কেৰেলাৰ দুই ভাতৃয়ে নিৰ্মাণ কৰিছে কম খৰচী টাৰ্বাইন

কেৰেলাৰ দুই ভাতৃয়ে নিৰ্মাণ কৰিছে কম খৰচী টাৰ্বাইন

Tuesday November 29, 2016,

1 min Read

কেৰেলাৰ দুই ককাই ভাই অৰুণ আৰু অনুপ জৰ্জে বতাহৰ পৰা শক্তি আহৰণৰ কৰিব পৰাকৈ এটা সৰু টাৰ্বাইন সাজি উলিয়াইছে যি এখন ঘৰৰ বাবে প্ৰয়োজনীয় বিজুলি শক্তিখিনি দৈনিক যোগান ধৰিব পাৰিব । Avant Garde Innovations নামৰ এটা কোম্পানীৰ স্বত্তাধিকাৰী অৰুণ আৰু অনুপৰ লক্ষ্য হৈছে এই টাৰ্বাইনটোক ৫০,০০০ টকাৰ ভিতৰত গ্ৰাহকৰ বাবে উপলব্ধ কৰোৱা ।  

Image : The Quint

Image : The Quint


"আমি এটা নোহোৱা নোপজা দামত এই টাৰ্বাইনটো বজাৰত মুকলি কৰিম বুলি ভাবিছো । চাবলৈ গ'লে এই দামত তেওঁলোকে ২০ বছৰলৈ বিনা খৰচত বিজুলি শক্তি উৎপাদন কৰিব পাৰিব ।" অৰুণে কয় ।

আকাৰত প্ৰায় এখন চিলিং ফেলৰ সমান এই যন্ত্ৰটোৱে দৈনিক ৩ ৰপৰা ৫ কিলোৱাট বিদ্যুৎ উৎপাদন কৰিব পাৰিব । উল্লেখযোগ্য যে বতাহৰ পৰা শক্তি আহৰণ ক্ষেত্ৰত ভাৰত অতি দ্ৰুততাৰে আগুৱাইছে । বায়ু শক্তি আহৰণৰ ক্ষমতাৰ ক্ষেত্ৰত ভাৰতৰ স্থান চীন, মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু জাৰ্মানীৰ পিছতে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

পৰীক্ষিত বৰকটকীয়ে বাঁহেৰে গঢ় দিয়া এটা লাখটকীয়া সপোন

উত্তৰ-পূৰ্বাঞ্চলত হ'ব ৰাষ্ট্ৰীয় জলপথৰ বিকাশ

বীজ বোমাবৰ্ষণেৰে বনানীকৰণ কৰিছে থাইলেণ্ডে

স্কুলীয়া ছাত্ৰৰ বাবে নিজে পাছলি কটা এজন ৰজা