অসমৰ কাৰিকৰী ক্ষেত্ৰৰ বাধাই টলাব পৰা নাই উদ্যমী ৰাজৰ্ষি আৰু ৰাজীৱক

অসমৰ কাৰিকৰী ক্ষেত্ৰৰ বাধাই টলাব পৰা নাই উদ্যমী ৰাজৰ্ষি আৰু ৰাজীৱক

Saturday April 09, 2016,

5 min Read

অসমৰ দৰে কাৰিকৰী ক্ষেত্ৰত পিছপৰা এখন ঠাইত, য'ত এতিয়াও বহু ঠাইত বিদ্যু, ইন্টাৰনেট সংযোগ সহজলভ্য হোৱা নাই, এনে এখন ঠাইত কাৰিকৰী ক্ষেত্ৰত ষ্টাৰ্টআপেৰে স্বাৱলম্বী হোৱাৰ কথা ভবাটো প্ৰত্যাহ্বানমূলক। কিন্তু এনে প্ৰত্যাহ্বান গ্ৰহণ কৰি অসমৰ কাৰিকৰী ক্ষেত্ৰখনত TechHelp Consulting and Development Pvt Ltd. নামেৰে ব্যৱসায় আৰম্ভ কৰিলে ৰাজৰ্ষি শৰ্মা আৰু ৰাজীৱ চক্ৰৱৰ্তীয়ে। দহ বছৰ ধৰি অসমৰ বাহিৰত পঢ়া-শুনা আৰু চাকৰি কৰাৰ পাছত নিজ ঠাইলৈ ঘূৰি আহি নতুন কিবা এটা কৰাৰ মানসেৰে দুই বন্ধুৱে জম্ম দিলে টেক হেল্প কন্সাল্টিঙ এণ্ড ডেভেলপমেন্ট প্ৰাইভেট লিমিটেডক। এক প্ৰকাৰ দুঃসাহস ।

জন্মসূত্ৰে নলবাৰীৰ ৰাজৰ্ষি শৰ্মা আৰু ৰাজীৱ চক্ৰৱৰ্তী স্কুলীয়া শিক্ষা সমাপ্তিৰ পিছত গুছি গৈছিল ক্ৰমে বাঙ্গালুৰু আৰু চণ্ডীগড়লৈ। ৰাজৰ্ষি শৰ্মাই বাঙ্গালুৰু আই.আই.এম.ৰ পৰা এম.বি.এ আৰু ৰাজীৱ চক্ৰৱৰ্তীয়ে পঞ্জাৱ টেকনিকেল ইউনিভাৰ্চিটিৰ পৰা এম.চি.এ. ডিগ্ৰী লৈ কৰ্পৰেট ক্ষেত্ৰত কিছু বছৰ কাম কৰিছিল। পৰৱৰ্তী সময়ত অসমলৈ আহি নিজাকৈ কিবা এটা কৰাৰ কথা চিন্তা কৰিছিল দুই বন্ধুৱে। এই চিন্তাৰ ফলস্বৰূপে ২০১৩ চনত আৰম্ভ কৰিলে টেক হেল্প।

বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয় আৰু ব্যৱসায়খণ্ডত ব্যৱহাৰ কৰিব পৰাকৈ ছফটৱেৰ নিৰ্মাণ কৰে টেক হেল্পে। ৰাজৰ্ষি শৰ্মাই এই সম্দৰ্ভত কয়-'প্ৰথমে শিক্ষা ক্ষেত্ৰৰ বাবে স্কুল মেনেজমেন্ট এপ্লিকেশ্যন ছফটৱেৰ বনোৱাৰ কথা ভাবিলোঁ। আমাৰ প্ৰথমটো ছফটৱেৰ ব্যৱহাৰ কৰিছিল পাঠশালাৰ আনন্দ ৰাম বৰুৱা একাডেমীয়ে। তেওঁলোক আমাৰ প্ৰথম ক্লায়েন্ট আছিল।পৰৱৰ্তী সময়ত পাঠশালাৰ কে.কে.এইচ.জুনিয়ৰ কলেজ, নলবাৰীৰ শংকৰদেৱ একাডেমী আদি শিক্ষা প্ৰতিষ্ঠানত আমাৰ ছফটৱেৰ বিক্ৰী কৰিছিলোঁ। প্ৰথম আমি সৰু চহৰ আৰু ভিতৰুৱা ঠাইবোৰ টাৰ্গেট কৰিছিলোঁ। গুৱাহাটীৰ কেইবাখনো মিছনেৰী স্কুলৰ পৰা ভাল সঁহাৰি পাইছোঁ।'


image


নামনি অসমৰ ৭০-৮০ শতাংশ ভিতৰুৱা অঞ্চল আমি সামৰি লৈছোঁ। বহু ভিতৰুৱা ঠাইলৈ গৈছোঁ। মানুহে প্ৰযুক্তিটো আঁকোৱালি ল'ব বিচৰে। নতুন বস্তুৰ প্ৰতি আগ্ৰহ আছে। এনে অঞ্চল য'ত পকী ঘৰো নাই, তেনে ঠাইৰ বিদ্যালয়ে আমাৰ ছফটৱেৰ ব্যৱহাৰ কৰিছে। আমি কাকো জোৰ কৰিব লগীয়া হোৱা নাই। মানুহৰ আগ্ৰহ দেখি আমি অনুপ্ৰাণিত হৈছোঁ।

বিদ্যালয়,মহাবিদ্যালয় বা আন প্ৰতিষ্ঠানৰ প্ৰয়োজনীয় তথ্য পাতি সংৰক্ষণৰ লগতে প্ৰয়োজনীয় সকলো কাম-কাজ অনলাইন কৰিব পৰাকৈ বিভিন্ন মডেলৰ ছফটৱেৰ টেক হেল্পে নিৰ্মাণ কৰে।ৰাজৰ্ষি শৰ্মা আৰু ৰাজীৱ চক্ৰৱৰ্তীৰ উপৰি চাৰিজন কৰ্মচাৰীয়ে টেক হেল্পৰ কামসমূহ পৰিচালনা কৰে। ৰাজৰ্ষি শৰ্মাই কাৰিকৰী দিশটোৰ লগতে মাৰ্কেটিঙ পৰিচালনা কৰে। ৰাজীৱ চক্ৰৱৰ্তীয়ে কাৰিকৰী দিশটো প্ৰধানকৈ চায়।


image


প্ৰত্যাহ্বান গ্ৰহণৰ সাহস সকলোৰে নাথাকে। ৰাজৰ্ষি শৰ্মাই কয়-'নিজাকৈ কিবা এটা কৰাৰ ইচ্ছা আছিল। এনে এটা কাম যিটো আগতে আনে কৰা নাই। এম.বি.এ. কৰাৰ পিছত আত্মবিশ্বাস বাঢ়িল। আনহাতে, চাকৰিৰ অভিজ্ঞতাৰ পৰাও বহু শিকিলোঁ। ব্যৱসায় এটা কেনেকৈ কৰিব লাগে। কোনবোৰ কথাত গুৰুত্ব দিব লাগে আদি। ৰাজীৱে মোতকৈ তিনি মাহ আগত চাকৰি ত্যাগ কৰিছিল।কিন্তু আমি যেতিয়া নিজাকৈ ব্যৱসায় কৰাৰ সিদ্ধান্ত ললোঁ আৰু অসমত কাম কৰাৰ কথা চিন্তা কৰিলোঁ। সেই সিদ্ধান্তক বাস্তৱ ৰূপ দিওঁতে সময় লাগিছিল।

এতিয়াও আমি সংগ্ৰামৰ স্তৰতে আছোঁ। কিন্তু উদ্যমিতাত এই সংগ্ৰামৰ এটা মজা আছে।এই সংগ্ৰামেই উদ্যোগী এজনক গঢ়ি তোলে। যিসকলে এই সংগ্ৰামৰ স্তৰটো অতিক্ৰম কৰিব নোৱাৰে, তেওঁলোক টিকি থাকিব নোৱাৰে। অসমৰ দৰে কাৰিকৰী দিশত পিছপৰা ঠাই এখনত কাম কৰাটো প্ৰত্যাহ্বানমূলক। সেয়ে বৃদ্ধি বহু লেহেমীয়া হৈছে। কুশল কৰ্মী পাবলৈ ইয়াত অসুবিধা। প্ৰায়বোৰ কাম নিজে কৰিব লগীয়া হৈছে। বাকী কেইজনক প্ৰশিক্ষণ দি শিকাই লৈছোঁ।


image


উল্লেখযোগ্য যে, টেকহেল্প কন্সাল্টিঙ এণ্ড ডেভেলপমেন্ট প্ৰাইভেট লিমিটেডে নামনি অসমৰ কেইবাখনো শিক্ষা প্ৰতিষ্ঠান, তিনিখন চিকিৎসালয়, আৰু চৰকাৰী খণ্ডক তেওঁলোকৰ ব্যৱসায়ৰ লগত জড়িত কৰিছে। পৰৱৰ্তী সময়ত সমগ্ৰ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত ব্যৱসায় প্ৰসাৰ কৰাৰ লক্ষ্য আগত ৰাখিছে টেকহেল্পে।

অসমৰ নিবনুৱা সমস্যা

কাৰিকৰী আৰু উদ্যোগ ক্ষেত্ৰত আগবঢ়া বাঙ্গালুৰুৰ দৰে চহৰত শিক্ষা আৰু চাকৰি কৰি অসমলৈ ঘূৰি অহাৰ পিছত অসমৰ নিবনুৱা সমস্যা দেখি আচৰিত আৰু চিন্তিত হৈছিল ৰাজৰ্ষি শৰ্মা। মই দেখিছিলোঁ যে বিভিন্ন কাৰিকৰী প্ৰতিষ্ঠানত ডিগ্ৰী লৈ বহি আছে বহু যুৱক-যুৱতী। অসমত নিবনুৱা সমস্যা সমাধানৰ এটাই পথ আছে আৰু সেয়া উদ্যোগীকৰণ। ইয়াৰ লগতে,টুৰিজিম এটা ভাল উদ্যোগ হ'ব পাৰে যাৰ পৰা হাজাৰ হাজাৰ লোক সংস্থাপিত হোৱাৰ সম্ভাৱনা আছে।

কিন্তু অসমৰ ল'ৰা-ছোৱালীবোৰ কেৱল চাকৰিমুখী। এটা স্তৰলৈকেহে তেওঁলোকে চিন্তা কৰিব পাৰে। নিজৰ ভৰিত থিয় হোৱাৰ কথা নাভাবে। ডাক্টৰ, ইঞ্জিনীয়াৰ আৰু খুব বেছি আই.এ.এছ. হোৱাৰ কথা ভাবিব পাৰে। কিন্তু ইয়াৰ বাবে তেওঁলোকৰ গাত দোষ নাই। পৰম্পৰাগতভাৱে এয়া চলি আহিছে। অৱশ্যে লাহে লাহে এই ছবিখন কিছু সলনি হৈছে । এই বুলি মন্তব্য কৰে ৰাজৰ্ষি শৰ্মাই।


image


ৰাজৰ্ষি শৰ্মাক প্ৰশ্ন কৰিছিলোঁ-অকলে এটা কাম কৰা আৰু আৰু পাৰ্টনাৰশ্বিপত কৰাৰ মাজত পাৰ্থক্য কি? উত্তৰত তেওঁ কৈছিল যে, কোনো মানুহ সকলো কামত পাৰ্গত নহয়।পাঁচটা বেলেগ বেলেগ প্ৰতিষ্ঠানত কাম কৰা পাঁচজন মানুহৰ অভিজ্ঞতা আৰু দক্ষতা বেলেগ বেলেগ হ'ব। তেওঁলোক যদি এটা প্ৰতিষ্ঠান গঢ় দিবলৈ আহে তেন্তে সেই প্ৰতিষ্ঠানটো নিশ্চিতভাবে বহু আগবাঢ়ি যাব। মানুহৰ ভাল গুণখিনি একেলগ কৰিলে ভাল কাম হ'ব পাৰে। কিন্তু পাৰ্টনাৰশ্বিপত কাম কৰিবলৈ হলে এটা ভাল বুজাবুজি লাগিব। আন্তৰিক বুজাবুজি নহ'লে ব্যৱসায়ত বহু ক্ষতি হোৱাৰ সম্ভাৱনা থাকে।

দক্ষ কাৰিকৰী বিষয়াৰ অভাৱ, বিদ্যুৎৰ সমস্যা, ভিতৰুৱা ঠাইত ইন্টাৰনেট সংযোগৰ অসুবিধা আদি বিভিন্ন সমস্যা থকা সত্বেও এই দুজন তৰুণ যুৱকে প্ৰমাণ কৰি দেখুৱালে যে মনৰ দৃঢ়তা থাকিলে সমস্যা কেতিয়াও সফলতাৰ বাটত বাধা হ'ব নোৱাৰে।'সমস্যাৰ কথা ভাবি পিছুৱাই নাযাব। ইয়াক সমাধানৰ চেষ্টা কৰক। উদ্যমিতা এক কষ্টকৰ যাত্ৰা য'ত প্ৰতি পদতে সমস্যা থাকে। কিন্তু ইয়াৰ বাবে হতাশ হৈ আনক দোষাৰোপ কৰাৰ সলনি সমস্যাৰ সমাধামৰ উপায় চিন্তা কৰা উচিত।'

এক লাখ টকা পুঁজিৰে আৰম্ভ কৰা টেকহেল্পে অহা পাঁচ বছৰত সমগ্ৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলক সামৰি ব্যৱসায় প্ৰসাৰিত কৰাৰ লগতে কাৰিকৰী দিশৰ লগত জড়িত এশ যুৱক-যুৱতীক কৰ্ম-সংস্থাপন দিয়াৰ লক্ষ্য আগত ৰাখিছে।

এই কাহিনীটো ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান (IIE) ৰ ষ্টাৰ্টআপ নৰ্থইষ্ট গোটৰ ড° শ্ৰীপৰ্ণা বৰুৱা, অনুসূয়া মহন্ত আৰু শশাংক চোধুৰীৰ সহযোগত প্ৰস্তুত কৰা হৈছে 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী 

মেট্ৰ' চহৰ এৰি ভিতৰুৱা গাঁৱত জীৱন ধাৰণৰ মান উন্নত কৰিছে মনোজ বসুমতাৰীয়ে

কোনো NSA, CIAই আপোনাৰ মেইলত আৰু চকু ৰাখিব নোৱাৰিব

অসমৰ শিক্ষা জগতলৈ অভিনৱ অৱদান শান্তনু আৰু উৎপলাৰ GOOD WORDS

উদ্যমিতাৰে বহু লোকৰ জীৱন পোহৰোৱা এগৰাকী সাহসী মহিলা চয়নিকা ৰাজখোৱা

    Share on
    close