হালৰ গৰুহাল বেচি শিক্ষা সমাপ্ত কৰা শ্যাম ৱাডেকাৰে আজি ২০০ শিশুৰ শিক্ষাৰ দায়িত্ব লৈছে

হালৰ গৰুহাল বেচি শিক্ষা সমাপ্ত কৰা শ্যাম ৱাডেকাৰে আজি ২০০ শিশুৰ শিক্ষাৰ দায়িত্ব লৈছে

Friday June 24, 2016,

3 min Read

"মই যেতিয়া কলেজত পঢ়ি আছিলো তেতিয়া মোৰ পঢ়াৰ খৰচৰ বাবে দেউতাই নিজৰ গৰুহাল বেচিবলগীয়া হৈছিল । এই গৰুহাল আমাৰ খেতিপথাৰত হাল বোৱাৰ কামত ব্যৱহৃত হৈছিল । খেতিয়েই আছিল আমাৰ জীৱিকা অথচ দেউতাই এই গৰুহাল বেচি দিছিল মোৰ পঢ়াৰ খৰচ উলিয়াবৰ বাবে । মই এই কথা বহুত দেৰিকৈহে জানিব পাৰিছিলো ।" এইদৰে কয় শ্যাম ৱাডেকাৰে । মহাৰাষ্ট্ৰৰ জালনা জিলাৰ শ্যাম ৱাডেকাৰে আজি ২০০ ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ বহন কৰে । তেওঁৰ কৰ্তব্য ফাউণ্ডেচন নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কাম কৰাৰ লগতে আত্মহত্যা কৰা কৃষকৰ পৰিয়ালৰ দেখা-শুনাৰো দায়িত্ব লয় । বৰ্তমান মহাৰাষ্ট্ৰৰ আঠখন জিলাত এই সংস্থা বৰ্তমান কৰ্মৰত । 

image


কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা শ্যামৰ পিতৃ মাতৃ তেওঁলোকৰ সন্তানৰ শিক্ষাক লৈ সদায় সচেতন আছিল । সেয়েহে কৃষকৰ ৰাজহাড় স্বৰূপ গৰুহাল বেচি দিবলৈও কুণ্ঠাবোধ কৰা নাছিল । এইবাবেই আজি তেওঁ টি চি এছত এজন ছফ্টৱেৰ ইঞ্জিনীয়াৰৰূপে কৰ্মৰত আৰু তেওঁৰ বায়েক চিকিৎসক তথা ভায়েক এজন মেকালিকেল ইঞ্জিনীয়াৰ । কিন্তু এই ঘটনাই শ্যামক মৰ্মাহত কৰিছিল । তেওঁ লক্ষ্য কৰিছিল যে এই অৱস্থা কেৱল তেওঁৰ পৰিয়ালতে নহয় বহু পৰিয়ালতে বিৰাজ কৰিছিল । 

তেওঁ কয়, "বহু সময়ত পিতৃ মাতৃ তেওঁলোকৰ সন্তানৰ শৈক্ষিক প্ৰয়োজন সমূহ পূৰণৰ ক্ষেত্ৰ অসমৰ্থ হয় । খেতিপথাৰত প্ৰয়োজন হোৱা বীজেই যদি কিনিব নোৱাৰে তেনেহলে তেওঁলোকে সন্তানৰ কিতাপ পত্ৰ ক'ৰ পৰা কিনিব? ফলত বহুতেই আধাতে শিক্ষা সামৰিবলগীয়া হয় । " 

এই সমস্যাৰ সমাধানৰ বাবে তেওঁ তেওঁৰ বন্ধু সন্দীপ, বিশ্বাস আৰু বিনীতাৰ সৈতে আলোচনা কৰি সিদ্ধান্ত ল'লে যে চাকৰিত সোমোৱাৰ লগে লগে তেওঁলোকে কিবা এটা কৰিব । এই চিন্তাৰেই ফচল আছিল কৰ্তব্য ফাউণ্ডেচন । 

image


২০০৭ চনত স্থাপিত কৰ্তব্য ফাউণ্ডেচনে চৰিখন গাৱঁৰ ১২টি শিশুৰ পঢ়া-শুনাৰ ব্যয় বহন কৰিবলৈ ধৰিলে । লাহে লাহে তেওঁলোকে বুজি উঠিল যে এই ল'ৰা-ছোৱালীবোৰক কিতাপ পত্ৰ যোগান ধৰাটোৱেই মূল কথা নহয় কাৰণ সমস্যাবেৰ ইয়াতকৈও ডাঙৰ । সেয়েহে তেওঁলোকে ছাত্ৰবৃত্তিৰ ব্যৱস্থা আৰম্ভ কৰিলে । ১২ টি শিশুৰ ঠাইত আজি তেওঁলোকে ২০০ শিশুৰ দায়িত্ব বহন কৰি আছে । 

কেৱল শিশুৰ শিক্ষাই নহয় আজি তেওঁলোকে ঋণগ্ৰস্ত হৈ আত্মহত্যা কৰা কৃষকৰ পৰিয়ালৰ দায়িত্বও লৈছে । মিছন ছেভ ফাৰ্মাৰ নামৰ এক পদক্ষেপৰ জৰিয়তে তেওঁলোকে ৮খন জিলাৰ প্ৰায় ষাঠিটা পৰিয়ালৰ সৈতে কাম কৰি আছে । শ্যামে কয়, "এজন কৃষকে নিজৰ জীৱন কালত খেতি পথাৰৰ সকলো কাম নিজে কৰে । কিন্তু তেওঁৰ মৃত্যুৰ পাছত এই সকলোবোৰ দায়িত্ব তেওঁৰ পত্নীৰ ওপৰত পৰে যি এই কামবোৰ একো নাজানে । আমি তেওঁলোকক এই ক্ষেত্ৰত সহায় কৰোঁ । আমি তেওঁলোকক প্ৰশিক্ষণ দিওঁ যাতে তেওঁলোকে এই কামবোৰ আগবঢ়াব পাৰে ।" 

মহাৰাষ্ট্ৰৰ বিভিন্ন ঠাইত আজি কৰ্তব্য ফাউণ্ডেচনক মানুহে আশাৰ উৎস জ্ঞান কৰে । 'তেওঁলোকে ভাবে তেওঁলোকৰ সকলো সমস্যাৰ সমাধান আমাৰ হাতত আছে কিন্তু আমি কেৱল তেওঁলোককহে সহায় কৰোঁ যাক সচাকৈয়ে সহায়ৰ প্ৰয়োজন আছে।' শ্যাম ৱাডেকাৰে কয় ।

প্ৰথমে কেৱল শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কাম আৰম্ভ কৰা কৰ্তব্য ফাউণ্ডেচনে আজি বিভিন্ন ক্ষেত্ৰত কাম কৰি আছে । তেওঁলোকে প্ৰথম শ্ৰেণীত পঢ়া শিশুৰপৰা আৰম্ভ কৰি এম বি এ আৰু ইঞ্জিনীয়াৰিঙৰ ছাত্ৰ-ছাত্ৰীলৈকে সকলোকে সহায় কৰে । 

image


কেৱল সেয়ে নহয় ঠায়ে ঠায়ে ষ্টাডি চেন্টাৰে আৰম্ভ কৰিছে কৰ্তব্য ফাউণ্ডেচনে । এই শিক্ষাকেন্দ্ৰ সমূহত প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে বিনামূলীয়া কিতাপ-পত্ৰ আৰু প্ৰশিক্ষণো দিয়া হয় । এই সংস্থাৰ সৈতে জড়িত শিশুসকলক তেওঁ এটাই উপদেশ দিব খোজে-

'শিক্ষাৰ বিনিময়ত তুমি আমাক একো দিব নালাগে । যদি দিব খোজা তেনেহলে এনেকুৱা কিবা এটা কৰা যাৰ দ্বাৰা কাৰোবাৰ মূখত হাঁহি বিৰিঙাবলৈ তুমি সক্ষম হ'ব পাৰা ।'

মূল - হৰিশ ৱিষ্ট

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

অভিশাপ হ'লগৈ আশীৰ্বাদ: দাল-দৰিদ্ৰ পৰিয়ালৰ জন্মান্ধ যুৱক শ্ৰীকান্ত বোলা আজি কোটিপতি উদ্যোগপতি

৬০ টকাত ঘৰ চলোৱা এজন ব্যক্তি আজি কেইবা শ কোটি টকাৰ মালিক

নিসঙ্গতা দুৰ কৰিবলৈ স্কুলত পঢ়িবলৈ যায় নেপালৰ ৬৮ বছৰীয়া দুৰ্গা কামি

পথৰ দাঁতিত ভিক্ষা খোজা এজনী ছোৱালী আজি বাঙ্গালুৰুৰ দ্ৰুততম দৌৰবিদ সকলৰ অন্যতম

চৰকাৰী হেমাহিত বিৰক্ত গাওঁবাসীয়ে নিৰ্মাণ কৰিলে পথ আৰু দলং