এক দম্পতিৰ প্ৰচেষ্টা: ভাৰতৰ প্ৰথমখন ব্যক্তিগত অভয়াৰণ্য

এক দম্পতিৰ প্ৰচেষ্টা: ভাৰতৰ প্ৰথমখন ব্যক্তিগত অভয়াৰণ্য

Wednesday November 30, 2016,

1 min Read

কৰ্ণাটকৰ কোডাগু জিলাৰ অনিল কুমাৰ মলহোট্ৰা আৰু তেওঁৰ পত্নী পামেলাই যোৱা ২৫ বছৰ ধৰি ধ্বংসপ্ৰাপ্ত বনাঞ্চল ক্ৰয় কৰি তাত বানানীকৰণ কৰি আহিছে । তেওঁলোকে বিভিন্ন জীৱ জন্তুৰ বাবে বসবাসৰ উপযোগী বনাঞ্চল পূনৰ নিৰ্মাণ কৰি আহিছে । 

Image: Miles To The Wild

Image: Miles To The Wild


ব্ৰহ্মগিৰি অঞ্চলত তেওঁলোকে ৩০০ একৰ মাটি ক্ৰয় কৰি তাত স্থাপন কৰিছে এখন অভয়াৰণ্য । খুব সম্ভৱ ই ভাৰতৰ একমাত্ৰ ব্যক্তিগত অভয়াৰণ্য যত ৩০০ বিধ চৰাই আৰু বহুতো বিৰল বন্যপ্ৰাণী বাস কৰে । 

১৯৯১ চনত আমেৰিকাত নিজা ব্যৱসায় এৰি আহি অনিলে ভাৰতত নিগাজীকৈ বসবাস কৰিবলৈ লোৱাৰ সময়ত এজন লোকে তেওঁক এই অনুৰ্বৰ ভূমিখিনি বেচাৰ প্ৰস্তাৱ দিছিল ।

অনিল আৰু পামেলাই লগে লগে হাৱাইত থকা তেওঁলোকৰ সম্পত্তি বিক্ৰী কৰি এই মাটিখিনি ক্ৰয় কৰে আৰু তাত বনানীকৰণ আৰম্ভ কৰে । অৱশ্যে আগৰ মালিকৰ দিনৰ কিছু ভূমি সংক্ৰান্তিয় খেলিমেলি ঠিক ঠাক কৰিবলৈ তেওঁলোকৰ কিছু সময় লাগিছিল । বৰ্তমান এই অভয়াৰণ্য়ত বহুতো বিৰল প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী পোৱা যায় । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

গুগল এলাৰ্টছৰ আঁৰৰ ব্যক্তি নাগা কাটাৰুৰ নতুন পেছা খেতি

বৈধ নোট বেংকত জমা কৰিলে উলিওৱা ধনৰ সীমা বৃদ্ধি হ'ব: আৰ বি আই

প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ উদ্যোগত ম'বাইল বেংকিং আৰু নগদবিহীন লেনদেনৰ প্ৰশিক্ষণ

ইঞ্জিনীয়াৰিঙৰ এই প্ৰৱক্তাজন আছিল ১৩ বছৰ স্কুলৰ মূখ নেদখা শিশু শ্ৰমিক