বিনিয়োগৰ অনুকুল পৰিবেশ গঢ়ি তোলাত সফল কৰ্ণাটক

বিনিয়োগৰ অনুকুল পৰিবেশ গঢ়ি তোলাত সফল কৰ্ণাটক

Friday February 05, 2016,

3 min Read

বছৰটো আৰম্ভ হল কৰ্ণাটকৰ ওপৰত এক ডাঙৰ দায়িত্বৰে। ৩ফেব্ৰুৱাৰীত ইনভেষ্টমেন্ট কৰ্ণাটকা ২০১৬ৰ উদ্বোধনীৰ দিনা কিছু গুৰুত্বপূৰ্ণ বিনিয়োগ আৰু প্ৰজেক্টেৰে ৰাজ্যখনে ডেউকা মেলি উৰাৰ পৰিকল্পনা কৰিলে। তিনি দিনৰ গ্লোবেল ইনভেষ্টমেন্ট মিটৰ পৰাই নিজৰ শ্লোগান “where the future is made” ক কামত খটুৱাই ১,০০,০০০কোটি টকাৰ বিনিয়োগ আহৰণৰ পৰিকল্পনা কৰিছে কৰ্ণাটকে।


image


• প্রথম দিনটোত ঘোষিত কিছু গুৰুত্বপূর্ণ বিনিয়োগ তুলি ধৰা হল-

• টেলিকম, বস্ত্ৰ আৰু ৰিটেইল ব্যবসায়ী আদিত্য বিৰলা গ্রুপে আৰু ২০০০ কোটি টকা বিনিয়োগ কৰিব।

• বাঙ্গালুৰুত এৰ'স্পেচ প্রযুক্তি আৰু উদ্ভাবনৰ কেন্দ্র ধীৰুভাই আম্বানি চেন্টাৰ গঢ়ি তুলিব

• বিদ্যুৎ প্রকল্পত ১১,৫০০ কোটি টকা বিনিয়োগ কৰিব আদানি গ্রুপে

• আগন্তুক তিনি চাৰি বছৰত জে এচ ডব্লিউ এ ৩৫,০০০ কোটি টকা বিনিয়োগৰ প্রতিশ্রুতি দিছে।

• ২০১৬ত কৰ্ণাটকত ১০০০ কোটিৰ বিনিয়োগৰ পৰিকল্পনা কৰিছে ৰবার্ট বচে।

• হুবলিত ইনফোছিচে তেওঁলোকৰ চতুর্থ ডেভেলপমেন্ট ছেন্টাৰ গঢ়াৰ ঘোষণা কৰিছে।

• উইপ্র'ই তথ্য-প্রযুক্তি ব্যবসায়ত কৰ্ণাটকত আৰু অধিক ২৫০০০ কর্মী নিয়োগৰ পৰিকল্পনা কৰিছে।

• কেন্দ্রীয় পথ পৰিবহন মন্ত্ৰালয়ে কৰ্ণাটকত আৰু অধিক ৪০০০ কিলোমিটাৰ পথ নিৰ্মাণ কৰিব। ২০১৬ৰ ডিচেম্বৰৰ আগতেই পথ সংস্কাৰৰ বাবে এই মন্ত্রালয়ে ৬০০০০ কোটি টকা বিনিয়োগৰ ঘোষণা কৰিছে।

• ২০১৭ত ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়নত আৰু অতিৰিক্ত ৪০০০০ কোটি টকা আৰু বন্দৰৰ উন্নয়নত ২০০ কোটি টকা বিনিয়োগ হব।

• ৰাজ্য চৰকাৰে কৰ্ণাটকত নেশ্বনেল ইনষ্টিটিউট অব ফার্মাচিউটিকেল এডুকেশ্বন এন্ড ৰিছার্চ চেন্টাৰৰ প্রস্তাব ৰাখিছে।

• উত্তৰ কৰ্ণাটকত ১০৩ মিলিয়ন টনৰ ইউৰিয়া প্লেন্ট আৰু বাঙ্গালুৰুৰ চেন্ট্রেল ইনষ্টিটিউট অব প্লাস্টিক ইঞ্জিনিয়াৰিং এন্ড টেকনলজিৰ ৰিছার্চ এন্ড ডেভেলপমেন্ট চেন্টাৰ কৰাৰ পৰিকল্পনা কৰিছ।

'উদ্যোগ গঢ়া অথবা মৰা'- এম বিশ্বেশ্বৰায়াৰ কথাৰ আঁত ধৰি কৰ্ণাটকৰ শিল্পমন্ত্রী আৰ ভি দেশপাণ্ডেই কলে, এইটোৱেই একমাত্র শ্লোগান, যাক অনুসৰণ কৰি ৰাজ্যই কাম কৰি গৈছে। বিনিয়োগকাৰীৰ প্রতি তেওঁ আহবান জনাই কয়, ‘আবিষ্কাৰ কৰক, কৰ্মত অভিনবত্ব আনক আৰু কৰ্ণাটকত বিনিয়োগ কৰক’। কাৰন ‘ভবিষ্যৎে ইয়াতেই হব, সেয়েই এতিয়াই হওক’।


image


ইনভেষ্ট কৰ্ণাটকা মিটৰ প্ৰাকক্ষণত মুখ্যমন্ত্রী সিদ্দাৰামাইয়াই কয়, ৰাজ্যৰ উদ্যোগনীতিৰ লক্ষ্য ২০১৪-১৯চনত বার্ষিক ১২ শতাংশ বৃদ্ধি আৰু ৫ লাখ কোটি টকা বিনিয়োগ আহৰণ। ইয়াৰ লগতে আগন্তুক ৫ বছৰত ১৫ লাখ মানুহৰ কর্মসংস্থান নিশ্চিত কৰাৰ লক্ষ্যও আছে। তেওঁৰ তথ্য অনুযায়ী, ‘বিগত ২ বছৰ আৰু চাৰিটা প্রজেক্ট অনুমোদন কৰিছো। যাৰ ফলস্বৰূপে ১.২১ লক্ষ কোটি টকা বিনিয়োগ আহিছে তথা ২.৪৪ লক্ষ মানুহৰ কৰ্মসংস্থান নিশ্চিত হৈছে। কিন্তু আৰু অধিক কৰিবলগীয়া বাকী আছে।'

ইভেন্টটো কেইবাগৰাকীও বিয়াগোম উদ্যোগপতি, ইন্ডাষ্ট্ৰিয়েল হেড, বিদেশী অতিথি তথা ৰাজনীতিবিদৰ উপস্থিতিত, কেন্দ্রীয় বিত্তমন্ত্রী অৰুণ জেটলিৰ দ্বাৰা উদ্ভোধন হোৱা কাৰ্যই প্ৰতিয়মান কৰিছে যে এই ৰাজ্যখনে দেশৰ অর্থনৈতিক উন্নয়ন তথা ব্যবসায়ৰ সম্ভাবনাৰ পৰা লাভবান হোৱাৰ চেষ্টাত কোনো ত্রুটি কৰা নাই।

ৰাজ্যখনত উৎপাদিত জেছমিন ফুলৰ সুগন্ধ যেন বহুদুৰ বিয়পি গৈছে। ইয়েই হৈছে একমাত্র উদ্যানপালন পণ্য সামগ্ৰী যাৰ ব্যবসায়িক সম্ভাবনা উজ্জ্বল।

কৰ্ণাটকত বিনিয়োগৰ ১০টা কাৰণ উল্লেখ কৰি ৰাজ্য চৰকাৰে বুজাবলৈ যত্ন কৰিছে যে ৰাজধানী বাঙ্গালুৰুত কামৰ বাবে এক উৎকৃষ্ট পৰিবেশ আছে। যাৰ প্রতিধ্বনি শুনা গৈছে ইভেন্টৰ প্রতিজন বক্তাৰ মুখে মুখে।


image


প্রথমে BEML ৰ দৰে বৰ বৰ প্ৰতিস্থান তথা ইন্ডিয়ান ইনষ্টিটিউট অব চায়েন্সৰ দৰে উচ্চশিক্ষা কেন্দ্রই বর্তমান তথ্যপ্রযুক্তি আৰু ষ্টার্টআপৰ জগতখন নিজৰ অধীনলৈ আনি এটা ধাৰা নিৰ্মাণ কৰি লৈছে । তদুপৰি এটা কথা মানিবই লাগিব যে ৰাজ্যখনৰ ৰাজধানীয়ে উদ্যোগ অনুকূল পৰিবেশ বৃদ্ধিৰ ক্ষেত্ৰত অনুঘটক হিচাপে কাম কৰি আহিছে। নাৰায়ণমূর্তি বা আজিম প্রেমজীৰ দৰে উদ্যোগীসকলে সতর্ক কৰি দিছে যে, চহৰখনক বাসযোগ্য কৰি তুলিবলৈ আন্তঃগাঁঠনিত এক জোৱাৰ আনিব লাগিব।


image


তিনিদিনৰ এই ইভেন্টটোৰ ওপৰত চকু দিলেই সমগ্ৰ ৰাজ্যখনৰ ছবিখন পৰিষ্কাৰ হৈ যায়। কৃষিৰ পৰা বিদ্যুৎ, বায়'টেক, পর্যটন, এৰোস্পেচ, তথ্য-প্রযুক্তি সহ ২২টা খণ্ডৰ উন্নয়নমূলক কামকাজ তুলি ধৰা হৈছে এই ইভেন্টটোত।

মূল লেখাঃ দিপ্তী নায়াৰ

বাংলা অনুবাদঃতিয়াসা বিশ্বাস

অসমীয়া অনুবাদঃ প্ৰাঞ্জল শৰ্মা


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


এইধৰণৰ অন্যান্য কাহিনী

ইনভেষ্ট কৰ্ণাটকা ২০১৬- এক যুগান্তকাৰী পদক্ষেপ

আপুনি ‘ষ্টাৰ্টআপ এক্সন প্লেন’ৰ আচঁনিৰ বাবে অৰ্হতা সম্পন্ন হয়নে?

কলাৰ স্নাতকসকলে কিয় ষ্টাৰ্ট-আপ আৰম্ভ কৰিব লাগে

আপোনাৰ ষ্টাৰ্ট আপৰ বিজ্ঞাপনৰ বাবে ৬টা ফলপ্ৰসূ উপায়।