‘আঞ্জা-আচাৰত লেটি লৈ থকা এই ভাৰতীয়টোক পিটি পিটি ফাঁচী দিব লাগে’: ই-মেইল উদ্ভাৱক শিৱ আয়াদুৰাইৰ বিৰুদ্ধে বৰ্ণবাদী আক্ৰোশৰ কাহিনী

‘আঞ্জা-আচাৰত লেটি লৈ থকা এই ভাৰতীয়টোক পিটি পিটি ফাঁচী দিব লাগে’: ই-মেইল উদ্ভাৱক শিৱ আয়াদুৰাইৰ বিৰুদ্ধে বৰ্ণবাদী আক্ৰোশৰ কাহিনী

Monday November 30, 2015,

10 min Read

ফেচবুক খুচৰি থাকোতে এদিন মই শিৱ আয়াদুৰাই নামটো দেখিলো। মোৰ নিউজফিডত দেখিলো হাফিংটন প'ষ্টৰ এটা প্ৰৱন্ধ। প্ৰৱন্ধটোত শিৱ আয়াদুৰাইৰ কথা ই-মোইলৰ উদ্ভাৱক হিচাপে উল্লেখ কৰি ই-মেইলৰ ৩০সংখ্যক বাৰ্ষিকীত তেওঁৰ সফলতাৰ বাবে তেওঁক সম্বৰ্ধনা কৰাৰ কথা উল্লেখ কৰা হৈছিল। লগে লগেই মই গুগলত চাৰ্ছ কৰি চালো। মই দেখিলো হাফিংটন প'ষ্টৰে এক আচৰিত খবৰ। তাত লিখা আছিল যে ই-মেইলৰ প্ৰকৃত উদ্ভাৱক আছিল নিউ-জাৰ্চীৰ নেৱাৰ্কৰ এজন ক'লা চালৰ কিশোৰ আৰু এই কিশোৰটিৰ এই উদ্ভাৱনক স্বীকৃতি প্ৰদানৰ পৰিৱৰ্তে আমেৰিকাৰ দুই বৃহত ক'ৰ্পৰেশ্বন ৰেইথিয়ন আৰু বি.বি.এনে কিশোৰৰ জনৰ বিৰুদ্ধে কুৎসা ৰটনা কৰি গণসংযোগ অভিযান আৰম্ভ কৰিছে।

উত্তৰ ঔপনিবেশিক ভাৰতত যিসময়ত আমি পশ্চিমৰ সামান্য স্বীকৃতিকো মহানতা প্ৰদান কৰো, তেনেসময়ত এইজন লোকৰ সফলতাৰ এই কথা মই ইমান দিনে কিয় জনা নাছিলো ? আয়াদুৰাইৰ দাবী,তেওঁ ১৪বছৰ বয়সতেই ই-মেইলৰ উদ্ভাৱন কৰিছিল। তাৰ পিছৰ তেওঁৰ জীৱন পৰিক্ৰমা আছিল বহুতো অপ্ৰতিদ্বণ্ডী উদ্যোগশীলতাৰে গৌৰৱোজ্জল। এম.আই.টিৰ পৰা ৪টাকৈ ডিগ্ৰী লাভ কৰাৰ পৰা ইকো মেইলৰ আৰম্ভনী তথা আমেৰিকাৰ ডাক ব্যৱস্থাক পুনৰ উজ্জীৱিত কৰালৈকে আৰু বহুতো কৃতিত্ব তেওঁৰ নামত। মই দুয়োটা প্ৰৱন্ধৰে লিংক সযতনে ৰাখিছিলো আৰু পৰৱৰ্তী সময়ত সেই বিষয়ে পাহৰি গৈছিলো। কিন্তু যেতিয়া পিছত মই সেইবোৰ পঢ়িবলৈ পুনৰ বিচাৰিলো,মই নাপালো। কাৰণ বহুতো পাঠকৰ কমেন্ট আৰু দাবীৰ পৰিপ্ৰেক্ষিতত এই দাবী মিছা বুলি প্ৰতিপন্ন কৰি ইন্টাৰনেটৰ পৰা সেই প্ৰবন্ধ আৰু লেখাবোৰ আতৰাই পেলোৱা হ’ল। লগতে আমেৰিকাৰ উদ্ভাৱক ৰে টমলিছনক এই উদ্ভাৱনৰ কৃতিত্ব প্ৰদান কৰা হ’ল। তাৰ পিছত শিৱ আয়াদুৰাইৰ নামত কৰা যিকোনো চাৰ্ছৰ ফলাফলত কেৱল তেওঁৰ হলিউদ অভিনেত্ৰী ফ্ৰেন দ্ৰেছাৰৰ সৈতে হোৱা শেহতীয়া বিবাহৰ কথা, বৰ্ণবাদী মন্তব্য আৰু তেওঁক মিছলীয়া আখ্যা দি লিখা কিছুমান লিখামেলাহে পোৱা হ’ল। গতিকে তেওঁৰ দাবীৰ সত্যতা জনা বা প্ৰমাণ কৰাটো কঠিন হৈ পৰিল। আনকি নিজৰ ৱেবচাইটতো এই কথা প্ৰমাণ কৰিব নোৱাৰিলে শিৱই। অৱশেষত দোধোৰমোধোৰত পৰি মই শিৱক বিচাৰি তেওঁৰ নিজৰ মুখৰ পৰাই কথাবোৰ জনাৰ আগ্ৰহ কৰিলো। শিৱৰ সৈতে এক সুদীৰ্ঘ সাক্ষাৎকাৰ লাভ কৰিলো। শিৱক সমৰ্থন বা সমালোচনা কৰাৰ কৰ্তৃত্ব মোৰ নাই, কিন্তু যিসময়ত আমেৰিকাৰ মিডিয়া এইক্ষেত্ৰত বিফল হল আৰু আমাৰ ভাৰতীয় মিডিয়ায়ো বিশেষ আগ্ৰহ প্ৰকাশ নকৰিলে তেনেক্ষেত্ৰত প্ৰকৃত কথা আৰু সত্যৰ ওপৰৰ পৰা পৰ্দা আতৰোৱাৰ এয়া এক প্ৰয়াস মাথো। শিৱই কয়, “এইক্ষেত্ৰত মোৰ বিৰুদ্ধে মূল বিতৰ্কিত কথাটো হ'ল, মই এগৰাকী স্ব-প্ৰক্ষেপিত ব্যৱসায়ী,এজন ইন্টাৰনেট উদ্যোগী। ইয়াৰ লগত ই-মেইল কোনে উদ্ভাৱন কৰিলে সেই বস্তুবাদী সত্যৰ সম্পৰ্ক ক'ত? ”

আপোনালোকৰ কমেন্টসমুহক আদৰণি জনায়ো এটা কথা উল্লেখ কৰিব খুজিছো যে এই লেখাটো বা সাক্ষাৎকাৰটোত আমি বিতৰ্কিত ই-মেইল উদ্ভাৱনৰ বিষয়টোৰ ওপৰতহে আলোকপাত কৰিম। শিৱৰ জীৱন,শিক্ষা আৰু তেওঁৰ সাফল্যৰ ওপৰত অন্য এটা প্ৰৱন্ধত উল্লেখ কৰিম।


image


আপোনাৰ মাতৃয়ে আপোনাক যেতিয়া University of Medicine and Dentistry of New Jerseyৰ বিজ্ঞানী লেছ মিকেলছনৰ ওছৰলৈ লৈ গৈছিল, যাৰ তত্বাৱধানতেই আপুনি ই-মেইল উদ্ভাৱন কৰা বুলি দাবী কৰে, সেই সময়ত আপুনি আপোনাৰ স্কুলৰ পৰা এক প্ৰকাৰ বহিস্কাৰেই হৈছিল। নহয় জানো ?

হয়, মই তেতিয়া ১৪বছৰ বয়সীয়া।

সেই সময়ত ,মাত্ৰ ১৪বছৰ বয়সত আপোনাৰ মনত বাৰু কি অনুভৱ হৈছিল?

ভাৰতত মোৰ পৰিয়ালটো এটা কৃষকৰ পৰিয়াল। মোৰ আইতাও এগৰাকী কৃষক মহিলা আছিল। মোৰ মা এটা অস্পৃশ্য পৰিয়ালৰ হৈয়ো যথেষ্ট কষ্টেৰে শিক্ষা গ্ৰহণ কৰিছিল।মোৰ দেউতা যুদ্ধক্ষেত্ৰৰ মাজত ডাঙৰ দীঘল হোৱা হেতুকে ১১বছৰ বয়সলৈ পঢ়িব শুনিব পৰা নাছিল। ১৯৭০চনত যেতিয়া আমি আমেৰিকালৈ বসবাসৰ বাবে আহিলো মোৰ ৭বছৰ বয়সত, মই জানিছিলো যে কিবা এটা ভাল কাম কৰিব লাগিব। তেতিয়াৰ পৰাই যেতিয়াই ভাৰতলৈ আহিছিলো নিজকে সৌভাগ্যবান বুলি ভাবিছিলো আৰু অনুভৱ কৰিছিলো যে কিমানজনৰ ত্যাগৰ বিনিময়ত মই এইকণ সুবিধা লাভ কৰিছো। তেতিয়াৰ পৰাই পৃথিৱীখন সলনি কৰাৰ চিন্তাৰে উদ্দুদ্ধ হৈছিলো মই।

ই-মেইল উদ্ভাৱন কৰাৰ চিন্তাটো কৰ পৰা আহিল বাৰু?

১৯৭৮চনৰ পৃথিৱীখন কল্পনা কৰকছোন। কম্পিউটাৰ,স্মাৰ্টফোন,লেপটপ একোৱেই নাই। এজন সাধাৰণ মানুহে কম্পিউটাৰ চলোৱাতো প্ৰায় অসম্ভৱ আছিল। যিসকলে কম্পিউটাৰ চলাইছিল তেওঁলোক হয়তো উচ্চ খাপৰ কাৰিকৰি ব্যক্তি,ব্যৱস্থা বিশ্লেষক অথবা প্ৰগ্ৰেমাৰ আছিল। তেওঁলোকেও কেৱল data processing বাবেহে কম্পিউটাৰ ব্যৱহাৰ কৰিছিল। মোৰ বাবে ই-মেইল এজন কাৰিকৰি ব্যক্তিয়ে আন এজন কাৰিকৰি ব্যক্তিলৈ প্ৰেৰণ কৰা এটা বাৰ্তা মাথো নাছিল। ই আছিল সমগ্ৰ ব্যৱস্খাটোৰ বাবে আৰু এজন অতি সাধাৰণ লোকেও ব্যৱহাৰ কৰিব পৰা মাধ্যম। যাতে তেওঁলোকে টাইপৰাইটাৰৰ পৰা কম্পিউটাৰলৈ আহিবলৈ সক্ষম হয়। যিটোৱে ই-মেইলক যুগান্তকাৰী কৰি তুলিছিল। ষ্টিভ জবছে কম্পিউটাৰ সৃষ্টি কৰাৰ আগত মানুহে নিজৰ কম্পিউটাৰ নিজেই বনাই লব লগীয়া হৈছিল। তেওঁলোকে পৃথকে পৃথকে সামগ্ৰীসমুহ ক্ৰয় কৰি আনি একত্ৰিকৰণেৰে কম্পিউটাৰ সাজি উলিয়াব লগীয়া হৈছিল। সেই সময়তে Mackintosh হৈ পৰিছিল এক যুগান্তকাৰী উদ্ভাৱন। অযুত নিযুত জনতাৰ বাবে সহজসাধ্য হৈ পৰিছিল ই। সেইদৰেই মই উদ্ভাৱন কৰা ই-মেইলেও লক্ষ লক্ষ লোকৰ বাবে কম্পিউটাৰ ব্যৱহাৰযোগ্য কৰি তুলিছিল।

এই চিন্তাক সাকাৰ ৰূপ কিদৰে দিলে?

মূল চিন্তাটো আছিল সৰ্ব-সাধাৰণক যোগাযোগৰ ক্ষেত্ৰত সহায় কৰাটো। কেৱল text messagingক সহজ কৰি তোলাটেৱেই নহয়। আমাৰ প্ৰায় ১০০টামান বিভিন্ন সুবিধা আছিল। মন কৰিব যে, এগৰাকী সহায়িকাই সদায় inbox, outbox, address book আৰু trash folder আদি সকলো সুবিধা পৰীক্ষা কৰে ই-মেইল ব্যৱহাৰৰ সময়ত। এই সকলো সুবিধা ইটোৰ লগত সিটো সংযুক্ত হৈ থাকিব লাগিব। ই-মেইল হৈছে সকলো অংগৰ আন্তসংযোজিত এক ব্যৱস্থা। ই এটা যন্ত্ৰ সৃষ্টি কৰাৰ দৰেই ব্যৱস্থা।

আপোনাৰ বিৰুদ্ধে এটা সচৰাচৰ দেখা অভিযোগ যে আপুনি আপোনাৰ আগৰ প্ৰায় ৬০দশকৰ ৰেই টমলিনচনৰ দৰে লোক বা ARPANETৰ দৰে সংস্থাই কৰি থৈ যোৱা কামৰ ভিত্তিতেই ই-মেইলৰ উদ্ভাৱন কৰিছিল বুলি মানি নলয় বা তেওঁলোকক স্বীকৃতি নিদিয়ে। গতিকে, আপোনাৰ এই ই-মেইল উদ্ভাৱন কিমান মৌলিক আৰু পূৰ্বৰ কোন ধৰণৰ কৰ্মত আপুনি ভিত্তি হিচাপে লৈ ইয়াক উদ্ভাৱন কৰিছিল। ?

আপুনি প্ৰথমতে এইক্ষেত্ৰত কামৰ ৰাজনীতিটো বুজিব লাগিব। ষাঠি আৰু সত্তৰৰ দশকত সামৰিক বাহিনী,ব্যক্তিগত কাৰখানা আৰু শিক্ষাপ্ৰতিষ্ঠান আদি আছিল। সামৰিকৰ ৰণক্ষেত্ৰত তেওঁলোকে Point A ৰ পৰা Point Bলৈ সৈনিকসকলক বাৰ্তা প্ৰেৰণ কৰাৰ চেষ্টা কৰিছিল। ১৯৭৮চনত মাত্ৰ ১৪বছৰ বয়সত কাৰিকৰি বিদ্যাৰ সৈতে মোৰ কোনো সম্পৰ্ক নাছিল। ই-মেইলৰ বাবে কোনো ব্যৱস্থা আমাৰ নাছিল অথবা ইন্টাৰনেটৰ প্ৰয়োজনো বিশেষ নাছিল। মই আৰম্ভ কৰা প্ৰথম ই-মেইল ব্যৱস্থাৰ পৰা ১৯৯৩চন মানলৈকে ইন্টাৰনেটৰ ব্যৱহাৰ হোৱা নাছিল। local area networksৰ সহায়েৰে মেইল প্ৰেৰণৰ ব্যৱস্থা আছিল তেতিয়া। সামৰিক বাহিনীয়ে বিচাৰিছিল যে বিশ্বই সেনাৰ প্ৰয়োজনীয়তা অনুভৱ কৰক। সেইবাবেই সেনা চাউনীসমুহত কাৰিকৰি ব্যৱস্থা গঢি তোলা হৈছিল। কাৰণ আছিল সেইসময়ৰ ৰাষ্ট্ৰীয় ক্ৰোধ। সাধাৰণ ৰাইজক বুজাব চেষ্টা কৰা হৈছিল যে ৰাইজৰ কৰ প্ৰতিৰক্ষা বিভাগক শক্তিশালী কৰি গঢ়ি তোলাত ব্যৱহাৰ হয় আৰু প্ৰতিৰক্ষা দপ্তৰে নিজৰ কামকাজ বা গৱেষণা কৰি উঠি মাজে মাজে সাধাৰণ ৰাইজলৈ GPS সেৱা, Velcro বা ই-মেইল প্ৰেৰণৰ সুবিধা আগবঢ়ায়। সামৰিক বাহিনীৰ নামত কৰা খৰচৰ মূল্য প্ৰদানৰ ইও এটা উপায় আছিল। ১৯৭৮চনত মই ইয়াৰ এটাও সেৱা গ্ৰহণ কৰা নাছিলো। মোৰ প্ৰয়োজনো নাছিল। ফিল ফাৰ্নতৱৰ্থ নামৰ ইডাহোৰ এটি ১৪বছৰীয়া কিশোৰে টিভিৰ উদ্ভাৱন কৰিছিল।তেওঁকো একেধৰণে আক্ৰমণ কৰা হৈছিল। আমাৰ মতে ই তথ্য সলনিৰ এক প্ৰয়াস । আমাৰ মতে ভাৰত বা ইডাহোৰ দৰে ঠাইৰ ১৪বছৰীয়া কিশোৰে জীৱন সলনি কৰি দিব পৰা বস্তু উলিয়াব পাৰে । সেনাৰ ওপৰত অযুত নিযুত ধন খৰচ কৰাৰ প্ৰয়োজনীয়তা নাই। সেনা বাহিনীয়ে বিশ্বাস জন্মাবলৈ চেষ্টা কৰিছিল যে তেওঁলোক হৈছে মহান আৰু সেইবাবেই তেওঁলোকৰ ওপৰত ধন ব্যয় কৰিব লাগে। তেওঁলোকৰ মতে কেৱল শ্বেতাংগ এজনেহে কিবা আৱিস্কাৰ বা উদ্ভাৱন কৰিব পাৰে। নিউজাৰ্ছীৰ এজন ক'লা বৰণৰ কিশোৰে ই-মেইল উদ্ভাৱন কৰা বুলি কোৱাটো তেওঁলোকৰ বাবে এক বিস্ফোৰণসদৃশ। সেইবাবেই ইন্টাৰনেটৰ পৰা তেওঁলোকে প্ৰৱন্ধসমূহ আতঁৰাই দিয়ে। আপুনি মোৰ Wikipedia pageটো চাওক,তাত লিখা আছে মোৰ কৰ্ম আৰু সাফল্য সন্দৰ্ভত পূৰ্বে প্ৰকাশিত বিভিন্ন প্ৰৱন্ধৰ তালিকা। মোৰ জীৱনৰ ৪০টা বছৰেই মই এজন বিজ্ঞানী আৰু উদ্ভাৱক। তেওঁলোকৰ এই প্ৰয়াস মোৰ কৰ্মৰ প্ৰকৃত তথ্য ধ্বংসৰ প্ৰয়াসেই নহয়,মোকো ধ্বংসৰ প্ৰয়াস।

ই-মেইলৰ উদ্ভাৱন হৈছিল বিভিন্নজনৰ সহযোগীতাত। সেনাৰ সহায়ত নহয়। কেইগৰাকীমান কৃতি শিক্ষক,মোৰ পিতৃ-মাতৃ,মিখাইলছন আৰু এটা সৰু পৰিবেশৰ সহযোগ আছিল ইয়াৰ আঁৰত। ই আছিল যুগান্তকাৰী। যদিহে মানুহে জানিলেহেতেন যে ই-মেইল আৰু টিভি ১৪ বছৰীয়া কোনো কিশোৰে উদ্ভাৱন কৰিছে তেনেহলে তেওঁলোকে অনুধাৱন কৰিব পাৰিলেহেতেন যে সেনাবাহিনীৰ নামত ইমান বুজন পৰিমানৰ ধন ব্যয় কৰাৰ কোনো প্ৰয়োজন নাই। এই কথাটোৱেই তেওঁলোকে ভয় খায়।

হাফিংটন পোষ্টে ই-মেইল উদ্ভাৱনৰ ওপৰত প্ৰচলিত বহু কথিত-কাহিনীৰ ওপৰত ভিত্তি কৰি এক প্ৰৱন্ধ প্ৰকাশ কৰিছিল, যিটো বৰ্তমান আঁতৰাই দিয়া হৈছে। তেনেকুৱা ধৰণৰ কথিত-কাহিনী আদিৰ এক খতিয়ান আপোনাৰ পৰা পামনে?

প্ৰথম কথিত আখ্যানটো হৈছে যে ই-মেইল উদ্ভাৱন কৰিছিল ARPANETএ। এয়া সম্পূৰ্ণৰূপে মিছা। তেওঁলোকে আৰম্ভ কৰিছিল কেৱল electronic text messaging। ARPANETএ টেলিগ্ৰাফৰ সহায়ত সমৰক্ষেত্ৰৰ যোগাযোগ ব্যৱস্থাৰ ওপৰত কাম কৰিছিল। আনকি ডেভিড ক্ৰকাৰে নিজেই ১৯৯৭ চনৰ ডিচেম্বৰত এটা প্ৰৱন্ধত লিখিছিল,“ আন্ত:সংস্থা মেইল ব্যৱস্থাৰ ক্ষেত্ৰত কোনো ধৰণৰ পূৰ্ণ-ৰূপ প্ৰচেষ্টা কৰা হোৱা নাছিল”।

দ্বিতীয় আখ্যানটো হৈছে ৰে টমলিছনে ই-মেইল উদ্ভাৱন কৰি তেওঁ প্ৰথমটো মেইল প্ৰেৰণ কৰিছিল। ৰে টমলিছনে কেতিয়াও ৫০হাজাৰ লাইন কোড লিখা নাছিল। হয়তো তেওঁ ১৫-২০ লাইন কোডহে লিখিছিল। তেওঁ এটা পুৰনি program সালসলনি কৰি ‘@’চিহ্নটো দুটা কম্পিউটাৰৰ চিনাক্তকৰণত ব্যৱহাৰ কৰিছিল। সেয়া ই-মেইল হ'ব নোৱাৰে। তাত কোনো inbox outbox folder নাছিল। কিন্তু BBN আৰু Raytheonএ মোৰ কামখিনিক নস্যাৎ কৰিবলৈ এক বিশাল গণসংযোগ প্ৰচাৰ আৰম্ভ কৰিছিল। তেওঁলোকে নিজৰ ব্ৰেণ্ডক স্বীকৃতি দিব বিচাৰিছিল। ই-মেইলৰ উদ্ভাৱক হিচাপে তেওঁলোকৰ প্ৰতিস্থাই তেওঁলোকক দিব নিৰাপত্তা যোগাযোগৰ ক্ষেত্ৰত অযুত-নিযুত ধন আহৰণৰ পথ। 

আনহাতে Gizmodo আৰু Techdirtত প্ৰচাৰিত কিছু বৰ্ণবৈষম্যবাদী প্ৰৱন্ধই RFC বোৰকে ই-মেইল হিচাপে স্বীকৃতি দিছিল। কিন্তু RFC বোৰ আচলতে meeting notes হে। সেই সময়ত কিছুমান বৈঠক হৈছিল য'ত বৈঠকত অংশগ্ৰহণকাৰীসকলে কিছুমান meeting notesলিখিছিল আৰু সেয়া বৈঠকৰ লগত জড়িত সকলোলৈ প্ৰেৰণ কৰিছিল। এই RFCবোৰ কম্পিউটাৰ প্ৰোগ্ৰেম নাছিল।

এই ক্ষেত্ৰত আন এটা দাবী আছিল যে CTSSবোৰ আছিল ই-মেইল। CTSSহৈছে MITত আৰম্ভ হোৱা প্ৰাৰম্ভিক সময়ৰ blog বা wall postব্যৱস্থা। তেওঁলোকে ইয়াক এইকাৰণেই ই-মেইল বুলিছিল, কাৰণ ইয়াত একোটা file আছিল আৰু আনৰ postৰ সৈতে সংলগ্ন কৰিব পৰা গৈছিল। ইয়ো ই-মেইল নাছিল। মোৰ মতে ই-মেইলৰ সংজ্ঞা হৈছে inbox, outbox, foldersআদি অংগৰ মাজত আন্ত:সম্পৰ্ক কৰিব পৰা এটা ব্যৱস্থা।

২০১২চনত ৱাছিংটন পোষ্টে স্মিথচোনিয়ানত আপোনাৰ কামৰ স্বীকৃতিৰে আপোনাক সন্মানিত কৰা বুলি এক প্ৰৱন্ধ বা বাতৰি প্ৰকাশ কৰাৰ পিছতেই বদনাম আৰু কুসা ৰটনাৰ এই সম্প্ৰপাত আৰম্ভ হল আৰু ই শিখৰ লাভ কৰিলে। এই সম্পৰ্কত অলপ বহলাই কব নেকি ?

সকলোৱে বিশ্ব আটাইতকৈ দুৰ্নীতিগ্ৰস্থ দেশ হিচাপে ভাৰতক বাক্যবাণেৰে আক্ৰমণ কৰে। কিন্তু ভাৰতত আমেৰিকান দুৰ্নীতি নাই । ইয়াত দুৰ্নীতি অতি গভীৰতাৰে অতি সংঘবদ্ধভাবে আৰু বিলাসবহুল আভিজাত্যৰে কৰা হয়।

Washington Postত এগৰাকী কৃষ্ণাংগ মহিলা সাংবাদিকে এই সম্পৰ্কত এটা প্ৰৱন্ধ লিখিছিল। লেখাটো প্ৰকাশ হোৱাৰ এটা ঘন্টাৰ পিছতে তেওঁ নানা ককৰ্থনাৰ সমূখীন হৈছিল। তেওঁ মোক ফোন কৰি কৈছিল যে সম্পাদকে মোক মোৰ বিৰুদ্ধে কুৎসা ৰটা দুজন ব্যক্তিৰ বিৰুদ্ধে লিখিবলৈ কৈছিল। তাৰে এজন হ'ল Raytheonৰ আশীৰ্বাদপুষ্ট ইতিহাসবিদ । তাৰ পিছত Noam Chomskyৰ সৈতে মই এই লেখাটো লিখিবলৈ সিদ্ধান্ত ললো।

অৱশেষত যেতিয়া তেওঁলোকে প্ৰৱন্ধটো প্ৰকাশ কৰিলে,তেওঁলোকে কেৱল David Crockerৰ কথাটোহে উল্লেখ কৰিলে। কিন্তু তেওঁলোকে অস্বীকাৰ নকৰিলে যে মই ই-মেইল উদ্ভাৱন কৰিছিলো। তেওঁলোকে প্ৰকাশ কৰিলে যে মোৰ উদ্ভাৱনৰ পূৰ্বেই ইলেকট্ৰনিক মেছেজ ব্যৱস্থাৰ অস্তিত্ব আছিল। মই কেতিয়াও কোৱা নাই যে মই ইলেকট্ৰনিক মেছেজিঙ ব্যৱস্থাৰ উদ্ভাৱন কৰিছো। ইয়াৰ অস্তিত্ব Morse codeৰ আগৰপৰাই আছিল। কিন্তু ই-মেইলৰ সৃষ্টি কৰিছো মই।

Washington Postত এই লেখাটো ৭দিনলৈ প্ৰকাশ হৈ থকাৰ পিছত তেওঁলোকে ইন্টাৰনেট হল অৱ ফেম সৃষ্টি কৰি ৰে টমলিছনক ই-মেইল উদ্ভাৱনৰ বাবে পুৰস্কৃত কৰিলে। গতিকে ইয়াত ব্যৱস্থাবোৰ এনেকৈয়ে চলে।

এই ঘোষণাৰ পিছতেই Raytheonৰ ষ্টক ১ডলাৰ উন্নীত হল। লগে লগেই মোৰ বিৰুদ্ধে এক ঘৃণাৰ বাতাবৰণ সৃষ্টি কৰি দিয়া হ'ল। এটা ব্লগত লিখা হল, “This curry stained Indian should be beaten and hanged.”(‘আঞ্জা-আচাৰত লেতি লৈ থকা এই ভাৰতীয়টোক পিটি পিটি ফাঁচী দিব লাগে’) । এজন ভাৰতীয় software coding দক্ষ হব পাৰে Microsoftৰ অধ্যক্ষ হব পাৰে, কিন্তু তেওঁলোকৰ মতে এজন উদ্ভাৱক হব নোৱাৰে। মোক এজন প্ৰৱঞ্চক হিচাপে চিহ্নিত কৰা হল। আনকি Wikipediaত মোক এজন দগাবাজ, প্ৰৱঞ্চক আৰু মিছলীয়া আখ্যা দিয়া হল।


image


১৯৮২চনত যেতিয়া আপুনি ই-মেইলক পেটেন্ট কৰিছিল, সেই সময়ত পেটেন্ট আৰু কপিৰাইটৰ মাজত কিছু পাৰ্থক্য আছিল। ১৪ বছৰ পিছত, ১৯৯৬চনত তাৰ ম্যাদ ওকলাৰ পিছত কিয় পুনৰ নবীকৰণ নকৰিলে আপুনি?

১৯৮০চনত software স্বত্বৰ ক্ষেত্ৰত কপিৰাইট আইনৰ ব্যৱস্থা কৰা হল। ১৯৮১ চনত মোৰ বয়স ১৬ আৰু মই এইবোৰ জটিলতা আৰু ৰাজনীতি বুজা নাছিলো। মোৰ অধিবক্তাৰ সহায় লোৱাৰ সামৰ্থ্য নাছিল আৰু সকলো কাগজী কাম-কাজ মই নিজেই কৰিছিলো। ১৯৯০চনৰ আৰম্ভণী মানৰ পৰাহে উচ্চতম ন্যায়ালয়ে software পেটেন্টক স্বীকৃতি দিবলৈ আৰম্ভ কৰিছিল। মোৰ হাতত তেতিয়া মোৰ পেটেন্টৰ বাবে কোনো ফাইল নাছিল কাৰণ আপুনি ইতিমধ্যে প্ৰচাৰিত কোনো কথা পেটেন্ট কৰিব নোৱাৰে।

এই পেটেন্টৰ সমস্যাটোৰ বাবেই সমগ্ৰ বিষয়টোত আপুনি লোকচানৰ সমুখীন হল বুলি ভাবেনে ?

কেৱল স্বেতাংগ উদ্ভাৱকসকল ওপৰত ৰচনা কৰা ৱল্টাৰ আইজাকছনৰ নতুন গ্ৰন্থ ‘Innovators’ত লিখিছে যে যেতিয়া চৰকাৰ, সামৰিক বাহিনী আৰু শিক্ষা বিভাগে একেলগে কাম কৰে ,তেতিয়াহে এটা প্ৰকৃত উদ্ভাৱন সম্ভৱ হয়। তেওঁৰ মতে উদ্ভাৱনৰ আটাইতকৈ ডাঙৰ উদ্দেশ্য হৈছে লাভ। উদ্ভাৱন উদ্দেশ্য কেৱল ধন আহৰণ বুলি কোৱা কথাটো সম্পূৰ্ণৰূপে নিৰ্লজ্জ। এইটো হৈছে ক্ষমতাসীন লোকসকলে সাধাৰণ ৰাইজক বিপথে পৰিচালিত কৰিবলৈ লোৱা এক পন্থা। আজি মোৰ সংগ্ৰামখন কোনে ই-মেইল উদ্ভাৱন কৰিছিল সেই কথাটোক লৈ নহয়। এইক্ষেত্ৰত আচল সত্যটো ইতিমধ্যে জলজল পটপট হৈ আছে আৰু আপোনাৰ পাঠকসকলে নিশ্চয় নুবুজাকৈ নাই। মই মাথো দুটা কথাহে ভাবোঁ, উদ্ভাৱন আৰু উদ্ভাৱন জৰিয়তে মানৱ সমাজৰ উত্তৰণ।

মূল- ৰাখী চক্ৰবৰ্তী

অনুবাদ- প্ৰাঞ্জল শৰ্মা