হিন্দুস্তান এন্টিবায়'টিক লিমিটেডৰ বাবে অতিৰিক্ত আৰু পৰিত্যক্ত মাটি বিক্ৰীৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

হিন্দুস্তান এন্টিবায়'টিক লিমিটেডৰ বাবে অতিৰিক্ত আৰু পৰিত্যক্ত মাটি বিক্ৰীৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

Monday December 26, 2016,

2 min Read

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মেদীৰ পৌৰোহিত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত হিন্দুস্তান এন্টিবায়োটিক লিমিটেডৰ দায়িত্ব পূৰাবৰ নিমিত্তে মহাৰাষ্ট্ৰৰ পুণেৰ ওচৰৰ পিম্পিৰিৰ অতিৰিক্ত আৰু পৰিত্যক্ত মাটি বিক্ৰী কৰাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়।

image


প্ৰস্তাৱত উল্লিখিত বিষয়সমূহঃ-

১. চৰকাৰী বিভাগ, চৰকাৰী এজেন্সি, কেন্দ্ৰীয় তথা ৰাজ্যিক ব্যক্তিগত খণ্ডৰ উদ্যোগ, স্বতন্ত্ৰ সংস্থা, নগৰ উন্নয়ন আদিৰ মুক্ত নিবিদা গ্ৰহণৰ পিছত ৮২১.১৭ কোটি টকাৰ প্ৰায় ৮৭.৭০ একৰ অতিৰিক্ত আৰু পৰিত্যক্ত মাটি বিক্ৰীৰ সিদ্ধান্ত লোৱা হৈছে।

২. ভাৰত চৰকাৰৰ স্বত্বত্যাগৰ ঋণৰ সূদ ৩০৭.২৩ কোটি আৰু বিভিন্ন ক্ষেত্ৰত বিলম্ব হোৱাৰ বাবে দিবলগা অতিৰিক্ত ধনৰ পৰিমাণ ১২৮.৬৮ কোটি টকা।

৩. পাৰিশ্ৰমিক, দৰমহা আদি খৰচৰ বাবে তাৎক্ষণিক ঋণ ১০০ কোটি টকা ধাৰ্য কৰা হৈছে।বিক্ৰীকাৰ্য সম্পাদন হোৱাৰ পিছতে হিন্দুস্তান এন্টিবায়োটিক লিমিটেডৰদ্বাৰা ভাৰত চৰকাৰক এই ঋণ ঘূৰাই দিয়া হ’ব।

এই অনুমোদনে চৰকাৰক ব্যৱসায়ীক প্ৰতিষ্ঠানৰ সম্পত্তিৰ সঠিক ব্যৱহাৰৰ সুবিধা দিব আৰু লগতে ব্যৱসায়ীক প্ৰতিষ্ঠানৰ হৈ তলত উল্লিখিত বিষয়সমূহৰ প্ৰতিও মনোযোগ দিবঃ ১. পুনঃসংস্থাপন, ২. কৌশলগত বিক্ৰী, ৩. সামৰণি

মন্ত্ৰীসভাৰ বৈঠকৰ পৰামৰ্শ অনুযায়ী হিন্দুস্তান এন্টিবায়োটিক লিমিটেডৰ প্ৰস্তাৱৰ অনুমোদন তথা ৰূপায়ণৰ ক্ষেত্ৰত হিচাৱ-নিকাচ সম্পূৰ্ণভাৱে স্বচ্ছ কৰি ৰখা হ’ব।

হিন্দুস্তান এন্টিবায়োটিক লিমিটেডৰ মহাৰাষ্ট্ৰৰ পুণেৰ ওচৰৰ পিম্পিৰিৰ অতিৰিক্ত আৰু পৰিত্যক্ত মাটি বিক্ৰী কৰাৰ ফলত ব্যৱসায়ীক প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ আৰ্থিক দুৰৱস্থাৰ বাবে কষ্ট সহিবলগীয়া হোৱা কৰ্মকৰ্তাৰ দৰমহা তথা অন্যান্য প্ৰয়োজন পূৰণ হ’ব। 

(উৎস - পি আই বি )

এগৰাকী সফল মুক বধিৰ এথলীট আৰু মডেল ছফিয়া জো

সংগীতৰ মাধ্যমেৰে বিশ্ববাসীক একত্ৰ কৰাৰ প্ৰচেষ্টাত ব্ৰতী জেজ গোৱা ষ্টুডিঅ'

সাত শতাধিক বাটৰ কুকুৰক আশ্ৰয় দিয়া মানুহজন

জাহাজৰ খালাছী এম জি মুথুৱে গঢ়িলে বিশাল ব্যাৱসায়িক সাম্ৰাজ্য