অসমৰ হিমাংশু ছিকৰিয়াই সমস্যাৰ সমাধান বিচাৰোঁতে সৃষ্টি হৈছিল startify.in

অসমৰ হিমাংশু ছিকৰিয়াই সমস্যাৰ সমাধান বিচাৰোঁতে সৃষ্টি হৈছিল startify.in

Monday July 18, 2016,

3 min Read

কোৱা হয় অভাৱেই আৱিষ্কাৰৰ মূল । কিবা এটা অভাৱ পূৰণ কৰিবলৈ চেষ্টা চলাওঁতেই হয় ন-ন উদ্ভাৱন । অসমৰ হিমাংশু ছিকৰিয়াৰ ক্ষেত্ৰতো সেয়ে হৈছিল । কলেজত পঢ়ি থকাৰ সময়ত হিমাংশুৰ এজন বন্ধুৱে এটা অনলাইন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছিল আৰু তাৰ বাবে যাৱতীয় গৱেষণাৰ দায়িত্ব পৰিছিল হিমাংশুৰ ওপৰত । এই সময়ত দেখা দিয়া বিভিন্ন প্ৰশ্নৰ উত্তৰ বিচাৰি হাবাথুৰি খাইছিল তেওঁলোক । ষ্টাৰ্টআপ কৰিবলৈ গৈ বুজি পাইছিল ষ্টাৰ্টআপ প্ৰক্ৰিয়া আগবঢ়াই নিয়া ইমান সহজ নহয় আৰু ইয়াৰ বাবে স্পষ্ট পথনিৰ্দেশ পোৱাটো টান । বিশেষকৈ দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ মহানগৰ সমূহত ই এক জটিল প্ৰক্ৰিয়া। এই সমস্যাই জন্ম দিছিল এক নতুন চিন্তাৰ । ষ্টাৰ্টআপ আৰম্ভ কৰাৰ বাবে উপদেশ পৰামৰ্শ আৰু নীতি নিৰ্দেশনা আগবঢ়োৱাৰ এক মঞ্চ স্থাপনৰ ইচ্ছাৰপৰাই জন্ম লাভ কৰিছিল startify.in নামৰ পৰ্টেলটোৱে । 

image


উদ্যমিতাৰ যাত্ৰাৰ আৰম্ভণী

হিমাংশুৱে উদ্যমিতাৰ যাত্ৰা আৰম্ভ কৰিছিল ১৪ বছৰতে । তেওঁ কম্পিউটাৰ মেৰামতি বিষয়ক এক ব্লগ আৰম্ভ কৰিছিল । এমেজন এডছৰ যোগেদি কেইহাজাৰমান টকা তেওঁ উপাৰ্জন কৰিছিল যদিও ইয়াৰ প্ৰসাৰ বৰ সন্তোষজনক নোহোৱাত তেওঁ ইয়াক বন্ধ কৰি দিবলৈ বাধ্য হয় । কিন্তু এই প্ৰচেষ্টা বিফল হলেও ই তেওঁক বহু কথা শিকাইছিল । শিকাইছিল তেওঁ কি কাম কৰি ভাল পায় সেই কথা বুজিবলৈ । লাহে লাহে এই উপলব্ধিয়ে তেওঁৰ আত্মবিশ্বাস বঢ়াই তুলিছিল আৰু অন্তৰ্মূখী ব্যক্তিত্বৰ ল'ৰাটো কলেজ পায় মানে হৈ পৰিছিল বিভিন্ন কামত আগভাগ লোৱা এজন ছাত্ৰ । তেওঁ কলেজত থাকোঁতে গুৱাহাটী ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাৰ সৈতে জড়িত হৈ পৰিছিল । আই আই টি যোধপুৰত প্ৰৱেশ কৰাৰ পাছত তাত তেওঁ আৰম্ভ কৰিছিল উদ্যোগশীলতা বিকাশ কেন্দ্ৰ । হিমাংশুৰ ভাষাত, 'অচিৰেই মই বিভিন্ন এনএইএফটিকে ধৰি শৈক্ষিক প্ৰতিষ্ঠান আৰু এমবিএ প্ৰতিষ্ঠানত বক্তা হিচাপে আমন্ত্ৰণ লাভ কৰিবলৈ ধৰিলো । এই সকলোবোৰ অভিজ্ঞতাই মোক পৰৱৰ্তী পৰ্যায়ত startify আৰম্ভ কৰিবলৈ অধিক উৎসাহ যোগালে ।'

image


অৱশ্যে স্বাভাৱিকতে এই যাত্ৰা ইমান সহজ নাছিল । ছাত্ৰ কেইজনমানে কম পইছাৰে আৰম্ভ কাৰ এই ব্যৱসায় কম ব্যয়সাপেক্ষ হ'লেও প্ৰথম পাঁচজন গ্ৰাহক পোৱাটোৱেই আছিল অতিশয় টান । লগতে ছাত্ৰ জীৱনৰ অপৰিহাৰ্য অঙ্গ পৰীক্ষাৰ সময়ত ব্যাৱসায়িক কাম-কাজ স্থগিত ৰাখিবলগীয়া হৈছিল । হিমাংশুৱে কয়, 'আমি কৰা ভুলবোৰৰ অন্যতম আছিল আমি যিমান পাৰোঁ সেৱা অন্তৰ্ভূক্ত কৰিব খুজিছিলো । কিন্তু ইয়াৰ ফলত আমাৰ মনোযোগ ব্যাহত হৈছিল ।'

অৱশ্যে অচিৰেই এই সমস্যাসমূহৰ ওৰ পৰিছিল আৰু লাভৰ মূখ দেখিছিল ষ্টাৰ্টিফায়ে ।

'এটা ব্যৱসায় সফল হ'বলৈ সঠিক দল নিৰ্বাচন দৰকাৰী । মই ভাগ্যবান যে মই অংশুল অগ্ৰৱাল আৰু অচ্যুত যোশীৰ দৰে সহকৰ্মী পালো । startify সফল হোৱাৰ আঁৰত তেওঁলোকৰ যথেষ্ট অৱদান আছে । ' হিমাংশুৱে কয় ।

image


startify.in বৃদ্ধিয়ে দৃষ্টি আকৰ্ষণ কৰিছিল বহুতৰে । সেয়েহে জয়পুৰস্থিত এটা প্ৰতিষ্ঠানে ইয়াক অধিগ্ৰহণ কৰাত আগ্ৰহ প্ৰকাশ কৰিছিল । হিমাংশুৱে কয় যে নিজ হাতে গঢ় দিয়া কোম্পানীটো বিক্ৰী কৰাটো কঠিন আছিল যদিও ইয়াৰ বিকাশৰ স্বাৰ্থতে সেই সিদ্ধান্ত লৈছিল তেওঁলোকে ।

অন্যান্য যুৱ উদ্যমী সকললৈ হিমাংশুৰ উপদেশ- 'তুমি নিজৰ দক্ষতা আৰু ৰাপ থকা এটা ক্ষেত্ৰ নিৰ্বাচন কৰা আৰু আগবাঢ়া । যদি মনলৈ কোনো আইডিয়া অহা নাই তেনেহলে নিজৰ আশে-পাশে থকা সমস্যাবোৰলৈ চকু দিয়া আৰু তাৰ সমাধান বিচাৰা । এবাৰ যদি তুমি এনে এটা সমস্যা বিচাৰি উলিয়াব পাৰিলা যিটোৰ সমাধানে তোমাক এটা ষ্টাৰ্টআপৰ আইডিয়া দিব তেনেহলে সেইটোৰ ওপৰত কাম কৰা । নিজৰ প্ৰডাক্ট কেতিয়াও বিনিয়োগকাৰীৰ বাবে নহয় বৰঞ্চ গ্ৰাহকৰ বাবে বনাবা ।'

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ছানিয়া মিৰ্জাক 'ৰেকেটৰ ৰাণী' আখ্যা কিং খানৰ

অনলাইন টিভিৰ ধাৰণাক বাস্তৱ ৰূপ দিয়া এজন ভাৰতীয় : উদয় ৰেড্ডি

পেম্বা গিয়ালজে শ্বেৰ্পা- নিষ্ঠুৰ পৰ্বত k2ত সাহস আৰু জীৱন সংগ্ৰামৰ কাহিনী

শিক্ষাৰ পোহৰ বিলাবলৈ এখোজ দুখোজকৈ আগুৱাইছে ‘বেয়াৰ ফুট’