পথত ভিক্ষা খোজা মহিলাৰ ভাগ্য সলনি কৰিছে সাত সাগৰৰ সিপাৰৰ দুগৰাকী ভগ্নীয়ে

ঘাটৰ পাৰত ভিক্ষা কৰি খোৱা মহিলাক জীৱিকাৰ বাট দেখুৱায়... লক্ষ্যত উপনীত হ’বলৈ জেছুমেলে আয়ত্ব কৰে হিন্দী ভাষা... জেছুমেলৰ এই উৎসাহক লৈ গৰ্বিত বাৰাণসী...

0

মোক্ষ প্ৰাপ্তিৰ স্থান কাশীলৈ প্ৰতি বছৰে লক্ষাধিক ভক্তৰ আগমন ঘটে। সাত সাগৰ তেৰ নদী পাৰ হৈ অহা ভ্ৰমণকাৰীসকলৰ বহুতেই ইয়াৰ ঘাটসমূহ ভালপায় আৰু বহুতে বাৰে ৰহণীয়া সংস্কৃতিৰ প্ৰতিও আকৰ্ষিত হয়। এনে বহুতো লোক আছে যিয়ে ইয়াতে থাকিয়েই যায়। কিন্তু আৰ্জেণ্টিনাৰ পৰা অহা দুগৰাকী ভগ্নীয়ে দেখুৱাই দিলে অন্য এক পৰিচয়। এই দুই ভগ্নীয়ে ইয়াৰ বহুতো মহিলাক জীৱনটো নতুন দৃষ্টিভংগীৰে চাবলৈ শিকায়। জেছুমেল আৰু ছাইকন নামৰ এই দুই ভগ্নীয়ে মহিলাসকলৰ অকলশৰীয়া জীৱনটো আনন্দময় কৰি তোলে। কেতিয়াবা মন্দিৰৰ চৌহদ, ষ্টেচন অথবা ৰাস্তাই-ঘাটে খুজি খোৱা কমেও এক ডজন পৰিয়ালক স্বাৱলম্বিতাৰে জীয়াই থকাৰ পথ প্ৰদৰ্শন কৰে। আজি এই মহিলাসকলে নিজৰ প্ৰতিভা আৰু পৰিশ্ৰমৰ বলত দুবেলা দুসাজ খাই আছে। এয়া কোনো চৰকাৰী আঁচনিৰ ফলত নহয়, বৰঞ্চ সাত সাগৰ পাৰ হৈ অহা দুই ভগ্নীৰ বলতে আজি সম্ভৱ হৈ উঠিছে।


জেছুমেল আৰু চাইকনৰ প্ৰেৰণাৰ ফলত আজি ভিক্ষা খুজি পেট প্ৰৱৰ্তোৱা এই মহিলাসকলে নিজৰ প্ৰতিভাৰে সফলতা অৰ্জন কৰিছে। এই মহিলাসকলে টুপী, চেণ্ডেলৰ লগতে ব্ৰেছলেট তৈয়াৰ কৰি ঘাটৰ পাৰত বিক্ৰী কৰে। কেৱল এয়াই নহয় আৰ্জেণ্টিনাৰ ভগ্নীদ্বয়ৰ প্ৰচেষ্টাৰ বলত এওঁলোকৰ সন্তানে বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে। প্ৰায় পাঁচ বছৰৰ পূৰ্বে জেছুমেল কাশীলৈ আহিছিল। পূৰ্বৰে পৰা কাশীৰ এই বিশেষ ঘাটসমূহে বিশেষভাৱে আকৰ্ষিত কৰিছিল। প্ৰতিদিনেই তেওঁ এই ঘাটবোৰত সময় অতিবাহিত কৰে। ঘাটত গংগাৰ ঢৌৰ লহৰ আৰু সূৰ্যৰ কিৰণলৈ থৰ লাগি চায়। কিন্তু এই ঘাটত এক অজান আশংকাও অনুভূত হয়। যি দৃশ্যই তেওঁৰ হৃদয় জোকাৰি দিয়ে। দৰাচলতে ঘাটৰ পাৰত বহি আনৰ সন্মুখত হাত পাতি জীৱন যাপন কৰা মহিলা আৰু শিশুসকলৰ দৃশ্যই তেওঁক মৰ্মাহত কৰি তোলে। জেছুমেলে এই দৰিদ্ৰ শিশু আৰু মহিলাসকলৰ বাবে কিবা এটা কৰাৰ দৃঢ় সংকল্প গ্ৰহণ কৰে। জেছুমেলে কাশীত শিশু আৰু মহিলাসকলে ভিক্ষা মাগি খোৱাটো মুঠেই সহ্য কৰিব নোৱাৰিলে। গতিকে তেওঁ আৰম্ভ কৰিলে মহিলাসকলক স্বাৱলম্বী হ’বলৈ অনুপ্ৰাণিত কৰাৰ কাম।


জেছুমেলে য়’ৰ ষ্ট'ৰীক কয়,

 ‘বাৰানসীৰ ঘাটৰ এই দৃশ্য মোৰ বাবে অতি ভয়ানক আছিল। ক্ষুধা আৰু দৰিদ্ৰতাৰ তাড়নাত যুঁজা এইসকল মহিলাক দেখি বহু নিদ্ৰাহীন নিশা পাৰ কৰিলো। আৰু এদিন সংকল্প ল’লো মহিলাসকলৰ অৱস্থাৰ সলনি ঘটাবলৈ। তেতিয়াৰেপৰা এই অভিযানটোৰ সৈতে জড়িত হৈ আছো।’

জেছুমেলৰ বাবে এই অভিযান কোনো পৰিস্থিতিতে সহজ নাছিল। সবাটোকে জটিল আছিল ভাষাৰ সমস্যা। না জেছুমেলে মহিলাসকলৰ কথা-বতৰা বুজি পাইছিল, না মহিলাসকলে তেওঁৰ কথা বুজিছিল। কিন্তু জেছুমেলে হাৰ নামানিলে। নিজৰ প্ৰচেষ্টাত তেওঁ হিন্দী শিকিবলৈ আৰম্ভ কৰিলে যাতে মহিলাসকলৰ সৈতে বাৰ্তালাপ কৰাত বাধাৰ সৃষ্টি নহয়।


জেছুমেলে কাশীৰ অশী, শীতলা আৰু দশাচমেধ আদি ঘাটত ভিক্ষা খুজি খোৱা সমুদ্ৰী, চড়ী, স্বপ্না, নীলাৰ দৰে এক ডজন মহিলাক প্ৰথমতে গোটাই লয় আৰু এওঁলোকক প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰে। জেছুমেলৰ সহায়ত মহিলাসকলে এতিয়া বেগ, মালা, ধূপকাঠি, খেলনা আদি তৈয়াৰ কৰিবলৈ শিকিছে। ডাঙৰ কথাটো হ’ল, এই নিয়োজনৰ বাবে জেছুমেলে নিজেই ধনৰ ব্যৱস্থা কৰিছে। মহিলাসকলে প্ৰস্তুত কৰা এই সামগ্ৰীৰ যথেষ্ট চাহিদা আছে। জেছুমেলে এই সামগ্ৰীবোৰ আৰ্জেণ্টিনালৈ লৈ যায় আৰু তাত বিক্ৰী কৰে। কেৱল সেয়াই নহয় অন্য মহিলাসকলকো ঘাটৰ পাৰত নিজৰ বিপণী খুলি দিছে। আগতে জেছুৱে মাথোঁ ছমাহহে আছিল, কিন্তু এতিয়া গোটেই বছৰটো ভাৰতত থকাৰ সিদ্ধান্ত লৈছে। ভিক্ষা খোজা এই মহিলাসকল যদি স্বাৱলম্বী হয়, তেন্তে তেওঁলোক জীৱনটো স্মৰণীয় হৈ পৰিব। আজি এইসকলৰ মহিলাৰ সন্তান অধ্যয়নৰ বাবে বিদ্যালয়লৈ যায়। চণ্ডাই কয়, 

‘জেছু বাইদেউৰ কৃপা যে আজি আমি নিজৰ ভৰিত থিয় দিব পাৰিছো। আমাৰ সন্তানে আগতে ভিক্ষা খুজিবলগীয়া হৈছিল, কিন্তু আজি সিহঁত স্কুললৈ যায়। এয়া আমাৰ বাবে এক সপোন। আমাৰ জীৱনত এনে দিন দেখিবলৈ পাম বুলি কেতিয়াও কল্পনা কৰিব পৰা নাছিলো।’

জেছুৰ এই দৃঢ়তাক বাৰানসীবাসীয়ে সন্মান জনায়। দৰিদ্ৰসকলৰ বাবে কিবা এটা কৰিব বিচৰা আন কেইটামান সংস্থাই এতিয়া জেছুৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰিছে।


এইসকলৰ মহিলাৰ বাবে জেছু কোনো দেৱদূতৰ দৰে। নিজৰ ওপৰত বিশ্বাস আৰু উত্সাহ থাকিলে কোনো কামেই কঠিন নহয়। ইয়াক জেছুমেলে সঁচা কৰি দেখুৱাইছে। বাস্তৱৰ ওচৰত হাৰ মনা সেইসকল মহিলাৰ বাবে জেছুমেল হৈছে এগৰাকী পথ প্ৰদৰ্শক।

মূল: আশুতোষ সিং

অনুবাদ: ৰুবুল দাস

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী 

অসমৰ কাৰিকৰী ক্ষেত্ৰৰ বাধাই টলাব পৰা নাই উদ্যমী ৰাজৰ্ষি আৰু ৰাজীৱক

মেট্ৰ' চহৰ এৰি ভিতৰুৱা গাঁৱত জীৱন ধাৰণৰ মান উন্নত কৰিছে মনোজ বসুমতাৰীয়ে

অসমৰ শিক্ষা জগতলৈ অভিনৱ অৱদান শান্তনু আৰু উৎপলাৰ GOOD WORDS

এগৰাকী বিদেশী মহিলা ভ্ৰমণকাৰীৰ দৃষ্টিৰে ভাৰত