ইঞ্জিনীয়াৰিঙৰ এই প্ৰৱক্তাজন আছিল ১৩ বছৰ স্কুলৰ মূখ নেদখা শিশু শ্ৰমিক

ইঞ্জিনীয়াৰিঙৰ এই প্ৰৱক্তাজন আছিল ১৩ বছৰ স্কুলৰ মূখ নেদখা শিশু শ্ৰমিক

Tuesday November 29, 2016,

2 min Read

কৰ্ণাটকৰ ২৫ বছৰীয়া অঞ্জিনেয়া কুৰুৱৰ সকলোৰে বাবে এক অনুপ্ৰেৰণা । উত্তৰ কৰ্ণাটকৰ ৰাইচুৰ কৃষি বিশ্ববিদ্যালয়ৰ এজন প্ৰৱক্তা তেওঁ। তেওঁৰ বিষয়ে এটা লেখত লবলগীয়া কথা হ'ল যে তেওঁৰ শৈশৱ পাৰ হৈছিল পথত বাস কৰা এজন অশিক্ষিত আৰু দুখীয়া শ্ৰমিক হিচাপে । পাঁচ বয়সৰ পৰা তেওঁ শ্ৰমিক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল । তেতিয়ালৈকে তেওঁ শিক্ষাৰ প্ৰয়োজনীয়তাৰ কথা বুজা নাছিল । কিন্তু শিকিবলৈ সদায় তেওঁ আগ্ৰহী আছিল । বৰ্তমান তেওঁ ইঞ্জিনীয়াৰিঙৰ বি টেক। 

Image: (L-R) Zee News ; The Hindu

Image: (L-R) Zee News ; The Hindu


পথত কাম কৰি থকাৰ সময়তে অঞ্জিনেয়াই বন্ধুত্ব কৰিছিল সতীশ নামৰ এজন কলেজীয়া ছাত্ৰৰ সৈতে । সতীশে বহু শিশুক পঢ়ুৱাইছিল । পিছে তেওঁ পঢ়া-শুনাত আগ্ৰহী নাছিল । বৰঞ্চ তেওঁ ক্ৰিকেটৰ প্ৰতিহে আগ্ৰহী আছিল । ক্ৰিকেটৰ বিষয়ে অধিক জানিবলৈহে তেওঁ পঢ়িবলৈ আৰম্ভ কৰিছিল । তেনেতে তেওঁ শিৱশংকৰাপ্পা নামৰ এজন স্কুল শিক্ষকক লগ পাইছিল । শিৱশংকৰাপ্পাই তেওঁক এখন চেলুনত তেওঁক এখন বাতৰি কাকত পঢ়ি থকা দেখিছিল । শিৱশংকৰাপ্পাই অঞ্জিনেয়াক শুধিছিল যে তেওঁ আধিক পঢ়িবলৈ আগ্ৰহী নেকি আৰু তেওঁ মান্তি হৈছিল । লগে লগে শিৱশংকৰাপ্পাই তেওঁক এটা ষ্টুডিঅ'লৈ লৈ গৈছিল এখন ফটো তুলিবৰ বাবে যাতে তেওঁক স্কুলত নামভৰ্তি কৰোৱাব পৰা যায় ।

ইতিমধ্যে ১৩ বছৰ অঞ্জিনেয়াই শিক্ষা অবিহনে পাৰ কৰিছিল । ইতিমধ্যে তেওঁ যি শিকিছিল সেয়া পোনে পোনে অষ্টম শ্ৰেণীত নামভৰ্তিৰ বাবে যথেষ্ট নাছিল । শিৱশংকৰাপ্পাই এশেষ কষ্ট কৰি তেওঁক প্ৰস্তুত কৰিলে অষ্টম শ্ৰেণীত নামভৰ্তিৰ বাবে । পৰৱৰ্তী দুবছৰত তেওঁ যথেষ্ট কৰি ৭৪ শতাংশ নম্বৰেৰে শিক্ষান্ত পৰীক্ষা পাছ কৰে ।

১২শ শ্ৰেণীৰ পৰীক্ষাৰ পাছত অঞ্জিনেয়াই বি টেকৰ বাবে আবেদন কৰে । এয়া আছিল তেওঁৰ জীৱনৰ আটাইতকৈ কঠিন প্ৰচেষ্টা । যিহেতু তেওঁৰ ইংৰাজী জ্ঞান তেতিয়া তেনেই সামান্য আছিল আৰু এই পৰীক্ষাৰ সকলো প্ৰস্তুতিৰ বাবে প্ৰয়োজনীয় প্ৰতিখন কিতাপ আছিল ইংৰাজীত । সেয়েহে শিৱশংকৰাপ্পাই প্ৰথমে সেইবোৰ কিতাপ নিজে পঢ়ি অঞ্জিনেয়াক পঢ়ুৱাইছিল । শিৱশংকৰাপ্পাৰ প্ৰতি তেওঁ সদায় কৃতজ্ঞ বুলি তেওঁ মন্তব্য কৰে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

পৰীক্ষিত বৰকটকীয়ে বাঁহেৰে গঢ় দিয়া এটা লাখটকীয়া সপোন

কেৱল সৌৰশক্তিত চলা এখন গাওঁ

খালী ভৰিৰে ৩৫০ কিলোমিটাৰ কিয় দৌৰিছিল নীলিমা পুডটাই

দিল্লী আৰক্ষীৰ এজন কনিষ্টবল আৰু এজন অট'চালক কিয় ঘৰে ঘৰে ঘূৰি ফুৰিছিল