২৫ বছৰৰ তলৰ উদ্যমীসকলে কি কৰা উচিত আৰু অনুচিত

1

যুৱ উদ্যমী হোৱাৰ যেনেকৈ নিজা কিছুমান সুবিধা আছে,তেনেকৈ কিছুমান অসুবিধাও আছে।নিজে এগৰাকী যুৱ উদ্যমী হিচাপে ক’ব খোজো যে, সুবিধাবোৰে বহুত ক্ষেত্ৰত অসুবিধাবোৰক চেৰাই যায়।কোনোবা এগৰাকীয়ে এবাৰ মোক সুধিছিল যে, কিয় মই মোটা অংকৰ দৰমহা ত্যাগ কৰি অনিশ্চয়তাৰে ভৰা এক জীৱন বাচি ল’লো ? তেওঁক মই ক’লো যে,আমি উদ্যমীসকলে অনিশ্চয়তাৰ জীৱনত আৰাম বিচাৰি নুফুৰো,কিবা এটা সৃষ্টি কৰাৰ হেপাঁহৰ পিছতহে দৌৰি থাকো।আন অৰ্থত আমি অনিশ্চয়তাক আকোৱালি লওঁ।

কলেজত পঢ়ি থকাৰ সময়তে মই বীমা কোম্পানী এটাত কাম কৰিছিলো,আৰু তেতিয়াই অনুভৱ কৰিলো যে মই নিজৰ কোম্পানী এটা আৰম্ভ কৰিব বিচাৰো।মই সদায় অনুভৱ কৰিছিলো যে, মই কামবিলাক ভালদৰে কৰিব পাৰিম।কলেজৰ পঢ়াৰ লগতে মই কিছুমান উদ্যমিতা ক্লাৱতো যোগ দিছিলো, তেতিয়াই থিক কৰি লৈছিলো যে এইটোৱেই মোৰ পথ হ’ব।স্নাতক হোৱাৰ পিছত কৰ্পৰেট পৃথিৱীৰ নিগনি দৌৰত ময়ো সোমাই পৰিলো, কিন্তু এইটো বেছিদিনলৈ নাথাকিল। মই মোৰ পূৰ্বে লোৱা সিদ্ধান্তলৈ খোজ ল’লো আৰু ই মোৰ জীৱনৰ শ্ৰেষ্ঠ সিদ্ধান্ত আছিল। আমেৰিকাত চাকৰি এৰি থৈ ভাৰতলৈ ঘূৰি অহাৰ পৰা (মানুহে সাধাৰণতে কৰা কামৰ বিপৰীতটো কৰিলো) এগৰাকী উদ্যমী হ’বলৈ মই বহুত কথাই শিকিলো। ইয়াত মোৰ অভিজ্ঞতা কিছুমান দিয়া হৈছে।

কি কৰা উচিত

ভুল কৰকঃ মোৰ মনত আছে এক মোটা অংকৰ চাকৰি এৰি দি ভাৰতলৈ ঘূৰি অহাৰ আগতে মই কিছু পৰিমাণে শংসয়ত ভূগিছিলো। ভুল কৰিবলৈ মই ভয় কৰিছিলো। কোম্পানীটো আৰম্ভ কৰাৰ সময়ত মই ভুল কৰিছিলো আৰু এতিয়াও ভুল কৰোঁ। মই সোনকালেই বুজি উঠিছিলো যে ভুলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে আপুনি ভুলৰ পৰা শিকিব পাৰে। গতিকে ভুল হ’ব নেকি বুলি ভয় কৰি থকাতকৈ আমি ভুলক আকোৱালি ধৰা উচিত। এগৰাকী ডেকা তেজৰ উদ্যমীৰ বাবে ভাল কথাটো হৈছে যদি তেওঁলোকে ভুল কৰে, সেই ভুলৰ পৰা তেওঁলোকে সোনকালে শিকি লয় আৰু ভৱিষ্যতলৈ সেই ভুলৰ পুনৰাবৃত্তি নকৰে।

ৰিস্ক লওঁকঃ সফল হ’বলৈ হ’লে ৰিস্ক লওঁক।যুৱ উদ্যমী হিচাপে নতুন নতুন কৌশল ৰচনা কৰা,সৃষ্টিশীল ধাৰণাৰ চিন্তা কৰা আৰু কোম্পানীৰ স্থিতিৰ সৈতে প্ৰত্যাহ্বান গ্ৰহণ কৰা আদি বিভিন্ন কামৰ বাবে আমি দৌৰি থাকিব লাগে। বহু সময়ত এই কৌশলবোৰ কামত নাহিব পাৰে,কিন্তু কামত আহিলে মাত্ৰ এটা দৌৰেই আপোনাক শূন্যৰ পৰা বিশেষ এজনলৈ লৈ যাব পাৰে।

যোগাযোগ/নতুন মানুহ লগ পোৱাঃ এইটো মই নিজে অনুকৰণ কৰিবলৈ চেষ্টা কৰিছিলো আৰু ভাল ফলো পাইছিলো।প্ৰত্যেক সপ্তাহতে তিনিজন নতুন মানুহৰ সৈতে চিনাকি হ’বলৈ চেষ্টা কৰক আৰু তেওঁলোকৰ সৈতে যোগাযোগত থাকক।তেওঁলোকৰ পৰা কিবা লাভ হ’ব এই ভাৱি নহয়,তেওঁলোকৰ পৰা আৰু তেওঁলোকৰ অভিজ্ঞতাৰ পৰা শিকক। আৰু ইয়াৰ পৰা পাব পৰা সুযোগৰ কথা হয়তো আপুনি ভৱাই নাছিল। নতুন নতুন মানুহৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলাৰ ডাঙৰ সুবিধাটো হৈছে, সেই মানুহবোৰৰ যোগাযোগবিলাক আপোনাৰ যোগাযোগৰ অংশ হৈ পৰে আৰু আপুনি নজনাকৈয়ে এজন ব্যক্তিৰ যোগাযোগে আপোনাৰ কোম্পানীলৈ সৌভাগ্য কঢ়িয়াই আনিব পাৰে।

প্ৰতিক্ৰিয়াক আদৰণি জনাওকঃ প্ৰতিক্ৰিয়াবিলাক হৈছে ঔষধৰ দৰে। ইয়াৰ সোৱাদ বেয়া কিন্তু যদি ইয়াক আপুনি ব্যৱহাৰ কৰে, ই আৰোগ্য প্ৰদান কৰে। মই এইটো এইকাৰণেই কৈছো কাৰণ কিবা এটাৰ বাবে আপুনি দিন-ৰাতি কষ্ট কৰিছে, তেনে স্থলত কামটোৰ বাবে যি কোনো ঋণাত্মক কথা শুনাটো বৰ পীড়াদায়ক। আপোনাৰ শ্ৰেষ্ঠত্ব যাত্ৰাৰ বাবে প্ৰতিক্ৰিয়াবিলাক গ্ৰহণ কৰি আৰু সেইবোৰক এযুৰি পৰিস্কাৰ চকুৰে ৰূপায়িত কৰাতোহে গুৰুত্বপূৰ্ণ কথা।মনত ৰাখিব আপুনি কেৱল আপোনাৰ নিজৰ বাবে এই ব্যাৱসায় গঢ়ি তোলা নাই।

কি কৰা অনুচিত

উদ্বিগ্ন নহ’বঃ কোনো খুড়ী বা খুড়াই যদি ভাৱে যে আপুনি কোনো বহুজাতিক প্ৰতিস্থানত চাকৰি কৰা উচিত, তেন্তে সেইবোৰ কথাক লৈ মুঠেও উদ্বিগ্ন নহ’ব। আপোনাক কেৱল আপোনাৰ আৰু পৰিয়ালৰ সমৰ্থনৰহে প্ৰয়োজন। ইচ্ছা নথকা মানুহে আপোনাৰ ইচ্ছাক কেতিয়াও বুজি নাপায়।আমি এনেকুৱা এখন পৃথিৱীত বাস কৰোঁ য’ত আন মানুহৰ মতামতে ক্ৰিয়া কৰে,কিন্তু আপুনি যদি নিজৰ আৰু নিজৰ লক্ষ্যৰ প্ৰতি সৎ হয়, সেই একেখিনি মানুহেই আপোনাৰ প্ৰতি ভালপোৱা দেখুৱাব ।

আত্মসন্তুুষ্ট নহ’বঃ মোৰ দেউতাই মোৰ উদ্যমীতাৰ যাত্ৰাৰ আৰম্ভণিতেই মোক সাৱধান কৰি দিছিল,“কোনো সফল উদ্যমীয়েই আত্মসন্তুষ্টি লভি সফল হ’ব নোৱাৰে।” নতুন ধাৰণাৰ সূচনা কৰিবলৈ আৰু সুযোগৰ সুবিধা ল’বলৈ ভয় নকৰিব।আপোনাৰ প্ৰডাক্টৰ বিষয়ে সজাগতা আনিবলৈ আপুনি বিভিন্ন পথ বিচাৰি উলিয়াওক। যদি কোনোবা এবাৰ বিফল হৈছেও, তাৰ পৰা শিক্ষা লৈ ভৱিষ্যতে আপুনি আৰু ভাল কৰিব পাৰিব।

অধৈৰ্য নহ’বঃ তৎক্ষণাৎ ফল লাভ কৰিব খোজাৰ এই সময়ত,আমি প্ৰায়েই এই কথা পাহৰি যাওঁ যে, এদিনতে কোনো মহান কাম হৈ নুঠে। ইয়াৰ বাবে নিজা প্ৰডাক্টটো আকৰ্ষণীয় কৰি তুলিবলৈ কোনোবা এজনক বহু ঘণ্টাজোৰা পৰিশ্ৰম,উজাগৰী ৰাতি আৰু অশেষ প্ৰত্যাখানৰ সন্মুখীন হ’ব লগা হয়। বহু সময়ত প্ৰথম প্ৰচেষ্টা সঠিক হৈ নুঠে, বহু সময়ত আপোনাৰ জিনিয়াচ কৌশলে আনৰ দৃষ্টি কাঢ়িব নোৱাৰে, কিন্তু তাতেই লাগি থাকক, শিকক আৰু ভাল কৰিবলৈ চেষ্টা কৰক।

একেবাৰে শ্ৰেষ্ঠতম প্ৰডাক্ট মুকলি কৰিম বুলি কৰা ধাৰণাটোতে সোমাই নাথাকিব, মাথোঁ সঠিক প্ৰডাক্ট এটাৰ কথাহে ভাৱিব।বহু উদ্যমীয়ে প্ৰডাক্টটোৰ বিষয়েই পেঘেনিয়াই থাকে, হয়তো তেওঁলোকে প্ৰডাক্টৰ ডিজাইন, ব্যৱহাৰিতা ইত্যাদিত সন্তুষ্ট হ’ব নোৱাৰে।কিন্তু আপুনি যদি এই বিষয়ে ভাৱে, তেন্তে ক’ম যে,সেই কাৰণেই আমি উদ্যমী, আমি কেতিয়াও সন্তুষ্ট নহওঁ। পাছলৈ উভতি চোৱা আৰু পলম হোৱাৰ আগতেই প্ৰডাক্ট মুকলি কৰি দিয়া আমাৰ বাবে গুৰুত্বপূৰ্ণ কথা। আপুনি তেতিয়াও শ্ৰেষ্ঠত্ব পাব পাৰে,কিন্তু এইবাৰ আপোনাক আৰু আপোনাৰ প্ৰডাক্টৰ বিষয়ে জনা ১০০ জন লোকৰ মতামতৰ প্ৰয়োজন হ’ব।

মূলঃ আশীষ গুৰনানী

অনুবাদঃ লীনা শইকীয়া

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ইৰা ডুবে-বাহ্যিক ৰুপৰ পৰিৱৰ্তে প্ৰতিভাৰ ওপৰত নিৰ্ভৰ কৰক

চকলেটৰ প্ৰতি থকা নিচাই ৰশ্মি ৱাছৱানীৰ বাবে হ’লগৈ পেছা

সংস্কৃতি-মূল্যবোধত অৱলোকন মাইক্ৰ’ছফটৰ