'সভ্যতা আহে আৰু যায়, জীয়াই থাকে নাটক'- নাটকেৰে বিশ্বক আপোন কৰা ড° কেৰেন লিবমেন

'সভ্যতা আহে আৰু যায়, জীয়াই থাকে নাটক'- নাটকেৰে বিশ্বক আপোন কৰা ড° কেৰেন লিবমেন

Tuesday March 29, 2016,

4 min Read

বিশ্বৰ চুকে-কোণে ভ্ৰমণ কৰে মহিলাগৰাকীয়ে । পিছে এই ভ্ৰমণ সাধাৰণ প্ৰমোদ ভ্ৰমণ নহয় । দেশ বিদেশৰ ছাত্ৰ-ছাত্ৰীক নাটকৰ প্ৰশিক্ষণ দিয়া অথবা শ্বেক্সপীয়েৰৰ সৈতে পৰিচয় কৰোৱাটো এইগৰাকী আমেৰিকান মহিলাৰ পেছা আৰু নিছা ।মাৰ্কিন যুক্তৰাষ্ট্ৰৰ গ্ৰেণ্ড ভেলী ষ্টেট বিশ্ববিদ্যালয়ৰ নাট্যকলাৰ অধ্যাপক, পৰিচালক ড° কেৰেন লিবমেনে বিগত বহুবছৰ ধৰি এই কাম চলাই আহিছে । বিভিন্ন সংস্কৃতি আৰু ভাষাক প্ৰতিনিধিত্ব কৰা, বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ বিভিন্ন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষকৰ সৈতে নাটকৰ মাধ্যমেৰে এক যোগসূত্ৰ স্থাপন কৰি গৈছে ড° কেৰেন লিবমেনে । 

image


শেহতীয়াকৈ সন্মানীয় ফুলব্ৰাইট জলপানিৰ অধীনত বাংলাদেশত কৰ্মৰত হৈ থকা অৱস্থাত দেশখনৰ অস্থিৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি মাৰ্কিন চৰকাৰে তেওঁক সেই স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে আৰু তেওঁ ভাৰতলৈ আহিবলৈ সিদ্ধান্ত লয় । আৰু তেওঁক এই ক্ষেত্ৰত সহায় কৰা সকলৰ অন্যতম আছিল অসমৰ আগশাৰীৰ বি. বৰুৱা মহাবিদ্যালয়ৰ প্ৰৱক্তা মানৱেন্দ্ৰ শৰ্মা। সেই সূত্ৰেই ইতিমধ্যে বহু আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত হোৱা কেৰেনে শেহতীয়াকৈ বি. বৰুৱা মহাবিদ্যালয়ত মক আপ (Mock Up) শীৰ্ষক এক নাট্য কৰ্মশালাৰ পৰিচালনা কৰে । কোনোদিনে নাটক নকৰা এচাম ছাত্ৰ-ছাত্ৰীক নাটকৰ প্ৰশিক্ষণ দি তেওঁলোকক অভিনয় কৰোৱায় ড° কেৰেন লিবমেনে। এই সময়তে য়'ৰ ষ্ট'ৰীৰ সৈতে তেওঁ মত বিনিময় কৰে ।

১৯৭৮ চনত নাট্যকলাত স্নাতক শিক্ষা সমাপ্ত কৰা কেৰেনে ১৯৮৮ৰ পৰা নাট্যকলাৰ শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ আৰম্ভ কৰে । বৰ্তমান গ্ৰেণ্ড ভেলী ষ্টেট বিশ্ববিদ্যালয়ত অধ্যাপক আৰু নাট্য পৰিচালকৰূপে কৰ্মৰত কেৰেনে বিশ্ববিদ্যালয়খনৰ গ্ৰেণ্ড ভেলী শ্বেক্সপীয়েৰ ফেষ্টিভেলৰ অন্তৰ্গত 'Bard to Go' নামৰ এক অনুষ্ঠানৰ আৰম্ভণী কৰে । এই অনুষ্ঠানৰ জৰিয়তে ইতিমধ্যে ইটালী, জামাইকা, চীন, কানাডা, ভাৰত আদি বিভিন্ন দেশত ইতিমধ্যে শ্বেক্সপীয়েৰৰ নাটকসমূহ মঞ্চায়ন কৰোৱাইছে কেৰেনে। তদুপৰি অন্যান্য নাটকৰ ক্ষেত্ৰতো আমেৰিকা আৰু বিশ্বৰ অন্যান্য প্ৰান্তৰত গুৰুত্বপূ্ৰ্ণ ভূমিকা পালন কৰি আহিছে কেৰেনে । American Alliance for Theatre in Education, National Storytelling Network আদি বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত কেৰেনে ২০১০-১৩ সময়ছোৱাত International Drama/Theatre Education Association (IDEA) ৰ কাৰ্যবাহী সম্পাদকহিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

কেৰেনৰ মতে তেওঁ ছাত্ৰ-ছাত্ৰীক নাটক নপঢ়ায় কাৰণ নাটক পঢ়িবৰ বা পঢ়ুৱাবৰ বাবে লিখা নহয়। নাটকৰ ভাষা সাৰ্বজনীন । উৎকৃষ্ট নাটকে ভাষাৰ পৰিধি অতিক্ৰম কৰি দৰ্শকৰ মাজত স্পষ্ট বক্তব্য ৰাখিব পাৰে । বিশ্বজুৰি নাটকৰ কৰ্মশালা কৰা আৰু দেশ-বিদেশৰ নাট্যকৰ্মীসকলৰ সৈতে মত বিনিময় কৰাটো ড° কেৰেন লিবমেনৰ বাবে কেৱল বিশ্ববিদ্যালয়ৰ এক প্ৰকল্প নহয় । ই হ'ল ভাতৃত্ববোধৰ এনাজৰী সুদৃঢ় কৰাৰো এক প্ৰয়াস। নাটকৰ বিশ্বজনীন ভাষাৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ মানুহৰ মাজত আদান প্ৰদানৰ মাজেৰে হিংসা বিদ্বেষ আঁতৰোৱাৰ এক প্ৰয়াস । কিয়নো কেৰেনৰ ভাষাত, 'আমি ভালকৈ চিনি পোৱাজনক ঘৃণা কৰিব নোৱাৰোঁ।' 

'সভ্যতা আহে আৰু যায়, জীয়াই থাকে নাটক। বহু প্ৰাচীন ভাষা আজি মানুহে নাজানে কিন্তু সেই ভাষাসমূহৰ নাটক আজিও জীয়াই আছে । '
image


নাটকত অত্যাধুনিক প্ৰযুক্তিৰ প্ৰসংগত নাট্যকাৰ পিটাৰ ব্ৰুকৰ উদ্ধৃতি দিয়ে ড° কেৰেন লিবমেনে । ব্ৰুকৰ ভাষাত, 'নাটক কৰিবলৈ তিনিটা বস্তুৰ প্ৰয়োজন- খালী ঠাই, অভিনেতা আৰু দৰ্শক । বাকী সকলেবোৰ অতিৰিক্ত ।' পঞ্চাছ-ষাঠিৰ দশকৰ পৰা অত্যাধুনিক প্ৰযুক্তিয়ে নাটকৰ মৃত্যুঘন্টা বজাব নেকি বুলি মানুহে প্ৰশ্ন কৰি আহিছে । শেহতীয়াকৈ চিনেমা, টেলিভিজন আৰু ইন্টাৰনেটে নাটকৰ প্ৰতি ভাবুকি আনিব নেকি সেই প্ৰসংগক লৈ সৰব চৰ্চা দেখা যায় । ড° কেৰেন লিবমেনৰ মতে নাটকে এই প্ৰযুক্তিসমূহৰ লগত ফেৰ মৰা সম্ভৱো নহয় উচিতো নহয় । কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল মানুহৰ নাটক চোৱাৰ অভ্যাস গঢ়ি তোলাটো । আৰু এই অভ্যাস শিশুকালৰপৰাই গঢ়ি তোলাটো প্ৰয়োজনীয় । সেইবাবেই শিশুৰ উপযোগী নাটকৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজনীয় ।

'Bard to Go' কাৰ্যসূচীৰ অধীনত দেশে-বিদেশে শ্বেক্সপীয়েৰৰ নাটক প্ৰস্তুত কৰোৱা অভিজ্ঞতাৰ বিষয়ে কওঁতে বিশেষভাৱে চীনৰ কথা উল্লেখ কৰে । তেওঁ উল্লেখ কৰে কিদৰে চীনা ছাত্ৰ-ছাত্ৰীয়ে চীনা ভাষাত শ্বেক্সপীযেৰৰ নাট উপস্থাপন কৰিছিল আৰু ভাষা নুবুজাস্বত্তেও তাক বুজি পোৱাত তেওঁলোকৰ কোনো অসুবিধা হোৱা নাছিল ।

নাটকৰ প্ৰতি নিজৰ নিচাৰ বিষয়ে ক'বলৈ গৈ তেওঁ কয়, 'মই প্ৰযুক্তি, পৰিবেশ, ৰাজনীতি আদি বিষয়সমূহৰ বিশেষজ্ঞ নহয় । কিন্তু মই যিটো বস্তু জানো সেইটো হ'ল নাটক আৰু নাটকৰ মাধ্যমেৰে মই সমাজৰ বাবে কাম কৰিব খোজোঁ ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী 

চাকৰি এৰি উদ্যমী গুণজিত ব্ৰহ্মই IIMৰ শিক্ষা কামত লগাইছে কৃষকৰ জীৱন উন্নত কৰাত

স্বাস্থ্য-সৌন্দৰ্যৰ ৰাণী, ভিএলচিচিৰ প্ৰতিষ্ঠাতা বন্দনা লুথৰাই কিদৰে এই সাম্ৰাজ্য গঢ়ি তুলিলে 

সুকীয়া গায়ন শৈলী, হৃদয় জুৰোৱা কণ্ঠ আৰু সাধনাই যাৰ পৰিচয়-ৰূপম ভূঞা

ললিত বৰাঃ অসমৰ গাঁৱে- ভূঞে, চহৰে -নগৰে গ্ৰন্থৰ সুবাস বিলাই ফুৰা মানুহজন