চাকৰি এৰি উদ্যমী গুণজিত ব্ৰহ্মই IIMৰ শিক্ষা কামত লগাইছে কৃষকৰ জীৱন উন্নত কৰাত

চাকৰি এৰি উদ্যমী গুণজিত ব্ৰহ্মই IIMৰ শিক্ষা কামত লগাইছে কৃষকৰ জীৱন উন্নত কৰাত

Tuesday March 22, 2016,

6 min Read

সচৰাচৰ দেখা যায় যে মানুহ যিমানে উচ্চাকাংক্ষী হয়, সিমানেই তেওঁলোক মাটিৰ পৰা বিচ্ছিন্ন হয়। কিন্তু এই কথাষাৰ সকলোৰে ক্ষেত্ৰত সঁচা নহ’বও পাৰে। তেনে এজন যুৱকৰ কথা কব খুজিছোঁ। আই.আই.এম.ৰ দৰে উচ্চস্তৰৰ শিক্ষা প্ৰতিষ্ঠানত উচ্চ শিক্ষা লাভ কৰি আগশাৰীৰ প্ৰতিষ্ঠানত লোভনীয় চাকৰি আৰু উপাৰ্জনৰ কথা নাভাবি তেওঁৰ সপোনবোৰ ভগাই ল’লে মাটি আৰু শিপাৰ সৈতে জড়িত হৈ থকা সাধাৰণ মানুহৰ লগত। সেই লোকসকলক এটা উন্নত জীৱন দিয়াৰ প্ৰচেষ্টাক আগত ৰাখি তেওঁ বাছি ল’লে তেনে এটা কেৰিয়াৰ। সমাজ সেৱাক তেওঁ কৰি ল’লে উপাৰ্জনৰ পথ।


image


মানুহে নিজৰ আগ্ৰহক উপাৰ্জনৰ পথ কৰি ল’ব পাৰিলে জীৱনটো অৰ্থপূৰ্ণ হৈ হয়। য়’ৰ ষ্ট’ৰীৰ সৈতে বাৰ্তালাপত গুণজিত ব্ৰহ্মই ব্যক্ত কৰিলে তেওঁৰ অভিজ্ঞতা, সপোন আৰু সফলতাৰ পৰিক্ৰমা।

যোৰহাটত স্কুলীয়া শিক্ষা সমাপ্ত কৰি গুণজিত গুছি গৈছিল বাঙ্গালুৰুলৈ। কিন্তু নিজৰ মাতৃভূমিৰ প্ৰতি টান তেওঁৰ সদায় আছিল। নিজৰ মানুহখিনিৰ কাৰণে কিবা এটা কৰাৰ তেওঁৰ ইচ্ছা আছিল। বাঙ্গালুৰু বিশ্ববিদ্যালয়ৰ পৰা মাইক্ৰ’বায়ল’জি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লৈ আই.আই.এম. ইন্দৰত PGDM সম্পূৰ্ণ কৰিছিল। শিক্ষা সমাপ্তিৰ পিছত তেওঁ কেইবছৰমান কম্পেনিত চাকৰি কৰিছিল। কিন্তু সৰুৰে পৰাই গুণজিতৰ আছিল এটা উদ্যমী মন আৰু লগতে সমাজ সেৱাৰ মনোভাৱ। পঢ়ি থকা সময়ত তেওঁ বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ লগতো জড়িত আছিল।

ইচ্ছাশক্তি প্ৰৱল হলে সেই ইচ্ছাই এদিন বাস্তৱ ৰূপ লয়। গুণজিতৰ ক্ষেত্ৰতো সেয়াই হল। চাকৰি ত্যাগ কৰি আই.আই.এম.ৰ চাৰিজন সহপাঠীৰ সৈতে লগ হৈ তেওঁ আৰম্ভ কৰিলে Jeev Anksh Eco Products Pvt.Ltd নামৰ অনলাইন বেছ মাৰ্কেটিঙ ব্যৱসায়।


image


Jeev Anksh Eco Products Pvt.Ltd ৰ জন্ম

২০১২ চনত জৈবিক আৰু স্বাস্থ্য সম্বন্ধীয় বস্তুৰ বাবে গুণজিতে তেওঁৰ চাৰিজন সহপাঠী ক্ৰমে আলোক এক্কা, ৰোহিত বাজাজ, প্ৰশান্ত নাকৰা আৰু ছিৰাচ ৰাথোৰৰ সৈতে ‘জিৱ অংকছ ডট কম’ নামৰ এটা ই-কমাৰ্চ ৱেবছাইট আৰম্ভ কৰে। গুণজিতৰ শৈশৱৰ বন্ধু ধ্ৰুবজ্যোতি দলে নামৰ অসমৰ আন এজন যুৱক তেওঁলোকৰ লগত জড়িত আছিল। ব্যৱসায়টো মুম্বাইত আৰম্ভ কৰা হৈছিল যদিও পঞ্জীয়ন কৰিছিল গুৱাহাটীত। প্ৰথমে জৈবিক প্ৰসাধন সামগ্ৰীৰ ব্যৱসায় আৰম্ভ কৰিছিল। কিন্তু তেওঁলোকৰ সামগ্ৰীৰ গুণগত মান দেখি গ্ৰাহকে জৈবিক খাদ্য বিচাৰিছিল। এই ক্ষেত্ৰত গুণজিতে কয়-‘আমি যাক সামগ্ৰী যোগান ধৰি আছিলো, তেওঁলোকে আমাক সুধিছিল যে উত্তৰ-পূৱৰ জৈৱিক সামগ্ৰী আমি দিব পাৰিম নেকি। তেওঁলোকে জানিছিল যে উত্তৰ পূৱৰ জৈৱিক খাদ্যৰ বজাৰ ভাল, মান ভাল। তেতিয়া আমি অনুভৱ কৰিলোঁ যে we should also look at North-East as a potential supply for organic food product.’

পোন্ধৰ বছৰৰ পিছত গুণজিত গুৱাহাটীলৈ ঘূৰি আহিল। নিজৰ মানুহখিনিৰ কাৰণে কিবা এটা কৰাৰ ইচ্ছাক বাস্তৱ ৰূপ দিবলৈ। অসমৰ ক্ষেত্ৰখনৰ বিষয়ে ভালকৈ অধ্যয়ন কৰিবলৈ, কৃষক সকলৰ লগত এটা বিশ্বাসৰ সম্পৰ্ক গঢ়ি তুলিবলৈ তেওঁক এটা বছৰৰ প্ৰয়োজন হৈছিল।সেই সময়খিনিত গুণজিতে বুজি উঠিছিল যে অসমৰ কৃষকে উৎপাদিত সামগ্ৰীৰ বজাৰ নাপায়, সামগ্ৰীৰ উচিত মূল্য নাপায়। এই ক্ষেত্ৰত কৃষি বিভাগেও কৃষক সকলক সহায় কৰিব পৰা নাই।কিন্তু দেশ-বিদেশৰ বজাৰত উত্তৰ-পূৱৰ সামগ্ৰীৰ যথেষ্ট চাহিদা আছে । ইয়াত উৎপাদন আছে, সেই অনুপাতে প্ৰতিযোগিতাও আছে। সেয়ে ইয়াত দাম নাপায় কৃষকে।

অসমৰ জৈৱিক কৃষি ক্ষেত্ৰখনত সজাগতা অনাৰ উদ্দেশ্যৰে গুণজিতে পূৰ্বৰ জিৱ অংকছ ডট কমক Jeev Anksh Eco Products Pvt.Ltd লৈ ৰূপান্তৰিত কৰিলে।


image


‘গুৱাহাটীত ৰেজিষ্টাৰ্ড অফিচ আৰু মুম্বাইত মাৰ্কেটিঙ থকাৰ বাবে আমাৰ সুবিধা হৈছিল। অৰ্গেনিক ক্ষেত্ৰত আমি ইতিমধ্যে কাম কৰিছিলো।সেয়ে আমি সহজে আৰম্ভ কৰিব পাৰিলো। প্ৰথমে আমি ওদালগুৰি জিলাৰ তিনিখন ছছাইটি আৰু গোৱালপাৰা জিলাৰ কলা ধানৰ ছছাইটিৰ লগত আমি টাই-আপ কৰিছো।ক’লা চাউলৰ লগতে হালধি, আদা, সৰিয়হ, জালুক, নাগালেণ্ডৰ বিখ্যাত নাগা কিঙ চিলি ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় বজাৰলৈ পঠিয়াইছো। আমাৰ সৈতে ওদালগুৰিৰ ২০০ আৰু গোৱালপাৰাৰ ৫০ জন কৃষক সক্ৰিয় ভাৱে জড়িত থকাৰ উপৰি এক হাজাৰ সাধাৰণ খেতিয়ক আছে।‘

কিদৰে লাভান্বিত হৈছে কৃষক সকল

আগতে কৃষক সকলৰ বজাৰ সীমিত আছিল।গোৱালপাৰাৰ কৃষক এজনে ৰাজাপাৰালৈকে সামগ্ৰী বিক্ৰী কৰিব পাৰিছিল।কিন্তু তেওঁলোকে উচিত মূল্য পোৱা নাছিল। সেয়ে তেওঁলোকৰ আত্মবিশ্বাস অহা নাছিল। ২০-৫০ বিঘা মাটিত কৃষি সীমাবদ্ধ আছিল। কিন্তু সেই সকল কৃষকে বৰ্তমান ২০০০ বিঘা মাটিত খেতি কৰিছে। এতিয়া এনেকুৱা হৈছে যে চাহিদা অনুপাতে যোগান ধৰিবলৈ অসুবিধা হৈছে। কিছুমান সংগঠনৰ লগত জড়িত হৈ কৃষক সকলক বিভিন্ন প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে।আনহাতে, Rural employment ৰ ক্ষেত্ৰত গাঁৱৰ বহু মহিলাই কৰ্ম সংস্থাপন পাইছে। কৃষিৰ লগতে ধান-চাউল জৰা আদি কামবোৰ মহিলাই কৰে।মই এই কথা ভাবি সুখী হৈছিলোঁ যে তেওঁলোকৰ জীৱনলৈ মই কিবা এটা পৰিৱৰ্তন আনিব পাৰিছো।প্ৰথমে আমি তেওঁলোকৰ আত্মবিশ্বাস আনিবলৈ চেষ্টা কৰিছো। মই নিজে তেওঁলোকৰ লগত থাকি তেওঁলোকৰ লগত এটা সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰিছো।আমি ব্যৱসায়তকৈও সম্পৰ্কৰ ওপৰত গুৰুত্ব দিবলৈ চেষ্টা কৰিছো। কৃষকৰ সৈতে আমি ফেয়াৰ ট্ৰেড এগ্ৰিমেন্ট কৰোঁ।অৰ্থাÈ সামগ্ৰীৰ মূল্য তেওঁলোকে নিৰ্ণয় কৰে,আমি দৰ-দাম নকৰোঁ। আমাৰ উদ্দেশ্য হ'ল যে আমাৰ কৃষক সকল লাভান্বিত হওক।


image


প্ৰথম গুৱাহাটীৰ পৰা ১০০ কিলোমিটাৰ দূৰত্ব লক্ষ্য সামৰি ব্যৱসায় আৰম্ভ কৰিছো।পৰৱৰ্তী সময়ত ১৫০ কিলোমিটাৰ, ২০০ কিলোমিটাৰ, এনেকৈ প্ৰসাৰিত কৰি সমগ্ৰ অসমতে কাম কৰাৰ ইচ্ছা আছে। ধানৰ মিল স্থাপন কৰা, ট্ৰেক্টৰ আদি কিনাৰ ক্ষেত্ৰত আমি আৰ্থিক ভাৱে কৃষক সকলক সহায় কৰিছো।

উল্লেখযোগ্য যে ক’লা ধানৰ কৃষিত বিপ্লৱ আনিবলৈ সক্ষম হোৱা আৰু শেহতীয়াকৈ নতুন দিল্লীত আয়োজিত কৃষি উন্নতি মেলাত ৰাষ্ট্ৰীয় বঁটা লাভ কৰা গোৱালপাৰাৰ কৃষক উপেন্দ্ৰ ৰাভা আৰু অৰ্গেনিক ফাৰ্মিঙৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰা ওদালগুৰিৰ আব্দুল মেনন Jeev Anksh Eco Products Pvt.Ltd ৰ সৈতে সক্ৰিয়ভাৱে জড়িত।


image


Jeev Anksh Eco Products Pvt.Ltd ৰ জন্মদাতা আৰু সঞ্চালক প্ৰধানৰ দায়িত্বত আছে গুণজিত ব্ৰহ্ম। তেওঁৰ সহপাঠী আৰু ব্যৱসায়ৰ সহযোগী ছিৰাজ ৰাথৰ মাৰ্কেটিঙ অফিচাৰ, আলোক ইক্কা ফাইনান্স অফিচাৰ আৰু ধ্ৰুৱজ্যোতি দলে আই.টি হেড হিচাপে আছে। বাকী তিনিজন শ্বেয়াৰ পাৰ্টনাৰ হিচাপে আছে।

সংগ্ৰামৰ এটা পৰ্যায় অতিক্ৰম কৰি গুণজিত সফলতাৰ এটা স্তৰত উপনীত হৈছে। কিন্তু এই সংগ্ৰামক তেওঁ গ্ৰহণ কৰিছিল সদৰ্থক ভাবে।‘যেতিয়া আমি মুম্বাইত ই-কমাৰ্চৰ ব্যৱসায় আৰম্ভ কৰিছিলো, সেইবোৰ সংগ্ৰামৰ দিন আছিল।কেতিয়াবা দহ টকীয়া বড়াপাও খাই কটাবলগীয়া হৈছিল।কিন্তু সেই সংগ্ৰামৰ পৰা বহু কথা শিকিছো। মানসিকভাৱে শক্তিশালী হৈছো।‘

ব্যৱসায়ৰ পূৰ্বে গুণজিতে কম্পেনিত চাকৰি কৰিছিল। চাকৰি আৰু উদ্যমিতাৰ মাজত পাৰ্থক্যৰ কথা সোধোতে গুণজিতে কৈছিল-‘চাকৰিৰ জীৱন গতানুগতিক। দায়িত্ব, সীমিত দৰমহা আদিৰ কথা থাকে। কিন্তু উদ্যমিতাৰ ক্ষেত্ৰত নিজৰ কাম কৰাৰ স্বাধীনতা আৰু সৃজনশীলতা থাকে। ব্যৱয়াসত কষ্ট অনুপাতে আগবাঢ়িব পাৰি। কিন্তু চাকৰি ক্ষেত্ৰত কষ্ট কৰিলেও দৰমহা বা পজিশ্যন একেই থাকে। ব্যৱসায়ৰ ক্ষেত্ৰত এজন ব্যক্তি একে সময়তে বছ আৰু কৰ্মচাৰীও হয়। কিয়নো ৰূম চাফা কৰাৰ পৰা বস্তা উঠোৱালৈকে সকলো কাম নিজে কৰিব লাগে। আগতে মই অন্তৰ্মুখী আছিলো। আত্ম বিশ্বাস কম আছিল। কিন্তু ব্যৱসায় কৰাৰ পাছত সামাজিক সম্পৰ্ক বাঢ়িল। ব্যৱসায়ৰ খাতিৰত মানুহৰ লগত সম্পৰ্ক বাঢ়িল। এনেকৈ আত্ম বিশ্বাস বৃদ্ধি হৈছিল।‘


image


স্কুলত পঢ়ি থকাৰ পৰাই উদ্যমী মনৰ গুণজিতে কলেজত পঢ়ি থাকোঁতে ‘ৰিনিৱেবল বাজাৰ’ নামৰ এটা ষ্টাৰ্ট আপ কৰিছিল।পুনৰ ব্যৱহাৰযোগ্য শক্তিৰ ক্ষেত্ৰত অনলাইন মাৰ্কেটিঙৰ এই ষ্টাৰ্ট আপে ৰাষ্ট্ৰীয় পৰ্যায়ত ‘বেষ্ট ষ্টাৰ্ট আপ এৱাৰ্ড’ পাইছিল।

এজন সফল ব্যৱসায়ীৰ গুণ

গুণজিতৰ মতে এজন সফল ব্যৱসায়ী হবলৈ- 

১.কামটোৰ প্ৰতি আগ্ৰহ থাকিব লাগিব।

২.সময় দিব লাগিব।

৩.প্ৰত্যাহ্বান লব লাগিব।

৪.ধৈৰ্য থাকিব লাগিব।

৫.বিনয়ী হব লাগিব।সকলোৰে লগত মিলিব পাৰিব লাগিব।

৬.নিজৰ কৰ্মচাৰীৰ লগত ভাল সম্পৰ্ক থাকিব লাগিব।

৭.সততা থাকিব লাগিব।

৮.আটাইতকৈ গুৰুত্বপূৰ্ণ কথা নিজে ভালপোৱা কামটো ব্যৱসায়লৈ পৰিণত কৰাৰ মানসিকতা থাকিব লাগিব।

Jeev Anksh Eco Products Pvt.Ltd ৰ উপৰি গুজৰাটস্থিত Bati Energy Private Limited নামৰ আন এটা ষ্টাৰ্ট-আপৰ সৈতে জড়িত আছে গুণজিত ব্ৰহ্ম। ভৱিষ্যতে অসমতো সৌৰ শক্তিৰ ক্ষেত্ৰখনত কাম কৰাৰ ইচ্ছাৰ কথা তেওঁ কয়। গুৱাহাটীস্থিত আই.আই.ই.ৰ বিষয়া ড. সৃপৰ্ণা বি. বৰুৱা, অনুসূয়া মহন্ত আৰু শশাংক চৌধুৰীৰ সহযোগত ষ্টাৰ্ট আপ অসমৰ সৈতে তেওঁলোক জড়িত হৈছে। ভৱিষ্যতে আই.আই.ই.ৰ সৈতে সক্ৰিয় ভাৱে জড়িত হৈ অসমৰ কৃষি ক্ষেত্ৰখনত আৰু কাম কৰাৰ লগতে যুৱক-যুৱতী সকলৰ কৰ্ম সংস্থাপনৰ বাবে উদ্যোগ লোৱাৰ পৰিকল্পনাৰ আগত ৰাখিছে গুণজিতে।

অতি শীঘ্ৰে অৰ্গেনিক প্ৰডাকশ্যনৰ বাবে প্ৰচেচিঙ ইউনিট এটা স্থাপন কৰাৰ লগতে ‘নৰ্থ-ইষ্ট’ অৰ্গেনিক প্ৰডাক্ট ব্ৰেণ্ড তৈয়াৰ কৰি আন্ত:ৰাষ্ট্ৰীয় বজাৰত উত্তৰ-পূবক অৰ্গেনিক হাব হিচাপে পৰিচিত কৰাৰ বাবে প্ৰচেষ্টা হাতত লোৱাৰ কথা য়’ৰ ষ্ট’ৰীৰ আগত ব্যক্ত কৰে গুণজিত ব্ৰহ্মই।

উচ্চশিক্ষা লাভৰ পিছত কেৱল চাকৰিৰ কথা চিন্তা নকৰি ব্যৱসায়ৰ জৰিয়তে সমাজ সেৱাৰ মনোভাৱ পোষণ কৰা গুণজিত ব্ৰহ্মৰ দৰে যুৱক আমাৰ চাকৰিমুখী সমাজ খনৰ নিশ্চিত ভাৱে বাবে আদৰ্শ স্বৰূপ।

এই কাহিনীটো ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান (IIE) ৰ ষ্টাৰ্টআপ নৰ্থইষ্ট গোটৰ ড° শ্ৰীপৰ্ণা বৰুৱা, অনুসূয়া মহন্ত আৰু শশাংক চোধুৰীৰ সহযোগত প্ৰস্তুত কৰা হৈছে 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

সুস্থ সমাজৰ বাবে মাতৃৰ সুস্থতাৰ বাণী বিলাইছে 'Fitness Mom' দলি কাকতিয়ে

অসমীয়া ভাষা সংস্কৃতিক ই-বিশ্বলৈ নতুন ৰূপত লৈ যোৱা যুৱকজন-হিমজ্যোতি তালুকদাৰ

চৰকাৰী চাকৰি বাদ দি ব্যৱসায়ক আকোৱালি লোৱা এগৰাকী উদ্যমী

স্বাস্থ্য সচেতনতাৰ বাবে বিকল্প পেছা বাছি ল’লে অভিযন্তা তন্দ্ৰামণি কুমাৰে