উত্তৰ-পূৰ্বাঞ্চলত হ'ব ৰাষ্ট্ৰীয় জলপথৰ বিকাশ

উত্তৰ-পূৰ্বাঞ্চলত হ'ব ৰাষ্ট্ৰীয় জলপথৰ বিকাশ

Monday November 28, 2016,

2 min Read

২০১৬-১৭ বৰ্ষৰ বাজেটত উত্তৰ-পূ্ৰ্বাঞ্চলত ৰাষ্ট্ৰীয় জলপথৰ বিকাশৰ বাবে ১০০ কোটি টকা ধাৰ্য কৰা হয়। এই ধনেৰে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ বিভিন্ন উন্নয়নমুলক কাম সম্পন্ন কৰা হ’ব।

ৰাষ্ট্ৰীয় জলপথ আইন, ২০১৬ অনুসৰি ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ বিশেষ কেইটামান পথক ক্ৰমে ৰাষ্ট্ৰীয় জলপথ-২ আৰু ১৬ বুলি ঘোষণা কৰা হৈছে। ব্ৰহ্মপুত্ৰ নদীক সুগমপথ, নৌসম্পৰ্কীয় সুবিধা আৰু টাৰ্মিনেল উপযোগী সুবিধা হোৱাকৈ পৰ্যায়ক্ৰমে বিকাশ ঘটাই থকা হৈছে। এই জলপথ ইতিমধ্যে কাৰ্যকৰী হৈ থকাৰ লগতে ইয়াত নাও চলাচল অব্যাহত আছে।

image


বৰাক নদীক দুটা পৰ্যায়ত বিকাশ ঘটোৱাৰ প্ৰস্তাৱ লোৱা হৈছে। প্ৰথম পৰ্যায়ৰ অধীনত শিলচৰৰ পৰা ভাংগালৈ(৭১ কিঃমিঃ) আৰু দ্বিতীয় পৰ্যায়ত শিলচৰৰ পৰা লক্ষীপুৰলৈ(৫০ কিঃমিঃ) সম্প্ৰসাৰণ ঘটোৱা হ’ব। ইয়াৰে শিলচৰ-ভাংগাৰ বাবে ইতিমধ্যে নিবিদাও চূড়ান্ত কৰা হৈছে।

কেন্দ্ৰীয় চৰকাৰে তিনিটা বহুআৰ্হিৰ আভ্যন্তৰীণ টাৰ্মিনেল নিৰ্মাণৰো পৰিকল্পনা কৰিছে। ইয়াৰে ৰাষ্ট্ৰীয় জলপথ-১(গংগা)ৰ অধীনত বাৰাণসী, ছাহিবগঞ্জ আৰু হালদিয়া আৰু ৰাষ্ট্ৰীয় জলপথ-২(ব্ৰহ্মপুত্ৰ)ৰ অধীনত পাণ্ডুত এটাকৈ টাৰ্মিনেল নিৰ্মাণ কৰা হৈছে। ইয়াৰে বাৰাণসীৰ প্ৰকল্পৰ বাবে ১৬৯.৫৯ কোটি ধাৰ্য কৰি যোৱা ১৩ মে’ৰ পৰা কাম শুভাৰম্ভ কৰা হৈছে। ছাহিবগঞ্জৰ কামৰ বাবে ২৭ অক্টোবৰত নিৰ্দেশ জাৰি কৰা হৈছে। ইয়াত মুঠ ব্যয় হ’ব ২৮০.৯০ কোটি টকা। একেদৰে হালদিয়াত ভাৰতীয় আভ্যন্তৰীণ জল প্ৰাধিকৰণৰ ৬১ একৰ ভূমি ৩০ বছৰৰ বাবে লীজত লোৱা হৈছে। ইয়াৰ নিবিদা প্ৰক্ৰিয়াৰ কাম চলি আছে।

গুৱাহাটীৰ পাণ্ডুত এটা আৰচিচি জেট্টি নিৰ্মাণ কৰা হৈছে। এই জেট্টি ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু কামাখ্যা ৰে’ল ষ্টেচনৰ নিচেই সমীপত অৱস্থিত। এই জেট্টি নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে।

লোকসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত জাহাজ পৰিবহণ বিভাগৰ মন্ত্ৰী শ্ৰী পন ৰাধাকৃষ্ণণে এই তথ্য প্ৰকাশ কৰে।

( সৌজন্য- PIB)

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ভাৰতৰ 'ব্ৰা কুইন' অৰ্পিতা গণেশে চলাইছে মানসিকতা সলনিৰ অভিযান

ভাৰত মহাসাগৰৰপৰা সংগৃহীত পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ হৈছে ব্ৰেণ্ডেড জোতা

ভাৰতীয় কমাণ্ডোৰ মহিলা প্ৰশিক্ষক সীমা ৰাও

ভি চি আৰু ষ্টাৰ্টআপৰ সম্পৰ্কৰ ভেটি কি?