বিপদকো নেওচি বন্যাৰ্তৰ সুৰক্ষাত এজন আৰক্ষী বিষয়া

বিপদকো নেওচি বন্যাৰ্তৰ সুৰক্ষাত এজন আৰক্ষী বিষয়া

Wednesday July 13, 2016,

3 min Read

আৰক্ষীৰ ইংৰাজী প্ৰতিশব্দ policeৰ প্ৰতিটো আখৰৰ তাৎপৰ্য আছে। Polite, Obedient, Loyal, Intelligent, Courageous Efficient চমুকৈ POLICE কিন্তু বাস্তৱ জীৱনত এই গুণসমূহ আৰক্ষীৰ মাজত খুব কমেই দেখা যায় । আৰক্ষী বুলি ক'লেই সাধাৰণতে অভদ্ৰ ব্যৱহাৰ, কৰ্কশ মাতৰ একো একোজন ব্যক্তিৰ ছৱি এখন সাধাৰণতে কল্পনা কৰা হয় । জনসাধাৰণক সুৰক্ষা দিয়াৰ কামত নিয়োজিত আৰক্ষীৰ বিৰুদ্ধে সাধাৰণতে ঘোচ লোৱা অথবা অসহায় মানুহৰ ওপৰত অত্যাচাৰৰহে অভিযোগ উত্থাপন হৈ থাকে । তাৰ মাজতে এচাম নিষ্ঠাবান, কৰ্তব্যপৰায়ণ আৰক্ষীৰ লোকে কিন্তু এতিয়াও মানৱতাক জীয়াই ৰাখিছে আৰু তাৰ বাবেই হয়তো আমাৰ সমাজ সম্পূৰ্ণৰুপে অৰাজক হৈ পৰা নাই । এইসকল নিষ্ঠাবান আৰক্ষীয়েই আইন শৃংখলা ব্যৱস্থাটোৰ প্ৰতি আমাক আস্থাশীল কৰি ৰাখিছে । 

এনে এখন ছৱি অলপতে দেখা গ'ল যোৰহাটৰ পুলিবৰত । ১০ জুলাইৰ দিনা হঠাৎ ভোগদৈ নৈৰ বাঢ়নি পানীয়ে ১০০ মিটাৰ মথাউৰি ভাঙি কাষৰীয়া ৬০ খন গাওঁ নিমিষতে বুৰাই পেলায় । এই বানে এই ৬০ খন গাঁৱৰ ৩৫০০০ লোকৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে । ধাৰাষাৰ বৰষুণৰ ফলত ক্ৰমাৎ বাঢ়ি আহি থকা বাঢ়নি পানীৰ পৰা এই লোক সকলক উদ্ধাৰৰ বাবে উদ্ধাৰকৰ্মী আহি পোৱালৈ ৰৈ নাথাকি এমুঠিমান আৰক্ষী আৰু নামমাত্ৰ সা-সুবিধাৰে নিজেই উদ্ধাৰ অভিযানত নামি পৰে পুলিবৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৃষিকেশ হাজৰিকা। 

image


একঁকাল পানীত নামি হৃষিকেশ হাজৰিকা আৰু তেওঁৰ আৰক্ষীৰ দলটোৱে বিপদকো নেওচি এজন এজনকৈ লোকক দাঙি আনি উদ্ধাৰ অভিযান আৰম্ভ কৰে । প্ৰথমতে বৃদ্ধ, ৰুগীয়া, মহিলা আৰু শিশুসকলক উলিয়াই আনি আন লোকসকলকো পানীৰ মাজৰপৰা উলিয়াই আনে তেওঁলোকে । এই অভিযান চলাই থকাৰ সময়ত পানীৰ স্তৰ বাঢ়িয়েই আছিল । লগতে আছিল বিষাক্ত সাপৰ ভয় । কিন্তু এই সকলোবোৰ বিপদ আওকাণ কৰি তেওঁলোকে চলাই গ'ল উদ্ধাৰ অভিযান । 

হৃষিকেশ হাজৰিকাৰ মতে আৰক্ষী বিষয়া হিচাপে তেওঁ জনসাধাৰণৰ সুৰক্ষাৰ বাবে দায়বদ্ধ। সেয়া লাগিলে আইন শৃংখলা সম্বন্ধীয় বিষয়েই হওক অথবা প্ৰাকৃতিক দুৰ্যোগেই হওক । তেওঁ কয়, 

এছডিআৰএফ বা মোৰ ওপৰৱালা বিষয়ালৈ অপেক্ষা কৰিবলৈ মোৰ সময় নাছিল । আৰক্ষী বিষয়া হিচাপে মোৰ কাম হৈছে মানুহক সুৰক্ষা দিয়া আৰু মই নিজকে এই অঞ্চলটোৰ ৰাইজৰ ৰক্ষাকৰ্তা হিচাপে গণ্য কৰোঁ। গতিকে তেওঁলোকক য়িকোনো মূল্যৰ বিনিময়ত সুৰক্ষা দিয়াটো মোৰ কৰ্তব্য ।
image


হৃষিকেশ হাজৰিকা আৰু তেওঁৰ আৰক্ষী দলৰ তৎপৰতাত বহু লোকৰ জীৱন ৰক্ষা পৰিল । এছডিআৰএফ আহি উদ্ধাৰ কাৰ্য আৰম্ভ কৰাৰ আগতেই হাজৰিকা আৰু তেওঁৰ দলে দুই শতাধিক লোকক অকলেই পানীৰ মাজৰপৰা উলিয়াই আনে । এছডিআৰএফ বাহিনী অহাৰ পাছতো উদ্ধাৰ অভিযানত সম্পূৰ্ণ সহযোগ আগবঢ়ায় আৰক্ষীৰ দলটোৱে ।

(NEST Digital Networkৰ সৌজন্যত)

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী  

ঘৰে ঘৰে মুৰ্গী মাংসৰ সোৱাদ দিবলৈ দীপ বৰাৰ 'চিকেন ভান'

নিজৰ প্ৰাণ দি আইছিছ বোমাৰুক বাধা দিয়া ব্যক্তিজন

ৱেবচাইট আৰু ম'বাইল এপ সেৱাৰ সমূহীয়া মঞ্চ clickexcel.com

অসমলৈ ৰাষ্ট্ৰীয় সন্মান অনা ৰঞ্জিমা দাসে অসুস্থতাৰ বাবে আৰম্ভ কৰিছিল শৰীৰ চৰ্চা