে মহিলা উদ্যোগী সকলৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ কথাও উল্লেখ কৰে৷ ২০১৪-২০১৯ ৰ নতুন ঔদ্যোগিক নীতি অনুসৰি মহিলা উদ্যোগী সকলক বিভিন্ন প্ৰকাৰে উৎসাহ দিয়াটোৱেই চৰকাৰৰ এটা প্ৰধান লক্ষ্য৷ লগতে এই ঔদ্যোগিক নীতিয়ে পৰবর্তী পাঁচ বছৰত ৰাজ্যখনত আৰু অধিক মহিলা উদ্যোগী সৃষ্টি কৰাটোতো বিশেষ গুৰুত্ব দিছে৷ ৰাজ্যখনৰ এই নতুন উদ্যোগীক নীতিত হুৱলি আৰু ধাৰৱাদ নামৰ উদ্যোগৰ বাবে প্ৰচুৰ সম্ভাৱনা থকা ঠাই দুখনত কেৱল মহিলাৰ বাবে ঔদ্যোগিক ক্ষেত্ৰ গঠন কৰাৰ কথা উল্লেখ আছে৷ তাৰোপৰি ৰাজ্যখনৰ কে.আই.এ.ডি.বি. আৰু কে.এচ.এচ.আই.ডি.চি. ৰ তত্বাবধান কৰা আন প্ৰতিটো ঔদ্যোগিক এলেকাত মহিলাৰ বাবে ৫% ভূমি অথৱা চাদ আবন্টন কৰাৰ বাবে নির্দেশ দিয়া হৈছে৷

সেই অনুষ্ঠানতে, বায়’কন লিমিটেডৰ চেয়াৰপাৰচন আৰু মেনেজিং ডাইৰেক্টৰ কিৰন মজুমদাৰ শ্বৱে তেখেতৰ ৰসাল বক্তব্যত কিদৰে ১৯৮০ চনতে বাঙ্গালুৰুত উদ্যোগী হিচাপে নিজৰ কর্মজীৱন আৰম্ভ কৰিছিল তাৰ বর্ণনা দিয়ে৷ লগতে তেখেতে নিজকে বাঙ্গালুৰু চহৰৰ ষ্টার্টআপ আৰম্ভ কৰা প্ৰথম গৰাকী মহিলা বুলিও উল্লেখ কৰে৷ চহৰখনৰ প্ৰতি তেখেতৰ মমতা কিমান সেয়া বুজাবলৈ তেখেতে কয় যে, “হয়তো এই বাঙ্গালুৰু চহৰত নথকা হ’লে মই আজি যি হৈছো সেয়া কোনো কালেই হ’ব নোৱাৰিলোহেতেন”৷উদ্যোগী হিচাপে নিজৰ যাত্ৰাৰ কথা বর্ণনা কৰোতে তেখেতে কয়, “মই মূলতঃ পূঁজি সংগ্ৰহৰ কথাটোতে সর্বাধিক সংগ্ৰাম কৰিব লগা হৈছিল৷ আৰু আজিও এই দিশত মহিলা উদ্যোগী সকলে বিশেষ সুবিধাজনক অৱস্থানত আছে বুলি মই নাভাবোঁ”৷ ইয়াৰ বিপৰীতে কিন্তু তেখেতে মহিলা উদ্যোগী সকলৰ ভাগি নপৰি আগুৱাই যোৱাৰ বাবে আহ্বান জনাই কয় যে মহিলা উদ্যোগী সকলে সদায় এটা ভাল আৰু উপযুক্ত মানুহৰ দল তৈয়াৰ কৰি নিজৰ কামত আগুৱাই যাব লাগিব৷ তেখেতে ষ্টার্টআপৰ বিকাশৰ কাৰণে এটা উৎকৃষ্ট নীতি নির্দ্ধাৰণ কৰিবলৈ চৰকাৰৰ ওচৰত আহ্বান জনায়৷ এই ক্ষেত্ৰত তেখেতে কেৱল মহিলা উদ্যোগী সকলকে নহয় সকলোকে সমিলমিলেৰে আগবঢ়াই নিবলৈ চৰকাৰক টানি অনুৰোধ জনায়৷

image


আই.কে.ই.এ. ৰ চি.ই.অ. জুভেনচিঅ’ মেঝটুই তেখেতৰ বক্তব্যত যিমান পাৰি লিঙ্গ বৈষম্য দূৰ কৰাৰ ওপৰত গুৰুত্ব দিয়ে৷ মেঝটুৱে তেখেতৰ ভাষণত আই.কে.ই.এ. ৰ ৫২% কর্মচাৰীয়েই মহিলা বুলি উল্লেখ কৰে৷ তেখেতে লগতে কয় যে ভাৰতত তেখেতসকলে আৰম্ভ কৰিবলৈ লোৱা ষ্ট’ৰসমূহৰ প্ৰতিখনতে একোটাকৈ ডে কেয়াৰ চেণ্টাৰ থাকিব৷

Industree নামৰ উদ্যোগটোৰ এম.ডি. নিলম চিব্বাৰে আঙুলিয়াই দিয়ে যে বাঙ্গালুৰু চহৰখন কেৱল আই.টি. ৰে নহয় ই সাজ-সজ্জাৰ উদ্যোগৰো এক প্ৰাণকেন্দ্ৰ৷ ‘আমুল’ এ কৰাৰ দৰে আত্মসহায়ক গোট কিছুমান গঠন কৰি ব্যৱসায়িক নেটৱর্কৰ প্ৰসাৰৰ ওপৰত তেখেতে বিশেষ গুৰুত্ব দিয়ে৷

এই অনুষ্ঠানতেই ‘চিষ্টাৰ চিটি ইনিচিয়েটিভ’ আৰু কর্ণাটক চৰকাৰৰ মাজত মহিলা শিল্পদ্যোগীৰ সহায়ক হোৱাকৈ এক চুক্তিপত্ৰ অথৱা এক ‘লেটাৰ অৱ ইনটেণ্ট’ত স্বাক্ষৰ কৰা হয়৷ চৰকাৰৰ তৰফৰ পৰা বাণিজ্য আৰু উদ্যোগ বিভাগৰ এডিচনেল চীফ চেক্ৰেটেৰী ৰত্না প্ৰভা আৰু চানফ্ৰানচিচক’ৰ ‘চিষ্টাৰ চিটি ইনিচিয়েটিভৰ ফালৰ পৰা কম্পেনীটোৰ ডিৰক্টৰ তথা বর্ড মেম্বাৰ নন্দিনী টেণ্ডনে এই চুক্তি পত্ৰত স্বাক্ষৰ কৰে৷ তেখেতসকলৰ লগতে চানফ্ৰনচিচক’ চহৰৰ মেয়ৰ এডউইন লি আৰু কর্ণাটকা চৰকাৰৰ মজলীয়া উদ্যোগ আৰু পর্যটন বিভাগৰ মন্ত্ৰী আৰ. ভি. দেশপাণ্ডেও এই অনুষ্ঠানত উপস্থিত আছিল৷ ইনভেষ্ট কর্ণাটকা ২০১৬ ত স্বাক্ষৰিত হোৱা এই চুক্তিখনে বাঙ্গালুৰু আৰু চানফ্ৰানচিচক’ৰ মহিলা শিল্পদ্যোগী সকলে জ্ঞান আৰু কর্মকূশলতাৰ বিনিময় কৰি প্ৰত্যেকেই নিজৰ নিজৰ ক্ষেত্ৰত আগুৱাই যোৱাৰ সুযোগ পাব৷

ভবিষ্যতৰ অঙ্গীকাৰ

চৰকাৰে মহিলা শিল্পদ্যোগী সকলে পৰিচালনা কৰা ক্ষুদ্ৰ আৰু মধ্যম মানৰ উদ্যোগৰ বিকাশৰ ওপৰত বিশেষ গুৰুত্ব দিছে৷ এইক্ষেত্ৰত আৰু মাত্ৰ কেইটামান কথাত গুৰুত্ব প্ৰদান কৰাৰ থল আছে –

প্ৰথমতঃ, কর্মক্ষেত্ৰত পুৰুষ কর্মী সকলে মহিলা সকলক কামৰ ক্ষেত্ৰত সমানে গুৰুত্ব দিয়াৰ লগতে বহু বিষয়ত বুজাবুজিৰ ভাৱেৰে আগবঢ়াৰ প্ৰয়োজনীয়তা আছে৷

অৰু দ্বিতীয়তে, কর্মক্ষেত্ৰসমূহত ডে কেয়াৰ ব্যৱস্থা অপৰিহার্য্য কৰাটো এটা সময়ৰে এৰাব নোৱাৰা দাবীৰ দৰে হৈ পৰিছে৷

সুনীতা ৰেবেকা চেৰিয়ানৰ এটা বক্তব্যৰে আমি মোখনি মাৰিব খুজিছো৷ তেখেতৰ মতে, “কর্মক্ষেত্ৰত মহিলা সকল কোনো কামত পিছ হুঁহুকি নাহি পুৰুষসকলৰ সমানে আগবাঢ়ি যোৱা উচিত। লগতে মহিলাসকলে সকলোসময়তে ইনচেণ্টিভ আৰু ৰেহাইৰ আশা কৰি থকা উচিত নহয়”৷

মূল ৰচনা – তনভি ডুৱে

অসমীয়া অনুবাদ – মণি ভট্টাচার্য্য


এনেকুৱা প্ৰেৰণাদায়ক কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


এইধৰণৰ অন্যান্য কাহিনী

কৰ্ণাটকত ব্যাৱসায় সহজসাধ্য কৰি তোলাৰ প্ৰয়াস

কর্ণাটকৰ ‘এৰ’স্পেচ’ উদ্যোগে ১৯৪০ চনৰে পৰা ‘মেক ইন ইণ্ডিয়া’ নীতি অনুসৰণ কৰি আহিছে

কর্ণাটকক বাসপযোগী কৰি তোলাৰ দাবী জনাইছে দেশৰ উদ্যোগী মহলে

বিনিয়োগৰ অনুকুল পৰিবেশ গঢ়ি তোলাত সফল কৰ্ণাটক