এজন উদ্যমীয়ে পুঁজিৰ প্ৰশ্নটো শেষলৈ ৰাখিব লাগে: মনোজ বসুমতাৰী

এজন উদ্যমীয়ে পুঁজিৰ প্ৰশ্নটো শেষলৈ ৰাখিব লাগে: মনোজ বসুমতাৰী

Thursday March 30, 2017,

2 min Read

"সমাধান কৰিবলৈ এটা সমস্যা বিচাৰি লোৱাটোৱেই হৈছে উদ্যমিতাৰ মূল ।" তেজপুৰ বিশ্ববিদ্যালয়ৰ ব্যৱসায় প্ৰৱন্ধন বিভাগৰ দ্বাৰা আয়োজিত সম্পৰ্ক-২০১৭ ত এই মন্তব্য কৰে ছিম্বায়টিক ফুডছ প্ৰাইভেট লিমিটেডৰ প্ৰতিষ্ঠাপক মনোজ বসুমতাৰীয়ে । 

image


অসমৰ এখন সৰু গাঁৱৰ পৰা গৈ দিল্লীত উচ্চ শিক্ষা লাভ কৰি পৰৱৰ্তী সময়ত দিল্লীতে এছ বি আইত যোগদান কৰি উচ্চ পদবী লাভ কৰিবলৈ সক্ষম হোৱা মনোজ বসুমতাৰীয়ে নিজৰ ভিতৰত থকা উদ্যমিতাৰ স্পৃহাৰ বাবেই পুনৰ ঘূৰি আহিছিল নিজৰ সৰু গাওঁখনলৈ । সতকাই চকুত নপৰা অথচ অঞ্চলটোৰ অৰ্থনীতিলৈ ৪০০০-৫০০০ কোটি টকাৰ অৱদান আগবঢ়োৱা গাহৰি ব্যৱসায়ৰ অসংগঠিত খণ্ডটোত মনোনিবেশ কৰাৰ লক্ষ্যৰে তেওঁ স্থাপন কৰে ছিম্বায়টিক ফুডছ ।  

মেট্ৰ' চহৰ এৰি ভিতৰুৱা গাঁৱত জীৱন ধাৰণৰ মান উন্নত কৰিছে মনোজ বসুমতাৰীয়ে

বসুমতাৰৰীৰ মতে মানুহৰ মানসিকতাক দুটা ভাগত ভগাব পাৰি । এটা হৈছে বৃদ্ধিৰ মানসিকতা আৰু আনটো হৈছে স্থিতাৱস্থাৰ মানসিকতা । বৃদ্ধিৰ মানসিকতা থকা মানুহে সহায় নতুন কথা শিকাবলৈ আৰু নতুন কাম কৰিবলৈ প্ৰস্তুত থাকে । আনহাতে স্থিতাৱস্থাৰ মানসিকতা থকা মানুহে সদায় নিৰাপদ জীৱিকা আৰু স্থিতাৱস্থাৰ মাজত থাকিবলৈ বিচাৰে । কোনো সমস্যাৰ সমাধান বিচাৰি নিৰাপদ জীৱিকা বাদ দি ব্যসায় স্থাপনৰ সাহস কৰাজনেই উপযুক্ত উদ্যমী বুলি তেওঁ মন্তব্য কৰে । তেওঁৰ মতে এজন উদ্যমীৰ বাবে এটা ব্যাৱসায়িক ধাৰণাৰ ৰূপায়ণ আৰু তাৰ সফলতা সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ । পুঁজিৰ সমস্যাটো এজন উদ্যমীৰ বাবে একেবাৰে শেষ চিন্তা হোৱা উচিত ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী 

এখন নদী পৰিষ্কাৰ কৰা "ইক' বাবা" সন্ত বলবীৰ সিং

এক দম্পতিৰ প্ৰচেষ্টা: ভাৰতৰ প্ৰথমখন ব্যক্তিগত অভয়াৰণ্য

ভাৰতীয় মহিলাৰ সবলীকৰণৰ বাবে লোভনীয় চাকৰি ত্যাগ কৰা মহিলাগৰাকী