অভিশাপ হ'লগৈ আশীৰ্বাদ: দাল-দৰিদ্ৰ পৰিয়ালৰ জন্মান্ধ যুৱক শ্ৰীকান্ত বোলা আজি কোটিপতি উদ্যোগপতি

0


তেওঁ জন্মান্ধ আছিল আৰু সেইকাৰণেই ওচৰ চুবুৰীয়াই ল’ৰাটোক জন্মৰ পিছতে মাৰি পেলোৱাৰ পৰামর্শ দিছিল৷ মাক-দেউতাকে ওৰেটো জীৱন তেনেকুৱা এটা ঘুণীয়া ল’ৰাক আপডাল কৰি মনোকষ্ট পোৱাতকৈ গাঁৱৰ মানুহখিনিয়ে সেইটো কৰাই উচিত হ’ব বুলি ভাবিছিল৷ তাৰোপৰি সেই সমাজৰ বহুতেই অন্ধ হৈ জন্ম লোৱাটোক মহাপাপৰ ফল বুলিয়ে ভাবিছিল৷ লগতে সেই মানুহখিনিয়ে ল’ৰাটো কোনো কামৰ মানুহ নহ’ব বুলি ভাবিছিল৷ কিন্তু আজি ২৩ বছৰৰ পিছত সেই একেটা ল’ৰায়েই নিজৰ ভৰিত সুদৃঢ়ভাৱে ঠিয় হৈ জগতে শুনাকৈ চিঞৰি চিঞৰি ক’ব পৰা হৈছে যে “মই কৰিব নোৱাৰা কাম এই পৃথিৱীত একোৱেই নাই৷” হাজাৰজনে অসম্ভৱ বুলি ভৱা কথাটো আজি সেই অন্ধ ল’ৰাজনে কেৱল নিজৰ দৃঢ়তাৰে সম্ভৱ কৰি দেখুৱালে৷ তেওঁৰ নাম ‘শ্ৰীকান্ত বোলা’৷ আজি শ্ৰীকান্ত বোলা হায়দৰাবাদস্থিত ‘বলেণ্ট ইণ্ডাষ্ট্ৰীজ’ৰ চি.ই.অ.৷ আজি এই কম্পেনীৰ বজাৰ মূলধনৰ পৰিমান ৫০ কোটি আৰু ইয়াৰ ৭০% কর্মচাৰীয়েই লিখা-পঢ়া নজনা একো একোজন প্ৰতিবন্ধী লোক৷ ‘বলেণ্ট ইণ্ডাষ্ট্ৰীজ’ পৰিৱেশানুকূল বিভিন্ন ডিচপ’জেৱল কনজিউমাৰ পেকেজিঙৰ সৈতে জড়িত এটা উদ্যোগ৷

আজি শ্ৰীকান্ত বোলাই নিজকে পৃথিবীৰ আটাইতকৈ ভাগ্যবান মানুহজন বুলি ভাবে, কিন্তু তেওঁ কোটিপতি হোৱা বাবে নহয় – এতিয়ালৈকে বাছি থকা বাবেহে৷ তেওঁৰ কাৰণে মাক-দেউতাক ঈশ্বৰৰ সমতুল্য৷ কাৰণ অতি দাল-দৰিদ্ৰ, অশিক্ষিত সেই মাক-দেউতাক হালেই ওচৰ চুবুৰীয়াৰ সকলো আদেশ-উপদেশক আওকাণ কৰি অন্তৰৰ সমস্ত মমতাৰে জন্মান্ধ শ্ৰীকান্তক তুলি তালি ডাঙৰ কৰি আজিৰ এই অৱস্থা পোৱাইছেহি৷

বিপর্যস্তসকলৰ সফলতাৰ কাহিনী –

শ্ৰীকান্তৰ দৰে কাহিনীয়ে আমাৰ দৰে লক্ষজনক প্ৰেৰণা যোগায়৷ প্ৰত্যেকৰে জীৱনলৈ কোনোবা নহয় কোনোবা এটা সময়ত হতাশা আহে৷ কিন্তু শ্ৰীকান্তৰ দৰে কিছুমানেহে সেই হতাশাক অতিক্ৰমি সফল জীৱন এটা যাপন কৰাত সমর্থ হয়৷ আজি তেওঁ কেৱল মনৰ দৃঢ়তাৰ বাবেই হতাশাৰ কলীয়া ডাৱৰ আঁতৰাই নিজৰ জীৱনটোক ৰ’দৰ আলোকেৰে আলোকিত কৰি তুলিব পাৰিছে৷

শ্ৰীকান্ত জন্মান্ধ হোৱাৰ উপৰিও তেওঁৰ পৰিয়ালটো আছিল দাল-দৰিদ্ৰ৷ এনে হাজাৰ বাধাৰ পিছতো কিন্তু মাক-দেউতাকে তেওঁক স্কুললৈ পঠিয়াইছিল৷ স্কুলতো শ্ৰীকান্তে দিনৌ নিত্য নতুন লাঞ্চনা-গঞ্জনাৰ সন্মূখীন হৈছিল৷ দৰিদ্ৰ গাওঁখনৰ সেই ক্ষুদ্ৰ স্কুলখনৰ শিক্ষক আৰু সহপাঠী সকলে শ্ৰীকান্তক আদৰি নোলোৱাটোত অৱশ্যে বিশেষ আচৰিত হ’ব লগা একো নাছিল৷ শৈশৱ আৰু কৈশোৰত শ্ৰীকান্তে অকল মাক-দেউতাকে যোগোৱা সাহসৰ বলতেই এই বাধা-বিপত্তি সমূহ অতিক্ৰমি আগবাঢ়ি গৈছিল৷ সেইদৰে তেওঁ এসময়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাতো উত্তীর্ণ হ’ল আৰু তাৰপিছত যেতিয়া তেওঁ বিজ্ঞান শাখাত নামভর্তি কৰিব বিচাৰিলে তেতিয়া তেওঁৰ প্ৰতিবন্ধকতাৰ দোহাই দি কর্তৃপক্ষই শ্ৰীকান্তৰ আশাত চেঁচাপানী ঢালিলে৷ তেওঁক বিজ্ঞান শাখাত নামভর্তি কৰিবলৈ দিয়া নহ’ল৷ কিন্তু তথাপিও ওঠৰ বছৰ বয়সত শ্ৰীকান্তে বিশ্বৰ এক অন্যতম বৰেণ্য শিক্ষানুষ্ঠান আমেৰিকাৰ Massachusetts Institute of Technology চমুকৈ এম.আই.টি. ত শিক্ষানুষ্ঠানখনৰ ইতিহাসত প্ৰথমজন দৃষ্টিহীন ছাত্ৰ হিচাপে নামভর্তী কৰিবলৈ সমর্থ হ’ল৷

সঁচাকৈ, মনৰ দৃঢ়তা থাকিলে মানুহে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰে – শ্ৰীকান্তৰ জীৱন পৰিক্ৰমাই আমাক এই শিক্ষাকে দিয়ে৷

৷৷শ্ৰীকান্ত বোলা / ফটো – আই.এন.কে. টকচৰ সৌজন্যত৷৷
৷৷শ্ৰীকান্ত বোলা / ফটো – আই.এন.কে. টকচৰ সৌজন্যত৷৷

অন্ধ হৈ জন্মাৰ পিছতে গাঁৱৰ মানুহে মাৰি পেলোৱাৰ পৰামর্শ দিয়া ল’ৰাটোৱে আজি ‘বলেণ্ট ইণ্ডাষ্ট্ৰীজ’ৰ মূখ্য কার্যবাহী বিষয়া হিচাপে চাৰিটাকৈ বৃহৎ কাৰখানা পৰিচালনা কৰে৷ এই চাৰিটা কাৰখানাৰ এটা কর্ণাটকৰ হুৱলিত, এটা তেলেঙ্গানাৰ নিজামাবাদত আৰু আন দুটা তেলেঙ্গানাৰ হায়দৰাবাদ চহৰত অৱস্থিত৷ আন এটা কেৱল সৌৰ শক্তিৰ দ্বাৰা পৰিচালিত হ’ব লগা কাৰখানা চেন্নাইৰ পৰা ৫৫ কিলোমিটাৰ নিলগৰ অন্ধ্ৰপ্ৰদেশৰ ঔদ্যোগিক চহৰ ‘শ্ৰী চিটি’ত নির্মাণ কৰি থকা হৈছে৷

এম.আই.টি. ৰ শিক্ষা সাং কৰি ভাৰতলৈ ঘূৰি অহাৰ পিছত এদিন শ্ৰীকান্তে হঠাৎ কোনো মহাপুৰুষক পোৱাদি এক ভাৰতীয় মিলিয়নাৰ ‘ৰৱি মান্থা’ক লগ পালে৷ সেয়া দুবছৰ আগৰ কথা৷ এমআইটিৰ শিক্ষা আৰু কর্ম সংস্কৃতিৰে দীক্ষিত শ্ৰীকান্তৰ মনত তেতিয়া অলেখ সপোন৷ সেই সপোনক ফলৱতী কৰিবলৈ তেওঁ নিজৰ পৰবর্তী পদক্ষেপ সমন্ধে কাগজে-কলমে সকলোখিনি কৰি অপেক্ষা কৰিছিল কেৱল মূলধনলৈ৷ ‘ৰৱি মান্থা’ক লগ পোৱাৰ লগে লগে সেই সমস্যাৰো এটা সমাধান ওলাল৷ অনহাতে ‘ৰৱি মান্থা’ই প্ৰথমটো সাক্ষাততে ‘শ্ৰীকান্ত’ৰ ব্যৱসায়িক বুদ্ধিৰ সুক্ষ্মতা দেখি বাৰুকৈয়ে মুগ্ধ হ’ল আৰু একেআষাৰে ‘শ্ৰীকান্তক’ বিনিয়োগৰ যোগান ধৰিবলৈ ৰাজি হৈ গ’ল৷

‘শ্ৰীকান্ত’ৰ পৰিকল্পনা আৰু ‘ৰৱি মান্থা’ৰ পূঁজিৰে হায়দৰাবাদৰ ঔদ্যোগিক অঞ্চলত তিনিটা যন্ত্ৰ আৰু আঠজন কর্মচাৰীৰে টিঙৰ সাধাৰণ চালি এখনৰ তলত ‘বলেণ্ট ইণ্ডাষ্ট্ৰীজ’ৰ যাত্ৰাৰ আৰম্ভণি ঘটিছিল৷ আৰু আজি সেই ‘বলেণ্ট ইণ্ডাষ্ট্ৰীজে’ প্ৰায় ১৩ কোটি টকাৰ পূঁজি সংগ্ৰহ কৰিবলৈ সমর্থ হৈছে৷ আজি ‘শ্ৰীকান্ত’ আৰু ‘ৰবি মান্থা’ দুয়ো মিলি এই উদ্যোগটোক এটা অই.পি.অ. পর্যায়ৰ কম্পেনীলৈ উন্নীত কৰাৰ সপোন দেখিছে৷ ৰবিয়ে দৃঢ়ভাৱে বিশ্বাস কৰে যে অচিৰেই তেওঁলোকে শ্ৰীকান্তৰ ব্যৱসায়ীক অন্তর্দৃষ্টিৰ বলতেই সেই লক্ষ্যত উপনীত হ’ব৷

নিঃসঙ্গতা হ’ল এক অভিশাপ –

আই.এন.কে. টকচৰ উদ্যোগত মুম্বাইত অনুষ্ঠিত এক অনুষ্ঠানত জীৱনৰ প্ৰথমটো বক্তৃতা ৰাখিবলৈ গৈ শ্ৰীকান্তে প্ৰতিৱন্ধী সকল জন্মৰ পিছত ক’ৱ নোৱাৰাকৈয়ে আপোনা আপুনি নিঃসঙ্গ হৈ পৰে বুলি কয়৷ কিন্তু নিজৰ শৈশৱৰ কথা ৰোমন্থন কৰি তেওঁ কয় যে অন্ধত্ব তেওঁৰ কাৰণে একপ্ৰকাৰ আশীর্বাদৰ নিচিনাই আছিল৷ কিয়নো তেওঁ আন শিশু সকলৰ দৰে শাৰিৰীক আৰু মানসিকভাৱে সক্ষম হোৱা হ’লে দেউতাকে অৱস্থাৰ দায়তে তেওঁক খেতি-খোলাৰ কামতে লগালেহেতেন৷ জন্মান্ধ হোৱা হেতুকেহে দেউতাকে তেওঁক অকামিলা জ্ঞান কৰি এনেই থকাতকৈ স্কুলতে নামভর্তি কৰি দিছিল৷ শৈশৱত নিজৰ ঘৰৰ পৰা ৫ কিলোমিটাৰ দূৰৰ স্কুলখনত কটোৱা সময়খিনিৰ কথা ৰোমন্থন কৰি শ্ৰীকান্তে কয় যে তেতিয়া তেওঁ পি.টি. অথৱা পাঠদান আদি স্কুলৰ কোনো কামতে বিন্দুমাত্ৰও অংশগ্ৰহণ কৰিব পৰা নাছিল৷ তেওঁ কয়, “তেতিয়া মই নিজকে পৃথিবীৰ আটাইতকৈ নিঃস্ব শিশু বুলি ভাবিছিলো৷ কিন্তু দুখীয়া কাৰণে মই তেনেকৈ ভৱা নাছিলো, নিঃসঙ্গতাৰ কাৰণেহে তেনেকৈ ভাবিছিলো৷

গাঁৱৰ সেই স্কুলখনত ‘শ্ৰীকান্তে’ একেবাৰেই একোকে শিকিব পৰা নাছিল৷ কিবাকৈ এই বিষয়টো এদিন তেওঁৰ দেউতাকৰ দৃষ্টিগোচৰ হ’ল আৰু লগে লগে দেউতাকে হায়দৰাবাদৰ এখন ‘বিশেষ ভাৱে সক্ষম’ শিশুৰ স্কুলত শ্ৰীকান্তৰ নামভর্তি কৰি দিলে৷ প্ৰথম দিনটোৰ পৰাই সেই স্কুলখনত পোৱা মৰম আৰু সহানুভূতিত শ্ৰীকান্তৰ হতাশ মনে প্ৰাণ পাই উঠিল৷ পঢ়াৰ লগতে তেওঁ ডবা আৰু ক্ৰিকেটো খেলিবলৈ অকল শিকাই নহয়, কেইদিনমানৰ ভিতৰতে সেই দুবিধ খেলত বিশেষ পাৰদর্শীও হৈ উঠিল৷ পিছৰটো বছৰৰ প্ৰথমটো পৰীক্ষাতে শ্ৰীকান্তে শ্ৰেণীটোৰ ভিতৰত সর্বোচ্চ নম্বৰেৰে উত্তীর্ণ হোৱাৰ লগতে পূর্বৰ ৰাষ্ট্ৰপতি এ.পি.জে. আব্দুল কালামৰ লীড ইণ্ডিয়া প্ৰজেক্টটো প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰাৰ সুযোগ পালে৷ ইমানৰ পিছতো কিন্তু দেশৰ সামাজিক ব্যৱস্থাটো শ্ৰীকান্তৰ প্ৰতি সদয় নহ’ল৷ অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যিক বর্ডৰ দশম শ্ৰেণীৰ পৰীক্ষাটো ৯০ শতাংশ নম্বৰলৈ পাছ কৰাৰ পিছতো তেওঁক অন্ধ হোৱা বাবে একাদশ শ্ৰেণীৰ বিজ্ঞান শাখাত নামভর্তিৰ অনুমতি দিয়া নহ’ল৷ তেওঁক কলা শাখাত ভৰ্তি হ’বলৈ জোৰ কৰা হ’ল৷ সেই সময়ৰ কথাখিনি ৰোমন্থন কৰি শ্ৰীকান্তে কয়, “মোৰ অন্ধত্বতকৈ মোৰ চাৰিওকাষৰ মানুহখিনিৰ বোধৰ দৈনতাইহে মোক বেছি অন্ধ কৰি তুলিছিল৷

শ্ৰীকান্ত কিন্তু ইয়াতে থমকি নৰ’ল৷ তেওঁ প্ৰতিষ্ঠানৰ বিৰুদ্ধে ন্যায়িক যুঁজ দিয়াৰ সিদ্ধান্ত ল’লে আৰু চৰকাৰৰ বিৰুদ্ধে ছমাহৰ ন্যায়িক যুদ্ধৰ পিছত অৱশেষত শ্ৰীকান্তেই জয়ী হ’ল৷ ন্যায়ালয়ে তেওঁক বিজ্ঞান পঢ়াৰ ক্ষেত্ৰত উৎপন্ন হ’ব পৰা যিকোনো বিপদ নিজেই মূৰ পাতি ল’ব লাগিব বুলি কৈ একাদশ শ্ৰেণীৰ বিজ্ঞান শাখাত নামভর্তি কৰাৰ সুযোগ দিয়াৰ ৰায়দান কৰিলে৷

নামভর্তিৰ লগে লগে শ্ৰীকান্তৰ সকলোবোৰ লিখিত কিতাপক বাণীবদ্ধ কৰি কেৱল শুনাৰ যোগ্য কৰি তোলা হ’ল৷ সেই ব্যৱস্থাটো হোৱাৰ লগে লগে দিনে ৰাতিয়ে পঢ়া-শুনা কৰি দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত সকলোকে আচৰিত কৰি ৯৮ শতাংশ নম্বৰ পাবলৈ সক্ষম হ’ল শ্ৰীকান্ত৷

খামিডাঠ মানুহকহে ভাগ্যই সহায় কৰে –

কিছুমান মানুহে জীৱনৰ প্ৰতিটো পদক্ষেপতে বাধাৰ সন্মূখীন হ’ব লগা হয়৷ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা ৯৮% লৈ পাছ কৰাৰ পিছত স্বাভাবিকতে শ্ৰীকান্তে আই.আই.টি. আৰু বিটচ্ পিলানীকে ধৰি দেশৰ বহুকেইখন উচ্চমানৰ অাভিযান্ত্ৰিক শিক্ষানুষ্ঠানৰ যোগ্যতা নিৰ্ণয়কাৰী পৰীক্ষাত অৱতীর্ণ হোৱাৰ বাবে আৱেদন কৰিলে৷ ইয়াৰ সমান্তৰালকৈ শ্ৰীকান্তে দিনে ৰাতিয়ে পঢ়া-শুনাও চলাই থাকিল৷ কিন্তু আই.আই.টি. ৰ যোগ্যতা নিৰ্ণয়কাৰী পৰীক্ষা পৰিচালনা কৰা জইণ্ট এনট্ৰেঞ্চ টেষ্টৰ কর্মকর্তাৰ পৰা অহা এখন চিঠিয়ে শ্ৰীকান্তৰ সকলো উদ্যম আৰু আশাত চেঁচাপানী ঢালিলে৷

সেই প্ৰসঙ্গৰ কথা ওলোৱাত শ্ৰীকান্তে ক’লে, “তেতিয়া মই মনতে ভাবিলো যে আই.আই.টি. ক যদি মোৰ প্ৰয়োজন নাই তেনেহলে মোৰো আই.আই.টি. ৰ প্ৰয়োজন থাকিব নোৱাৰে”৷

তাৰপিছতো শ্ৰীকান্তে আশা এৰি নিদিলে আৰু তেওঁৰ দৰে অন্ধ ল’ৰ এজনে ক’ত কেনেকৈ অাভিয্ন্ত্ৰিক পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰে ইণ্টাৰনেটত তাৰেই সন্ধান কৰিবলৈ ধৰিলে৷ সকলোবোৰ বিষয় চালি জাৰি চোৱাৰ পিছত শ্ৰীকান্তে আমেৰিকাতে তেওঁ পঢ়াৰ সুবিধা হ’ব বুলি ভাবি তাৰ কেইবাখনো বিশ্ববিদ্যলয়ত নামভর্তিৰ বাবে আৱেদন কৰিলে৷ তেওঁক আমেৰিকাৰ MIT, Stanford, Berkeley, আৰু Carnegie Mellon নামৰ তিনিখন আগশাৰীৰ বিশ্ববিদ্যালয়ে পাঠ্যক্ৰম গ্ৰহণ কৰাৰ বাবে আমন্ত্ৰণ জনালে৷ বহু গুণা-গথাৰ পিছত শ্ৰীকান্তে এটা ভাল পৰিমাণৰ জলপানি সহ এম.আই.টি. তে নামভর্তি কৰাৰ সিদ্ধান্ত লয় আৰু তেওঁ পৃথিবীৰ অন্যতম শ্ৰেষ্ঠ শিক্ষানুষ্ঠানখনৰ প্ৰথম গৰাকী দৃষ্টিহীন ছাত্ৰ হিচাপে পৰিগণিত হয়৷

লাহে লাহে শ্ৰীকান্তে আমেৰিকাৰ জীৱনশৈলীৰ সৈতে নিজকে খাপ খুৱাই ল’বলৈ সমর্থ হ’ল৷ আৰু যধাসময়ত সফলতাৰে এম.অই.টি. ৰ স্নাতক পাঠ্যক্ৰমৰো সামৰণি মাৰিলে৷ সেই পাঠ্যক্ৰম সামৰাৰ পিছত শ্ৰীকান্ত ক’ত থাকিব, কি কৰিব সেই লৈ কিছুদিন এটা দুদোল্যমান পৰিস্থতিয়ে বিৰাজ কৰাৰ পিছত তেওঁ ভাৰতলৈ ঘূৰি অহাৰেই সিদ্ধান্ত লয়৷

শ্ৰীকান্তে ক’লে যে সদায় তেওঁৰ মনত কিছুমান প্ৰশ্নই খুন্দিয়াই থাকে৷ কিয় তেওঁৰ দৰে এজন প্ৰতিবন্ধী লোকে ভাৰতীয় সমাজত সৎভাৱে জীয়াই থাকিবলৈ এটা সন্মানজনক বৃত্তি ল’ব নোৱাৰে? কিয় ভাৰতৰ ১০ শতাংশ প্ৰতিবন্ধী লোক দেশৰ অর্থনীতি আৰু বিকাশৰ অংশ হ’ব নোৱাৰে? এইকেইটা প্ৰশ্নকে বুকুত বান্ধি আমেৰিকাৰ কর্পৰেট জগতৰ বহু লোভনীয় কেইবাটাও চাকৰিৰ প্ৰস্তাৱ হেলাৰঙে প্ৰত্যাখ্যান কৰি ঘৰৰ ল’ৰা আকৌ ঘৰলৈ উভতি আহিল৷ ভাৰতত পদার্পণ কৰিয়েই শ্ৰীকান্তে বিশেষভাৱে সক্ষম লোকৰ বাবে এটা অনুষ্ঠানৰ জন্ম দিলে৷ ইতিমধ্যে সেই অনুষ্ঠানৰ জৰিয়তে প্ৰায় ৩০০০ হাজাৰ ল’ৰা ছোৱালীক শিক্ষাগ্ৰহণৰ সুযোগ দিয়াৰ লগতে তেওঁলোকৰ কিছুমানক বৃত্তিমূলক শিক্ষাৰ প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰিছে৷ শ্ৰীকান্তে ক’লে, “এইবোৰ কৰাৰ পিছতো মোৰ মনটোৱে মনা নাছিল সেয়ে মই এই কম্পেনীটো গঠন কৰি তাত প্ৰায় ১৫০ জন বিশেষভাৱে সক্ষম লোকক নিয়োগ কৰাৰ ব্যৱস্থা কৰিছো৷

অৱশেষত শ্ৰীকান্তৰ মনৰ আশা পূৰণ হ’ল -

শ্ৰীকান্ত সপোনবোৰক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁৰ কম্পেনীটোৰ সহঃ প্ৰতিষ্ঠাপক ‘স্বর্ণলতা’ই সকলো সময়তে সহায়ৰ হাত আগবঢ়াই আহিছে৷ এই স্বর্ণলতা নামৰ ভদ্ৰমহিলা গৰাকী শ্ৰীকান্তৰ স্কুলত শিক্ষয়ত্ৰী আছিল৷ শ্ৰীকান্তৰে জীৱনৰ সংগ্ৰামৰ সময়চোৱাত স্বণর্লতাই তেওঁৰ পৰামর্শদাঁতা আৰু পথপ্ৰদর্শকৰ ভূমিকা পালন কৰিছিল৷ তেখেতেই ‘বলেণ্ট ইণ্ডাষ্ট্ৰীজ’ৰ সকলোবোৰ বিশেষভাৱে সক্ষম লোকক প্ৰশিক্ষন দিয়াৰ লগতে তেওঁলোকক নিজৰ কামবোৰ নিয়াৰিকৈ কৰাত সকলোসময়তে উৎসাহিত কৰি আহিছে৷ আনহাতে এই সকলোখিনি কৰাৰ বাবে স্বর্ণলতাই শ্ৰীকান্তৰ পৰাই প্ৰেৰণা পোৱাৰ বুলি জনায়৷ ‘স্বর্ণলতা’ আৰু বলেণ্টৰ বিনিয়োগকাৰী ‘ৰৱি মান্থা’ৰ মতে তেওঁলোকৰ কর্মপ্ৰেৰণাৰ মূল উৎস হ’ল শ্ৰীকান্ত বোলা৷ শ্ৰীকান্তৰ পৰাই দুয়োজনে তেওঁলোকৰ সন্মূখলৈ অহা যিকোনো প্ৰত্যহ্বানকে সহজ ভাৱে গ্ৰহণ কৰি তাৰ মোকাবিলা কৰাৰ সাহস পোৱাৰ কথা উল্লেখ কৰে৷

২৩ বছৰ পূর্বে এদিন অন্ধ হৈ জন্ম হৈ গাঁৱৰ ওচৰ চুবুৰীয়াৰ লগতে মাক-দেউতাককো অসুখী কৰা আজিৰ যুৱক শ্ৰীকান্ত বোলাই আজি প্ৰায় একক প্ৰচেষ্টাৰে সহস্ৰজনৰ ওঠত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে৷

মূল কাহিনী – দিপ্তী নায়াৰ

অসমীয়া অনুবাদ – মণি ভট্টাচার্য্য

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

নিসঙ্গতা দুৰ কৰিবলৈ স্কুলত পঢ়িবলৈ যায় নেপালৰ ৬৮ বছৰীয়া দুৰ্গা কামি

কিদৰে আমিৰা শ্বাহে নিজৰ পিতৃৰ সৰু লেবৰেটৰীটোক এটা ২০০০ কোটিটকীয়া কোম্পানীলৈ সলনি কৰি পেলালে।

দিল্লীৰ পথৰ দাঁতিত চাহ বিক্ৰী কৰা লক্ষ্মণ ৰাও এজন প্ৰসিদ্ধ সাহিত্যিক

শোষিত মহিলাক সন্মানৰ জীৱন দিবলৈ যুঁজি যোৱা এগৰাকী যোদ্ধা সুনীতা কৃষ্ণন