আই আই টি গুৱাহাটীত তিনিদিনীয়াকৈ উদগম-১৭

আই আই টি গুৱাহাটীত তিনিদিনীয়াকৈ উদগম-১৭

Thursday January 26, 2017,

2 min Read

অসম তথা উত্তৰ পূবৰ বিভিন্ন ষ্টাৰ্টআপ ব্যৱসায়ী, ছাত্ৰ-ছাত্ৰী, ষ্টাৰ্টআপ ক্ষেত্ৰৰ বিশেষজ্ঞৰে তিনিদিন ধৰি উদুলি-মুদুলি হৈ পৰিব আই আই টি গুৱাহাটী । অহা ২৭ জানুৱাৰীৰপৰা ২৯ জানুৱাৰীলৈ অনুস্থিত হ'ব বাৰ্ষিক উদ্যোগশীলতা সমাৰোহ উদ্গম ২০১৭ । একেৰাহে নৱম বৰ্ষৰ বাবে আয়োজিত এই অনুস্থানলৈ এইবাৰ সহযোগ আগবঢ়াইছে য়'ৰ ষ্ট'ৰী অসমীয়াই ।

ভাৰতৰ, বিশেষকৈ উত্তৰ পূবৰ যুৱ সমাজৰ মাজত উদ্যমিতাৰ স্পৃহা বৃদ্ধি কৰাৰ লক্ষৰে আৰম্ভ কৰা হৈছিল এই সমাৰোহ ।Conceive. Believe. Achieve- এই আপ্তবাক্যৰে পৰিচালিত এই সমাৰোহ উত্তৰ পূবৰ এক অন্যতম শ্ৰেষ্ঠ উদ্যোগশীলতা সমাৰোহ । বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, কৰ্মশালা, আলোচনা চক্ৰকে ধৰি বহুতো কাৰ্যক্ৰমৰ মাজেদি উত্তৰ পূবৰ বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱ সমাজৰ মাজত উদ্যমিতাৰ স্পৃহা জগোৱাৰ ই এক বিশাল মঞ্চ ।

image


এই সমাৰোহৰ এক অন্যতম আকৰ্ষণ হৈছে ইয়াৰ বক্তৃতামালা । দেশ বিদেশৰ আগশাৰীৰ বহু বক্তাৰ সমাবেশ ঘটে এই অনুস্থানত । এইবাৰৰ বক্তা আৰু প্ৰশিক্ষক সকলৰ অন্যতম হৈছে - স্প্ৰাউটবক্সৰ প্ৰতিস্থাপক ৰাজীৱ গুপ্তা আৰু সহ-প্ৰতিস্থাপক গগনদীপ সিং ছাপ্ৰা, ইন্ভেন্ট'ৰ ভি পি বালাজী বিশ্বনাথন, ফৰ্বছ ৩০, এছীয়াৰ ৩০ অনুদ্ধৰ্ৰ প্ৰভাৱশালী ব্যক্তিৰ ফৰ্বছৰ তালিকাত স্থান পোৱা আৰু Inniv8ৰ প্ৰতিষ্ঠাতা ড° ৰীতেশ মালিক, ফ্লিপকাৰ্টৰ প্ৰাক্তন চি বি অ' অংকিত নাগোৰী, এম আই টিৰ গৱেষক ৰিচ ফ্লেচাৰ, আৱিৰ টেকনলজীজৰ হনী বজাজ, Globizsৰ চি ই অ' ৰোশনী কুমাৰ য়েমবেম আদি ।

উত্তৰ পূবৰ সকলো উদ্যমী আৰু যুৱক-যুৱতী এই সমাৰোহৰ দ্বাৰা উপকৃত হ'ব বুলি আয়োজক সকলে আশা প্ৰকাশ কৰিছে ।

যিকোনো ধৰণৰ প্ৰশ্নৰ বাবে জনসম্পৰ্ক বিভাগৰ মূৰব্বী প্ৰবীণ কুমাৰক ( ৯০৮৫৯৬৯৭৯৫) নম্বৰত যোগাযোগ কৰিব পৰা যাব। 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

উত্তৰ পূবৰ বিভিন্ন ষ্টাৰ্টআপৰ যোগদানেৰে আপষ্টাৰ্ট -২০১৭ৰ সফল সামৰণি 

এটি শিশুৰ জন্মই গঢ় দিছিল এটা ষ্টাৰ্টআপৰ

নাৰিকল লাড়ুৰে ব্যৱসায় আৰম্ভ কৰি 'মেঘাজ ফুড প্ৰডাক্ট'ৰ জন্ম দিলে মেঘালী বৰাই

এসময়ৰ মাওবাদী অধ্যুষিত অঞ্চলত এতিয়া চাৰিওফালে কেৱল ফুলৰ বাগিছা