বয়ন শিল্পক বিশ্ব দৰবাৰত জিলিকাই তোলাৰ প্ৰয়াস কৰা উদ্যমী মহিলা-হেমপ্ৰভা চুতীয়া

2

তাঁত শিল্প বা বয়ন শিল্প অসমীয়া সংস্কৃতিৰ এক অন্যতম অংগ।অসমৰ পাট-মুগাৰ ছাঁতে শুকোৱা মুঠিতে লুকোৱা সাজে বিশ্ব দৰবাৰত স্থান লাভ কৰিছিল।অসমীয়া শিপিনীয়ে কাপোৰত তোলা ভমকা-ফুলীয়া ফুলৰ চানেকি দেখি মহাত্মা গান্ধীয়ে কৈছিল-'অসমীয়া শিপিনীয়ে কাপোৰত পৰীৰ সাধু ৰচনা কৰে'।অসমীয়া জাতিৰ কেৱল সম্পদেই নহয়,অসমীয়া মহিলাৰ স্বাৱলম্বিতাৰ সমল বয়ন শিল্পক আকৌ এবাৰ বিশ্ব দৰবাৰত জিলিকাই তোলাৰ প্ৰয়াস কৰিছে এগৰাকী অসমীয়া মহিলা হেমপ্ৰভা চুতীয়াই।গুৰু দুজনাৰ গুণমালা আৰু নামঘোষাক তাঁতশালত বৈ ব্যতিক্ৰমী প্ৰচেষ্টাৰ লগতে কৰ্ম-সংস্কৃতিৰ বিৰল নিদৰ্শন দাঙি ধৰিছে মৰাণৰ অভয়পুৰীয়া গাঁও নিবাসী হেমপ্ৰভা চুতীয়াই।

এগৰাকী স্বাৱলম্বী মহিলা হেমপ্ৰভা চুতীয়া

শিক্ষাৰ প্ৰতি প্ৰৱল ধাউতি থকা মহিলা গৰাকীয়ে আৰ্থিক সংকটৰ বাবে উচ্চ শিক্ষা লাভৰ পৰা বঞ্চিত হৈছিল।কিন্তু সেইগৰাকী মহিলাই নিজে জীৱিকাৰ পথ উলিওৱাৰ লগতে সন্তান আৰু স্বামীৰ পঢ়াৰ দায়িত্ব লৈছিল।স্বামী যোগেশ্বৰ চুতীয়াই বিবাহৰ পূৰ্বেই এল.এল.বি. পঢ়িছিল যদিও আৰ্থিক সমস্যাৰ বাবে পঢ়া সম্পূৰ্ণ কৰিব পৰা নাছিল।আনহাতে তেওঁ শিক্ষকতা কৰা বিদ্যালয়খনো প্ৰাদেশীকৃত নাছিল।এই সন্দৰ্ভত হেমপ্ৰভা চুতীয়াই কয়-'মই ঘৰতে এৰী পলু পুহিছিলো।সেই পলুৰ পৰা সূতা উলিয়াই কাপোৰ বৈ বিক্ৰী কৰিছিলো।ইয়োৰোপৰি হাঁহ,কুকুৰা,গৰু,ছাগলী আদি পোহপালৰ লগতে বিভিন্ন খেতি কৰিছিলো।নিমকি,আচাৰ আদি বনাই বিক্ৰী কৰিছিলো। দোকানৰ পৰা খুচুৰা মূল্যত কাপোৰ আনি দহ টকা লাভত বিক্ৰী কৰি ঘৰৰ খৰচ,সন্তানৰ শিক্ষা আৰু স্বামীক পুনৰ এল.এল.বি. পঢ়িবলৈ উৎসাহিত কৰিছিলো।'

হেমপ্ৰভা চুতীয়াৰ সহযোগত তিনিটা সন্তান উচ্চ শিক্ষাৰে শিক্ষিত হোৱাৰ লগতে স্বামীয়ে আইনৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল।'মই পঢ়া শুনা বিশেষ কৰিব নোৱাৰিলো যদিও পঢ়িলে মই বৰ ভাল পাওঁ। ল'ৰা কেইটাক এতিয়াও আৰু পঢ়িবলৈ কৈ থাকো।ডাঙৰটোৱে এল.এল.বি. পাছ কৰিলে।সৰুটোৱে বি.কম. পাছ কৰি ব্যৱসায় কৰি আছে যদিও মই তাক এম.কম.কৰাৰ কথা কৈ থাকোঁ।'

তাঁতশালত বৈ উলিয়ালে আশী ফুট দৈৰ্ঘ্যৰ গুণমালা

১২ বছৰ বয়সৰ পৰাই তাঁতশালত কাপোৰ বৈ সেই কাপোৰ বিক্ৰী কৰি ঘৰৰ খৰচ উলিয়াইছিল হেমপ্ৰভা চুতীয়াই।সৰুৰে পৰাই তেওঁৰ চিন্তাবোৰ ব্যতিক্ৰমী আছিল।মহান লোকৰ জীৱনী পঢ়ি তেওঁ অনুপ্ৰাণিত হৈছিল।'মহা মহা পুৰুষৰ চানেকীৰে জীৱনৰ/ আমিও কৰিব পাৰো জীৱন গঢ়িত/ অভিনয় শেষ হ'লে আৰু বেলি মাৰ গলে/ থৈ যাব পাৰোঁ খোজ সময় বালিত'।সৰুতেই পঢ়া এই কবিতা কেইশাৰী তেওঁৰ মনত খোদিত হৈ গৈছিল।জীৱনত কিবা এটা কৰাৰ আশা তেওঁ পুহি ৰাখিছিল।

'২০১৩ চনৰ ২২ জুলাই তাৰিখে তাঁত খন লগালো।প্ৰথম অৱস্থাত কামটো কৰিব পাৰিম নে নোৱাৰিম সেই লৈ চিন্তা হৈছিল।দিনটোত এটা লাইনহে বৈ উলিয়াব পাৰিছিলো।কেতিয়াবা নোৱাৰিম বুলি শালৰ পৰা উঠি আহিছিলো।পিছত দহ লাইনলৈ সম্পূৰ্ণ কৰিব পাৰিছিলো।এনেকৈ বিভিন্ন অসুবিধাৰ মাজেৰে ২০১৪ চনৰ ১৪ এপ্ৰিলত কামটো সম্পূৰ্ণ হৈ উঠিল।'৮০ ফুট দৈৰ্ঘ্যৰ, ১৭ ইঞ্চি প্ৰস্থৰ, মুগাৰ সূতাত ক'লা উলেৰে বৈ উলিয়াইছিল শ্ৰীশ্ৰী শংকৰদেৱৰ গুণমালাখন।জীৱনত 'কিবা এটা' কৰাৰ ইচ্ছা কৰা মহিলা গৰাকীয়ে নিজে নজনাকৈ অসমীয়া সংস্কৃতিৰ বাবে এক আপুৰুগীয়া অৱদান সৃষ্টি কৰিলে।কেৱল সেয়ে নহয়, গুণমালাখন বৈ উলিওৱাৰ দুমাহৰ পাছত শ্ৰীশ্ৰী মাধৱদেৱৰ নাম ঘোষাখনো বৈ উলিওৱাৰ প্ৰস্তুতি চলাইছে এইগৰাকী উদ্যমী মহিলাই।গুণমালা খন বৈ উলিওৱাৰ পিছত স্থানীয় অনুষ্ঠানত প্ৰদৰ্শন কৰি ৰাইজৰ সমাদৰ পোৱাৰ লগতে ২০১৫ চনৰ কলিয়াবৰ অসম সাহিত্য সভাৰ অধিবেশনত সেইখন প্ৰদৰ্শন কৰি ৰাইজৰ বিপুল সহাঁৰিয়ে তেওঁক অভিভূত কৰিছিল।এই সন্দৰ্ভত হেমপ্ৰভা চুতীয়াই কয়-'মই স্বীকৃতি পোৱাৰ কথা ভাবি কামটো কৰা নাছিলো। কিন্তু সাহিত্য সভাৰ অধিবেশনত ৰাইজৰ যি আদৰ-শুভেচ্ছা পালো তেতিয়াহে মোৰ ভাৱ হৈছিল যে মই ৰাইজৰ কাৰণে কিবা এটা কৰিছোঁ।যতেই সেইখন প্ৰদৰ্শন কৰিছো মানুহৰ এনে সমাবেশ হয়।বহুতে আবেগিক হৈ কান্দি দিয়ে।সঁচায়ে ইমান ডাঙৰ কাম কৰা বুলি মই নিজেই ভবা নাছিলো।'

সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতি পালন কৰি তেওঁ গুণমালা খন বোৱা কাম কৰিছিল।'মই গা ধুই গোঁসাই ঘৰত চাকি জ্বালাই তাঁত শালত ধূপ-ধনা দি সম্পূৰ্ণ ভক্তি আৰু নিষ্ঠাৰে কামটো কৰিছিলো।' গুণমালা খন বৈ উলিয়াওতে তেওঁৰ ২৯ হাজাৰ টকা খৰচ হোৱা বুলি জানিবলৈ দিয়ে।পৰৱৰ্তী সময়ত অসম চৰকাৰে তেওঁক এক লাখ টকাৰ মাননি আগবঢ়ায়।গুণমালা খন সংৰক্ষণৰ বিষয়ে তেওঁক প্ৰশ্ন কৰাত কয়-'বিভিন্ন অনুষ্ঠানৰ লগতে অসমৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই সেইখন সংৰক্ষণৰ প্ৰস্তাব আগবঢ়াইছিল।কিন্তু মই বৰ্তমান সেইখন ঘৰতে ৰখাৰ কথা ভাবিছো।'

আনহাতে, ২০১৪ চনৰ দুই আগষ্টৰ পৰা আৰম্ভ কৰা নাম ঘোষা খনৰ ৭৫০ ঘোষা সম্পূৰ্ণ হৈ উঠিছে।উল্লেখ্য যে তেওঁ নিজে এৰী পলুৰ সূতা কাটি নাম ঘোষাখন বৈছে।'ৰাতি সূতা কাটো আৰু দিনত বোৱা কাম কৰোঁ।নাম ঘোষা খনৰ দীঘটো মুগাৰ আৰু বাণীটো এৰী সূতাৰে বৈছো।এই খনৰ দৈৰ্ঘ্য ১৮০-২০০ ফুট হ'ব বুলি ধাৰণা কৰিছো।'একেলেথাৰিয়ে বহিলে নব্বৈ দিনত অন্যথা পাঁচ মাহত এই খন সম্পূৰ্ণ হৈ উঠিব বুলি হেমপ্ৰভা চুতীয়াই মন্তব্য কৰে।

পৰিয়ালৰ অনুপ্ৰেৰণা

মোৰ বোৱাৰী আৰু ল'ৰা দুটাৰ সম্পূৰ্ণ সহযোগিতা আছে। বোৱা কামটোত সহায় কৰিব নোৱাৰিলেও মোক এটা পৰিবেশ দিয়ে যি পৰিবেশত মই কাম কৰিব পাৰোঁ।এৰী পলু পালনৰ লগতে বাকী কামবোৰ তেওঁলোকে চম্ভালিছে।

বয়ন শিল্পৰে স্বাৱলম্বী হ'ব পাৰে মহিলাসকল

'শিপিনীয়ে তাঁতখন এৰি দিব নালাগে।তাঁতখন বৈ নিজে স্বাৱলম্বী হোৱাৰ লগতে এটা পৰিয়াল পোহপাল দিব পাৰে।বোৱা কাপোৰৰ এক অনন্য সৌন্দৰ্য আছে।মই মহিলা হিচাপে ল'ৰা ছোৱালীৰ দায়িত্ব লোৱাৰ লগতে সন্মানেৰে জীয়াই থাকিব পাৰিছো নিজৰ বাহু বলেৰে।'

সঁচাকৈয়ে হেমপ্ৰভা চুতীয়াৰ দৰে মহিলা কেৱল সমাজ নহয় জাতিৰ আদৰ্শস্বৰুপ।জীৱনত কিবা এটা কৰিবলৈ ইচ্ছা থকা হেমপ্ৰভা চুতীয়াই যি কাম কৰিলে বা কৰিছে সেই কামে অসমীয়া সংস্কৃতিক চহকী কৰাই নহয় অসমীয়া জাতিৰ বাবে কৰ্ম-সংস্কৃতিৰ নিদৰ্শন দাঙি ধৰিছে।সৎ পথত থাকিলে মানুহক ভগবানে সহায় কৰে বুলি তেওঁ বিশ্বাস কৰে।তেওঁৰ কৰ্ম সমাজৰ প্ৰতিটো প্ৰজন্মৰ বাবেই যেন আদৰ্শস্বৰূপ হৈ উঠে।য়'ৰ ষ্ট'ৰীৰ ফালৰ পৰা এইগৰাকী আদৰ্শবান মহিলাৰ দীৰ্ঘায়ু কামনা কৰিলো।


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

অসমত নিবনুৱা সমস্যা নাই, আছে নিষ্কৰ্মাৰ সমস্যা: আই.আই.ই. ৰ সঞ্চালক মনোজ কুমাৰ দাস

পাঁচ লাখ কৃষকে বিনিয়োগ কৰা এখন ছুপাৰহিট ছবি : শ্যাম বেনেগালৰ ‘মন্থন’

চিনেমাৱালাৰ ‘তপোবন’ আৰু গুৱাহাটীৰ নাগৰিকক কম দামত পাছলি যোগানৰ প্ৰয়াস

কলাৰ স্নাতকসকলে কিয় ষ্টাৰ্ট-আপ আৰম্ভ কৰিব লাগে


With over 8 years experience in print and electronics I am doing freelance as a feature writer. I believe in humanity and love people. I like to do story about people. I believe learning is a never ending process.

Related Stories

Stories by Pubali Bhagowati