সন্তানৰ অসুখেই সফল উদ্যোগীত পৰিণত কৰিলে এগৰাকী মহিলাক

সন্তানৰ অসুখেই সফল উদ্যোগীত পৰিণত কৰিলে এগৰাকী মহিলাক

Monday December 21, 2015,

4 min Read

সকলো মাতৃয়ে বিচাৰে একোটা সুস্থ-সবল সন্তানৰ জননী হবলৈ।কিন্তু বিচাৰিলেই সকলো বস্তু সকলোৰে ভাগ্যত নিমিলে।ভাগ্যই কেতিয়াবা পৰীক্ষাও লয়।কিন্তু যিসকল লোক মানসিক ভাৱে শক্তিশালী,তেওঁলোক ভাগ্য পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে এই ভাগ্যকে সাৰথি কৰি জীৱনত সফলতাৰ বাট উলিয়াই লয়।তেনে এগৰাকী ব্যতিক্ৰমী মাতৃ তথা মহিলা মিনু বুধিয়া।প্ৰতিবন্ধী এগৰাকী কন্যা শিশুৰ মাতৃ হৈ প্ৰথমে মিনু বুধিয়াই জীৱন সংগ্ৰামত নামিব লগীয়া হৈছিল।শিশুটিৰ ভৱিষ্যতৰ কথা ভাবি চিন্তান্বিত হৈছিল।চিকিৎসকৰ ওচৰ চাপিছিল।কিন্তু শিশু গৰাকীৰ চিকিৎসা কৰাবলৈ যাওঁতে ক্লিনিকে ক্লিনিকে ঘূৰি পৰিশ্ৰান্ত হৈ পৰিছিল মিনু বুধিয়া।তেওঁ তেতিয়া তেওঁৰ দৰে কষ্ট ভোগ কৰিব লগীয়া আন পিতৃ-মাতৃ সকলৰ অৱস্থাও বুজি পাইছিল আৰু ইয়াৰ সমাধানৰ কথা চিন্তা কৰিছিল।অৱশেষত তেওঁ এনে এটা ক্লিনিক নিজে প্ৰতিষ্ঠা কৰাৰ কথা ভাবিলে য'ত মানসিক ৰোগৰ সকলোধৰণৰ চিকিৎসা পাব পাৰি।এই চিন্তাই এডলাইফ(Addlife) স্থাপনৰ বাবে অনুপ্ৰণিত কৰিলে মিনু বুধিয়াক।

'মই মোৰ কন্যা প্ৰাচীৰ ভৱিষ্যত সম্পৰ্কে চিন্তা কৰিছিলো।তেওঁ যিহেতু এগৰাকী বিশেষ শিশু,গতিকে তাই ভৱিষ্যতে কি কৰিব এই লৈ মই চিন্তিত হৈছিলো।তাই যেতিয়া ডাঙৰ হব, তাইক মই টি.ভি. চাবলৈ বাধা দিম নে ইভিনিঙ ৱাক কৰাৰ পৰা বিৰত ৰাখিম? আৰু মই কেৱল প্ৰাচীৰ কথাই ভবা নাছিলো।প্ৰাচীৰ দৰে আন শিশুসকলৰ কথাও চিন্তা কৰিছিলো।'

এই কথাৰ সমাধানৰ কথা চিন্তা কৰি তেওঁ স্পেচিয়েল কেয়াৰৰ প্ৰয়োজন হোৱা ল'ৰা-ছোৱালীসকলক আত্মনিৰ্ভৰশীল কৰাৰ কথা চিন্তা কৰিলে।তেওঁলোকৰো সমাজত এক স্থান পোৱাৰ অধিকাৰ আছে।'তেওঁলোকক ইমানখিনিলৈকে আত্মনিৰ্ভৰশীল কৰি তোলা প্ৰয়োজন যাতে তেওঁলোকে ভৱিষ্যতে কোনো আশ্ৰয় সংস্থাত কাম কৰাৰ লগতে কৰ্পৰেট ক্ষেত্ৰতো কাম কৰিবগৈ পাৰে।এনে ল'ৰা-ছোৱালীক সমাজৰে এজন বুলি গ্ৰহণ কৰি তেওঁলোকক আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰাটো সমাজৰো দায়িত্ব।বিদেশৰ বিভিন্ন ঠাইত থকাৰ দৰে তেওঁলোকৰ বাবে কোটাৰ ব্যৱস্থাও কৰা উচিত।'

মিনু বুধিয়াৰ আগৰে পৰাই মনোবিজ্ঞান বিষয়ৰ প্ৰতি আগ্ৰহ আছিল।সেয়ে তেওঁ Cognitive behavior Therapy ৰ পাঠ্যক্ৰম কৰি বিদ্যালয় আৰু মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক কাউন্সেলিঙ কৰিছিল।

image


'মোৰ সৰু ছোৱালী প্ৰাচীক থেৰাপী আৰু কাউন্সেলিঙৰ কাৰণে নিব লগা হওঁতে মন কৰিছিলো যে মনোবিজ্ঞানৰ বিভিন্ন চিকিৎসাৰ বাবে লোকসকলে বিভিন্ন ক্লিনিক ঘূৰিব লগীয়া হয়।সেয়ে, মই ৱান ষ্টেপ ক্লিনিক স্থাপন কৰাৰ কথা ভাবিলো য'ত একেঠাইতে মনোবৈজ্ঞানিক সকলো চিকিৎসা উপলব্ধ হব।'

এডলাইফ কেয়াৰিঙ মাইণ্ডছে যোৱা দুবছৰৰ পৰা চাৰিটা বিভাগত বিভিন্ন চিকিৎসা সেৱা আগবঢ়াই আছে । ট্ৰেইনিং এণ্ড ডেভেলপমেন্ট বিভাগত পিতৃ-মাতৃ, শিক্ষক,ছাত্ৰ-ছাত্ৰী,কৰ্পৰেট অডিয়েন্সকে ধৰি আন সামাজিক সংগঠনৰ বাবে প্ৰাসংগিক বিষয়ত কৰ্মশালাৰ আয়োজন কৰা হয়। একাডেমীয়া উইঙত প্লে থেৰাপী, বিহেভিয়ৰ, মেডিকেশ্যন, স্পেচিফিক লাৰ্নিঙ ডিছঅৰ্ডাৰ্ছ আদি বিষয়ত বেছিক কাউন্সেলিঙ কৰ্চৰ লগতে বিভিন্ন চৰ্ট টাৰ্ম কৰ্ছ সফলতাৰে কৰি থকা হৈছে।মাইণ্ডস্পীক বিভাগত প্ৰতি মাহে প্ৰাসংগিক বিষয়ৰ ওপৰত স্পীক-ফ্ৰী ছেচনৰ ব্যৱস্থা কৰে য'ত প্ৰতি ক্ষেত্ৰৰ মানুহক জড়িত কৰি সেই বিষয়ত সকলোৰে মতামত গ্ৰহণ কৰা হয়।

'এডলাইফ কেয়াৰিঙ মাইণ্ডছ'ৰ প্ৰতিষ্ঠাতা সঞ্চালক মিনু বুধিয়াৰ মতে-'এই চাৰিটা বিভাগ সফলভাবে পৰিচালিত হৈ থকাৰ পিছত আমি আই কেন ফ্লাই(I can Fly) নামেৰে পঞ্চমটো বিভাগ মুকলি কৰিবলৈ গৈ আছো।এই বিভাগটো স্পেচিয়েল কেয়াৰৰ প্ৰয়োজন থকা যুৱক-যুৱতী সকলক উদ্দেশ্য কৰি ডিজাইন কৰা হৈছে যিসকলক বিভিন্ন কাৰিকৰী কৰ্মৰ প্ৰতি অনুপ্ৰাণিত কৰা হব।এই কাৰ্যই তেওঁলোকৰ মাজত থকা বোধ জাগ্ৰত কৰিব যে তেওঁলোকে সমাজৰ বাবে কিবা এটা কৰিব পাৰিছে।আমি আশা কৰোঁ যে যিসকলে এই প্ৰশিক্ষণ গ্ৰহণ কৰিব তেওঁলোকে পৰৱৰ্তী সময়ত ঘৰত থাকি অনলাইন কাম কৰিব পাৰিব নাইবা বজাৰত বিক্ৰীৰ বাবে সামগ্ৰী তৈয়াৰ কৰিব পাৰিব।'আই কেন ফ্লাই'ৰ লগত জড়িত হোৱা প্ৰতিজন ব্যক্তিৰ উজ্জ্বল ভৱিষ্যতৰ লগতে তেওঁলোকৰ মুখত এক সুন্দৰ হাঁহি আশা কৰোঁ।'

'আই কেন ফ্লাই' ৰ উদ্দেশ্য স্পেচিয়েল কেয়াৰৰ প্ৰয়োজন থকা যুৱক-যুৱতী (১৫ বছৰ আৰু তাৰ উৰ্ধৰ)ৰ বাবে এনে এখন মঞ্চ তৈয়াৰ কৰা য'ত তেওঁলোকে নিজৰ ৰুচি আৰু দক্ষতাৰ বিষয়ে জ্ঞাত হব পাৰে। বিভিন্ন কেৰিয়াৰৰ বিষয়ে সজাগ হোৱাৰ লগতে প্ৰয়োজনীয় প্ৰশিক্ষণেৰে তেওঁলোকে নিজকে যাতে সক্ষম কৰি তুলিব পাৰে।প্ৰশিক্ষণৰ পৰা কেৱল আৰ্থিক দিশত সবল হোৱাই নহয়, নিজৰ মাজত থকা আত্মবিশ্বাস শক্তিশালী কৰি এই প্ৰতিযোগিতাপূৰ্ণ জগত খনত খোজ মিলাই যোৱাত সহায় কৰিব।

মিনু বুধিয়াৰ মতে-'বিশেষভাৱে এই কৰ্ছটো সেইসকল প্ৰফেশ্যনেলে ডিজাইন কৰিছে যিসকলে স্পেচিয়েল কেয়াৰৰ প্ৰয়োজন থকা যুৱক-যুৱতীৰ লগত বহু বছৰ ধৰি কাম কৰিছে।এই পাঠ্যক্ৰমত ডিফাৰেন্টলী এবল চাইল্ড সকলক কোনো ভেদাভেদ নৰখাকৈ সহযোগিতা আগবঢ়োৱা হ'ব।এই যুৱক-যুৱতীসকলে বিভিন্ন স্কীল বেছ কাৰ্যকলাপ শিকাৰ লগতে আমাৰ প্ৰডাকচন ইউনিটৰ এক অংশ হিচাপে ঘৰৰ পৰাই স্বাধীনভাৱে কাম কৰিব পাৰিব।কিয়নো সকলোৰে শিকাৰ ক্ষমতা বেলেগ বেলেগ,সেয়ে এডলাইফ কেয়াৰিঙ মাইণ্ডছৰ প্ৰশিক্ষকসকলে তেওঁলোকক নিজ সক্ষমতা অনুসৰি শিকাত সহায় কৰিব।'

আই কেন ফ্লাই য়ে স্কীল বিল্ডিঙৰ মঞ্চ তৈয়াৰ কৰাৰ লগতে স্পেচিয়েল কেয়াৰৰ প্ৰয়োজন থকা যুৱক-যুৱতীৰ অভিভাৱক সকলকো যথেষ্ট সকাহ প্ৰদান কৰিব।কলকাতাত স্থাপন হোৱা এই ধৰণৰ প্ৰথমটো সংস্থাত ক্লিনিকেল আৰু ননক্লিনিকেল বিভাগৰ ত্ৰিশ জনৰ অধিক মনোবিজ্ঞান বিশেষজ্ঞ জড়িত আছে।


মিনু বুধিয়াই এডলাইফ কেয়াৰিঙ মাইণ্ডছ বিস্তাৰিত কৰি নিজৰ সপোনক বাস্তৱ ৰূপ দিয়াত সক্ষম হৈছে।তেওঁৰ ডাঙৰ কন্যা প্ৰিয়ম তেওঁৰ এই সমাজ সেৱা কাৰ্যৰ লগত জড়িত।

মিনু বুধিয়াৰ সৰু ছোৱালী প্ৰাচীয়ে এডলাইফৰ সহযোগত এতিয়া নিজৰ সংবেদনশীল মনটোৰে নিজকে বিভিন্ন কামৰ বাবে সক্ষম কৰি তুলিব পাৰিছে।কন্যাৰ এই উত্তৰণৰ বাবে মাতৃ মিনু বুধিয়াই নিজকে সৌভাগ্যবান বুলি ভাবে- 'ভগবানে যি কৰে তাৰ অন্তৰালত এক উদ্দেশ্য নিহিত থাকে।প্ৰাচীৰ কাৰণেই মই এনেদৰে সমাজ সেৱা কৰাৰ কথা চিন্তা কৰিলো।এতিয়া মই এই সপোনক আৰু বিস্তাৰিত কৰিব খুজিছো।ভগবানক ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো।'


মূল: ছাহিল

অনুবাদ:পূবালী ভাগৱতী