উত্তৰ পূবৰ বিভিন্ন ষ্টাৰ্টআপৰ যোগদানেৰে আপষ্টাৰ্ট -২০১৭ৰ সফল সামৰণি

উত্তৰ পূবৰ বিভিন্ন ষ্টাৰ্টআপৰ যোগদানেৰে আপষ্টাৰ্ট -২০১৭ৰ সফল সামৰণি

Thursday January 26, 2017,

3 min Read

অসম তথা উত্তৰ পূৰ্বাঞ্চলত চালুকীয়া অৱস্থাত থকা ষ্টাৰ্টআপ ক্ষেত্ৰখনৰ প্ৰসাৰৰ প্ৰতি লক্ষ্য ৰাখি নৰ্থ ইষ্ট ডিভেলপমেন্ট ফাউণ্ডেচনে ডিজিটেল ফাউণ্ডেচন অৱ ইণ্ডিয়া আৰু নেডফিৰ সহযোগত আয়োজন কৰে উত্তৰ পূব ষ্টাৰ্টআপ সমাৰোহ । এই সমাৰোহলৈ মিডিয়া পৰ্টনাৰ হিচাপে সহযোগ আগবঢ়ায় য়'ৰ ষ্ট'ৰী অসমীয়াই । আপষ্টাৰ্ট ২০১৭ শীৰ্ষক এই সমাৰোহত বিভিন্ন প্ৰতিযোগিতা আৰু আলোচনাচক্ৰ অনুস্থিত হয় । 

image


এই সমাৰোহৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ আছিল পিটচ য়'ৰ বিজনেছ শীৰ্ষক প্ৰতিযোগিতা । এই প্ৰতিযোগিতাত প্ৰায় চল্লিশটা ইতিমধ্যে সক্ৰিয় হৈ থকা ষ্টাৰ্টআপে যোগদান কৰে । ষ্টাৰ্টআপৰ সৈতে জড়িত বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞৰে গঠিত জুৰীৰ আগত তেওঁলোকে নিজ নিজ ব্যৱসায়ৰ সবিশেষ তথ্য দাঙি ধৰে । ইয়াৰ ভিত্তিত এগ্ৰ' প্ৰত্যাশা, স্পেচেজ ফেচিলিটি মেনেজমেন্ট আৰু জীৱ অংশে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় । প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ বিজেতাই ক্ৰমে এক লাখ, ৬০,০০০ আৰু ৪০ হাজাৰ টকা আৰু মানপত্ৰ লাভ কৰে । জুৰীৰ বিশেষ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয় পপটেলছ, দৱাই ল', হীলবট, কে কে এগ্ৰ, অ ৰাইডছ আৰু ফিডজেটি ফিংগাৰছে । 

image


আনহাতে কেৱল ধাৰণা আথবা প্ৰট'টাইপ পৰ্যায়ত থকা ষ্টাৰ্টআপৰ বিশেষ শাখা পিটছ এণ্ড উইনত ইউ এছ ডিছইনফেকটেন্ট চেম্বাৰ্ছ, হেডৱে ডিনটেল ক্লাব আৰু মাছ বাই বাউণ্টিয়ে ক্ৰমে প্ৰথম দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ।

উল্লেখযোগ্য যে এই প্ৰতিযোগিতাৰ বাবে কৃষি আৰু আনুষঙ্গিক ক্ষেত্ৰ, খাদ্য আৰু সুশ্ৰুষা, শিক্ষা, তথ্য প্ৰযুক্তি, প্ৰযুক্তি, জৈবিক, সামাজিক, শক্তি, হস্ততাত আৰু হস্তশিল্প, জলজ আৰু প্ৰাকৃতিক সম্পদ, পৰ্যটন আৰু দুঃসাহসিক ক্ৰীড়া- এই ১২ টা শিতানত ৬৯ খন আবেদনৰ পৰা ৫৪ খন আবেদন নিৰ্বাচিত কৰা হৈছিল দুয়োটা শাখাৰ বাবে ।

এই প্ৰতিযোগিতাৰ জুৰীৰ সদস্যৰ অন্তৰ্গত আছিল ৱেব এক্সৰ প্ৰতিস্থপক সঞ্চালক সঞ্জীব শৰ্মা, এলিছিয়াম টেকৰ মূখ্য কাৰ্যবাহী বিষয়া বেন ইমচেন, ৱেব কম ইণ্ডিয়াৰ প্ৰতিস্থাপক সঞ্চালক অত্ৰেয়ী বৰুৱা, স্প্ৰাউটবক্সৰ সহ প্ৰতিস্থাতা গগনদীপ সিং ছাপ্ৰা, য়েছ বেংকৰ এক্জিকিউটিভ ভাইচ প্ৰেচিডেন্ট পাৰ্থ প্ৰথীম গোস্বামী, Suigeneris Agronomy Pvt Ltdৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰাগেশ কেইছাম, আই আই ইৰ সঞ্চালক মনোজ দাস, এছ এম গ্ৰুপৰ সঞ্চালক আৰু ফাইনাৰৰ উপ সভাপতি ৰাজীৱ অগ্ৰৱাল, আই আই ইৰ চেন্টাৰ ফৰ ইণ্ডাষ্ট্ৰিয়েল এক্সটেনচন এণ্ড কনচালটেন্সীৰ মূৰব্বী ড° শ্ৰীপৰ্ণা বৰুৱা, আইশ্বিপ্প' ডট কমৰ প্ৰতিস্থাতা আৰু মূখ্য কাৰ্যবাহী বিষয়া কৰ্মা ভুটীয়া, গ্ৰুপ এভিনিউজৰ মূৰব্বী মাৰ্ক লাইটফ্লাং ষ্ট'ন আদি

image


সামৰণি তথা বটা বিতৰণী অনুস্থানত নেডফিৰ চি এম ডি পল মুক্তিয়া, আই আই ইৰ সঞ্চালক মনোজ দাস, ডি ৱাই ৩৬৫ৰ চি এম ডি দিপান্নীতা জয়ছোৱাল আৰু অন্যান্য সন্মানীয় অতিথি উপস্থিত থাকে ।

image


নৰ্থ ইষ্ট ডিভেলপমেন্ট ফাউনণ্ডেচনৰ মূৰব্বী ছৈয়দ কাজীয়ে সমাৰোহৰ সফল সামৰণিত সন্তোষ প্ৰতাশ কৰি কয় যে তেওঁলোকে উত্তৰ পূবত ষ্টাৰ্টআপৰ পৰিবেশ উন্নত কৰাৰ বাবে অহৰহ চেষ্টা চলাই থাকিব । আনহাতে আই আই ইৰ চেন্টাৰ ফৰ ইণ্ডাষ্ট্ৰিয়েল এক্সটেনচন এণ্ড কনচালটেন্সীৰ মূৰব্বী ড° শ্ৰীপৰ্ণা বৰুৱাই কয় যে এনেধৰণৰ অনুস্থানবোৰে অঞ্চলটোৰ উদ্যমীসকলক এখন মঞ্চ দিয়াত সহায় কৰিব ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

এটি শিশুৰ জন্মই গঢ় দিছিল এটা ষ্টাৰ্টআপৰ

নাৰিকল লাড়ুৰে ব্যৱসায় আৰম্ভ কৰি 'মেঘাজ ফুড প্ৰডাক্ট'ৰ জন্ম দিলে মেঘালী বৰাই

সমস্যা সমাধান আৰু জীৱন ৰক্ষাত ব্ৰতী অভিজিতা কুলশ্ৰেষ্ঠৰ আকৰ্ষণীয় অতিন্দ্ৰীয়বাদৰ আহ্বান

এসময়ৰ মাওবাদী অধ্যুষিত অঞ্চলত এতিয়া চাৰিওফালে কেৱল ফুলৰ বাগিছা





    Share on
    close