সুকীয়া গায়ন শৈলী, হৃদয় জুৰোৱা কণ্ঠ আৰু সাধনাই যাৰ পৰিচয়-ৰূপম ভূঞা

সুকীয়া গায়ন শৈলী, হৃদয় জুৰোৱা কণ্ঠ আৰু সাধনাই যাৰ পৰিচয়-ৰূপম ভূঞা

Tuesday March 22, 2016,

5 min Read

সংগীতৰ নিৰৱচ্ছিন্ন সাধক ৰূপম ভূঞা 

সংগীতৰ নিৰৱচ্ছিন্ন সাধক ৰূপম ভূঞা 


সংগীত এক জুৰণি, নিসংগতাৰ শ্ৰেষ্ঠ সংগী।আৰু এই সংগীত যেতিয়া এক সুকীয়া গায়ন শৈলীৰ অনন্য কণ্ঠৰ স্পৰ্শত প্ৰাণ পাই উঠে তেতিয়া সেই সংগীত হৈ পৰে ভাগৰুৱা আত্মাৰ সঞ্জীৱনী।যিয়ে এবাৰলৈও হ’লেও ‘ছাঁ পোহৰৰ খেলা’ বা ‘বিচাৰি আঁত’ বা ডি ৱাই মেডলিৰ ‘বহুদিন বকুলৰ গোন্ধ পোৱা নাই’ শুনিছে বা যিকোনো মঞ্চত এবাৰলৈও তেওঁৰ কণ্ঠত গীত একান্ত মনেৰে শুনিছে, তেনেহ’লে এক মুহূৰ্তৰ বাবে হ’লেও উপলব্ধি কৰিছে এই কণ্ঠৰ স্বকীয়তা, গভীৰতা আৰু এক সুকীয়া গায়ন শৈলী। এই দৰদ ভৰা কণ্ঠ, গীতৰ শব্দই শব্দই বুকুৰ সমষ্ট গভীৰতাৰ স্বাক্ষৰ দিয়া আৰু জনপ্ৰিয়তাৰ বাবে কেতিয়াও গুণগত সংগীতৰ লগত আপোচ নকৰা, সংগীতৰ নিৰৱচ্ছিন্ন সাধক যুৱ শিল্পী ৰূপম ভূঞা। নামেই যাৰ এতিয়া পৰিচয়। যাৰ কণ্ঠই শ্ৰোতাক অনুভৱ কৰোৱায় যে, সংগীত আচলতে এক সাধনা।


image


সংগীতৰ সপোন খেদি...

সংগীতক লৈ দেখা সপোনে প্ৰথম গজাঁলি মেলিছিল শৈশৱতেই। তৃতীয় শ্ৰেণীত পঢ়ি থাকোতেই ৰূপমে শাস্ত্ৰীয় সংগীতৰ শিক্ষা আৰম্ভ কৰে আৰু লাহে লাহে সংগীতৰ বাবে যে পৰিশ্ৰম আৰু সাধনাৰ প্ৰয়োজন সেয়া তেওঁৰ ৰন্ধ্ৰে ৰন্ধ্ৰে শিপাবলৈ ধৰে।শৈশৱৰে পৰাই সংগীতক লৈ চিৰিয়াচ, স্বকীয়তাত থকা বিশ্বাস আৰু সংগীতক লৈ কিবা এটা কৰাৰ হেপাঁহে ৰূপমক বাট দেখুৱাই নিয়ে। লাহে লাহে তেওঁ বিভিন্ন প্ৰতিযোগিতা, মঞ্চত গীত পৰিৱেশন কৰিবলৈ লয়। গীতৰ সাধনাই তেওঁক প্ৰতিটো পদক্ষেপতে সোঁৱৰাই দিবলৈ ধৰে-তেওঁৰ সাধনা অথলে যোৱা নাই।

সপোনৰ ডাল-পাত

১৯৯৮ চনত ৰূপম ভূঞাই প্ৰথম আকাশবাণী গুৱাহাটী কেন্দ্ৰত গীত পৰিৱেশন কৰে। সুকীয়া কণ্ঠ, নিজস্ব ষ্টাইল আৰু হৃদয়ৰ সমষ্ট গভীৰতা ঢালি দিয়াৰ বাবে ৰূপম ভূঞা হৈ পৰে শ্ৰোতাৰ বাবে এক সুকীয়া নাম। কণ্ঠ শুনিলেই শ্ৰোতা ৰাইজে অনুভৱ কৰে-এয়া ৰূপম ভূঞাৰ কণ্ঠস্বৰ।

কটন কলেজত পঢ়া দিনবোৰতেই ৰূপমৰ সংগীতৰ সপোনবোৰত নতুন ডাল-পাত ওলাইছিল। কটন কলেজত থাকোতেই ৰূপম ভূঞাই দুবাৰকৈ শ্ৰেষ্ঠ সংগীত শিল্পীৰ বটাঁ লাভ কৰে। কটনক প্ৰতিনিধিত্ব কৰে বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগীত প্ৰতিযোগিতাত আৰু সেইদৰে সুনামো কঢ়িয়াই আনে। বিশেষকৈ বিভিন্ন মঞ্চত শাস্ত্ৰীয় সংগীত আৰু গজল পৰিৱেশন কৰি চিৰিয়াচ সংগীতৰ বাবে এটা চিনাকি নাম হ’বলৈ ধৰে ৰূপম ভূঞা। লাহে লাহে অসমৰ বিভিন্ন মঞ্চত নিজস্ব শৈলী আৰু কণ্ঠৰ বাবে চিনাকি হৈ পৰে ৰূপম ভূঞা।


গীত পৰিৱেশনৰত অৱস্থাত ৰূপম ভূঞা

গীত পৰিৱেশনৰত অৱস্থাত ৰূপম ভূঞা


NORTH EAST BREEZE

২০০৯ চনত ৰূপম ভূঞা আৰু কেইজনমান সংগীত শিল্পীয়ে গঢ় দিয়ে North East Breeze মিউজিকেল বেণ্ড। এই North East Breeze এ কালাৰচ্ টিভিৰ আইডিয়া ৰকচত অংশগ্ৰহণ কৰি ৰাণাৰচ্-আপৰ সন্মানেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনে।ফিউজন সংগীতে এক নতুন ধাৰা লাভ কৰে North East Breeze ৰ মাজেৰে। সমান্তৰালকৈ শ্ৰোতা ৰাইজে উপলব্ধি কৰিলে ৰূপম ভূঞাৰ সাংগীতিক ভাৰচেটিলিটিৰ কথা। কেৱল শাস্ত্ৰীয় সংগীত বা গজলেই নহয় ৰূপম ভূঞাৰ কণ্ঠ আৰু আৱেগ সকলো ধৰণৰ গীতৰ বাবেই হৃদয়পৰশা।


‘বিচাৰি আঁত’ এলবামৰ ক’ভাৰ ফটো

‘বিচাৰি আঁত’ এলবামৰ ক’ভাৰ ফটো


স্বাক্ষৰ

ৰূপম ভূঞাৰ এতিয়ালৈকে একক কণ্ঠৰ এলবাম চাৰিটা। প্ৰথমটো আছিল ‘ৰোমন্থন’, পুৰণি অসমীয়া গীতৰ এখন এলবাম।দ্বিতীয়টো ‘ৰূপমৰ পৰশ’, তৃতীয়খন ‘ছাঁপোহৰৰ খেলা ’ আৰু শেহতীয়াকৈ ‘বিচাৰি আঁত’-যিটো এলবামৰ প্ৰতিটো গীতেই স্বাক্ষৰ বহন কৰিছে তেওঁৰ কণ্ঠৰ গভীৰতা, আৱেগ আৰু তেওঁৰ সুকীয়া গায়ন শৈলীৰ। স্বাক্ষৰ আছে তেওঁৰ সংগীতৰ সৈতে থকা অন্তৰাত্মাৰ সংযোগৰ।

২০১০ চনত ডি ৱাই মেডলিয়ে কৰা ‘বহুদিন বকুলৰ গোন্ধ পোৱা নাই’ গীতৰ ৰিমেকত কণ্ঠ নিগৰালে ৰূপম ভূঞাই। ড° বীৰেন দত্তৰ এই যুগমীয়া গীতটোৱে নতুনকৈ প্ৰাণ পাই উঠিল ৰূপমৰ কণ্ঠত। প্ৰকৃত সংগীতক শ্ৰদ্ধা কৰা আৰু সংগীতৰ প্ৰতি হেপাঁহ থকা সকলোৱে আকোৱালি ল’লে এই গীত আকৌ এবাৰ নতুনকৈ। ৰূপমৰ কণ্ঠই সেই গীতৰ পূৰ্বৰ গৰিমা ম্লান হ’বলৈ নিদিলে।ইয়াৰ উপৰি জোনাক চেনেলৰ ‘অচিন চিনাকি’ আৰু ৰং চেনেলৰ ‘চামেলি মেমচাহেব’ৰ শীৰ্ষ গীত দুয়োটিয়েই কৈ গ’ল ৰূপম ভূঞাৰ সাংগীতিক প্ৰতিভাৰ কথা। আকৌ এবাৰ শ্ৰোতাক হৃদয়ংগম কৰোৱালে- ৰূপম ভূঞা অনন্য।

সোঁতৰ বিপৰীতে

সংগীতৰ যাত্ৰা এক কঠোৰ সাধনা। ৰূপম ভূঞাৰ বাবে সংগীত সাধনা অন্তৰাত্মাৰ এক টান। সেয়ে হয়তো ৰূপম ভূঞাই আজিলৈকে জনপ্ৰিয়তা লাভ কৰিবলৈ সংগীত সাধনাৰ লগত কোনোদিন কম্প্ৰমাইজ কৰা নাই। কেৱল জনপ্ৰিয়তা অৰ্জন কৰিবলৈকে সুৰ, তাল, কথাৰ সংগতি নথকা কোনোধৰণৰ গীতত কণ্ঠদান কৰা নাই। নিজকে কেতিয়াও বিলীন কৰি দিয়া নাই কথাৰ বা সুৰৰ গভীৰতা নথকা গীতৰ নামত। এই স্বকীয়তাই ৰূপম ভূঞাক দিছে একক ব্যতিক্ৰমী পৰিচয়। ভাতখাণ্ডে মহাবিদ্যালয়ৰ পৰা বি মিউজ লাভ কৰা আৰু বম্বে সংগীত পৰিষদৰ পৰা সংগীত ৰত্নাকৰ সন্মান লাভ কৰা ৰূপমৰ মতে সংগীতৰ এই নিৰৱচ্ছিন্ন সাধনা তেওঁ সদা সহচৰ। তেওঁ অসমীয়া সংগীতক এক নতুন আভাৰে আলোকিত কৰিবলৈ চেষ্টাৰ কেতিয়াও ত্ৰুতি নকৰে। বৰ্তমানৰ সংগীতৰ পৰিৱেশক লৈ হতাশ হোৱা শিল্পীগৰাকীয়ে প্ৰকৃত সংগীতপ্ৰেমী ৰাইজৰ আশা, হেপাঁহক সজীৱ কৰি ৰাখিবলৈ সদায় অহোপুৰুষাৰ্থ কৰি যাব।

 

চিৰ সেউজ হৈ ৰওঁক এই যাত্ৰা

চিৰ সেউজ হৈ ৰওঁক এই যাত্ৰা


প্ৰেৰণা

নিজা ঘৰখনৰ পৰাই সংগীতৰ সৈতে দেখা সপোনবোৰ সেউজ কৰিবলৈ প্ৰেৰণা পাইছিল ৰূপম ভূঞাই। বিশিষ্ট শিক্ষাবিদ, আমাৰ শৈশৱৰ প্ৰথম পাঠ কুঁহিপাতৰ প্ৰণেতা গৌৰীকান্ত ভূঞাৰ সু-পুত্ৰ ৰূপম ভূঞা। সৰুৰে পৰাই সংগীত চৰ্চাত তেওঁক পিতৃ-মাতৃ আৰু ভাতৃয়ে দি আহিছে অফুৰন্ত উৎসাহ আৰু প্ৰেৰণা, যাৰ বাবে ৰূপমে কেতিয়াও থমকি ৰ’ব লগা হোৱা নাই। তেওঁৰ পত্নী মনশ্ৰী বৰাই কলেজত পঢ়াৰ দিনৰে পৰাই ৰূপমক দি আহিছে প্ৰতি পদক্ষেপতে সাহস আৰু সপোন সঁচা হোৱাৰ উৎসাহ।

মনৰ কথা

ৰূপমে কয়,‘সংগীত কৰি আছো অন্তৰাত্মাৰ তাগিদাত। ফিউচাৰিষ্টিক সংগীত কৰি যাম। বাদ্য-যন্ত্ৰৰ হৈ-হাল্লাত সাময়িকভাৱে জনপ্ৰিয় হোৱা সংগীততকৈ ভৱিষ্যত প্ৰজন্মই মনত ৰাখিব পৰা কথা আৰু সুৰেৰে সংগীত কৰি যাম, যি ৰৈ যাব চিৰদিন ৰাইজৰ মাজত। বাংলা গানৰ কাম কৰিছো লাহে লাহে। এখন চিনেমা বনোৱাৰ দুৰ্বাৰ হেপাঁহ মনত পুহি ৰাখিছো। ৰাইজৰ আশীৰ্বাদ পালে সকলো সম্ভৱ হ’ব।’

ৰূপমৰ প্ৰতিটো গীতেই কঢ়িয়াই আনে সেই অনন্য অনুভূতি, যি অনুভূতিৰ উৎস হ’ল তেওঁৰ একান্ত সাধনা, তেওঁৰ কণ্ঠৰ গভীৰতা, তেওঁৰ নিজস্ব গায়কী। ৰূপম ভূঞাৰ এই যাত্ৰা চিৰ সেউজ হৈ ৰওঁক।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

ডিজাইনাৰ টি-চাৰ্টেৰে অসমত লক্ষ্মীনাথৰ ‘লটিঘটি’

দহ টকাত ব্ৰেণ্ডিঙৰ পাঠ

গৃহিণীৰ পৰা জাহাজৰ নিৰ্মাতা আৰু ৰেষ্টুৰাঁ ব্যৱসায়ী : অঞ্জলী বৰাৰ কাহিনী

এটা ধানৰ পৰা ক’লা ধানৰ বিপ্লৱ অনা গোৱালপাৰাৰ কৃষক উপেন্দ্ৰ ৰাভা