কৰ্ণাটকত ব্যাৱসায় সহজসাধ্য কৰি তোলাৰ প্ৰয়াস

কৰ্ণাটকত ব্যাৱসায় সহজসাধ্য কৰি তোলাৰ প্ৰয়াস

Saturday February 06, 2016,

3 min Read

কৰ্ণাটকে তেওঁলোকৰ ফেক্টৰী লাইচেণ্স আইনখন সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।এতিয়াৰে পৰা এখন লাইচেণ্স ১০ বছৰত এবাৰ নবীকৰণ কৰিলেই হ’ব,যিটো পূৰ্বে ৩ বছৰত কৰিব লাগিছিল।ষ্টাৰ্ট-আপবোৰে অনলাইন পঞ্জীয়ন কৰিব পাৰে যাৰদ্বাৰা তেওঁলোকৰ ব্যাৱসায় সোনকালে আৰম্ভ কৰিবলৈ সুবিধা হৈছে।

বিনিয়োগকাৰীসকলৰ বাবে সিদ্ধান্ত গ্ৰহণৰ বেলিকা ব্যাৱসায়ৰ সহজসাধ্যতা হৈছে মূল চিন্তনীয় বিষয়।ইয়াৰ বাবে দেশ এখন ব্যাৱসায়ৰ বাবে কিমান স্বচ্ছ তাৰ এক ৰিপ’ৰ্ট ৱৰ্ল্ড বেংকে প্ৰদান কৰে।ৰিপ’ৰ্টে বিভিন্ন দিশ যেনে,সম্পত্তিৰ পঞ্জীয়ন,কৰ, বেংক দেউলীয়া হোৱা আদি বিষয়বিলাক লক্ষ্য কৰে।ই ব্যাৱসায় ৰূপায়ণত উদ্যমশীলতা আৰু স্বচ্ছতাও নিৰীক্ষণ কৰে।

image


“ভূমি লাভ কৰাৰ সহজসাধ্যতাৰ পৰা অনলাইন পঞ্জীয়নৰ সুবিধা আদি প্ৰদানেৰে কৰ্ণাটকে তাত ব্যাৱসায়ৰ অনুকুল পৰিৱেশ গঢ়ি দিয়াত সফল হৈছে।” কৰ্ণাটকৰ ব্যাৱসায়িক কৰ বিভাগৰ আয়ুক্ত ঋত্বিক পাণ্ডেই এইদৰে ক’লে।তেওঁ লগতে যোগ দিলে যে,প্ৰতিটো ব্যাৱসায়তে অনলাইন কৰ পৰিশোধ কৰাৰ প্ৰয়োজন হয় আৰু কৰ্ণাটকে কোম্পানীবিলাকক এইটো কৰোৱাব পাৰিছে।“আমাৰ লক্ষ্য হৈছে, কৰ বিষয়াসকলে যাতে কোম্পানী পৰিদৰ্শন কৰিবলৈ যাব নালাগে,” পাণ্ডেই ক’লে।

কৰ্ণাটক চৰকাৰে ৰাজ্যখনক বিনিয়োগকাৰীসকলৰ বাবে প্ৰিয় ঠাই কৰি তোলাৰ প্ৰয়াসেৰে ভেট পঞ্জীয়ন, কৰ প্ৰদানৰ বেলিকা স্ব-স্বাক্ষৰিত প্ৰমাণ-পত্ৰ, প্ৰকল্প গঢ়াৰ অনুমোদন লাভ আৰু প্ৰকল্পৰ অনুমোদনৰ বাবে চিংগল উইণ্ড’ পৰ্টেল আদি প্ৰক্ৰিয়াবোৰ শিথিল কৰি দিছে।

প্ৰৱঞ্চনা ধৰা পেলোৱা

কৰ্ণাটকে প্ৰৱঞ্চক ধৰা পেলোৱাৰ বাবেও চেষ্টা কৰিছে।ইয়াৰ বাবে বিক্ৰী আৰু ক্ৰয়ৰ প্ৰমাণৰ সৈতে আয়কৰৰ তথ্য মিলিছে নে নাই ধৰা পেলাবলৈ প্ৰযুক্তিৰ উদ্ভাৱনৰ বাবে ৰাজ্যখনে চেষ্টা অব্যাহত ৰাখিছে।

শ্ৰমৰ পৰিৱৰ্তন

চাৰিটা অধিনিয়ম পঞ্জীয়নৰ এটা Shops and Establishment Acts খন এতিয়া অনলাইন কৰিব পাৰি।শ্ৰম আইনৰ লগত সম্পৰ্কিত সকলো প-পত্ৰ পঞ্জীয়নৰ বাবে karlabour.in নামেৰে এটা ৱেব পৰ্টেল খোলা হৈছে।

“এই সকলোবোৰ স্ব-স্বাক্ষৰিত।প্ৰায় ১৭ টা অধিনিয়ম এই অনলাইন পৰ্টেলৰ ভিতৰলৈ অনা হৈছে আৰু আঁচনিখন ৫ বছৰলৈ বাহাল থাকিব,” কৰ্ণাটকৰ শ্ৰম আয়ুক্ত বি এছ বিশ্বনাথে এইদৰে ক’লে।

য়’ৰ ষ্টৰীৰ ভূমিকা

ষ্টাৰ্ট-আপৰ বাবে সৌজন্যতা এটা ডাঙৰ বিষয়।কিন্তু তেওঁলোকে মাজে মাজে অসৌজন্য আচৰণ কৰিবলৈ বাধ্য হয়, কাৰণ ব্যাৱসায়ৰ সৈতে বহুতো আইন জড়িত হৈ থাকে।ষ্টাৰ্ট-আপ আৰম্ভ কৰাসকলৰ হাতত আমোলাতন্ত্ৰৰ মেৰপেঁচত নোসোমাবলৈ একোজন অধিবক্তাক দৰমহা দি থাকিবলৈ তেওঁলোকৰ পুঁজি মজবুত নহয়।যিবিলাক ষ্টাৰ্ট-আপৰ হাতত টকা থাকে, ধৰক এটা কোম্পানীৰ পুঁজি ৬ কোটি টকাৰ আৰু তেওঁলোকে উকীলৰ নামত ২৫ ৰ পৰা ৫০ লাখ টকা খৰচ কৰে।এইবিলাক কৰিব লাগে কাৰণ ব্যাৱসায়ৰ সৈতে নানা ধৰণৰ আইন জড়িত হৈ আছে।এটা ষ্টাৰ্ট-আপৰ প্ৰতিস্থাপকে সৌজন্যৰ বাবদ কিয় ইমান সময় অপব্যয় কৰিব লাগে? এই সকলোবোৰ মাত্ৰ এটা বহাতে এঘণ্টাৰ ভিতৰত সমাধান কৰিব নোৱাৰি নেকি? এনেকুৱা কৰিব পাৰিলে বহুতো যুৱক-যুৱতীয়ে তেওঁলোকৰ ব্যাৱসায় আৰম্ভ কৰিবলৈ আগবাঢ়ি আহিব।আজি বাংগালুৰুত এটা ব্যাৱসায় আৰম্ভ কৰিবলৈ ৯০ দিন লাগে।আমেৰিকাত, কোম্পানী এটাৰ প্ৰয়োজনীয় সকলো নথি-পত্ৰসহ পঞ্জীয়ন কৰিবলৈ মাত্ৰ ১৫ দিন লাগে।আমি ইয়াতো তেনে হোৱাতো বিচাৰোঁ।কৰ্ণাটক চৰকাৰ আৰু ইয়াৰ সকলো বিভাগে এখন প-পত্ৰতে ষ্টাৰ্ট-আপবিলাকৰ কাম সহজসাধ্য কৰি তুলিবলৈ যত্ন কৰা উচিত।কেৱল এইটোৱেই ঠিক কৰিব যে, আমি প্ৰকৃততেই ব্যাৱসায়ৰ অনুকুল পৰিৱেশ গঢ়ি তুলিব পাৰিছো নে নাই।উল্লেখযোগ্য যে, ৱৰ্ল্ড বেংকৰ প্ৰতিবেদন মতে, বৰ্তমান ১৮৯ খন ব্যাৱসায়িক দেশৰ তুলনাত ভাৰত ১৩০ তম স্থানত আছে।

মূলঃ বিশাল কৃষ্ণা

অনুবাদঃ লীনা শইকীয়া


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


এইধৰণৰ অন্যান্য কাহিনী

বিনিয়োগৰ অনুকুল পৰিবেশ গঢ়ি তোলাত সফল কৰ্ণাটক

ইনভেষ্ট কৰ্ণাটকা ২০১৬- এক যুগান্তকাৰী পদক্ষেপ

বাঙ্গালুৰুতে সীমাবদ্ধ নহয় কৰ্ণাটকৰ ষ্টাৰ্টআপ

কৰ্ণাটক-জাৰ্মানীৰ সম্পৰ্ক শিখৰলৈ উঠাৰ ১০টা কাৰণ