চকুৰ পচাৰতে ঋণ দিয়ে কীৰ্তি জৈনে

২০০০ চনৰ কথা । কীৰ্তি জৈন তেতিয়া পুণে বিশ্ববিদ্যালয়ত বেচেলৰ অৱ ইঞ্জিনীয়াৰিং পাঠ্যক্ৰমৰ শেষ বৰ্ষত অধ্যয়নৰত । তেওঁৰ মন তেতিয়া উৎসাহ উদ্দীপনাৰে ভৰপূৰ । মনত অলেখ সপোন । তেওঁ নিশ্চিত আছিল যে পঢ়া-শুনা শেষ কৰাৰ পাছতে এটা ভাল চকৰি পাব । কিন্তু সেই বছৰতে তেওঁৰ পিতৃ অসূখত আক্ৰান্ত হৈ শয্যাশায়ী হবলগীয়া হ'ল । পিতৃৰ সৰু-সুৰা ব্যৱসায়টো বন্ধ হৈ পৰিল । সেই বছৰতে কীৰ্তিৰ ডাঙৰ বায়েকৰ বিয়াৰ তাৰিখো ঠিক হৈছিল । কিন্তু পিতৃৰ অসূখে যেন এই সকলোবোৰ হিচাপত আউল লগাই দিলে । পিতৃৰ অসূখ, নিজৰ পঢ়াৰ খৰচ, ঘৰৰ খৰচ আৰু বায়েকৰ বিয়াৰ খৰচ- এই সকলোবোৰে কীৰ্তিক অত্যন্ত আতংকিত কৰি তুলিলে । আটাইতকৈ আচৰিত কথাটো আছিল এইটোৱেই যে সেই সময়ত সকলোবোৰ আত্মীয় স্বজন, বন্ধু-বান্ধৱ তেওঁলোকৰপৰা আঁতৰি গ'ল। তেওঁ কয়, " মই দেখিলো যে যেতিয়া আপোনাৰ দিন ভালে থাকে তেতিয়া আপোনাৰ বন্ধু-বান্ধৱ, আত্মীয় স্বজন সকলো আপোনাৰ কাষত থাকে । কিন্তু যেতিয়াই বেয়া সময় আহে তেতিয়াই সকলো দূৰ হৈ যায় । তেতিয়া যদি এহেজাৰ টকাও আপুনি বিচাৰে আপোনাক কোনেও সহায় নকৰে।" সমস্যাৰপৰা মুক্তি পাবলৈ কীৰ্তিৰ পৰিয়ালে ধাৰ ল'বলগীয়া হ'ল । এই সময়তে তেওঁ ভালকৈ বুজি পালে যে ধাৰ ল'বলৈ মানুহে কিমান কষ্ট সহ্য কৰিবলগীয় হয় । তেওঁ এই কথাও বুজিলে যে ধাৰ ল'বৰ সময়ত বহু অপমানৰো সন্মূখীন হ'বলগীয়া হয় । অসুবিধাত পৰা দেখি একাংশ মহাজনে অধিক হাৰত সুত ল'বলৈও চেষ্টা কৰে । বেংকৰ ঋণ ল'বলৈ গ'লেও ইমান সময় নষ্ট হয় যে সমস্যা আৰু বাঢ়িহে যায় । কাগজ পত্ৰ প্ৰস্তুত কৰি থাকোঁতে ইমান সময় লাগে যে তাতকৈ কোনোবা মহাজনৰপৰা ধাৰ লোৱাটোকে বহুতে সুবিধাজনক বুলি ভাবে । এই সমস্যা সমূহৰ মূখামূখী হৈ তেওঁ ভাবিলে যে প্ৰযুক্তিৰ সহায়ত এনেকুৱা কিবা এটা কৰা যাওক যাৰ দ্বাৰা বেয়া সময়ত কোনেও যাতে নিজৰ ঘৰ-দুৱাৰ বিক্ৰী কৰিবলগীয়া নহয় অথবা নিজৰ আত্মসন্মানৰ সৈতে আপোচ কৰিবলগীয়া নহয় । তেওঁ সিদ্ধান্ত ল'লে যে তেওঁ এনেকুৱা কিবা এটা কৰিব যাৰ সহায়ত বিপদৰ সময়ত মানুহে সহজে ধাৰলৈ ধন পাব পাৰিব । এই সিদ্ধান্ত লোৱাৰ ১৪ বছৰৰ পাছত তেওঁ এই কামত সফল হ'ল । এই ১৪ বছৰত তেওঁ আইচিআইচিআই, য়েছ বেংক আৰু নাগাৰ্জুনা কনষ্ট্ৰাকছনৰ দৰে প্ৰতিষ্ঠানত কাম কৰি যথেষ্ট সা-সম্পত্তি কৰিলে । চাকৰি কৰি থকাৰ সময়ছোৱাত তেওঁ অহৰহ চিন্তা কৰি থাকিল যে তেওঁৰ সংকল্প কিদৰে পূৰণ কৰিব পাৰি । অৱশেষত ফেব্ৰুৱাৰী ২০১৪ত নাগাৰ্জুনা কনষ্ট্ৰাকছনত কাম কৰি থকাৰ সময়তে তেওঁ ঠিক কৰিলে যে এয়া তেওঁৰ সপোন পূৰণ কৰাৰ সঠিক সময় । 

চকুৰ পচাৰতে ঋণ দিয়ে কীৰ্তি জৈনে

Monday August 01, 2016,

6 min Read

২০১৪ চন পৰ্যন্ত কীৰ্তি আৰ্থিক, সামাজিক আৰু মানসিক ৰূপে ইমান শক্তিশালী হৈ উঠিছিল যে তেওঁ উদ্যোগশীলতাৰ বিপদসংকুল পথ অতিক্ৰম কৰিবলৈ প্ৰস্তুত হৈ পৰিছিল । পৰ্যাপ্ত পুঁজি জমা হোৱাৰ পাছত তেওঁ নিজৰ কোম্পানী আৰম্ভ কৰিলে যি কম সুতত, কম সময়ত ধাৰলৈ টকা দিয়ে । ২০১৪ চনৰ ছেপ্টেম্বৰত হায়দৰাবাদৰ কীৰ্তি জৈনে আৰম্ভ কৰিলে 'এনি টাইম লোন চাৰ্ভিছ' । 'ভোট ফৰ কেশ্ব ডট ইন'ৰ জৰিয়তে তেওঁ পৃথিৱীৰ প্ৰথমটো এনেধৰণৰ অনলাইন প্লেটফৰ্ম আৰম্ভ কৰিলে য'ত কোনো নথি-পত্ৰ, সত্যাপন অথবা গেৰাণ্টি অবিহনে ঋণ দিয়া হয় । এটা কথাত বিশেষ মনোযোগ দিয়া হয় যে ধৰুৱা ব্যক্তিজন যাতে যিকোনো পৰিস্থিতিতে অপমানিত হ'বলগীয়া নহয় । ইয়াৰ উপৰিও তেওঁ এছএমই বেংকৰ জৰিয়তে ৩০ হাজাৰৰপৰা ৩০ লাখ টকা পৰ্যন্ত ঋণ দিয়ে যাতে তেওঁলোকে উদ্যোগ স্থাপনৰ সপোন পূৰণ কৰিব পাৰে । 

'ভোট ফৰ কেশ্ব ডট ইন' 'পিয়েৰ টু পিয়েৰ' ক্ষেত্ৰ দেশৰ এক নম্বৰ কোম্পানী হৈ উঠিছে । কীৰ্তিৰ কোম্পানীয়ে আজি ১ হেজাৰ টকাৰপৰা আৰম্ভ কৰি ৩০ লাখ পৰ্যন্ত ঋণ দিয়ে । ঋণ দিবৰ বাবে কীৰ্তিয়ে 'প্ৰেডিক্টিভ ছাইন্স'ৰ এক বিশেষ আহিলা 'বীম্স' ব্যৱহাৰ কৰে । ঋণ ল'বলৈ ইচ্ছুক ব্যক্তিজনৰ মানসিকতা বুজিবলৈ কৃত্ৰিম বুদ্ধিমত্তাৰো প্ৰয়োগ কৰা হয় । কীৰ্তিৰ মতে, "এই পদ্ধতিত ছবি চায়েই এজন ব্যক্তিয়ে ঋণ পৰিশোধ কৰিবলৈ ইচ্ছুক হ'ব নে নহয় সেই কথা ক'ব পৰা যায় ।" কেৱল সেয়ে নহয় কীৰ্তিৰ দাবী যে তেওঁৰ প্ৰতিষ্ঠানে মাত্ৰ দুই মিনিটতে ঋণ দিয়ে । আনহাতে ঋণ ল'বৰ বাবে এজন ব্যক্তিয়ে কোনো ধৰণৰ কাগজ পত্ৰ জমা দিবলগীয়া নহয় ।

কীৰ্তিৰ প্ৰতিষ্ঠানে যে কেৱল ঋণ দিয়ে সেয়া নহয় । ইচ্ছুক ব্যক্তিয়ে ইয়াত বিনিয়োগো কৰিব পাৰে । ইয়াৰ বাবে ২০,০০০ অথবা তাতকৈ বেছি ধন বিনিয়োগ কৰিব লাগে । তেওঁ কয় যে তেওঁৰ প্ৰতিষ্ঠানত প্ৰায় চাৰে ছয় কোটি টকা বিনিয়োগ কৰিবলৈ বিনিয়োগকাৰী ইচ্ছুক । 

এই প্ৰতিষ্ঠানে তিনি ধৰণৰ ঋণ দিয়ে । ব্যক্তিগত ঋণ, স্কুলীয়া শিক্ষা ঋণ, আৰু মাইক্ৰ স্মল এণ্ড মিডিয়াম এন্টাৰপ্ৰাইজেছৰ বাবে ঋণ । স্কুলীয়া শিক্ষাৰ বাবে ঋণ দিয়া ই দেশৰ একমাত্ৰ কোম্পানী । কীৰ্তিয়ে কয়, "দেশৰ কোনো প্ৰতিষ্ঠানে স্কুলীয়া শিক্ষাৰ বাবে ঋণ নিদিয়ে । অথচ স্কুলীয়া শিক্ষাৰ খৰচ দিনক দিনে বাঢ়ি গৈছে । এই খৰচ উলিয়াবলৈ যাতে কোনেও চিন্তা কৰিবলগীয়া নহয় তাৰ বাবে আমি এই ঋণ দিয়াৰ ব্যৱস্থা কৰিছো ।" 

ঋণ দিয়াৰ প্ৰক্ৰিয়া সহজ কৰিবলৈ চেষ্টা কৰা কীৰ্তি বহু বছৰৰ চাকৰিৰ অন্তত উদ্যমী হৈছিল । ব্যৱসায় স্থাপন কৰাৰ সপোন কলেজত পঢ়ি থকা দিনৰ পৰাই আছিল যদিও পুঁজি গঠন কৰিবলৈ তেওঁ ৰ'ব লগীয়া হৈছিল । প্ৰায় ১৪ বছৰৰ অপেক্ষাৰ অন্তত তেওঁ মিজৰ সপোন পূৰণ কৰিব পাৰিছিল । সেয়েহে তেওঁ নিজেও আন উদ্যোগী সকলক উৎসাহ যোগাই আহিছে । তেওঁ কয় যে তেওঁৰ প্ৰতিস্থানে ০.০৫ শতাংশ হাৰত সুত লয় যি বজাৰ দৰতকৈ কম । 

কীৰ্তিৰ সফলতাৰ ছবিখন এটা কথাৰ পৰাই স্পষ্ট হৈ উঠে যে ১৯ মাহত তেওঁ ২০ হাজাৰতকৈও অধিক লোকক ৩৪ কোটি টকাৰ ঋণ দিছে । উল্লেখযোগ্য যে তেওঁ কোনো ধৰণৰ মাৰ্কেটিং অবিহনে কেৱল মৌখিক প্ৰচাৰৰ জৰিয়তেই এই সফলতা লাভ কৰিছে । আত্মবিশ্বাসী কীৰ্তিক তেওঁৰ সপোন পূৰণৰ ক্ষেত্ৰত টি-হাবে যথেষ্ট সহায় কৰিছে ।

শেহতীয়াকৈ কীৰ্তিৰ প্ৰতিষ্ঠানে প্ৰতি মাহে ৩ কোটি টকা ঋণ আগবঢ়াই আহিছে । ভৱিষ্যৎ পৰিকল্পনা সম্পৰ্কে কীৰ্তিয়ে কয়, বৰ্তমান আমাৰ প্ৰতিষ্ঠানে মাহে ৩ কোটি টকাৰ ঋণ দিয়ে । আমি বিচাৰোঁ অহা ৫ বছৰত এি পৰিমাণ ১০০০ কোটি টকা হোৱাটো । ইয়াৰ উপৰিও আমাৰ লক্ষ্য হ'ল 'ভোট ফৰ কেশ্ব ডট ইন' দেশৰ সৰ্ববৃহৎ ঋণ প্ৰতিষ্ঠান হোৱাটো ।" কীৰ্তিয়ে কয় যে ২০১৭ চনৰ  জানুৱাৰীৰ পৰা ঋণৰ বাবে আবেদন কৰাৰ দুই মিনিটৰ ভিতৰতে ঋণ দিয়াৰ ব্যৱস্থা কৰা হ'ব । 

image


নিজৰ অ-গতানুগতিক চিন্তাৰে নতুন নতুন অভিলেখ স্থাপন কৰাটো কীৰ্তিৰ বাবে নতুন কথা নাছিল । কলেজীয়া শিক্ষা শেষ কৰি তেওঁ চাকৰি জীৱন আৰম্ভ কৰাৰ পৰাই অভিলেখ স্থাপন কৰিবলৈ আৰম্ভ কৰে । পুণেৰ কে কে ৱাঘ ইন্সটিটিউট অৱ ইঞ্জিনীয়াৰিং এণ্ড ৰিচাৰ্ছৰপৰা প্ৰডাক্সন ইঞ্জিনীয়াৰিং বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰা কীৰ্তিয়ে ব্যৱসায়ৰ খুটি নাটি শিকিবৰ কাৰণে এম বি এ কৰাৰ সিদ্ধান্ত লয় । কেট পৰীক্ষা সফলতাৰে সম্পন্ন কৰি তেওঁ আইআইএম কোঝিকোড়েত নামভৰ্তি কৰে । ইয়াত তেওঁ বিশ্বৰ বিভিন্ন সফল ব্যৱসায় মডেল অধ্যয়ন কৰে । 

কীৰ্তিৰ চাকৰি জীৱন আৰম্ভ হয় আইচিআইচিআই বেংকত । আইচিআইচিআইৰ বিভিন্ন শাখাত কাম কৰি তেওঁ কেইটামান নতুন অভিলেখ স্থাপন কৰে । চাৰে তিনি বছৰত তেওঁ ১৭ টা ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰে আৰু আইচিআইচিআই বেংকৰ ব্যৱসায়ক এক নতুন গতি প্ৰদান কৰে । 

কিন্তু ১৭ টা ৰাষ্ট্ৰীয় অভিলেখতে ক্ষান্ত নাথাকিল কীৰ্তি । তেওঁ এনেকুৱা এটা ডাঙৰ কাম কৰিলে যিটোৰ বাবদ তেওঁৰ নাম গিণীজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত লিপিবদ্ধ হ'ল । ২০১৫ চনৰ ২৭ মাৰ্চত তেওঁ একেদিনাই ৭.৯৩ কোটি টকাৰ ক্ষুদ্ৰ বীমা কৰোৱাই বিশ্ব ৰেকৰ্ড স্থাপন কৰিলে । 

আইচিআইচিআই বেংকৰ পাছত তেওঁ য়েছ বেংকত যোগদান কৰিলে । ইয়াতো তেওঁ বিভিন্ন ৰেকৰ্ড স্থাপন কৰে । তেওঁ হায়দৰাবাদত য়েছ বেংকৰ প্ৰথম কৰ্মচাৰী আছিল । কীৰ্তিৰ প্ৰচেষ্টাতে ভাৰতত প্ৰথমবাৰৰ বাবে ৰিভাৰ্ছ বেংকিং আৰম্ভ হ'ল আৰু ইয়াৰ কৃতিত্ব য়েছ বেংকে লাভ কৰিলে । তেওঁ য়েছ বেংকত এটিএম আৰু ৰিটেইল বেংকিঙো আৰম্ভ কৰোৱালে ।

কীৰ্তিৰ কাৰ্যকুশলতা দেখি তেওঁক য়েছ বেংকৰ দক্ষিণ আৰু পশ্চিম ক্ষেত্ৰৰ মূৰব্বী নিযুক্ত কৰা হ'ল । তেওঁ এই দায়িত্ব সফলতাৰে পালন কৰি য়েছ বেংকৰ প্ৰসাৰত যথেষ্ট অৰিহণা যোগালে । তিনি বছৰ য়েছ বেংকত সেৱা আগবঢে়োৱাৰ পাছত তেওঁ এই চাকৰি বাদ দিয়ে । 

বেংকিং ক্ষেত্ৰৰ পাছত এইবাৰ তেওঁ ভৰি দিলে নিৰ্মাণ খণ্ডত । তেওঁ হায়দৰাবাদৰ নাগাৰ্জুনা কন্সট্ৰাকছন্সত যোগদান কৰিলে । এই নতুন দায়িত্বতো নিজৰ দক্ষতা প্ৰকাশ কৰাৰ সুযোগ আহিল যেতিয়া তেওঁক ৰাঁচীত ক্ৰীড়া গ্ৰামৰ দায়িত্ব দিয়া হ'ল । 

এই দায়িত্ব পালন কৰি তেওঁ ভাৰতৰ নিৰ্মাণ ঘণ্ডত এক নতুন আঁচনিৰ প্ৰৱৰ্তন কৰিলে । এই আঁচনি আছিল - 'ফ্লেট কিনক আৰু প্ৰথম মাহৰ পৰাই ভাৰা পাওক' । ৰাঁচীৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে ক্ৰীড়া গ্ৰাম নিৰ্মাণ কৰা হৈছিল । এই কাম লাভ কৰিছিল নাগাৰ্জুনা কন্সট্ৰাকছন্সে খেলুৱৈ আৰু ক্ৰীড়া বিষয়াসকল থাকিবৰ বাবে নিৰ্মাণ কৰা আবাসিক ভৱন সমূহ খেল শেষ হোৱাৰ পাছত বিক্ৰী কৰাৰ পৰিকল্পনা আছিল । কিন্তু খেল স্থগিত হোৱাৰ ফলত কোম্পানীটো ভীষণ লোকচানৰ সন্মূখীন হয় । কাৰণ এই প্ৰকল্পৰ বাবে বেংকৰপৰা ঋণ লোৱা হৈছিল । এই লোকচানৰপৰা হাত সাৰিবৰ বাবে উপায় উদ্ভাৱনৰ দায়িত্ব পৰিল কীৰ্তিৰ ওপৰত । তেওঁ দিনে নিশাই চিন্তা কৰি এটা উপায় উলিয়ালে যাক উদ্ধৰ্তন কতৃপক্ষই অনুমোদন জনালে । এই আঁচনি অনুসৰি এই ফ্লেটবোৰ বিক্ৰী কৰা হ'ল যদিও সেইবোৰ ক্ৰেতাক হস্তান্তৰ কৰা নহ'ল । কিন্তু তেওঁলোকক প্ৰথম মাহৰপৰাই এইবোৰৰ ভাৰা দিয়া হ'ল । এই আঁচনি ইমানেই জনপ্ৰিয় হ'ল যে অতি শীঘ্ৰেই কোম্পনীটো লোকচানৰ পৰা হাত সাৰিবলৈ সক্ষম হ'ল ।

২০১৪ চনত সম্পুৰ্ণৰূপে উদ্যোগী হৈ পৰিল কীৰ্তি । তেওঁ ষ্টাৰ্টআপৰ জগতখনত ভৰি দিলে । 

কীৰ্তিৰ চিন্তাধাৰাৰ দৰে তেওঁৰ জীৱনৰ কেতবোৰ ঘটনাও অগতানুগতিক । সপ্তম শ্ৰেণীলৈকে পঢ়া-শুনাত সাধাৰণ আছিল তেওঁ । বেছিভাগ সময় তেওঁ পাঠ্যক্ৰম বহিৰ্ভূত কাৰ্যকলাপত জড়িত থাকিছিল । অভিনয়, সঙ্গীত, নাটক ইত্যাদিত ব্যস্ত থকা কীৰ্তিক এদিন পিতৃয়ে সোঁৱৰাই দিলে যে তেওঁৰ বায়েক দুগৰাকী পঢ়া-শুনাত যথেষ্ট আগবঢ়া আৰু তেওঁলোক স্বৰ্ণ পদক বিজয়ী ছাত্ৰী গতিকে কীৰ্তিয়েও তেওঁলোকৰ দৰে হ'বলৈ চেষ্টা কৰিব লাগে । এই কথা শুনি তেওঁ সিদ্ধান্ত ল'লে যে বায়েকহঁতৰ দৰে তেৱোঁ পঢ়া-শুনাত মনোযোগ দিব । ইয়াৰ পাছত তেওঁ এজন ভাল ছাত্ৰ হৈ পৰিল । হায়দৰাবাদৰ হনুমান ব্যায়ামশালা স্কুলত দশম শ্ৰেণীলৈকে পঢ়া-শুনা কৰাৰ পাছত হিমায়ত নগৰৰ চেইন্ট মেৰীজ কলেজত তেওঁ নামভৰ্তি কৰে । 

টি-হাবত হোৱা এক বিশেষ সাক্ষাৎকাৰত তেওঁ কয় যে তেওঁৰ মগজুত আৰু বহু পৰিকল্পনা আছে । নিজৰ 'এনি টাইম লোন' প্ৰকল্পক সফলতাৰ শিখৰলৈ লৈ যোৱাৰ পিছত তেওঁ অন্যান্য পৰিকল্পনা সমূহৰ ওপৰত কাম কৰিব । তেওঁ কয় যে তেওঁ অহা দহ বছৰলৈ তেওঁ যথেষ্ট ব্যস্ত থাকিব । তেওঁৰ পত্নী চাৰ্টাৰ্ড একাউন্টেন্ট হোৱাৰ লগতে উপাৰ্জন ভাল হোৱা বাবে তেওঁ আৰ্থিকভাৱে ৰিস্ক লোৱাত সক্ষম বুলিও তেওঁ মন্তব্য কৰে । কীৰ্তিৰ তৃতীয় আৰু প্ৰাক প্ৰাথমিক শ্ৰেণীত অধ্যয়নৰত দুজন পুত্ৰ সন্তান আছে ।


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী  

দিল্লীৰ পথৰ দাঁতিত চাহ বিক্ৰী কৰা লক্ষ্মণ ৰাও এজন প্ৰসিদ্ধ সাহিত্যিক

প্ৰাৰম্ভিক উদ্যোগীসকললৈ ২০ টা বিনামূলীয়া আহিলা

বয়ন শিল্পক বিশ্ব দৰবাৰত জিলিকাই তোলাৰ প্ৰয়াস কৰা উদ্যমী মহিলা-হেমপ্ৰভা চুতীয়া

আপোনাৰ ষ্টাৰ্টআপৰ বাবে ধন আহৰণৰ ১২টা পদক্ষেপ