বিশ্বৰ আটাইতকৈ বেছি বয়সীয় মহিলা শৰীৰচৰ্চাবিদগৰাকী

বিশ্বৰ আটাইতকৈ বেছি বয়সীয় মহিলা শৰীৰচৰ্চাবিদগৰাকী

Tuesday August 02, 2016,

2 min Read

৮০ বছৰীয়া আৰ্ণেষ্টাইন শ্বেফাৰ্ড হৈছে বিশ্বৰ আটাইতকৈ বয়সীয়া মহিলা শৰীৰ চৰ্চাবিদ । বয়স যে কেৱল মাত্ৰ এটা সংখ্যা এই কথা স্পষ্টভাৱে প্ৰকাশ পায় আৰ্ণেষ্টাইনৰ ক্ষেত্ৰত । ৫৬ বছৰ বয়সত ব্যায়ামাগাৰলৈ যাবলৈ আৰম্ভ কৰা আৰ্ণেষ্টাইনে আজিও পুৱা তিনি বজাত শুই উঠে আৰু ব্যায়াম কৰে । এই বয়সতো তেওঁ শৰীৰচৰ্চা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । তেওঁ এগৰাকী ফিটনেছ প্ৰশিক্ষক, মডেল আৰু লেখক ।

Image: Suzou

Image: Suzou


শেহতীয়াকৈ ৮০ বছৰীয়া জন্মদিনত আৰ্ণেষ্টাইনে ফেচবুকত উল্লেখ কৰিছিল, "মই আজি ৮০ বছৰীয়া এগৰাকী যুৱতী । এই যাত্ৰাৰ বাবে মই ভগৱানৰ ওচৰত কৃতজ্ঞ । মই এতিয়াও নিয়মানুৱৰ্তী আৰু মই স্বাস্থ্যসচেতন । মই মাত্ৰ আৰম্ভ কৰিছো আৰু ভগৱানৰ প্ৰতি মই আস্থাশীল ।" এই প'ষ্ট ২০,০০০ লোকে লাইক কৰাৰ লগতে ৮০০০ লোকে ইয়াক শ্বেয়াৰ কৰে । 

২০১০ আৰু ২০১১ বৰ্ষত গিণীজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত আৰ্ণেষ্টাইনে দুবাৰকৈ বিশ্বৰ আটাইটতকৈ বয়সীয়া মহিলা শৰীৰচৰ্চাবিদ হিচাপে স্থান লাভ কৰে । কঠোৰ ব্যায়াম স্বত্তেও তেওঁৰ শৰীৰত কোনো ধৰণৰ বিষ নাই অথবা যোৱা ১৭ বছৰত তেওঁ কোনো ধৰণৰ আঘাত পোৱা নাই । 

Image : Alchetron

Image : Alchetron


বয়সক হাৰ মনোৱাৰ কেইটামান কিটিপ আৰ্ণেষ্টাইনে নিজৰ ৱেবচাইটত উল্লেখ কৰিছে । 

আৰ্ণেষ্টাইনৰ মন্ত্ৰ:

আৰ্ণেষ্টাইনে এজন পাৰ্ছনেল ট্ৰেইনাৰৰ অধীনত শৰীৰচৰ্চা লাহে লাহে আৰম্ভ কৰিছিল আৰু ক্ৰমাৎ নিজৰ ক্ষমতা বৃদ্ধি কৰিছিল ।

সঠিক খাদ্যৰ প্ৰয়োজনীয়তাৰ কথা অনুভৱ কৰা আৰ্ণেষ্টাইনে এগৰাকী নিউট্ৰিশ্যনিষ্টৰ সেৱা লৈছিল ।

জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে তেওঁ এটা যোগাত্মক মনোভাৱ লৈ আগবাঢ়ে আৰু তেওঁ উৎসাহ, অনুপ্ৰেৰণা আৰু পাৰিবাৰিক সমৰ্থনত গুৰুত্ব দিয়ে । তেওঁৰ জীৱনৰ মন্ত্ৰ হ'ল - “Determined — Dedicated— Disciplined To Be Fit”

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী 

চকুৰ পচাৰতে ঋণ দিয়ে কীৰ্তি জৈনে

দিল্লীৰ পথৰ দাঁতিত চাহ বিক্ৰী কৰা লক্ষ্মণ ৰাও এজন প্ৰসিদ্ধ সাহিত্যিক

চিৰ যুগমীয়া পুৰণি গীতবোৰৰ আঁৰৰ কথাৰে The SongPedia

সন্তানৰ অসুখেই সফল উদ্যোগীত পৰিণত কৰিলে এগৰাকী মহিলাক