প্ৰাৰম্ভিক উদ্যোগীসকললৈ ২০ টা বিনামূলীয়া আহিলা

প্ৰাৰম্ভিক উদ্যোগীসকললৈ ২০ টা বিনামূলীয়া আহিলা

Wednesday February 24, 2016,

3 min Read

কোনোধৰণৰ পূৰ্ব পৰামৰ্শ অবিহনে ব্যৱসায় এটা আৰম্ভ কৰা অতিশয় কঠিন। কিন্তু তাৰ বাবে আপুনি চিন্তিত নহ’ব। বজাৰত আপোনাৰ ব্যাৱসায়িক জীৱন সহজ কৰি তোলাৰ বাবে বহুতো ব্যৱস্থা বৰ্তমান উপলব্ধ। কিন্তু কোনটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে আপুনি কেনেকৈ জানিব? ইয়াত আপোনাৰ বাবে ২০ টা শ্ৰেষ্ঠ আৰু পৰীক্ষণীয় ব্যৱস্থা আগবঢ়োৱা হৈছে-

image


উৎপাদনশীলতা

১) Slake

ই বৰ্তমান একোটা দলৰ বাবে শ্ৰেষ্ঠ মেছেজিং এপ্। কাম সম্পৰ্কীয় সকলো কথা ইয়াতে সংঘবদ্ধ হৈ থাকে।

২) Wunderlist

মাইক্ৰ’চফটে যোৱা বছৰ অধিগ্ৰহণ কৰা এই ছফটৱেৰে কামৰ তালিকা এখন প্ৰস্তুত কৰাত সহায় কৰে। আপুনি আপোনাৰ দলৰ কাক কেনেকৈ দায়িত্ব বিতৰণ কৰিব সেয়া জনাই তালিকা আকাৰে দিব পাৰে। ব্যক্তিগত ব্যৱহাৰৰ বাবেও অতি উপযোগী।

৩) Trello

আপুনি যদি প্ৰকল্প এটাৰ বাবে কৰিবলগীয়া কামৰ তালিকা তৈয়াৰ কৰিব খুজিছে, তেন্তে Trello হ’ব ইয়াৰ বাবে উপযোগী।এখন ব’ৰ্ডত কৰিবলগীয়া কামবোৰ সজোৱা থাকিব, যিটোৱে আপোনাৰ কামৰ অগ্ৰগতিৰ খতিয়ান ডাঙি ধৰিব।আপুনি আনকি দলৰ সদস্যৰ সংখ্যা বৃদ্ধি কৰিবও পাৰে আৰু তেওঁলোকক লক্ষ্য নিৰ্ধাৰণ কৰি দিব পাৰে।

৪) Evernote

Evernote এ আপোনাৰ সকলো টোকা সংৰক্ষণ কৰি থয় আৰু আপোনাৰ ডিভাইচৰ জৰিয়তে চিংক কৰি ৰাখে। দলগত কামৰ বাবে ই বৰ ভাল ব্যৱস্থা। ইয়াৰ সহায়ত আপুনি সহজে দলৰ সৈতে কামৰ তথ্য আদান-প্ৰদান কৰিব পাৰে।

৫) Grammarly

ব্যাকৰণৰ ভুল পুনৰাই নকৰিব!আপোনাৰ ব্ৰাউজাৰত Grammarly plugin ইনষ্টল কৰি ল’ব আৰু চাব ই কেনেকৈ আপোনাৰ বানান বা ব্যাকৰণিক ভুলবোৰ আঙুলিয়াই দিব। আন আন ভাল ব্যৱস্থাবোৰৰ ভিতৰত DropBox, Google Drive আৰু FreedCamp আদিও আছে।

ৱেবচাইটৰ উৎসসমূহ

৬) FreePik

আপোনাৰ প্ৰকল্পবোৰৰ বাবে ফটো ক্ৰয় কৰাৰ কোনো প্ৰয়োজন নাই। FreePik এ আপোনাক সহস্ৰাধিক ফটো আৰু ক্লিপআৰ্ট বিনামূলীয়াকৈ দিব।

৭) FlatIcons

আপোনাৰ ৱেবচাইটৰ কাৰণে আপুনি সহস্ৰাধিক আধুনিক FlatIcons বিনামূলীয়াকৈ লাভ কৰিব।

৮) Canva

এইটো সহজে ব্যৱহাৰ কৰিব পৰা অনলাইন গ্ৰাফিক ডিজাইনিং ব্যৱস্থা।আপুনি ১ মিনিটৰ ভিতৰত ল’গ’,প’ষ্টাৰ তৈয়াৰ কৰিব পাৰে বা চচিয়েল মিডিয়াত যিকোনো প’ষ্ট কৰিব পাৰে।

৯) Pablo

Pabloৰ সহায়ত আপুনি চচিয়েল মিডিয়াত প’ষ্ট কৰিবৰ কাৰণে বিভিন্ন ফটো ডিজাইন কৰিব পাৰে। ডিজাইন কৰা ফটোত আপুনি ভাল লগা উক্তিও সংযোগ কৰিব পাৰে।

১০) Start Bootstrap

Start Bootstrap ৰ পৰা বিনামূলীয়া টেমপ্লেট ব্যৱহাৰ কৰি আপুনি অতি সোনকালে আপোনাৰ ব্লগ বা কোম্পানীৰ কাৰণে ৱেবচাইট ডিজাইন কৰিব পাৰে।সকলোবোৰ টেমপ্লেটেই সহাঁৰি দিয়ে আৰু সেইবোৰ বিনামূলীয়া।

ৱেবচাইট ট্ৰেফিক বৃদ্ধি

১১) গুগল এনালাইটিকছ

গুগল এনালাইটিকছৰ পৰা আপোনাৰ ভিজিটৰৰ চৰিত্ৰ সম্পৰ্কে বিশ্লেষণ কৰক। আপোনাৰ ৱেবচাইটৰ হিট, বাউণ্স আৰু ৰিটেনশ্যন হাৰ আৰু কাষ্টম লক্ষ্যসমূহ নিৰীক্ষণ কৰি থাকিব পাৰে। আপুনি আনকি ভিজিটৰৰ লিংগ, বয়স আৰু বাসস্থান সম্পৰ্কেও জানিব পাৰে।

১২) SumoMe

আপুনি ভিজিট কৰা প্ৰতিটো ব্লগতে এইটো ইনষ্টল কৰাই থাকিব। SumoMe এ আপোনাক কিছুমান বিনামূলীয়া ব্যৱস্থা যেনে শ্বেয়াৰিং, হিট মেপছ্, লিষ্টবিল্ডাৰ, কণ্টেণ্ট এনালাইটিকছ্ আৰু ফ্ৰি ট্ৰেফিক আদিৰ সুবিধাও প্ৰদান কৰিব।

১৩) Elevio

Elevio ই আপোনাৰ ভিজিটৰসকলক আপোনাৰ ৱেবচাইট কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেয়া শিকাই আপোনাৰ চাপৰ্টিং টিকেট হ্ৰাস কৰাৰো প্ৰতিশ্ৰুতি দিয়ে।

১৪) MailChimp

MailChimpৰ সৈতে আপুনি পঠিওৱা নিউজলেটাৰ আৰু ই-মেইলৰ তালিকা এখন কৰক। আপুনি ১২,০০০ খন ই-মেইল ২০০০ জনলৈ বিনামূলীয়াকৈ পঠাব পাৰে।

১৫) Survey Monkey

ক্ষীপ্ৰ জৰীপ এটা বিচাৰে নেকি? সৃষ্টিমূলক জৰীপ কৰাৰ বাবে Monkey এটা ভাল ব্যৱস্থা। আৰম্ভণীৰ কাৰণে এই ফ্ৰি একাউণ্টটোত বহুতো সুবিধা আছে।

ব্যক্তিগত শিকণ

১৬) Startup Launch List

এই ৱেবচাইটটো সৰল যদিও সম্পদশালী।আপুনি মাথোঁ কি পঢ়িব সেয়া বাচনি কৰক, তাৰপিছত ই আপোনাৰ বাবে সম্পদ বিচাৰিবলৈ লাগি যাব।

১৭) ক’ড একাডেমী (Code Academy)

HTML, Javascript, PHP বা আৰু অধিক কথা বিনামূলীয়াকৈ শিকিব পাৰে।

১৮) গুগল প্ৰাইমাৰ

এইটো হ’ল গুগলৰ এটা মূখ্য প্ৰকল্প। প্ৰাইমাৰ হৈছে নতুন ব্যাৱসায়িক কৌশল শিকিবৰ বাবে এটা বেগী আৰু সহজ পন্থা।আপুনি বাইট-পৰিসৰৰ পাঠ এটা মাত্ৰ ৫ মিনিটতে পঢ়ি পেলাব পাৰে।

১৯) Howww.to

৫ ছেকেণ্ডৰ GIF ব্যৱহাৰৰ দ্বাৰা এই ৱেবচাইটটোৱে আপোনাক ক’ডিং, ডিজাইনিং আৰু মাৰ্কেটিঙৰ জ্ঞান দিব।

২০) EDX/Coursera/Khan Academy

এই ৱেবচাইটটোৰ পৰা শিকিবলগীয়া বহুত আছে। আপুনি মাৰ্কেটিং, কাৰিকৰী শিক্ষা, উদ্যোগশীলতা আদি বহুতো কথা বিনামূলীয়াকৈ শিকিব পাৰে। ইতিমধ্যে ‘Becoming an Entrepreneur’ শীৰ্ষক এটা পাঠ্যক্ৰম আৰম্ভ হৈছে, এই পাঠ্যক্ৰম আপোনালোকে কৰিব পাৰে।

মূলঃ সৌৰভ সিং

অনুবাদঃ লীনা শইকীয়া

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

সময় বচাওক আৰু কাম সহজ কৰক: ষ্টাৰ্ট আপৰ বাবে ৫টা আহিলা

আপোনাৰ ষ্টাৰ্টআপৰ বাবে ধন আহৰণৰ ১২টা পদক্ষেপ

ষ্টাৰ্টআপৰ বাবে ডিজিটেল মাৰ্কেটিং

গৱেষণা ক্ষেত্ৰখনত অসমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিছে এডুপেকডে