এখন নদী পৰিষ্কাৰ কৰা "ইক' বাবা" সন্ত বলবীৰ সিং

এখন নদী পৰিষ্কাৰ কৰা "ইক' বাবা" সন্ত বলবীৰ সিং

Wednesday November 30, 2016,

2 min Read

২০০৮ চনত টাইম আলোচনীয়ে হিৰ' অৱ এনভাইৰনমেন্ট আখ্যা দিছিল সন্ত বলবীৰ সিঙক । এই সন্মান লাভ কৰা তেওঁ প্ৰথম ভাৰতীয়ই নহয় প্ৰথম এছীয় ব্যক্তিও আছিল । সন্ত বলবীৰ দেশে বিদেশ ইক' বাবা নামেৰেও জনাজাত । তেওঁ বীয়াছ নদীৰ এখন ১৬০ কিলোমিটাৰ দীঘল উপনদী কালী বিয়েন অকলেই আগভাগ লৈ পৰিষ্কাৰ কৰিছিল । ব্যাপক জল প্ৰদূষণ আৰু আৱৰ্জনা নিক্ষেপৰ ফলত এই নদীখন লোপ পোৱাৰ উপক্ৰম হৈছিল । 

Image: India Times

Image: India Times


২০০০ চনত তেওঁ এদল স্বেচ্ছাসেৱকক লৈ নদীখন পৰিষ্কাৰৰ কাম হাতত লয় । কেৱল সেয়াই নহয় তেওঁ নদীখনৰ দুয়ো পাৰৰ সৌন্দৰ্যবৰ্দ্ধনো কৰে । ইয়াৰ ফলত অঞ্চলটোৰ খোৱা পানাৰ সমস্যা দূৰ হোৱাৰ লগতে খেতিপথাৰৰ পানীৰ সমস্যাও দূৰ হয় । 

ইয়াৰ ফলত অঞ্চলটোৰ ৫০ খন গাওঁ উপকৃত হৈছে । কেন্দ্ৰীয় চৰকাৰে গঙ্গা চাফাই অভিযানৰ বাবেও তেওঁক আহ্বান জনাইছে । প্ৰাক্তন ৰাষ্ট্ৰপতি ড° এ পি জে আব্দুল কালামেও বহুবাৰ বলবীৰৰ প্ৰশংসা কৰিছিল ।

Image: India Times

Image: India Times


সন্ত বলবীৰে বহুকেইখন স্কুল কলেজ প্ৰতিষ্ঠা কৰাৰ লগতে অন্ধবিশ্বাস আৰু মহিলাৰ বিৰুদ্ধে অপৰাধ দূৰীকৰণৰ ক্ষেত্ৰতো বহু কাম কৰিছে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

গুগল এলাৰ্টছৰ আঁৰৰ ব্যক্তি নাগা কাটাৰুৰ নতুন পেছা খেতি

ইঞ্জিনীয়াৰিঙৰ এই প্ৰৱক্তাজন আছিল ১৩ বছৰ স্কুলৰ মূখ নেদখা শিশু শ্ৰমিক

এক দম্পতিৰ প্ৰচেষ্টা: ভাৰতৰ প্ৰথমখন ব্যক্তিগত অভয়াৰণ্য

ছয় কোবাই আৰব সাগৰত বল পেলাই দিয়া কলা বোবা ভাৰতীয় ক্ৰিকেটাৰজন