কর্ণাটকক বাসোপযোগী কৰি তোলাৰ দাবী জনাইছে দেশৰ উদ্যোগী মহলে

কর্ণাটকক বাসোপযোগী কৰি তোলাৰ দাবী জনাইছে দেশৰ উদ্যোগী মহলে

Saturday February 06, 2016,

4 min Read

দিনটোৰ ব্যস্ত সময়চোৱাত বাঙ্গালুৰু চহৰৰ সোঁমাজেৰে মাত্ৰ ৮ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰায় ৯০ মিনিট সময় লাগে৷ এই কথাটোৱে বাঙ্গালুৰুত নতুনকৈ উদ্যোগ গঢ়ি তুলিব খোজা সকলৰ মনত কেনে প্ৰভাৱ পেলাব সেয়া সহজে অনুমেয়৷ এই বিষয়ত কঠোৰ বাক্যবাণেৰে উইপ্ৰ গ্ৰুপৰ চেয়াৰমেন আজিম প্ৰেমজি আৰু ইনফ’চিচৰ চেয়াৰমেন এমেৰিটাচ নাৰায়ণমূর্তীয়ে বাঙ্গালুৰুৰ অন্তঃগাঠনী আৰু বুনিয়াদী ব্যৱস্থাবোৰৰ পুনৰীক্ষনৰ প্ৰয়োজনীয়তা আছে বুলি কয়৷ নাৰায়ণমূর্তীয়ে লগতে বাঙ্গালুৰু চহৰক এখন বাসোপযোগী চহৰৰ ৰুপ দিবলৈ চৰকাৰলৈ আহ্বান জনায়৷

একে সময়তে উদ্যোগ জগতৰ এই দুয়োজন মহীৰূহে উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত কর্ণাটক চৰকাৰে লোৱা ব্যৱস্থাৰো সলাগ লয়৷

আপোনালোকৰ বহুতে হয়তো নাজানে যে ১৯৮৩ চনত কর্ণাটক চৰকাৰৰ ইণ্ডাষ্ট্ৰীয়েল ডেভেলপমেণ্ট কর্পৰেশ্যনৰ পৰা লাভ কৰা সামান্য পৰিমানৰ এক অনুদানেৰেই ইনফ’চিচৰ আৰম্ভণি ঘটিছিল৷ উদ্যোগ জগতত তেতিয়া সদ্যোজাত ইনফ’চিচলৈ আগবঢ়োৱা সেই সহায়কণৰ বাবে নায়াৰণমূর্তীয়ে আজিও কর্ণাটক চৰকাৰৰ শলাগ লয়৷

image


নাৰায়ণমূর্তীয়ে কয়, “তেতিয়া বহুকেইটা বহুজাতিক বেঙ্ক প্ৰতিষ্ঠানে আমাক অনুদান আগবঢ়াবলৈ অস্বীকাৰ কৰাৰ বিপৰীতে কর্ণাটক চৰকাৰে আমাৰ চিন্তা আৰু পৰিকল্পনাটোক অনুধাবন কৰি সহায় কৰিবলৈ আগবাঢ়ি আহিছিল”৷ সেই সময়ৰ কথা সুঁৱৰি নাৰায়ণমূর্তীয়ে কর্ণাটক চৰকাৰৰ কে.এচ.এচ.আই.ডি.চি. বিভাগে মাত্ৰ এসপ্তাহৰ ভিতৰতে অলপো ৰঙা ফিটাৰ মেৰপেছ নোহোৱাকৈ কিদৰে অনুদান আগবঢ়াইছিল সেই কথাও উল্লেখ কৰে৷ নাৰায়ণমূর্তীয়ে লগতে যোগ দিয়ে, “ইনফ’চিচৰ এই যাত্ৰাত আমাক কর্ণাটকৰ প্ৰতিজন ৰাজনীতিবিদ আৰু চৰকাৰী বিষয়াই সদায়েই সহযোগ কৰি আহিছে”৷

এই প্ৰসঙ্গতে আজিম প্ৰেমজিয়ে ঠাই এটুকুৰাৰ সমৃদ্ধিৰ কাৰণে আন্তঃগাঠনিৰ উন্নয়ন অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰে৷ ভাৰতীয় উদ্যোগৰ পথপ্ৰদর্শক এই দুয়োগৰাকী ব্যক্তিয়ে বাঙ্গালুৰুৰ উন্নয়নৰ স্বার্থত ইয়াৰ যাতায়াত ব্যৱস্থাৰ উন্নীতকৰণত গুৰুত্ব আৰোপ কৰে৷ আজিম প্ৰেমজিৰ মতে বাঙ্গালুৰু চহৰখন বহু সংখ্যক বিজ্ঞানীৰে ভৰি আছে আৰু প্ৰয়োজনীয় বিনিয়োগ লাভ কৰিলে চহৰখনৰ লোকসকলেই ইয়াৰ বুনিয়াদী সা-সুবিধা সমূহৰ ভেটিটো উন্নত কৰি ল’ব পাৰিব৷

উল্লেখযোগ্য যে চলিত বর্ষত তথ্য প্ৰযুক্তিৰ আন আন কম্পেনীৰ নিচিনাকৈ উইপ্ৰ’ৱে প্ৰায় ২৫০০০ গৰাকী অভিযন্তাক নতুনকৈ নিয়োগ কৰিছে৷

এই দুয়োগৰাকী ব্যক্তিয়ে লগতে কয় যে সর্বসাধাৰণে ভবাৰ দৰে কর্ণাটক মানে কেৱল বাঙ্গালুৰু নহয়৷ তেওঁলোকৰ মতে যুৱক-যুৱতীসকলে কেৱল বাঙ্গালুৰুতে কাম কৰিবলৈ উত্ৰাৱল হোৱাৰ কোনা মানে নাই৷ কাৰণ কর্ণাটকত আন বহুকেইখন উন্নত চহৰ আছে৷ নাৰায়ণমূর্তীয়ে কয়, “কর্ণাটক চৰকাৰে ছাত্ৰ-ছাত্ৰী সকলক বাঙ্গালুৰুৰ বাহিৰে আন আন চহৰত কাম কৰিবলৈ উদগনি দিব লাগে”৷ তেখেতে ইনফ’চিচৰ উদাহৰণ দি কয় যে, ইনফ’চিচে কর্ণাটকৰ আন তিনিখন চহৰ ক্ৰমে মহীশুৰ, মাঙ্গালুৰু আৰু হুবলিলৈ কম্পেনীটোৰ কার্যকলাপ বিস্তৃত কৰি কার্মচাৰী সকলক এই ঠাইসমূহত কাম কৰিবলৈ উৎসাহ দিছে৷ এনে প্ৰচেষ্টাৰেই বাঙ্গালুৰুৰ ক্ৰমবর্দ্ধমান জনসংখ্যাৰ সমস্যাটোৰ কিছু পৰিমানে হ’লেও উপশম ঘটাব পাৰি৷

‘নেচকম’ৰ তথ্য অনুসৰি কেৱল বাঙ্গালুৰু চহৰেই তথ্যপ্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ সমূদায় ৰাজহৰ ৩৮% সংগ্ৰহ কৰে৷ কর্ণাটকত তথ্যপ্ৰযুক্তিৰ জগতখনত সর্বমূঠ ৩৫ বিলিয়ন ডলাৰৰ ব্যৱসায় হৈ আছে আৰু ইয়াৰে ২৭ বিলিয়ন ডলাৰৰ ব্যৱসায় কেৱল ৰপ্তানি কেন্দ্ৰিক৷ এই তথ্য সমূহে কর্ণাটক যে ভাৰতৰ ভিতৰতে এক দ্ৰুত বিকশিত অর্থনীতি তাকে সূচাইছে৷ কর্ণাটকৰ বিকাশৰ হাৰ হ’ল ৭%৷

অকল তথ্যপ্ৰযুক্তিয়েই নহয় আন আন ক্ষেত্ৰৰ উদ্যোগ সমূহেও কর্ণাটক ৰাজ্যখনত সুস্থভাৱে আগবাঢ়ি যাবলৈ সক্ষম হৈছে৷ এইক্ষেত্ৰত আদিত্য বিৰলা গ্ৰুপৰ কুমাৰ মঙ্গলম বিৰলাই ৰাজ্যখনে তেওঁলোকৰ কম্পেনীক যথেষ্ট সা-সুবিধা দি আগবঢ়াই নিছে বুলিও উল্লেখ কৰে৷

এৰ’স্পেচ গৱেষণা প্ৰতিষ্ঠানে ন উদ্যোগীলৈ আনিছে ইতিবাচক বার্তা

অনিল আম্বানিয়ে বাঙ্গালুৰুৰ এৰ’স্পেচ উদ্যোগৰ প্ৰসাৰৰ দিশটোক প্ৰশংসাৰে ওপচাই পেলাইছে৷ অনিল আম্বানিৰ মতে প্ৰতিৰক্ষা শিতানত বাঙ্গালুৰুৱে পূর্বৰে পৰাই আশানুৰুপ ফল দেখুৱাই আহিছে যদিও এতিয়া আন আন ক্ষেত্ৰসমূহতো এই ৰাজ্যখন আগুৱাই যাবলৈ সক্ষম হৈছে৷

বাঙ্গালুৰুৰ হোৱাইটফিল্ড অঞ্চলত এক বিশ্বমানৰ এৰ’স্পেচ গৱেষণা প্ৰতিষ্ঠান গঢ়ি তোলাৰ কথাটো অনিল আম্বানিয়ে ইনভেষ্ট কর্ণাটকা ২০১৬ ৰ এক অনুষ্ঠানতে ঘোষণা কৰে৷ এই কেন্দ্ৰটোৱে প্ৰতিৰক্ষা বিভাগত গৱেষণা কৰাৰ লগতে উদ্যোগশীলতাৰ আন আন দিশ সমূহতো অংশ ল’ব বুলি অনিল আম্বানিয়ে জনায়৷

ইনভেষ্ট কর্ণাটকা ২০১৬ ত কেৱল গৌতম আদানিয়েহে অনিল আম্বানিৰ ঘোষণাটোৰ সৈতে ফেৰ মাৰিবলৈ সক্ষম হ’ল৷ গৌতম আদানিয়ে কর্ণাটকৰ উদ্যোগ গঢ়ি তোলাৰ বাবে উপযুক্ত পৰিবেশত কর্ণাটকাৰ মালুৰ অঞ্চলত থকা তেওঁলোকৰ তৈল খাদটোৰ শ্ৰীবৃদ্ধি ঘটোৱাৰ লগতে আদানি গ্ৰুপৰ আন এক অভিলাষী প্ৰকল্প ‘উডিপি পাৱাৰ প্লেণ্ট’টো আৰু অধিক প্ৰসাৰিত কৰাৰ কথা ঘোষণা কৰে৷ লগতে গৌতম আদানিয়ে অচিৰেই ৰাজ্যখনত তেওঁলোকে ১০০০ মেগাৱাট শক্তিসম্পন্ন এক শক্তি প্ৰকল্প স্থাপন কৰিব বুলিও জনায়৷ তাৰোপৰি উত্তৰ কর্ণাটকৰ বন্দৰ অঞ্চলত ঔদ্যোগিক বিকাশৰ কাৰণে আদানি গ্ৰুপে ২০০০ কোটি টকা ব্যয়েৰে এক আঁচনি ৰূপায়ন কৰাৰ কথাও গৌতম আদানিয়ে ঘোষণা কৰে৷

মূল ৰচনা : সিন্ধু কাশ্যপ আৰু বিশাল কৃষ্ণ

অসমীয়া অনুবাদ : মণি ভট্টাচার্য্য


এনেকুৱা প্ৰেৰণাদায়ক কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


এইধৰণৰ অন্যান্য কাহিনী

অন্যদেশৰ তুলনাত ভাৰতৰ অৰ্থনীতি অধিক উন্নত আৰু স্থিতাৱস্থাত আছেঃ জেটলী

উদ্যোগ আৰু ঔদ্যোগিক বিকাশৰ বাবে কৰ্ণাটকে বহুখিনি অৱদান আগবঢ়াব পাৰে-কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দৰমায়া

এজন শিক্ষক যি ছাত্ৰক শিকাবলৈ সাঁতুৰি পাৰ হয়, আৰু আজিলৈ ছুটী লোৱা নাই.....

এসময়ত নিৰীহৰ তেজেৰে ৰাঙলী কাকপথাৰ এতিয়া অৰ্থনৈতিক বিপ্লৱৰ নিদৰ্শন