অনুষ্ঠান আয়োজন কৰিবলৈ গৈ উজুটি নাখাব

অনুষ্ঠান আয়োজন কৰিবলৈ গৈ উজুটি নাখাব

Tuesday July 19, 2016,

2 min Read

ইঞ্জিনীয়াৰিং কলেজৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰোঁতেই কেইজনমান ছাত্ৰৰ মনলৈ আহিছিল এটা ব্যাৱসায়িক ধাৰণাৰ । এই আলোচনাচক্ৰখনৰ আয়োজনৰ দায়িত্বত থকাসকল ভীষণ সমস্যাত পৰিছিল ইটো সিটো বস্তু যোগাৰ কৰাক লৈ । আলোচনাচক্ৰখন পাতিবলৈ প্ৰয়োজনীয় বস্তু যোগাৰ কৰোঁতেই ইমান সমস্যা হৈছিল যে অনুষ্ঠানটো ব্যাপক খেলিমেলিৰে শেষ হৈছিল । এই ঘটানাই তেওঁলোকক ভাবিবলৈ বাধ্য কৰালে কিদৰে এই সমস্যাটোৰ সমাধান কৰিব পাৰি । এই চিন্তাৰে ফচল আনুষ্ঠানৰ আয়োদন বা ইভেন্ট মেনেজমেন্ট সম্পৰ্কীয় সকলো প্ৰয়োজনীয় বস্তু যোগানৰ ই-কমাৰ্চ প্লেটফৰ্ম eventjugaad.com । 

image


ডেভিদ প্ৰতীম গগৈ, ৰুপম চৌধুৰী, মৌচম তালুকদাৰ, ইছফাক আহমেদ, নাছিৰ আহমেদ আৰু অনুৰাগ ডাউলাগাপুৱে বৰ্তমান eventzugaad.com যোগেদি Alcheringa, Metropolis, Pyrokinesis, Posua আদি কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ আয়োজনত সহযোগিতা কৰিছে । মেট্ৰপলিছৰ বাহিৰে ওপৰোক্ত আটাইকেইটা অনুষ্ঠানৰে 'Official Jugaad Partner' আছিল eventjugaad.com । 

'কোনোধৰণৰ অভিজ্ঞতা নোহোৱাকৈ আমি আৰম্ভ কৰিছিলো । আনকি আমি লাভ কৰা দ্বিতীয়টো কাম আমাৰ ক্লায়েন্টে নাকচ কৰিছিল আৰু আমি গ্ৰাহকৰ সন্তুষ্টিৰ বাবে নিজৰ জেপৰপৰা পইচা ৰচ কৰিবলগীয়া হৈছিল । বহুতে আমাক নিৰাশ কৰিছিল। তথাপি আমি মন পেলাই দিয়া নাছিলো আৰু আগবাঢ়ি গৈছিলো ।' এইদৰে কয় eventzugaad ৰ চিইঅ' ডেভিদ প্ৰতীম গগৈয়ে । 

বৰ্তমান eventzugaad.com এ মাহে ১৫-২০ টাকৈ অৰ্ডাৰ লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াক পৰৱৰ্তী পৰ্যায়লৈ সৈ যাবলৈ আৰু ইয়াৰ প্ৰসাৰ ঘটাবলৈ বিনিয়োগকাৰীক আকৰ্ষণ কৰিব পৰাকৈ এটা ব্যাৱসায়িক আৰ্হি প্ৰস্তুত কৰি থকা হৈছে বুলি জনায় ডেভিদে ।  

image


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

অসমৰ হিমাংশু ছিকৰিয়াই সমস্যাৰ সমাধান বিচাৰোঁতে সৃষ্টি হৈছিল startify.in

বিপদকো নেওচি বন্যাৰ্তৰ সুৰক্ষাত এজন আৰক্ষী বিষয়া

দৈনিক ৮ কি:মি: পাহাৰ বগাই এখন স্কুল জীয়াই ৰাখিছে এজন শিক্ষকে

হাত-ভৰি নথকা নিক ভুয়িচিক এজন সফল আৰু সুখী ব্যক্তি