হাত-ভৰি নথকা নিক ভুয়িচিক এজন সফল আৰু সুখী ব্যক্তি

0

৩৩ বছৰীয়া নিক ভুয়িচিক জন্ম হৈছিল এক বিৰল ৰোগৰ সৈতে । ফকমেলিয়া নামৰ এই ৰোগবিধৰ ফলত তেওঁৰ হাত ভৰি একোৱেই  নাছিল জন্মৰ সময়ত । অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত জন্ম হোৱা নিক শাৰীৰিক আৰু মানসিকভাৱে যথেষ্ট সমস্যাৰ সন্মূখিন হৈছিল । সমনীয়াৰ ঠাট্টা মস্কৰাৰ সন্মুখিন হৈ দহ বছৰ বয়সতে আত্মহত্যাৰ চেষ্টা চলাইছিল তেওঁ । 

Image : BBC
Image : BBC

অৱশেষত তেওঁ নিজৰ বিশেষ শাৰীৰিক অৱস্থাৰ সৈতে নিজকে খাপ খুৱাবলৈ শিকিলে । শৰীৰিক অক্ষমতাৰ সৈতে জীয়াই থাকিবলৈ আৰু জীৱনৰ অৰ্থ বিচাৰি পাবলৈ আনকে সহায় কৰাৰ ক্ষেত্ৰত উদ্যোগ লবলৈ ধৰিলে নিকে । বৰ্তমান তেওঁ বিশ্বৰ বিভিন্ন ঠাইত বিশাল জনসমাবেশসমূহত ভাষণ দিয়ে । এতিয়ালৈকে ৫৭ খনতকৈও অধিক দেশ আৰু তিনি হাজাৰতকৈও অধিক বক্তৃতা দিছে । এনে কিছুমান বক্তৃতাত ১১০,০০০ পৰ্যন্ত শ্ৰোতাক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে তেওঁ । 

নিকে লাইফ উইদাউত লিম্বছ নামৰ এটা আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংস্থা গঠন কৰিছে । ইয়াৰ দ্বাৰা তেওঁ শাৰীৰিকভাৱে অক্ষম লোকৰ বিৰুদ্ধে আগ্ৰাসনৰ বিৰুদ্ধে জনমত গঠন কৰাৰ চেষ্টা কৰে । প্ৰাণৱন্ত নিকে ছৱি আঁকি, সাঁতুৰি, স্কাইডাইভ কৰি আৰু ছাৰ্ফিং কৰি ভাল পায় । লাভ উইডাউত লিমিটছ নামৰ তেওঁৰ আত্মজীৱনীখন এখন আন্তঃৰাষ্ট্ৰীয় বেষ্টছেলাৰ । পত্নী কেনী মিয়াহাৰা আৰু দুটি সন্তানৰ সৈতে তেওঁৰ এখন সুখৰ সংসাৰ । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

হুইল চেয়াৰৰপৰা ৰেম্পৱাক আৰু বিশ্বৰেকৰ্ডলৈ ৰুচিকা শৰ্মাৰ যাত্ৰা

দৰিদ্ৰ শ্ৰমিকৰ পৰা আমেৰিকান প্ৰযুক্তি কোম্পানীৰ মুখ্য কাৰ্যবাহী হোৱা এগৰাকী অসাধাৰণ নাৰীৰ অদম্য সাহসৰ কাহিনী

'কাজু কিং' ৰাজমোহন পিল্লাইৰ উপন্যাসোপম সংঘৰ্ষৰ কাহিনী

দৈনিক ৮ কি:মি: পাহাৰ বগাই এখন স্কুল জীয়াই ৰাখিছে এজন শিক্ষকে