আপোনাৰ ষ্টাৰ্ট আপৰ বিজ্ঞাপনৰ বাবে ৬টা ফলপ্ৰসূ উপায়।

আপোনাৰ ষ্টাৰ্ট আপৰ বিজ্ঞাপনৰ বাবে ৬টা ফলপ্ৰসূ উপায়।

Thursday November 19, 2015,

4 min Read

চিঞৰবিহীনভাবেই আপোনাৰ কন্ঠ বিয়পাওক; অদৃশ্য হৈয়ো সকলোতে দৃশ্যমান হওক। তথাকথিত বিজ্ঞাপনতকৈ ব্ৰেণ্ডিং বহু ওপৰত। ব্ৰেণ্ডিং হৈছে আস্থাৰ স্বীকৃতি আৰু স্থায়িত্বৰ প্ৰতীক। কিন্তু কেনেকৈ? জানো আহক।

image


আজিৰ সময়ত আপোনাৰ ষ্টাৰ্ট আপৰ স্থায়িত্ব নিৰ্ভৰ কৰিব ব্ৰেণ্ডিঙৰ ওপৰত।

বিজ্ঞাপন ফলপ্ৰসূ হয়। কিন্তু বিজ্ঞাপনত কৰা ব্যয়ৰ ভিত্তিত কিমান উপাৰ্জন আপুনি পাইছে,সেই কথা যদি আপুনি অনুমান কৰিব পৰা নাই,তেনেহলে আপুনি আপোনাৰ সময়,পৰিশ্ৰম আৰু ধন অবাবত নষ্ট কৰি আছে। এই প্ৰৱন্ধটোত কম বাজেটৰ বিজ্ঞাপন আৰু বিপণনেৰে আপুনি কিদৰে আপোনাৰ ষ্টাৰ্ট আপৰ অপ্ৰয়োজনীয় ব্যয় নিয়ন্ত্ৰণ কৰিব পাৰিব তাত আলোকপাত কৰাৰ চেষ্টা কৰা হৈছে।

প্ৰেছ বিজ্ঞপ্তি:

দৃষ্টিনন্দন, তথ্যসমৃদ্ধ প্ৰেছ বিজ্ঞপ্তিয়ে টেলিভিছন চেনেল,বাতৰি কাকত আৰু আলোচনীত এক স্থান পাব আৰু আপোনাৰ কোম্পেনীক এক সুকীয়া প্ৰচাৰ দিব।

প্ৰথমতে, নিৰ্ণয় কৰক আপোনাৰ ব্যৱসায় আৰু আপোনাৰ সম্পৰ্কত বাতৰিত স্থান লাভ কৰিব পৰাকৈ কি উপাদান আছে। আপোনাৰ ব্যৱসায়ত সময়োপযোগী,নাটকীয়,পাঠকৰ বাবে মনোগ্ৰাহী আৰু সৰ্বসাধাৰণক উপকৃত কৰিব পৰা কোনো তথ্য আছেনে ? এই সকলো উপাদান থকা এটা বিষয় প্ৰস্তুত কৰি তোলক। সেয়া হয়তো এনেকুৱাও হব পৰে যে আপোনাৰ ব্যৱসায়ে আপোনাৰ চহৰত কমেও ৬জন লোকক সংস্থাপন দিছে, অথবা আপোনাৰ ব্যৱসায়ে সাধাৰণ লোকৰ সময় আৰু ধনৰ অপচয় ৰোধ কৰাত সহায় কৰিছে।

“কেতিয়াও ভাবি নলব যে কোনটো ব্ৰেণ্ডে ব্যৱসায়িক জগতখনত নেতৃত্ব দিছে,সেই কথা সাধাৰণ লোকে জানে। কাৰণ ই হৈছে ব্যৰ্থতাৰ প্ৰথম খোজ”

তাৰ পিছত আপোনাৰ বাবে উৎকৃষ্ট প্ৰচাৰ মাধ্যমটো নিৰ্বাচন কৰক। কোনখন বাতৰি কাকত বা আলোচনীয়ে আপোনাৰ বিজ্ঞাপনক গুৰুত্বসকৃহকাৰে ল’ব। হয়তো স্থানীয় দৈনিক কাকতখনৰ পাঠকৰ মাজত সৰহসংখ্যকেই উচ্চ খাপৰ বিনিয়োগ কৰ্তা। তেতিয়াহলে তেওঁলোকে আপোনাৰ সৰু ব্যৱসায়ত গুৰুত্ব নিদিবও পাৰে। তাৰ পৰিবৰ্তে একেই প্ৰেছ বিজ্ঞপ্তি কোনো এখন মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনীখনত প্ৰচাৰ কৰিলে বেছি লাভ হ’ব পাৰে।

“মূল কথা হল আপুনি নিৰ্বাচন কৰা প্ৰচাৰ মাধ্যমটোৱে আপোনাৰ নিৰ্ধাৰিত পাঠকৰ কাষলৈ আপোনাৰ প্ৰচাৰটোক লৈ যাব লাগিব”।

প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা বিজ্ঞপ্তি পত্ৰ বা বেনাৰখনৰ শীৰ্ষক আকৰ্ষণীয়ভাবে প্ৰস্তুত কৰক। পত্ৰখনৰ ওপৰতে লিখা থাকিব আপোনাৰ কোম্পেনীৰ নাম,ঠিকনা,যোগাযোগ নম্বৰ,যোগাযোগ আৰু যিকোনো তথ্যৰ বাবে নিয়োজিত কৰি ৰখা ব্যক্তিৰ নম্বৰ আৰু তাৰিখ।

“ব্ৰেণ্ড নিৰ্মান কৰে কম্পেনীয়ে,কিন্তু জীয়াই ৰাখে গ্ৰাহকে”

অনলাইন ফ’ৰাম:

image


আপোনাৰ গ্ৰাহকৰ অনলাইন ফ’ৰাম নিৰ্বাচন কৰি লওক। উদাহৰণ স্বৰূপে, যদি আপুনি এথলেটিক জোতা নিৰ্মাণ কোম্পেনী,তেনেহ’লে আপোনাৰ উৎপাদিত সামগ্ৰীৰ প্ৰতিটো তথ্য প্ৰচাৰ কৰিবলৈ নিৰ্দিষ্ট এক অনলাইন মাধ্যম নিৰ্বাচন কৰি লওক। সেয়া হয়তো স্থানীয় স্কুল-কলেজসমুহৰ খেল বিভাগৰ ছোচিয়েল নেটৱৰ্কিং চাইটৰ পোজটোও হ’ব পাৰে। এই ব্যৱস্থাই আপোনাক আপোনাৰ নিজৰ স্থানীয় গ্ৰাহকৰ মাজত সহজতে পৰিচয় কৰাই দিব। যদিহে আপুনি দেশজুৰি ব্যৱসায় নকৰে,তেনেহলে আইপিএলৰ পেজৰ দৰে ডাঙৰ মাধ্যম আপোনাৰ বাবে অসাৰ।

“নিৰৱচ্ছিন্নভাবে প্ৰচাৰ কৰক কিন্তু সদায় একেটা প্ৰচাৰেই নকৰিব। আপোনাৰ তথ্যত বিবিধতা আনিবলৈ যত্ন কৰক। যদি আপুনি আপোনাৰ প্ৰচাৰত তথ্যগত উপাদানৰ সমাহাৰ ঘটাবলৈ সক্ষম হয় তেনেহলে ই আপোনাক গ্ৰাহকৰ মন আৰু বিশ্বাস জয় কৰাত সহায় কৰিব”।

ব্যৱসায়িক সহযোগী:

একেধৰণৰ গ্ৰাহকৰ লক্ষ্যৰে ব্যৱসায় কৰা অথচ অপ্ৰতিদ্বন্দী কোম্পেনী হ’ব আপোনাকৰ গ্ৰাহক বৃদ্ধিৰ বাবে উচিত সহযোগী। সেইবাবেই realtors আৰু lendersকোম্পেনীবোৰে প্ৰায়ে একেলগে ব্যৱসায় কৰে। উদাহৰণস্বৰূপে, জোতা নিৰ্মানকাৰী কোম্পেনী এটাই জোতা বিক্ৰেতা প্ৰতিস্থানৰ সৈতে মিলি ব্যৱসায় কৰিলে গ্ৰাহকো বৃদ্ধি হয় আৰু বিজ্ঞাপন ব্যয়ো বহুত হ্ৰাস হয়। যিদৰে গহনা বিক্ৰেতা, বিবাহৰ সামগ্ৰীৰ বিক্ৰেতা আৰু ৱেডিং প্লেনাৰসকলে একেলগে ব্যৱসায় কৰে। পিছে আপোনাৰ নো কিহৰ ব্যৱসায়? আপোনাৰ সহযোগী কোন হ’ব পাৰে তাক বাচি লওক।

যথাযোগ্য স্থানত স্পনছ’ৰশ্বিপ:

আপোনাৰ উৎপাদিত সামগ্ৰীত যথেষ্ট গুৰুত্ব আৰোপ কৰা কোনো অনুস্থান বা সংস্থাক স্পনছ’ৰ কৰাটো আপোনাৰ বাবে লাভজনক হ’ব পাৰে। ধৰা হ’ল যে কোনো শিক্ষা প্ৰতিস্থানৰ শিক্ষাবৰ্ষৰ অন্তত প্ৰদান কৰা ট্ৰফি সমুহ আপোনাৰ পৰা ক্ৰয় কৰা হৈছে,সেই ক্ষেত্ৰত সামগ্ৰীৰ দামৰ ক্ষেত্ৰত কিছু বুজাবুজি কৰি আপোনাৰ কোম্পেনীৰ বেনাৰ প্ৰতিটো খেলৰ সময়তে লগোৱা ব্যৱস্থা কৰি ল’ব পাৰে। কিন্তু অপ্ৰাসংগিক অথবা সম্পৰ্কহীন কোনো অনুস্থান স্পনছ’ৰ কৰি সিমান লাভ নহয়।

নিৰৱচ্ছিন্ন যোগাযোগ:

মোৱাইল কোম্পেনীসমুহে গ্ৰাহক সবলীকৰণত যঠেষ্ট গুৰুত্ব প্ৰদান কৰে। গ্ৰাহকৰ সুবিধাৰ প্ৰতি মন দি গ্ৰাহকৰ সৈতে এক গভীৰ সম্পৰ্ক গঢ়ি তোলে। এইক্ষেত্ৰত ফ’ল’ আপ ফোন কলসমুহে প্ৰমাণ কৰে যে কোম্পেনীয়ে গ্ৰাহকৰ কথা ভাবে। ফলপ্ৰসূ বিবেচিত হয়। e-mail, text messaging, আৰু social media এই ক্ষেত্ৰত যঠেষ্ট লাভজনক হৈ পৰে যদিহে সাবধানে ব্যৱহাৰ কৰা হয়। এইক্ষেত্ৰত প্ৰয়োজনীয় সকলো তথ্য সন্নিবিষ্ট কৰাটো নিত্যান্তই প্ৰয়োজনীয়। যদিহে আপুনি ঘৰ,গাড়ী আদি মূল্যবান সামগ্ৰী বিক্ৰী কৰে তেনেহ’লে ব্যক্তিগত যোগাযোগে যথেষ্ট সহায় কৰে। কিন্তু যদি আপুনি এখন discount store চলাই আছে তেনেহ’লে আপোনাৰ গ্ৰাহকৰ সৈতে যোগাযোগৰ বাবে আপুনি মাজেমধ্যে two-way customer feedback ৰ ব্যৱস্থা কৰিব পাৰে বা সহায় ল’ব পাৰে। .

“এটা ষ্টাৰ্ট আপৰ জন্ম হব পাৰে এটা ৰাতিৰ ভিতৰত। সফলতা আহে কেইবাবছৰৰো পিছত । কিন্তু ব্ৰেণ্ড প্ৰতিস্থাৰ বাবে দশকৰ প্ৰয়োজন হয়”।

ব্যৱসায়িক বিনিময়:

ব্যৱসায়িক বিনিময়ে আপোনাক প্ৰয়োজনীয় সহায় আগবঢ়াব পাৰে। উদাহৰণস্বৰূপে , আপুনি এটা ব্যস্ত পেট্ৰোল পাম্পত সদায় তেল ভৰোৱাৰ বিনিময়ত আপোনাৰ বিজ্ঞাপন পাম্পটোত প্ৰদৰ্শন কৰাৰ সুবিধা ল’ব পাৰে। উপযুক্ত ব্যৱসায়িক উপায় বিচাৰি উলিওৱাটো প্ৰত্যাহ্বানমূলক হব পাৰে,কিন্তু উচিত আৰু সঠিক দিশত আগবাঢ়িলে ইয়েই আপোনাক সফলতাৰ মুখ দেখুৱাব।

লেখক- অমিত ঘোষ

অনুবাদ- প্ৰাঞ্জল শৰ্মা

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

4G ডিভাইচ শ্বিপমেন্টৰ বৰ্ধিত পৰিসংখ্যাই ইন্টাৰনেট ষ্টাৰ্ট-আপসমূহক কিমান লাভান্বিত কৰিব?

'ভাল' যেন লগা 'বেয়া' ষ্টাৰ্ট-আপ পৰিকল্পনাৰ পৰা কেনেকৈ বাচিব পাৰি

মাইকেল জেকচনৰ নৃত্যশৈলীৰে ট্ৰেফিক নিয়ন্ত্ৰণ কৰা এজন ‘দবং’ আৰক্ষী