বৰ্হি মহাকাশৰ অনুসন্ধানৰ সহযোগিতাৰ অৰ্থে ভাৰত আৰু ভিয়েটনামৰ মাজত স্বাক্ষৰিত চুক্তি কেবিনেটত উত্থাপন

বৰ্হি মহাকাশৰ অনুসন্ধানৰ সহযোগিতাৰ অৰ্থে ভাৰত আৰু ভিয়েটনামৰ মাজত স্বাক্ষৰিত চুক্তি কেবিনেটত উত্থাপন

Tuesday February 28, 2017,

1 min Read

প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত বৰ্হি মহাকাশৰ অনুসন্ধান আৰু শান্তিপূৰ্ণ উদ্দেশ্যত ইয়াৰ ব্যৱহাৰত সহযোগিতাৰ অৰ্থে ভাৰত আৰু ভিয়েটনামৰ মাজত স্বাক্ষৰিত পৰিকাঠামো চুক্তি উত্থাপন কৰা হয়। ২০১৬ৰ ৩ ছেপ্তেম্বৰত এই চুক্তিখন স্বাক্ষৰ কৰা হৈছিল।

image


এই চুক্তিৰ জৰিয়তে দুয়োখন দেশৰ পাৰস্পৰিক লাভালাভৰ অৰ্থে মহাকাশ, বিজ্ঞান, প্ৰযুক্তি আৰু অন্যান্য অত্যাধূনিক আহিলা; উপগ্ৰহৰ যোগাযোগ আৰু উপগ্ৰহভিত্তিক দিশ নিৰ্ণয়; মহাকাশ বিজ্ঞান আৰু গ্ৰহৰ অনুসন্ধান; মহাকাশ যানৰ ব্যৱহাৰ আৰু মহাকাশ পদ্ধতি আৰু গ্ৰাউণ্ড ছিষ্টেম আৰু মহাকাশ প্ৰযুক্তিৰ অন্যান্য আহিলা আহৰণত সহযোগিতা আগবঢ়াব।

এই পৰিকাঠামো চুক্তিখনৰ জৰিয়তে ভাৰত আৰু ভিয়েটনামৰ মাজৰ সহযোগিতাই মহাকাশ প্ৰযুক্তিক মানৱ সমাজৰ লাভালাভত ব্যৱহাৰ কৰি যৌথ কাম-কাজৰ উন্নয়নত মুখ্য ভূমিকা পালন কৰিব।

এই পৰিকাঠামোত চুক্তিয়ে নতুন গতি বিধিৰ গৱেষণা আৰু পৃথিৱীৰ দূৰ সংবেদনৰ ক্ষেত্ৰত আহিলাৰ প্ৰয়োগৰ সম্ভাৱনীয়তা; উপগ্ৰহভিত্তিক যোগাযোগ; উপগ্ৰহৰ দিশ নিৰ্ণয়; মহাকাশ বিজ্ঞান আৰু বৰ্হি মহাকাশৰ অনুসন্ধানত প্ৰেৰণা যোগাব। 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বিৰক্তি আৰু খঙৰ সৈতে মোকাবিলা কৰাৰ ৯টা কিটিপ

১২ টা কৃত্ৰিম গ্লেচিয়াৰেৰে গোলকীয় উষ্ণতাৰ বিৰুদ্ধে যুঁজিছে লাডাখৰ চেৱাং নৰফেলে

'পৰৱৰ্তী আইনষ্টাইন' চব্ৰিনা পেষ্টাৰস্কিয়ে ১৪ বছৰ বয়সতে উৰাইছিল নিজে সজা বিমান