মেট্ৰ' চহৰ এৰি ভিতৰুৱা গাঁৱত জীৱন ধাৰণৰ মান উন্নত কৰিছে মনোজ বসুমতাৰীয়ে

মেট্ৰ' চহৰ এৰি ভিতৰুৱা গাঁৱত জীৱন ধাৰণৰ মান উন্নত কৰিছে মনোজ বসুমতাৰীয়ে

Monday March 28, 2016,

4 min Read

এটা বৃহৎ ৰাষ্ট্ৰীয়কৃত বেংকৰ উচ্চ পদবীধাৰী বিষয়া আছিল তেওঁ। কিন্তু এই চাকৰি অথবা দৰমহাই তেওঁক বান্ধি ৰাখিব নোৱাৰিলে। ১৫ বছৰীয়া চাকৰিৰ কৰ্ম জীৱনৰ ইতি পেলাই ৰাজধানী দিল্লী হেন চহৰৰ পৰা ঢাপলি মেলিলে জকাইচুকীয়া গাওঁ তেজপুৰৰ ঘোঁৰামাৰীলৈ । এটাই উদ্দেশ্য আছিল নিজাকৈ কিবা এটা কৰা আৰু গাঁৱৰ পিচপৰা জনজাতীয় মহিলাসকলকো কৰ্মৰ যোগেদি আগবঢ়াই যোৱা । মনোজ কুমাৰ বসুমতাৰী নামৰ এই ব্যতিক্ৰমী চিন্তাৰ ব্যক্তিজন বৰ্ত্তমান তেজপুৰৰ ঘোঁৰামাৰীৰ বাসিন্দা ।


image


আচলতে উচ্চাকাংক্ষী মানুহৰ সপোন, আশাৰ কোনো সীমা নাথাকে । সকলো পাইয়ো যেন আৰু পাবলৈ শত যোজন বাট থাকে । আকাশ চুবলৈ মন কৰে । মনোজ কুমাৰ বসুমতাৰীও ইয়াৰ ব্যতিক্ৰম নহয় । অৱশ্যে তেওঁৰ উচ্চাকাংক্ষা আজিৰ দিনৰ নহয় । স্কুলত, কলেজৰ দিনত পঢ়ি থকা সময়ৰ পৰাই বসুমতাৰীৰ মাজত এনে আকাংক্ষা আছিল । যাৰ বাবে অাভিযান্ত্ৰিক পৰীক্ষাত সফলতাৰে উৰ্ত্তীণ হৈও কোনো কলেজত ভৰ্ত্তি নহৈ ৰাজধানী দিল্লীলৈ ভাৰতীয় প্ৰশাসনিক পৰীক্ষাত অৱৰ্ত্তীণ হ’বৰ বাবে ঢাপলি মেলিছিল । কিন্তু তেওঁ প্ৰশাসনিক বিষয়াৰ পৰীক্ষাত সফল নহ’লেও ভাগি পৰা নাছিল । দিল্লীতে থাকি বেংকৰ CRD পৰীক্ষাত অৱৰ্ত্তীণ হৈ প্ৰথমে Union Bank of India (UBI)ৰ চাকৰিত যোগদান কৰে, যদিও ইয়াৰ পিছতে পৰৱৰ্ত্তী সময়ত State Bank of India (SBI)ত Probationary Officer হিচাপে থাকি চাকৰিৰ কৰ্ম জীৱন আৰম্ভ কৰে । চাকৰিৰ সময়চোৱাত উত্তৰাখণ্ড, ডেৰাদুন, দিল্লী আদিত কৰ্মৰত আছিল । নিজৰ দক্ষতা, কৰ্ম পটুতাৰ বলত SBI ৰ Chief Manager হিচাপে কাম কৰাৰ সুযোগ পাইছিল । কিন্তু ১৫ বছৰ চাকৰি কৰাৰ পাছত এদিন চাকৰি এৰাৰ সিদ্ধান্ত লৈ পেলালে । কাৰণ নিজাকৈ কিবা এটা কৰাৰ দুৰ্বাৰ ইচ্ছা ।

মনোজ কুমাৰ বসুমতাৰীয়ে ব্যৱসায় ৰূপে গাহৰি পালন আৰু যোগানৰ ব্যৱসায়টো বাছি ল’লে । তেওঁৰ নিজৰ ভাষাত, 'গাহৰি পালন ব্যৱসায়টো ঘোঁৰামাৰী অঞ্চলৰ মহিলা সকলে কম বেছি পৰিমাণে চলাই আছে । মই এটা নতুন ধৰণে, নতুন চিন্তাৰে তেখেত সকলৰ মাজলৈ ব্যৱসায়টো লৈ যোৱাৰ মানস কৰিলো । ইয়াৰ উপৰিও উত্তৰ পূৱত গাহৰিৰ সৰ্বাধিক চাহিদা থকাৰ লক্ষ্য কৰিছিলো । সেয়েহে এই ধৰণৰ পেছা বাছনি কৰিলো ।'

image


সহধৰ্মীনি জয়শ্ৰী দেৱগণ বেলজিয়ামত State Bank of India ত কৰ্মৰত হোৱাৰ সূত্ৰে এবাৰ বেলজিয়ামত পৰিয়ালৰ লগত কিছু দিন কটাইছিল বসুমতাৰীয়ে । বেলজিয়ামত গাহৰি পালনৰ বৈজ্ঞানিক পদ্ধতিয়ে তেওঁক আকৃষ্ট কৰিছিল । তেওঁ কয়, 'তেতিয়াই তেনে এটা ধাৰণা মনলৈ আহিছিল যে অসমত কিয়নো তেনে এটা ধাৰা সৃষ্টি কৰিব নোৱাৰোঁ আৰু সেয়ে গাহৰি পালনৰ ব্যৱসায়ত নামি পৰোঁ ।'

২০১৪ চনৰ কথা । ঘৰৰ ওচৰৰ এটা চৰি জনীয়া পৰিয়ালৰ সৈতে এক লাখ টকাৰ মূল ধনেৰে ব্যৱসায় আৰম্ভ কৰে বসুমতাৰীয়ে। তেজপুৰৰ চৰিদুৱাৰ অঞ্চলৰ ২০ গৰাকী মহিলাক ৪টা কৈ গাহৰি অাধি (Contract Farming) দিয়া হয়। অৱশ্যে গাহৰিৰ যত্ন তথা খোৱাৰ খাদ্য বস্তু বসুমতাৰীয়ে যোগান ধৰো । গাহৰিৰ খাদ্য ভিতৰত তুঁহ গুৰি, গুমধান আদি বোৰ প্ৰধান । স্মতৰ্ব্য যে মাত্ৰ ৫মাহতে Contract Farming ত দিয়া গাহৰি কেইটাৰ ওজন ৮০ পৰা ১০০ কি. জি. হয়। এক উন্নত জাতৰ গাহৰি পাবলৈ সক্ষম হয়। ইয়াৰ পিচত সেই গাহৰি কেইটাক মাংসৰ কাৰণে অৰুণাচল প্ৰদেশত বিক্ৰী কৰা হয়। এই প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰতি গৰাকী গাহৰি পালক মহিলাই এটকা মূল ধন নোহোৱাকৈ ১০ হাজাৰ টকা কৈ উৰ্পাজন কৰিবলৈ সক্ষম হ’ল । এয়া আছিল আৰম্ভণী।

image


বৰ্ত্তমানে ১০০ গৰাকী মহিলাক ব্যবসায়ৰ অন্তভুৰ্ক্ত কৰাৰ প্ৰচেষ্টা চলাইছে বসুমতাৰীয়ে । 'যথেষ্ট সফল হৈছো । গাহৰিক মাংসৰ বাবে নিৰ্দয় ৰূপে হত্যা কৰা প্ৰক্ৰিয়াটো সলনি কৰি European পদ্ধতিৰে নিধন কৰা ধাৰাটো অনাৰ চেষ্টা অব্যহত ৰাখিছো ।' মনোজ কুমাৰ বসুমতাৰী এনে দৰে জনাই ।

গাহৰি ব্যৱসায়ৰ লগত সংগতি ৰাখি তেজপুৰৰ ঘোঁৰামাৰীত Symbiotic Foods Pvt. Ltd. নামেৰে এক কোম্পানী ন কৈ আৰম্ভ হৈছে । ইতিমধ্যে কোম্পানীৰ অধীনত গুৱাহাটী মাহানগৰীৰ হেঙাৰাবাৰীত, ভেটাপাৰা আৰু বেলতলাত গাহৰিৰ বিক্ৰী কেন্দ্ৰ খোলা কাম সম্পুৰ্ণ হৈছে ।

image


পিচপৰা অঞ্চলৰ জনজাতীয় মহিলা সকলৰ সবলীকৰণৰ পথ দেখু্ৱাৰ বাবে ২০১৫ চনত Mask নামৰ এটা N.G.O য়ে সামাজিক উদ্যমী ৰূপে মনোজ কুমাৰ বসুমতাৰীক এক বটা প্ৰদান কৰে । ইয়াৰ উপৰিও নেদাৰলেণ্ডছৰ এটা আন্তঃ ৰাষ্ট্ৰীয় সংগঠনে Symbiotic Foods Pvt. Ltd. কামলৈ সহায়ৰ হাত আগবঢ়াইছে । Symbiotic Foods Pvt. Ltd. আৰু মনোজ কুমাৰ বসুমতাৰী কৰ্মাদৰ্শ আৰু পৰিকল্পনা শতযোজন অাগুৱাই যাওক আৰু পিচ পৰা মহিলাৰ পথৰ সাৰথি হওক, আন্তৰিক শুভকামনা থাকিল ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী 

ভাৰতীয় মহিলাৰ সবলীকৰণৰ বাবে লোভনীয় চাকৰি ত্যাগ কৰা মহিলাগৰাকী

নাৰীৰ পশ্চাদপদৰ বাবে দায়ী নাৰী নিজেইঃ অনিশা সিং

সাত পুৰুষ ধৰি এটা কলাক ধৰি ৰখা এটা পৰিয়াল

'পানামা লীকছ'-ক'লা ধনৰ সৰ্ববৃহৎ কেলেংকাৰী