থোৰতে অসম বাজেট ২০১৬-১৭

থোৰতে অসম বাজেট ২০১৬-১৭

Tuesday July 26, 2016,

7 min Read

অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙ্গলবাৰে দাখিল কৰিলে বিজেপি চৰকাৰৰ প্ৰথমখন বাজেট । ২০১৬-১৭ বৰ্ষৰ বাবে দাখিল কৰা এই ২,৮৮০.০১ কোটি টকাৰ ঘাটি বাজেটখনত স্থানীয় গহণা, মেখেলা-চাদৰ, ই-ৰিক্সা, মম, গুৰ, দুধদানী, এলইডিকে ধৰি বিভিন্ন সামগ্ৰীৰ দাম কোমোৱাৰ বিপৰীতে বিদেশী সুৰা, চিগাৰেট, আমদানিকৃত অলংকাৰ আদি সামগ্ৰীৰ দাম বৃদ্ধি কৰা হৈছে । আনহাতে চলিত বিত্তীয় বৰ্ষৰ বাবে এই বাজেটত ৭৮,২৫৩,৩৬ কোটি টকা ধাৰ্য কৰা হৈছে । ইয়াৰে ২৯,৩৮০.৩৫ কোটি টকা পৰাকল্পনা শিতানৰ আৰু ৪৮,৮৭৩.০১ কোটি টকা পৰিতল্পনা বহিৰ্ভূত শিতানৰ বাবে ধাৰ্য কৰা হৈছে ।

image



চলিত বিত্তীয় বৰ্ষত কৰৰ পৰা ১৫,৬৩৪.৩১ কোটি টকা আয় আৰু কৰ বহিৰ্ভুত ক্ষেত্ৰৰপৰা ৫,৮৪৬.৫২ কোটি টকা আয় হ'ব বুলি ধাৰণা কৰা হৈছে । বিত্তমন্ত্ৰী শৰ্মাই সদনক জনায় যে অসমে কেন্দ্ৰীয় কৰৰ ১৮,৯৩৮.২৭ কোটি টকা, পৰিকল্পনা অনুদান হিচাপে ৩,৫২৭.৩৫ কোটি টকা পৰিকল্পনা বহিৰ্ভুত অনুদান হিচাপে কেন্দ্ৰৰ পৰা লাভ কৰিব । 

আনহাতে ৰাজ্যখনৰ বাবে আভ্যন্তৰীণ ঋণৰ বোজা ১০,৪২৩.২৬ কোটি টকা হিচাপ কৰা হৈছে । সৰ্বমূঠ ঘৰুৱা উৎপাদনৰ ২.৯৭ শতাংশ অৰ্থাৎ ২,২৪,৬৪১ কোটি টকা বিত্তীয় ঘাটিৰ পৰিমাণ ঠাৱৰ কাৰ হৈছে চলিত ব্ত্তীয় বৰ্ষৰ বাবে । 

সৰ্বমূঠ বাজেট ঘাটিৰ পৰিমাণ ২,৮৮০.৯১ কোটি টকা আৰু ৰাজহ ৰাহিৰ পৰিমাণ ৬,৬২৫.৩৬ কোটি টকা ধাৰ্য কৰা হৈছে । 

ই-ৰিক্সা, মমবাতি, চিত্ৰনলা তেল, গুৰ, তেতেলী, দুধদানী, কেৰাচিন ষ্ট'ভ, বটলীকৃত খোৱা পানী, স্থানীয়ভাৱে প্ৰস্তুত মেখেলা-চাদৰৰ ওপৰত ভেট হ্ৰাস কৰা হৈছে । 

আনহাতে এলইডি বাল্ব/টিউব/হ'ল্ডাৰ, চিএফএল বাল্ব, বাঁহৰ সামগ্ৰী আদিৰো দাম হ্ৰাস কৰা হৈছে । 

চিকিৎসালয়ৰ সা-সামগ্ৰীৰ ওপৰত প্ৰৱেশ কৰ, ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে ৰাজহ ৰেহাই, কেবল টিভি আৰু ডিটিএইচৰ আণোদ কৰ, আৰু CSD তথা CPC কেন্টিনৰ সামগ্ৰীৰ মূল্য হ্ৰাস কৰা হৈছে । 

ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে কৃষি আয়কৰ ৰেহাইৰ সীমা ১ লাখৰপৰা ২.৫ লাখলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ ৰখা হৈছে । 

বিটুমেন, আমদানিকৃত সোণৰ অলংকাৰ, ফাৰনেচ অইল, ৫০০০ টকাতকৈ অধিক দামী ম'বাইল ফ'ন, চিগাৰেটকে ধৰি আন কিছু সা-সামগ্ৰীৰ ওপৰত ভেট বৃদ্ধি কৰা হৈছে । 

আনহাতে বাজেট উত্থাপন কৰি বিত্তমন্ত্ৰী শৰ্মাই আন কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সদৰি কৰে । এইবোৰৰ ভিতৰত আছে গুৱাহাটীত নিশা বাৰ বজালৈ আৰু বিশেষ সময়ত ওৰে নিশা দোকান পোহাৰ খোলা ৰখাৰ ব্যৱস্থা, ৰহাত আয়ুৰ্বেদিক এইমছ স্থাপন, গুৱাহাটীক দক্ষিণ-পূৱ এছীয়াৰ কেন্দ্ৰৰূপে গঢ় দিয়াৰ লক্ষৰে গুৱাহাটী বিশ্ববিদ্যালয়ত দক্ষিণ-পূৱ এছীয়া অধ্যয়ন কেন্দ্ৰ স্থাপন । 


কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য

ভিজন ডকুমেণ্টৰ আধাৰত প্ৰথমখন বাজেট

২৮৮০.৯১কোটি টকাৰ ঘাটি বাজেট হিমন্তৰ

৭৮,২৫৩.৩৬ কোটি টকাৰ বাজেট উত্থাপন

পৰিকল্পনা শিতানৰ ব্যয় ২৯,৩৮০.৩৫ কোটি

পৰিকল্পনা বৰ্হিভূত শিতানত ব্যয় ৪৮,৮৭৩.০১ কোটি

ৰাজ্য চৰকাৰৰ কৰ সংগ্ৰহ ১৫,৬৩৪.৩১ কোটি

’১৬ত একত্ৰীকৰণ নিধিত ৭৭৪২২.৭১কোটি

৬৬১৭৯.৮৮কোটি ৰাজহ শিতানত প্ৰদৰ্শন

১১২৪২.৮৩কোটি মূলধন শিতানত ধাৰ্য

VATৰ সলনি GSTত গুৰুত্ব

চাদৰ-মেখেলাক VAT মুক্ত কৰা হৈছে

ই-ৰিক্সা, শিশুৰ দুধদানীত VAT হ্ৰাস

ৰহাত আয়ুৰ্বেদিক এইমছ স্থাপন হ’ব

দাম বাঢ়িব দেশী-বিদেশী সুৰাৰ

অসম আন্দেলনৰ ছহিদ পৰিয়ালক ৫লাখ টকাৰ সাহায্য

মাজুলীত ৫০খন বিছনাযুক্ত চিকিৎসালয়

দুধনৈতো ৫০খন বিছনাযুক্ত চিকিৎসালয়

সোণৰ মূল্য কমিব, সোণৰ VAT হ্ৰাস

আমদানিকৃত সোণৰ দাম বাঢ়িব

চিকিৎসালয়ৰ বিলাস কৰ হ্ৰাস

মেৰামতিৰ বাজেট ৬০০কোটি টকালৈ বৃদ্ধি

গুৰ আৰু গুৰজাতীয় সামগ্ৰীৰ কৰ হ্ৰাস

কেমেৰা সংলগ্ন ম’বাইলৰ দামবৃদ্ধি

জাগীৰোডত ফেশ্যন টেকন’লজী ইনষ্টিটিউট

ৰাজ্যত স্থাপন হ’ব ২৫টা উপ-কোষাগাৰ

১অক্টোবৰৰপৰা আৰম্ভ কোষাগাৰৰ কাম

কোষাগাৰত চিচি টিভি কেমেৰা স্থাপন হ’ব

মহাবিদ্যালয়ৰ পুথিভঁৰালত বিনামূলীয়া ৱাই-ফাই

বৰপেটা-বিহপুৰীয়া-হোজাইত ৩ নতুন বিঃবিদ্যাঃ

GMCHত ২০০বিছনাযুক্ত কৰ্কট হাস্পাতাল

চৰকাৰী চিকিৎসালয়ৰ ৰোগীৰ বাবে বিনামূলীয়া চিটি স্কেন, তেজ পৰীক্ষ, এক্স-ৰে’ৰ ব্যৱস্থা

৩৪৫খন থানা নতুনকৈ স্থাপনৰ ব্যৱস্থা

প্ৰতিখন থানালৈ ২কোটিকৈ দিয়া হ’ব

৪০০০ৰ অধিক আৰক্ষী নিযুক্তিৰ ব্যৱস্থা

অসম আৰক্ষীত ৪টাকৈ নতুন পদ সৃষ্টি

কোকৰাঝাৰত স্থাপন হ’ব চিকিৎসা মহাবিদ্যালয়

শিলচৰত ডেণ্টেল হাস্পাতাল

গুৱাহাটীৰ বান নিৰ্মূলৰ বাবে আঁচনি গ্ৰহণ

ছহিদ স্মাৰক উদ্যান স্থাপনৰ ব্যৱস্থা

শ্ৰদ্ধাঞ্জলি কাননত কেইবামহলীয়া কাৰপাৰ্কিং

উঃগুৱাহাটী-দঃগুৱাহাটী সংযোগী দলং স্থাপন

NRCৰ বাবে ২৪৯কোটি টকা মুকলি

প্ৰতিটো উন্নয়নখণ্ডত যোগকেন্দ্ৰ স্থাপন

শিৱ থাপাই অলিম্পিকত পদক পদক পালে ১কোটি টকা পুৰষ্কাৰ ঘোষণা

উইম্বলডন টেনিছ খেলুৱৈ তানিছা কাশ্যপলৈ ৫ লাখ টকাৰ পুৰস্কাৰ

১৭০০০ টেট শিক্ষক নিযুক্তি দিয়া হ’ব

চৰকাৰী কামৰ ক্ষেত্ৰ মহিলাৰ বাবে ৩৫ শতাংশ সংৰক্ষণ

গাঁৱে প্ৰতি ১.২০কোটিকৈ ব্যয় কৰিব । তাৰ বাবে ৩৫০০০কোটি ব্যয় কৰিব চৰকাৰে

প্ৰতি গাঁৱলৈ ট্ৰেক্টৰ বিতৰণ কৰা হ’ব

প্ৰতিখন গাঁৱত মাছৰ পোনা কেন্দ্ৰ থাকিব

প্ৰতিখন গাঁৱত একোটাকৈ যুৱ সংঘ স্থাপন

কৃষকক দিয়া হ’ব পৰিচয়-পত্ৰ

GMCHত মৃতশৰীৰৰ অংগ সংস্থাপন কেন্দ্ৰ

GMCHত ৫০খন বিছনাৰ নতুন ICU

চাহ জনজাতিৰ বাবে ৪০ ম’বাইল মেডিকেল

গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ

চলিত বৰ্ষত ৫খন নতুন ITI স্থাপন

নিশা ১২বজালৈ খোলা থাকিব দোকান পোহাৰ, বিশেষ দিনত ২৪ঘণ্টাই খোলা ৰখাৰ অনুমতি 

কাজিৰঙা সুৰক্ষাৰ বাবে প্ৰায় ১৪১কোটি

ছায়েন্স চিটীৰ বাবে ১১,০০০ কোটি

কৰ্মজীৱী মহিলাৰ বাবে হোষ্টেলৰ ব্যৱস্থা

গুৱাহাটী, শিলচৰ, যোৰহাট, তেজপুৰ

ডিব্ৰুগড়, বঙাইগাঁৱত মাহিলাৰ বাবে হোষ্টেল

SDRFৰ বাবে ৭৬১ কোটি টকা

শংকৰদেৱ বিশ্ববিদ্যালয়লৈ ১০কোটি টকা

ক্ষুদ্ৰ চাহ খেতিয়কৰ কৰ ১৫%লৈ হ্ৰাস । পূৰ্বতে এই কৰ ২৫% আছিল ।

কেন্দ্ৰীয় কৰ ১৮,৯৩৮.২৭ কোটি

গড়কাপ্টানী বিভাগত অনুদান ৬০০ কোটিলৈ বৃদ্ধি

দৰমহা সংক্ৰান্তীয় সকলো ব্যয় পৰিকল্পনা বৰ্হিভুত শিতানলৈ স্থানান্তৰ আৰু ইয়াৰদ্বাৰা নিয়মীয়াকৈ বেতন আদায়ৰ প্ৰচেষ্টা

১০ লাখতকৈ অধিক মূল্যৰ ক্ৰয়ৰ বাবে ই-নিবিদাৰ প্ৰস্তাৱ

২৫টা নতুন উপ-কোষাগাৰৰ প্ৰস্তাৱ

দুৰ্নীতি ৰোধৰ বাবে সকলো কোষাগাৰত CCTVৰ প্ৰস্তাৱ

সকলো কোষাগাৰ ৰিজাৰ্ভ বেংকৰে সংলগ্ন কৰা হ’ব

৩৪৫খন থানাত কম্পিউটাৰ নেটৱৰ্কেৰে সংলগ্ন কৰাৰ প্ৰস্তাৱ

আত্মসমৰ্পণকাৰী উগ্ৰপন্থীক বৃত্তিমুখী প্ৰশিক্ষণৰ প্ৰস্তাৱ

অসম আৰক্ষীত ৪০০০ নতুন নিযুক্তি

৩৯৮০ গৰাকী জোৱান নিযুক্ত কৰা হ’ব

৩৬৬ গৰাকী উপ-পৰিদৰ্শনক নিযুক্তিৰ প্ৰস্তাৱ

৬৩খন থানাত মহিলা কোষ গঠন

গুৱাহাটী, শিলচৰ, ডিফু, ধুবুৰী, নগাঁও, লখিমপুৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, তিনিচুকীয়া, যোৰহাট, তেজপুৰত হ’ব ট্ৰেফিক ছিগনেল ছিষ্টেম

৩৪৭খন আৰক্ষী থানাত গঠন হ’ব নাগৰিক সমিতি

যোগাসন চৰ্চা হ’ব সকলো কাৰাগাৰত

অসম আন্দোলনৰ শ্বহীদৰ সোঁৱৰণত স্মৃতি উদ্যান

NRC প্ৰস্তুতকৰণৰ বাবে ২৪৯.৩২ কোটি টকা ধাৰ্য

কাৰাগাৰসমূহত উৎকৃষ্ট খাদ্যৰ যোগান

মহিলা কয়দীৰ ভাট্টা ২৫ টকাকৈ বৃদ্ধি

সকলো শিক্ষানুষ্ঠানক সত্ৰধাৰা আঁচনিত অন্তৰ্ভুক্ত

ষ্টাৰ মাৰ্ক পোৱাসকলক আনন্দৰাম বৰুৱা বঁটা প্ৰদান অব্যাহত থাকিব

ইলেক্ট্ৰনিকভাবে সকলো ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ৰেকৰ্ড সংৰক্ষণ

নৱম-দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া পাঠদান যোগান

নতুনকৈ ৫০খন SEBA স্বীকৃতিপ্ৰাপ্ত বিদ্যালয় স্থাপন

১ লাখ টকাৰ কম আয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে উচ্চত্তৰ মাধ্যমিকত বিনামূলীয়া শিক্ষা

২১খন নতুন পলিটেকনিক স্থাপন

বৰপেটা, বিহপুৰীয়া, হোজাইত ৩ খন নতুন বিশ্ববিদ্যালয়

কৰিমগঞ্জ, গোলাঘাট, ধেমাজিত ইঞ্জিনীয়াৰিং কলেজ স্থাপন

গুৱাহাটী বিশ্ববিদ্যালয়ত দক্ষিণ এছিয়া গৱেষণা কেন্দ্ৰ স্থাপন

শংকৰদেৱ বিশ্ববিদ্যালয়লৈ ১০০০ লাখ

দেশৰ ৫খন বিশ্ববিদ্যালয়ত শংকৰদেৱ আসন সৃষ্টি

১৭,০০০ টেট শিক্ষক নিযুক্তি

৮টা নতুন DIET কেন্দ্ৰ স্থাপন

অটল অমৃত অভিযান নামৰ স্বাস্থ্য বীমা আঁচনি

GMCHত ২০০ বিচনাযুক্ত কেঞ্চাৰ হাস্পাতাল

যোৰহাট, তেজপুৰ, শিলচৰ, বৰপেটাৰ মেডিকেলত কেঞ্চাৰ চিকিৎসাৰ সুবিধা

GMCHত ছুপাৰ স্পেচিয়েলিটী সুবিধা

সকলো মেডিকেল কলেজত কেথলেব মুকলি

GMCHত ডায়ালাইছিছৰ বহিঃ বিভাগ মুকলি

GMCHত অধিক বিচনাযুক্ত ICU, ICCU মুকলি

বিনামূলীয়া চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনি

নগাঁও, ধুবুৰী, উত্তৰ লখিমপুৰত ৩খন মেডিকেল কলেজ

কোকৰাঝাৰত নতুন মেডিকেল কলেজ

ডিফুত নতুন মেডিকেল কলেজ

চৰকাৰী চিকিৎসকৰ অৱসৰৰ বয়স ৬৫লৈ বৃদ্ধি

মাজুলী, দুধনৈত আয়ুৰ্বেদিক হাস্পাতাল স্থাপন

চাহবাগান অঞ্চলত ৪০খন ম’বাইল মেডিকেল ইউনিট

৯৫খন নতুন মৃত্যুঞ্জয় এম্বুলেন্স

শদিয়া, মাজুলী, উত্তৰ গুৱাহাটী, ধুবুৰী, দক্ষিণ শালমাৰাৰ বাবে নৌকা এম্বুলেন্স

শিলচৰ তেজপুৰত দুখন ছুপাৰ স্পেচিয়েলিটী হাস্পাতাল

ব্যয়বহুল চিকিৎসাৰ ক্ষেত্ৰত ৰেহাই মূল্যত চিকিত্সা

অংগনৱাড়ী কেন্দ্ৰৰ পুনৰনিৰ্মাণৰ বাবে ২ লাখকৈ অনুদান

বিশেষভাবে সক্ষম ছাত্ৰ-ছাত্ৰীৰ বাবে ৩০০০ টকাৰ জলপানী

শুৱালকুছিৰ ৰেচম শিল্পৰ বাবে ৫০ লাখ টকা

বিশ্বনাথ চাৰিআলিত হেণ্ডলুম পাৰ্ক স্থাপন

জাগীৰোডত NIEFT স্থাপন

মাছখোৱাত হেণ্ডলুম হাৱেলী স্থাপন

কৃষকক পৰিচয়-পত্ৰ প্ৰদান

জৈৱিক খেতিত উদগনি প্ৰদান

মৎস্য পালনৰ বাবে বিভিন্ন আঁচনি প্ৰৱৰ্তন

দুগ্ধ পালকসকলৰ বাবে বিভিন্ন আঁচনি

SDRFৰ বাবে ৭৬,১০৩.০৬ লাখ টকা ধাৰ্য

সকলো চাহবাগানত বিশুদ্ধ খোৱাপানীৰ যোগান

চাহ জনগোষ্ঠীৰ ৰোগীসকলৰ বাবে গুৱাহাটীত অতিথিশালা

সকলো চাহ বাগানত LED বাল্ব যোগান

ডিব্ৰুগড়, উত্তৰ লখিমপুৰ, কামৰূপত ৩খন অত্যাধুনিক ষ্টেডিয়াম

কৰ্মজীৱী মহিলাৰ বাবে হোষ্টেলৰ সুবিধা

চ্যুকাফা সমন্বয় ক্ষেত্ৰৰ বাবে ৫০০ লাখ টকা

শিৱসাগৰত আজানপীৰ ক্ষেত্ৰ স্থাপন

কুঠৰীৰ সুধাকণ্ঠৰ বাসগৃহ ঐতিহ্য সৌধলৈ পৰিৱৰ্তন

অচ্যুত লহকৰৰ স্মৃতিত নিজ গাঁৱত স্মৃতিসৌধ স্থাপন

৫০খন সত্ৰলৈ ৫০ লাখকৈ অনুদান

অসম সাহিত্য সভালৈ শতবৰ্ষ উদযাপনৰ বাবে বিশেষ অনুদান

নতুন চিনেমা হল স্থাপনৰ বাবে ১৫ লাখকৈ টকাৰ অনুদান

ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰৰ বাকী থকা কাম শীঘ্ৰেই সম্পূৰ্ণ

দক্ষতাবৃদ্ধি বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাৱ

১০খন নতুন ড্ৰাইভিং স্কুল স্থাপন

৫খন নতুন ITI স্থাপন

২০১৭ চনৰ ১ এপ্ৰিলৰপৰা সপ্তম দৰমহা আয়োগ বলৱত্

চৰকাৰী কৰ্মচাৰীৰ সন্তানৰ উচ্চ শিক্ষাৰ বাবে বিশেষ ঋণ

মাজুলীত চৰকাৰী কৰ্মচাৰীৰ বাবে আৱাসিক এলেকা

ঘোচ দিয়া কৰ্মচাৰীৰ প্ৰমাণ দিওতালৈ ২৫,০০০ৰ পুৰস্কাৰ

নতুন দিল্লী, বাংগালোৰ, ভেলুৰ, চেন্নাই, কলিকতাত বহুমহলীয়া অসম ভৱন নিৰ্মাণ

জৰুৰীকালীন দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে হেলিক’প্টাৰৰ সুবিধা

পথ মেৰামতিৰ বাবে ২০০০ কোটি টকা ধাৰ্য

কুৰুৱা-নাৰেংগী সংযোগী দলং নিৰ্মাণ সম্পূৰ্ণ কৰা

ৰাজ্যত এটা ভূমি বেংক স্থাপন

কাজিৰঙাৰ সুৰক্ষাৰ বাবে ১৪১.৫০ কোটি টকা ধাৰ্য

বান সমস্যাৰ মোকাবিলাৰ বাবে বিশ্ব বেংকৰ সাহায্য ১৫০০ কোটি টকা ধাৰ্য

নতুন বিজ্ঞান নগৰ আৰু বায়’টেক উদ্যান মুকলি

শিলচৰ, ডিফু, কলিয়াবৰ, মাজুলী, বঙাইগাঁও, আমিনগাঁৱত নতুন তাৰকাগৃহ

মাজুলীৰ পৰ্যটনৰ বিকাশৰ বাবে নতুন আঁচনি মুকলি

ডিব্ৰুগড়ত চাহ সংগ্ৰহালয় স্থাপন

হাজোৰ পৰ্যটনৰ বিকাশৰ বাবে গুৰুত্ব আৰোপ

বন কৰ্মীৰ বাবে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ ক্ৰয়

বন্যহস্তীৰ আক্ৰমণত ক্ষতিগ্ৰস্ত পৰিয়াললৈ বিশেষ সাহায্য

মাজুলী আৰু ধুবুৰীৰ বাবে ডাঙৰ জাহাজ সেৱা প্ৰৱৰ্তন

খানাপাৰাত মিনি ISBT স্থাপন

৪টা নতুন জিলা পৰিবহন বিষয়াৰ কাৰ্যালয় স্থাপন

পশ্চিম, দক্ষিণ গুৱাহাটীবাসীৰ খোৱাপানী যোগানৰ আঁচনি শীঘ্ৰে সমাপন

ফাচী বজাৰত পুৰণা কাৰাগাৰৰ স্থানত বটানিকেল পাৰ্ক

গুৱাহাটীত মুকলি স্থান সৃষ্টিৰ বাবে নতুন মডেল গ্ৰহণ

ষ্ট্ৰীট লাইট জ্বলোৱাৰ বাবে ছ’লাৰ পেনেল সংস্থাপন

ফুট অভাৰব্ৰীজত লিফ্টৰ ব্যৱস্থা

মাল্টিলেভেল কাৰ পাৰ্কিঙৰ ব্যৱস্থা

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ৰ’প ৱে’ৰ আঁচনি শীঘ্ৰে সম্পূৰ্ণ কৰা

উচ্চ ন্যায়ালয়ৰ নতুন-পুৰণা ভৱনৰ মাজত ভূগৰ্ভস্থ পথৰ ব্যৱস্থা কৰা

APSCৰ পুনৰ গঠনৰ প্ৰস্তাৱ


দাম বাঢ়িল

আমদানিকৃত সোণৰ গহনা

আমোদ কৰ

চিনেমাৰ টিকট

কেমেৰা সংলগ্ন ম’বাইল ফোন

আৰ্মী কেণ্টিনৰ সামগ্ৰী

চিগাৰেট

দুচকীয়া বাহন

বিদেশী সুৰা

ফাৰ্নেচ অইল

দাম কমিল

ই-ৰিক্সা

মমবাতি

চিত্ৰনালা তেল

গুড়, লালী গুড়

দুধদানি

কেৰাচিন ষ্ভ

LED বাল্ব, LED টিউব হল্ডাৰ

স্থানীয় স্বৰ্ণশিল্পীৰ গহনা

আলকাতৰা

মেখেলা-চাদৰ

খোৱাপানীৰ বটল

বাঁহেৰে নিৰ্মিত সামগ্ৰী

চিকিৎসালয়ৰ সামগ্ৰী

ক্ষুদ্ৰ চাহবাগানৰ ভূমি ৰাজহ

চিকিৎসালয়ৰ বিলাস কৰ

চিনেমা হলৰ সেৱা কৰ

কেবল টিভিৰ মূল্য

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

অভিশাপ হ'লগৈ আশীৰ্বাদ: দাল-দৰিদ্ৰ পৰিয়ালৰ জন্মান্ধ যুৱক শ্ৰীকান্ত বোলা আজি কোটিপতি উদ্যোগপতি

৬০ টকাত ঘৰ চলোৱা এজন ব্যক্তি আজি কেইবা শ কোটি টকাৰ মালিক

হালৰ গৰুহাল বেচি শিক্ষা সমাপ্ত কৰা শ্যাম ৱাডেকাৰে আজি ২০০ শিশুৰ শিক্ষাৰ দায়িত্ব লৈছে

অসমৰ হিমাংশু ছিকৰিয়াই সমস্যাৰ সমাধান বিচাৰোঁতে সৃষ্টি হৈছিল startify.in