তালিবানৰ কবলৰপৰা পলায়ন কৰা শিশু নাদিয়া আজি ডেনমাৰ্কৰ ৰাষ্ট্ৰীয় স্তৰৰ ফুটবলাৰ

তালিবানৰ কবলৰপৰা পলায়ন কৰা শিশু নাদিয়া আজি ডেনমাৰ্কৰ ৰাষ্ট্ৰীয় স্তৰৰ ফুটবলাৰ

Sunday August 13, 2017,

3 min Read

নাদিয়া নাদিমৰ কাহিনী যেন এখন হলীউডৰ ছৱিৰ চিত্ৰনাট্যহে । তেওঁৰ জীৱন কাহিনী যেন তালিবানৰ দখলত থকা আফগানিস্তানত দমনৰ সন্মূখীন হোৱা মানুহৰ জীৱন, বিশেষকৈ মহিলাৰ জীৱন আৰু তাৰপৰা মুক্তি তথা মানুহৰ হাৰ নমনা মনোভাৱৰ ওপৰত এখন চলচিত্ৰ ।

নাদিয়া আজি ডেনমাৰ্কৰ বাসিন্দা আৰু দেশখনৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ সদস্য হিচাপে তেওঁ এগৰাকী সফল আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ । কিন্তু তেওঁৰ জীৱনৰ আগছোৱা আছিল সংঘাতেৰে পৰিপূৰ্ণ । তালিবানে ধ্বংস কৰা আফগানিস্তানত এজনী ছোৱালীয়ে সন্মুখীন হ'বপৰা সকলো সমস্যাৰেই সন্মূখীন হৈছিল তেওঁ । 

Image source: The Local Denmark

Image source: The Local Denmark


আন বহু আফগানৰ দৰে নাদিয়াৰ পিতৃও আছিল এজন দুৰন্ত ফুটবল অনুৰাগী । তেওঁ নিজৰ জীয়ৰিহঁতক খেলিবলৈ ফুটবল আনি দিছিল । নাদিয়া আৰু তেওঁৰ ভনীয়েকবোৰে তেওঁলোকৰ বাগিছাত লুকাই চুৰকৈ ফুটবল খেলিছিল কাৰণ তালিবানৰ শাসনত ছোৱালীয়ে খেলাটো নিষিদ্ধ আছিল । 

নাদিয়াৰ দহ বছৰ বয়সত নাদিয়াৰ পিতৃক মৰুভূমিৰ মাজত এখন সভালৈ মাতি নিয়া হৈছিল আৰু তেওং কেতিয়াও ঘুৰি নাহিল । ছমাহ পাছত নাদিয়াৰ মাতৃয়ে গম পালে তেওঁৰ স্বামীক তালিবানে হত্যা কৰিছিল । 

নাদিয়াই কয়, "আমাৰ পিতৃক হত্যা কৰাৰ পাছত আমাৰ পৰিয়ালতোৰ ছগৰাকী মহিলা অকলশৰীয়া হৈ পৰিলো । মহিলা হোৱা বাবে তালিবানৰ শাসনত স্কুললৈ যোৱা, কাম কৰা আনকি পুৰুষ অবিহনে ৰাস্তালৈ ওলাই যোৱাৰো আমাৰ অধইকাৰ নাছিল । আমাৰ জীৱন হৈ পৰিল অন্ধকাৰাচ্ছন্ন ।" 

এইঅৱস্থাৰপৰা মুক্তি পাবলৈ নাদিয়াৰ মাতৃ হামিল্ডাই দেশৰপৰা পলায়ন কৰাৰ আঁচনি প্ৰস্তুত কৰিবলৈ ধৰিলে । এদিন ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ তেওঁ পাঁচজনী ছোৱালীক লৈ আফগানিস্তানৰপৰা পলায়ন কৰিলে । পাকিস্তান হৈ ভুৱা পাৰপত্ৰৰ সহায়ত তেওঁলোক ইটালীলৈ গ'ল । ইটালীৰপৰা তেওঁলোক লণ্ডনত থকা আত্মীয়ৰ তালৈ যাবলৈ এখন বাছত উঠিল যদিও বাছখনে তেওঁলোকক ডেনমাৰ্কৰ এখন গাঁৱত নমাই থৈ গুছি গ'ল । 

ডেনমাৰ্কত তেওঁলোকে এটা শৰণাৰ্থী শিবাৰত আশ্ৰয় ল'লে । ইয়াত নাদিয়া আৰু তেওঁৰ ভনীয়েকহঁতে জীৱনত প্ৰথমবাৰৰ বাবে মুক্তমনে ফুটবল খেলিবলৈ পালে । তেওঁলোকে স্কুললৈ যাবলৈও আৰম্ভ কৰিলে । স্কুলৰ পাছৰ সময়খিনি তেওঁলোকে ফুটবল খেলি পাৰ কৰিবলৈ ধৰিলে । অতি কম সময়ৰ ভিতৰত তেওঁলোক এটা এপাৰ্টমেন্টলৈ গ'লগৈ । নাদিয়াই এটা পেছাদাৰী ফুটবল ক্লাবত প্ৰশিক্ষণো ল'বলৈ ধৰিলে । 

কিছুদিনৰ ভিতৰতে তেওঁলোকে ডেনমাৰ্কৰ নাগৰিকত্ব লাভ কৰিলে । তেওঁলোকৰ জীৱন যেন লাহে লাহে ভাললৈ আহিল । নাদিয়াই ৰাষ্ট্ৰীয় ফুটবল দলত স্থান লাভ কৰিলে । 

বৰ্তমান নাদিয়াই পৰ্টলেণ্ড থৰ্ণছ দলটোৰ হৈ খেলে । এই ক্লাবটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটাইতকৈ ডাঙৰ ক্লাব । এই দলৰ একোখন খেলত ১৫,০০০ দৰ্শক থাকে । ২৯ বছৰীয়া নাদিয়াই এতিয়া এই দলৰ হৈ খেলে ।

সমান্তৰালভাৱে নাদিয়াই ডেনমাৰ্কৰ আৰ্হাছ বিশ্ববিদ্যালয়ত চিকিৎসাশাস্ত্ৰ অধ্যয়ণ কৰি আছে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

৬৩ বাৰ বিফলতাৰ পাছত আহিল সফলতা

অভিশাপ হ'লগৈ আশীৰ্বাদ: দাল-দৰিদ্ৰ পৰিয়ালৰ জন্মান্ধ যুৱক শ্ৰীকান্ত বোলা আজি কোটিপতি উদ্যোগপতি

মণিপুৰৰ ৬৩ বছৰীয়া পটশ্বাংবাম দেবকান্তই ১৬৫ বিধ ধানৰ খেতিৰে লাভ কৰিছে দেশজোৰা প্ৰসিদ্ধি

ছয় কোবাই আৰব সাগৰত বল পেলাই দিয়া কলা বোবা ভাৰতীয় ক্ৰিকেটাৰজন