অনন্য হোৱাৰ বাবেই বিলাসী ব্ৰেণ্ডসমূহ অনলাইন ক্ষেত্ৰখনত দোপত দোপে আগুৱাইছে

অনন্য হোৱাৰ বাবেই বিলাসী ব্ৰেণ্ডসমূহ অনলাইন ক্ষেত্ৰখনত দোপত দোপে আগুৱাইছে

Tuesday March 15, 2016,

3 min Read

image


বিলাসিতাৰ ধাৰণাটো সমাজ মনোবিজ্ঞানৰ পৰিসৰৰ ভিতৰত কোনো সংস্কৃতি বা জীৱনশৈলীৰ লগত থকা ইয়াৰ সংযোগ সূত্ৰৰ দ্বাৰা ব্যাখ্যা কৰা হয়, সি ব্যক্তিগতই হওঁক বা সামূহিক। ব্ৰেণ্ডবোৰৰ ক্ষেত্ৰত ই সংযোজিত হৈ এটা নিৰ্দিষ্ট সাক্ষৰ বহনকাৰী ষ্টাইল, এক সুকীয়া পৰিচয়, এক শক্তিশালী আৱেগিক আৰু প্ৰতীকধৰ্মী যোগসূত্ৰ, যিবিলাকক নান্দনিক গুণগত মান, নিয়ন্ত্ৰিত বিতৰণ আৰু উচ্চ হাৰৰ মূল্যৰ দ্বাৰা ব্যাখ্যা কৰা হয়। আৰু ইয়াকেই আমি অনন্য বা বিশেষ হিচাবে অভিহিত কৰোঁ।

যদিও বিলাসী ব্ৰেণ্ডসমূহে বেলেগ উদ্যোগতকৈ ডিজিটেল বিশ্বলৈ অলপ পলমকৈ আহিছে, এইবোৰে নিজৰ শক্তি সামৰ্থৰ সোপানসমূহ লৈ আহিছে। গতিকে এই বিশেষভাৱ উৎপাদিত সামগ্ৰীসমূহৰ বিষয়ে মনত উদয় হোৱা জ্ঞান বা ধাৰণা হঠাতে হোৱা নহয়, ই হ’ল এক বিশেষ কাৰুকাৰ্যৰে কৰা কৌশলৰ ফচল, যি কৌশলে এই বিশেষভাৱ উৎপাদিত সামগ্ৰীসমূহৰ অনন্য গুণসমূহক ইয়াৰ সৌন্দৰ্য আৰু আভাসৰ দ্বাৰা চিনাকি দিয়ে।

প্ৰযুক্তিত অনন্যতা

আমি উদাহৰণ হিচাপে এপল্ স্মাৰ্ট ঘড়ীক ল’ব পাৰোঁ, কাৰণ ইয়াৰ মাৰ্কেটিং কেৱল প্ৰযুক্তিৰ এক উদ্ভাৱনেই নহয়, লগতে ই এক বিলাসী সৰঞ্জামো। ইয়াৰ মুকলি অনুষ্ঠানো আছিল আকৰ্ষণীয়, জনপ্ৰিয় ভ’গ আলোচনীৰ (যিখন মূলতঃ এখন ফেশ্যন আলোচনী, প্ৰযুক্তি সম্পৰ্কীয় আলোচনী নহয়) কেইবাটাও সম্পাদকীয়ত ঘড়ীটোৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰা হৈছে।আনহাতে আৰু কিছুমান কৌশল যেনে, সীমিত পাইকাৰী বিতৰণ, নামী-দামী পাইকাৰী প্ৰতিস্থানৰ (পেৰিছত Colette আৰু লণ্ডনত মুকলি অনুষ্ঠান) সৈতে সংযোগ স্থাপন, ব্যাৱসায়িক প্ৰতিষ্ঠানসমূহত ব্যক্তিগত বিক্ৰীসহায়ক নিয়োগ আৰু চেলিব্ৰিটি এণ্ডৰচমেণ্ট আদিৰো সহায় লোৱা হৈছে।

ই-কমাৰ্চত অনন্যতা

বৰ্তমান বিলাসী ব্ৰেণ্ডবোৰে প্ৰতিযোগিতামূলক অনলাইন শ্বপিং জগতত নিজৰ উপস্থিতি সজোৰে উপস্থাপন কৰাত উঠি-পৰি লাগিছে। পৰীক্ষণীয় ভাৱে বিভিন্ন দৃশ্য-শ্ৰাব্য মাধ্যম যেনে চুটি ছবি, এপছ্, মাইক্ৰ’চাইট আৰু অনলাইন কাৰ্যসূচীৰ জৰিয়তে বিলাসী ব্ৰেণ্ডবোৰে তেওঁলোকৰ বিশিষ্টতা প্ৰমাণ কৰাতে ক্ষান্ত নাথাকি নতুন প্ৰজন্মৰ গ্ৰাহকসকলক বিশেষ আৰু অনন্য একোটা ব্ৰেণ্ডৰ অভিজ্ঞতা লাভ কৰিবলৈ উৎসাহিত কৰিছে, যেনে-ভাৰতত ফ্লিপকাৰ্টৰ জৰিয়তে Xiaomi ফোনটোৰ ব্যৱসায়।

বিলাসী বস্ত্ৰত অনন্যতা

ব্ৰেণ্ড যেনে, Jimmy Choo, Tod’s, Louboutin, Gucci, Zegna আৰু Burberry য়ে উৎপাদকৰ বিভিন্নতা যেনে, বস্ত্ৰৰ আকাৰ, সামঞ্জস্যতা, ব্যক্তিত্বৰ লগত খাপ খাই পৰা আদি দিশবোৰত গুৰত্ব দিয়ে। এই ব্ৰেণ্ডবোৰে গ্ৰাহকৰ ইচ্ছা আৰু ক্ৰয় কৰাৰ চৰিত্ৰ আদিবোৰ অধ্যয়ন কৰি তেওঁলোকৰ বস্ত্ৰ সামগ্ৰী নিৰ্মাণত বিলাসীতা যোগ কৰে। ব্ৰেণ্ডবোৰে কিছুমান সেৱা কেৱল অনলাইন প’ৰ্টেলৰ জৰিয়তে আৰু কিছুমানে তেওঁলোকৰ অতি বিশেষ কালেকশ্যনবোৰ প্ৰথমে অনলাইনতে গ্ৰাহকলৈ মুকলি কৰি দিয়ে।উদাহৰণস্বৰূপে, বিলাসী ব্ৰেণ্ড চুইছ মিলিটাৰীয়ে ফায়াৰফক্স বাইকৰ জৰিয়তে আৰু ডিজাইনাৰ মণীষ আৰোৰা, সব্যসাচী মুখাৰ্জী আদিসকলে Jabong, Myntra আৰু Amazon ৰ সৈতে সংযুক্ত হৈছে।

অনলাইন ডিপাৰ্টমেণ্টেল ষ্ট’ৰত অনন্যতা

অনলাইন প’ৰ্টেলসমূহৰ উপৰি কিছুমান ডিপাৰ্টমেণ্টেল ষ্ট’ৰো বিলাসী সামগ্ৰী ক্ৰয় কৰা গ্ৰাহকসকলৰ বাবে প্ৰধান উৎস হৈ পৰিছে। ইউ কে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত NET-A-PORTER আগশাৰীৰ অনলাইন শ্বপিং চাইটবোৰৰ এটা। চাইটটোৰ উচ্চ মানৰ সেৱা নীতি আৰু বিলাসী ব্ৰেণ্ডৰ অনন্য সংগ্ৰহৰ লগতে তেওঁলোকৰ অতি মূল্যবান গ্ৰাহকক লৈ কিছুমান বিশেষ কৌশলী কাৰ্যক্ৰমণিকাও থাকে।

গ্ৰাহক দৃষ্টিকোণ

গ্ৰাহকে নিজকে বিশেষ বুলি ভাৱিব লাগিব যিহেতু তেওঁলোকে কোনো এক ব্ৰেণ্ডৰ কাৰণে সময় আৰু শক্তি দুয়োটাই খৰচ কৰিছে। ২০১৫ চনৰ ফেব্ৰুৱাৰীৰ পৰা কৰা McKinsey ৰ এক প্ৰতিবেদন মতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৬০ শতাংশ লোকে জনাইছে যে, তেওঁলোকে অনলাইন শ্বপিঙৰ জৰিয়তে সামগ্ৰী ক্ৰয় কৰিবলৈ ভাল পাব যদিহে ইয়াত বিলাসী ব্ৰেণ্ডসমূহ বিক্ৰীৰ বাবে ৰাখে। আনহাতে ৪১ শতাংশৰ মত-যদি ভাল দামত পায় তেওঁলোকে অনলাইন যোগে ব্ৰেণ্ডেড সামগ্ৰী কিনিবলৈ ইচ্ছুক।বিলাসী সামগ্ৰী বিক্ৰীৰ বাবে কিছুমান ব্যক্তিগত শ্বপিং ক্লাবো আছে, যিবোৰ কেৱল ক্লাবৰ সদস্যবিলাকৰ কাৰণে, য’ত সদস্যসকলক ডাঙৰ ব্ৰেণ্ডবিলাকত বিশেষ ৰেহাইও দিয়া হয়। বিখ্যাত বিলাসী ব্ৰেণ্ড Gilt Group এ ফেচবুক ফেনবিলাকৰ কাৰণে অনলাইন শ্বপিঙৰ জৰিয়তে তেওঁলোকৰ ব্ৰেণ্ড ক্ৰয় কৰি নিজকে বিশেষ অনুভৱ কৰিব পৰাৰ সুবিধাও প্ৰদান কৰিছে।

মূলঃ মণীষা ৰাও

অনুবাদঃ লীনা শইকীয়া

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

চাকৰিৰ উৰ্দ্ধত উদ্যোগশীলতা, কিন্তু ইয়াৰ উৰ্দ্ধত কি?

চৰকাৰী চাকৰি বাদ দি ব্যৱসায়ক আকোৱালি লোৱা এগৰাকী উদ্যমী

IIT, IIM আৰু বিদেশৰ শিক্ষাৰ পাছত কোটিটকীয়া চাকৰি এৰি গাঁৱত গো-পালনত ব্যস্ত এজন যুৱক

ভোট জলকীয়াৰ সোৱাদ বিশ্বত বিলাই দিয়া উদ্যোগী লীনা শইকীয়া