ইনভেষ্ট কৰ্ণাটকা ২০১৬- এক যুগান্তকাৰী পদক্ষেপ

ইনভেষ্ট কৰ্ণাটকা ২০১৬- এক যুগান্তকাৰী পদক্ষেপ

Friday February 05, 2016,

2 min Read

৩ ফেব্ৰুৱাৰীৰ পৰা অনুস্থিত ইনভেষ্ট কৰ্ণাটকা ২০১৬ শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰী সন্মিলনত দেখা গ'ল উদ্যোগজগতৰ বহু নামী-দামী তাৰকাক । কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুম জেটলীয়ে এই সন্মিলনত অংশগ্ৰহণ কৰি কয় যে প্ৰাকৃতিক আৰু মানৱ সম্পদেৰে পৰিপূৰ্ণ কৰ্ণাটকত বিনিয়োগৰ অনুকুল এক স্বাভাৱিক পৰিবেশ বিৰাজমান ।

"মই ভাবোঁ যে এই কাৰণেই কৰ্ণাটকৰ অৰ্থনীতিৰ উন্নয়নৰ হাৰ দেশৰ তুলনাত ২ শতাংশ অধিক হোৱাৰ সম্ভাৱনা আছে ।" জেটলীয়ে মন্তব্য কৰে । একেই সুৰতে কেন্দ্ৰীয় নগৰ উন্নয়ন মন্ত্ৰী ভেংকাইয়া নাইডুৱে কয় যে কৰ্ণাটকৰ বহু সম্ভাৱনা আছে আৰু কেন্দ্ৰই এই ক্ষেত্ৰত সকলো সহায় ৰাজ্যখনক কৰিব ।

ইফালে কৰ্ণাটকৰ উদ্যোগ মন্ত্ৰী আৰ ভি দেশপাণ্ডেই কয় যে ইনভেষ্ট কৰ্ণাটকা কেৱল মাত্ৰ MoU চহী কৰাৰ এক অনুস্থান নহয় বৰঞ্চ ই বিনিয়োগকাৰীৰ এক সমুহীয়া আদান প্ৰদানৰ অনুস্থান ।

এই অনুস্থানতে কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নিতিন গাদকাৰীয়ে কয় যে ৰাজ্যখনৰ বাট-পথৰ উন্নয়নৰ বাবে কেন্দ্ৰই এক লাখ কোটি টকা আগবঢ়াব । এই ক্ষেত্ৰত সকলো সমস্যা সমাধানৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে একেলগে কাম কৰি যাব বুলিও তেওঁ আশ্বাস দিয়ে ।

image


"আমি দেশৰ ভবিষ্যৎ । আমি তীখা, কৃষি, প্ৰযুক্তি, স্বাস্থ্য, ষ্টাৰ্টআপ আৰু নিৰ্মাণৰ ক্ষেত্ৰত বিনিয়োগৰ দিশত দেশৰ ভিতৰতে আগৰণুৱা ।" কৰ্ণাটকৰ বিষয়ে এইদৰে মন্তব্য কৰে আৰ ভি দেশপাণ্ডেই । "আমি মেক ইন ইণ্ডিয়া কাৰ্যসূচীক আগবঢ়াই লৈ যাম ।" তেওঁ লগতে কয় ।

এই অনুস্থানত ৩০০তকৈও অধিক উদ্যমীয়ে নিজ নিজ ব্যৱসায়িক ধাৰণাৰ প্ৰদৰ্শন কৰে । এই ক্ষেত্ৰ অৰুণ জেটলীয়ে কয় যে ভাৰতত ষ্টাৰ্টআপৰ বিকাশ স্বাভাবিক আৰু এৰ'স্পেচৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা আছে । তেওঁ লগতে কয় যে নিৰ্মান খণ্ডত বৃদ্ধিৰ ওপৰত চকু দিয়া দৰকাৰ ।

আনহাতে ৰাজ্যখনত ৰসায়ন খণ্ডত অচিৰেই কিছু গুৰুত্বপূৰ্ণ পদক্ষেপ দেখা যাব । লগতে কৃষি ক্ষেত্ৰতো গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে । কেন্দ্ৰীয় ৰষায়ন আৰু উৰ্বৰক মন্ত্ৰী অনন্ত কুমাৰে ৰাজ্যখনত ১৩ লাখ টন সামৰ্থৰ এক প্ৰকল্পৰ ঘোষণা কৰে । কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰে বিদেশী বিনিয়োগকাৰীসকলক ৰাজ্।খনলৈ আমন্ত্ৰণ জনায় ।

কৰ্ণাটকৰ আৰ্থিক উন্নয়ন চকুত লগা হ'লেও এই পৰ্যন্ত এই বৃদ্ধি মূলতঃ তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰতহে দেখা গৈছে । ইনভেষ্ট কৰ্ণাটকা পদক্ষেপৰ জৰিয়তে নিৰ্মাণ আৰু কৃযি খণ্ডতো গুৰুত্ব প্ৰদান কৰা হৈছে । লগতে প্লাষ্টিক প্ৰযুক্তিৰ ক্ষেত্ৰতো । যথেষ্ট গুৰুত্ব প্ৰদান কৰা হ'ব ।

মূল- সিন্ধু কাশ্যপ আৰু বিশাল কৃষ্ণা

অনুবাদ- ঋদ্ধীশ চক্ৰৱৰ্তী


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


এইধৰণৰ অন্যান্য কাহিনী

আপোনাৰ ষ্টাৰ্ট আপৰ বিজ্ঞাপনৰ বাবে ৬টা ফলপ্ৰসূ উপায়।

কলাৰ স্নাতকসকলে কিয় ষ্টাৰ্ট-আপ আৰম্ভ কৰিব লাগে

ষ্টাৰ্ট-আপৰ অনুশাসনৰ সৈতে জড়িত ১০ টা নিয়মৰ প্ৰতি সদায় গুৰুত্ব দিয়াটো উচিত

আপুনি ‘ষ্টাৰ্টআপ এক্সন প্লেন’ৰ আচঁনিৰ বাবে অৰ্হতা সম্পন্ন হয়নে?