উত্তৰ প্ৰদেশৰ নিৰ্বাচনে কেজিৱালক নস্যাৎ কৰা পণ্ডিতৰ মূখ বন্ধ কৰিব

আশুতোষৰ বিশেষ প্ৰৱন্ধ

উত্তৰ প্ৰদেশৰ নিৰ্বাচনে কেজিৱালক নস্যাৎ কৰা পণ্ডিতৰ মূখ বন্ধ কৰিব

Sunday January 15, 2017,

5 min Read

সাধাৰণতে বিধান সভা নিৰ্বাচনত আঞ্চলিক বিষয়বোৰেই প্ৰধান্য পায় আৰু এই বিষয়বোৰেই স্থানীয় ৰাজনৈতিক নেতাৰ ভাগ্য নিৰ্ধাৰণ কৰে । কিন্তু নিৰ্বাচন যেতিয়া ক্ষুদ্ৰ ভাৰতৰ সমকক্ষ উত্তৰ প্ৰদেশৰ হয় তেতিয়া ই কেৱল আঞ্চলিক হৈ নাথাকে । লগতে যদি সীমান্তৱৰ্তী পঞ্জাব আৰু পশ্চিমৰ গোৱাতো একে সময়তে নিৰ্বাচন হয় তেনেহলে ইয়াৰ গুৰুত্ব আৰু বাঢ়ি যায় । এই ক্ষেত্ৰত এনেকৈ কোৱাটো ভুল নহ'ব যে এই নিৰ্বাচনৰ প্ৰভাৱ ৰাষ্ট্ৰীয় স্তৰত পৰিব । পঞ্জাবত অকালি-বিজেপিৰ চৰকাৰ আছে আৰু গোৱাত বিজেপিৰ চৰকাৰ আছে । যদিও উত্তৰ প্ৰদেশত বিজেপি চৰকাৰ নাই তথাপি উত্তৰ প্ৰদেশৰ বিগত বিধান সভা নিৰ্বাচনত বিজেপিয়ে ৭২ খন আসন আৰু বিজেপি সমৰ্থিত প্ৰাৰ্থিয়ে এখন আসন লাভ কৰিছিল । অৰ্থাৎ নৰেন্দ্ৰ মোডী প্ৰধান মন্ত্ৰী হোৱাৰ আঁৰত এই ফলাফলৰ যথেষ্ট গুৰুত্ব আছিল । সেই কৰাণেই সকলোৰে চকু এই কথাটোৰ ওপৰত থাকিব যে ২০১৪ৰ যাদুৰ এইবাৰ আকৌ পুনৰাবৃত্তি হ'বনে আৰু উত্তৰ প্ৰদেশত বিজেপিৰ চৰকাৰ হ'বনে নহয় ।

image


বিমুদ্ৰীকৰণৰ ঠিক পাছতেই এই নিৰ্বাচন অনুস্থিত হ'ব । আঠ নৱেম্বৰত মোডীয়ে মহা ধুমধামেৰে বিমুদ্ৰীকৰণ ঘোষণা কৰিছিল। ইয়াৰ জৰিয়তে তেওঁ ক'লাধন আৰু দুৰ্নীতিৰ বিৰুদ্ধে যুদ্ধ আখ্যা দিছিল । সমালোচক সকল তেওঁৰ কথাৰ সৈতে একমত নহয় । এই পদক্ষেপক মোডীৰ এতিয়ালৈকে বৃহত্তম পদক্ষেপ গণ্য কৰা হৈছে । একাংশই ইয়াক টোগলকী আখ্যা দিয়াৰ সময়তে মোডীৰ সমৰ্থক সকলে ইয়াক ৰাষ্ট্ৰীয়তাবাদক শক্তিশালী কৰাৰ ক্ষেত্ৰত এক ডাঙৰ পদক্ষেপ গণ্য কৰিছে । ইয়াকে লৈ দুমাহ ধৰি প্ৰচণ্ড তৰ্ক-বিতৰ্ক আৰু আলোচনা চলি আছে । আনকি ইয়াৰ বাবে সংসদৰ কামকাজো ব্যাহত হৈছে । 

মোডী প্ৰধানমন্ত্ৰী হোৱাৰ দুবছৰতকৈও অধিক হৈ গ'ল । লোকসভা নিৰ্বাচনৰ সময়ত মোডীয়ে যিবোৰ সপোন দেখুৱাইছিল সেইবোৰ পৰীক্ষা কৰি চোৱাৰ এক সোণালী সুযোগ হ'ব এই নিৰ্বাচন । জনসাধাৰণে মোডীৰ কামকাজৰ সমীক্ষা কৰাৰ সময় আহি পৰিছে । সচাকৈয়ে মোডী জনসাধাৰণৰ আশা-আকাংক্ষা পুৰণ কৰাত সফল হৈছেনে ? নে তেওঁ কেবল সপোনেই দেখুৱাই গৈছে । 

সন্ত্ৰাসবাদৰ সৈতে যুঁজ দি থকা দেশখনক মোডীয়ে আশ্বাস দিছিল যে তেওঁৰ চৰকাৰে সন্ত্ৰাসবাদী আৰু পাকিস্তানৰ সকলো ষড়যন্ত্ৰ বিফল কৰি দিব । মনমোহন চৰকাৰৰ সন্ত্ৰাসবাদৰ ক্ষেত্ৰত নৰম স্থিতিৰ বাবেই দেশখন সন্ত্ৰাসৰ কবলত পৰিছিল বুলি মোডীয়ে দাবী কৰিছিল । মনমোহন এজন দুৰ্বল প্ৰধানমন্ত্ৰী আছিল আৰু দেশক পাকিস্তানৰ সৈতে যুঁজিবলৈ শক্তিশালী নেতৃত্বৰ প্ৰয়োজন আছিল । ছেপ্তেম্বৰ মাহত মোডী চৰকাৰে সন্ত্ৰাসবাদক ধ্বংস কৰিবলৈ ছাৰ্জিকেল ষ্ট্ৰাইক কৰাৰ ঘোষণা কৰিছিল । ইয়াৰ ফলত দেশত ৰাষ্ট্ৰীয়তাবদৰ এক নতুন ঢৌ সৃষ্টি হোৱাৰ দাবী কৰিছিল বিজেপি আৰু মোডী সমৰ্থকে । ছাৰ্জিকেল ষ্ট্ৰাইকৰ তিনি মাহতকৈও অধিক সময় পাৰ হৈ গ'ল । বিধান সভা নিৰ্বাচনৰ সময়ত এই সন্দৰ্ভতো জনতাই নিজৰ ৰায় দিব । বিশেষকৈ যোৱা এটা বছৰত দুটা সন্ত্ৰাসবাদী আক্ৰমণৰ মূখামূখি হোৱা সীমান্তৱৰ্তী পঞ্জাবত ই এক ডাঙৰ প্ৰশ্ন হ'ব । 

২০১৪ চনৰ নিৰ্বাচনত মোডীয়ে দেশৰ সকলো সমস্যাৰ বাবে কংগ্ৰেছক জগৰীয়া কৰিছিল । এনে ক্ষেত্ৰত দেশখনে মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, ঔদ্যোগিক উন্নতি আৰু আৰ্থিক উন্নতিৰ ক্ষেত্ৰত কিবা পালে নে নাই সেই কথাৰ উত্তৰ জনতাক দিব লাগিব । আৰু যিদৰে ইন্দিৰা গান্ধীৰ চৰকাৰৰ দৰে মোডী চৰকাৰতো মোডীয়েই সৰ্বেসৰ্বা গতিকে এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ মোডীয়েই দিব লাগিব । গতিকে এই নিৰ্বাচন প্ৰকৃতাৰ্থক মোডীৰ জনপ্ৰিয়তাৰ নিৰ্বাচন । 

২০১৪ চনত জনসাধাৰণে স্পষ্ট ৰায় দিছিল যে তেওঁলোকৰ সেই সময়ৰ কংগ্ৰেছ আৰু তাৰ নেতৃত্ব বহন কৰা ৰাহুল গান্ধীৰ ওপৰত ভৰষা নাই । মোডীৰ সন্মূখত ৰাহুল গান্ধী হৈ পৰিছিল অৰ্থহীন । বিগত সময়চোৱাত কংগ্ৰেছ আৰু ৰাহুলে নিজকে সুযোগ্য কৰি গঢ়ি তুলিবলৈ বহু চেষ্টা কৰিছে যদিও সেই ক্ষেত্ৰত তেওঁলোক কিমান সফল সেই কথাও এই নিৰ্বাচনত প্ৰমাণিত হ'ব বিশেষকৈ পঞ্জাব আৰু গোৱাত য'ত তেওঁলোক বিৰোধীৰ আসনত আছে । পঞ্জাবত ১০ বছৰ আৰু গোৱাত পাঁচ বছৰ কংগ্ৰেছ ক্ষমতাৰ বাহিৰত আছ । দুয়োখন ৰাজ্যতে এন ডি এৰ চৰকাৰ আছে আৰু দুয়োখন চৰকাৰেই লোকপ্ৰিয় নহয় । কংগ্ৰেছৰ বাবে হাৰিয়ানা, মহাৰাষ্ট্ৰ, অসমত চৰকাৰ হেৰুউৱাৰ ক্ষতিপুৰণৰ এয়া এক সুযোগ । 

কিন্তু কংগ্ৰেছ আৰু ৰাহুলৰ বাটত আটাইতকৈ ডাঙৰ বাধা হৈ দেখা দিব আম আদমী পাৰ্টি আৰু কেজৰিৱাল । দিল্লীত কংগ্ৰেছক দুবাৰকৈ পাৰজিত কৰাৰ পাছত আম আদমী পাৰ্টি যথেষ্ট উৎসাহী আৰু কংগ্ৰেছৰ বাবে এক ডাঙৰ প্ৰত্যাহাবান । পঞ্জাবত আম আদমী পাৰ্টি নথকা হলে কংগ্ৰেছৰ বাবে পথ মসৃণ আছিল । অকালি-বিজেপিৰ চৰকাৰখন সকলোৰে অপ্ৰিয় । তাত সহজেই কংগ্ৰেছৰ চৰকাৰৰ গঠন হ'ব পাৰিলেহেতেন । কিন্তু বিগত লোকসভা নিৰ্বাচনত চাৰিখন আসন লাভ কৰাৰ লগতে দুবছৰ ধৰি বহু কষ্টেৰে আম আদমী পাৰ্টি যথেষ্ট শক্তিশালী হৈ উঠিছে । 

 গোৱাতো কংগ্ৰেছৰ শিপা উভলাৰ কাম আপে কৰিছে । পাঁচ বছৰ ধৰি বিজেপি চৰকাৰৰ সন্মূখত কংগ্ৰেছে নিজকে এক শক্তিশালী বিৰোধীৰ ভুমিকাত অৱতীৰ্ণ কৰোৱাত ব্যৰ্থ হৈছে । বিধানসভাৰ ভিতৰত আৰু বাহিৰত বিৰোধীৰ কাম হয় নিৰ্দলীয় বিধায়কে কৰিছে অথবা আম আদমী পাৰ্টিয়ে কৰিছে । এই প্ৰৱন্ধ লিখাৰ সময়লৈকে ৪০ খনৰ ৩৬ খন আসনৰ বাবে আম আদমী পাৰ্টিয়ে নিজৰ প্ৰাৰ্থী ঘোষণা কৰিছে আৰু কংগ্ৰেছে এতিয়াও প্ৰাৰ্থী নিৰ্দ্ধাৰণেই কৰিব পৰা নাই । তেওঁলোকৰ দুজন বিধায়ক বিজেপিলৈ আৰু এজন দলীয় সাধাৰণ সম্পাদক মহাৰাষ্ট্ৰবাদী গোমন্তক পাৰ্টীলৈ ঢাপলি মেলিছে। ইফালে উত্তৰ প্ৰদেশত কংগ্ৰেছে মহা আড়ম্বৰেৰে নিজৰ যাত্ৰা আৰম্ভ কৰিলে যদিও তেওঁলোকে অচিৰেই বুজি পালে যে তোঁলোকক কোনেও গুৰত্ব নিদিয়ে । এই দুয়োখন ৰাজ্যতে যদি আপে কংগ্ৰেছক পিছ পেলায় তেনেহলে দেশজুৰি এটা ইঙ্গিত পোৱা যাব যে আপ কংগ্ৰেছৰ বিকল্প হ'ব পাৰে । 

এই দুয়োখন ৰাজ্যতে ভাল প্ৰদৰ্শন আপৰ কাৰণে ভৱিষ্যতৰ ৰাজনীতিৰ বাবে অমৃতৰ কাম কৰিব । ইয়াৰ লগে লগে আন ৰাজ্যবোৰতো ই আপৰ স্থান সুদৃঢ় কৰিব । দিল্লীত আপৰ জয়ক এক ঢৌ বুলি ভবাসকলৰ ভ্ৰম ভাগিবলৈ বেছি সময় নাই । পঞ্জাব আৰু গোৱা ভাৰতৰ আন অংশৰ বাবে গেটৱে প্ৰমাণিত হ'ব পাৰে । বিশেষকৈ ২০১৭ চনত হ'বলগীয়া গুজৰাট আৰু হিমাচল প্ৰদেশৰ বিধান সভা নিৰ্বাচনতো ইয়াৰ প্ৰভাৱ পৰিব । ই মোডী আৰু ৰাহুল দুয়োৰে বাবে কষ্টকৰ হ'ব । কেজৰিৱালৰ নেতৃত্বক লৈ প্ৰশ্ন উত্থাপন কৰা ৰাজনৈতিক পণ্ডিতৰ মাতো চিৰদিনৰ বাবে বন্ধ হ'ব ।

( EDITORIAL DISCLAIMER- প্ৰকাশিত মতামত লেখকৰ নিজৰ আৰু ইয়াৰ লগত য়'ৰ ষ্ট'ৰীৰ সম্পাদকীয় নীতিৰ কোনো সম্পৰ্ক নাই )

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

অসমত প্ৰাকৃতিক চাহ উৎপাদনৰ পথপ্ৰদৰ্শক ধীৰেন ফুকন

সুখৰ উৎস বিচাৰি লওক

হাত-ভৰি নথকা নিক ভুয়িচিক এজন সফল আৰু সুখী ব্যক্তি

‘আঞ্জা-আচাৰত লেটি লৈ থকা এই ভাৰতীয়টোক পিটি পিটি ফাঁচী দিব লাগে’: ই-মেইল উদ্ভাৱক শিৱ আয়াদুৰাইৰ বিৰুদ্ধে বৰ্ণবাদী আক্ৰোশৰ কাহিনী