IIT, IIM আৰু বিদেশৰ শিক্ষাৰ পাছত কোটিটকীয়া চাকৰি এৰি গাঁৱত গো-পালনত ব্যস্ত এজন যুৱক

IIT, IIM আৰু বিদেশৰ শিক্ষাৰ পাছত কোটিটকীয়া চাকৰি এৰি গাঁৱত গো-পালনত ব্যস্ত এজন যুৱক

Wednesday March 09, 2016,

7 min Read

কোটি টকাৰ উপাৰ্জনৰ পথ এৰি গাৱলৈ উভটিছে এজন যুৱক। গোপালনেৰে সলনি কৰিছে গাৱৰ পৰিস্থিতি।

সমাজৰ বাবে কিবা এটা কৰাৰ বাসনাৰে সকলো সা সুবিধা, সমৃদ্ধি পৰিত্যাগ কৰিবলৈ উৎসুক হৈ থকা যুৱ প্ৰজন্মৰ অভাৱ নাই এইখন দেশত। আমি এনেকুৱা দুগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধিৰ সৈতে আপোনালোকক চিনাকী কৰাই দিবলৈ ওলাইছো, যিয়ে কোটি টকাৰ উপাৰ্জনৰ পথ পৰিহাৰ কৰি সমাজৰ বাবে কিবা এটাৰ কৰাৰ উদ্দেশ্যেৰে, কৃষকসকলৰ হিতৰ বাবে কাম কৰিবলৈ আগবঢ়ি আহিছে।

১. IIT আৰু IIM ৰ পৰা শিক্ষা লাভ কৰা য়েছবেংকৰ ভাইচ প্ৰেছিদেন্টে গাৱলৈ আহি গো-পালনত মনোনিবেশ কৰিলে। বিক্ৰী কৰিছে গৰুৰ গাখীৰ।

কিছুদিনৰ আগৰ কথা। জয়পুৰৰ লোকসকলৰ ঘৰলৈ ৰাতিপুৱাই পুৱাই ফোন আহিল যে তেওঁলোকে বিশুদ্ধ গৰুৰ গাখীৰ ক্ৰয় কৰিব বিচাৰে নেকি, যদি বিচাৰে তেওঁলোকক হম ডেলিভাৰীৰ ব্যৱস্থা কৰি দিয়া হ'ব। লগতে ফোনকৰ্তাজনে গৰুৰ গাখীৰৰ গুণাগুণ সম্পৰ্কতো যথেষ্ট কথা ক'লে। প্ৰথমতে সকলো আচৰিত হ'ল যে গৰুৰ গাখীৰৰ হোম ডেলিভাৰীৰ বাবে বাৰু এনেদৰে কোনে ফোন কৰি আছে। দৰাচলতে এই কামটো কৰিছিল আইআইটি দিল্লীৰ পৰা বায়োকেমিকেল ইঞ্জিনিয়াৰিঙৰ শিক্ষা আৰু কলকাতা আইআইএমৰ পৰা এমবিএ ডিগ্ৰী লাভ কৰা বিজ্ঞান গাড়োদিয়াই। য়েছবেংকৰ ভাইচ প্ৰেছিদেন্টৰ চাকৰি কৰা বিজ্ঞানে সৰুৰে পৰা গাই গৰু ভাল পাইছিল। কোনো ধাৰ্মিক কাৰণৰ পৰিৱৰ্তে গাৱত আইতাকৰ পৰা গাইগৰুৰ গাখীৰৰ গুণাগুণসমুহ শুনি শুনিয়েই গাইগৰুৰ প্ৰতি মৰম বাঢ়ি গৈছিল তেওঁৰ। পৰৱৰ্তী সময়ত উচ্চ শিক্ষা গ্ৰহণৰ অন্তত বুজি উঠিছিল তেওঁ যে গাইগৰুৰ গাখীৰত অকলেই ইমান পুষ্টিকাৰক গুণ আছে যে দেশৰ পৰা পুষ্টিহীনতা দুৰ কৰাৰ লগতে গো পালনৰ ব্যৱসায়েৰে গাওঁ একোখনৰ অৰ্থব্যৱস্থাকো সলনি কৰিব পৰা যায়। আজি জয়পুৰত বিজ্ঞানৰ অকলেই ২৫০গ্ৰাহক আছে।


image


গ্ৰামীণ অৰ্থব্যৱস্থাক মজবুত কৰিবলৈ কৃষকসকলৰ পৰম্পৰাগত ব্যৱসায়ক মজবুত কৰি তুলিব লাগিব।

২০০৫চনত বিজ্ঞানে য়েছবেংকৰ মাইক্ৰফাইনেন্স বিভাগৰ হেড হিচাপে কাম কৰি থকাৰ সময়ত গাৱৰ কৃষকসকলৰ অৱস্থাটো অতি ওচৰৰ পৰা দেখিছিল। তেওঁ অনুভৱ কৰিলে যে গাওঁ অঞ্চলৰ কৃষক সকলৰ অৰ্থৱ্যৱস্থাটোক শক্তিশালী কৰি তোলাৰ বাবে মাইক্ৰফাইনেন্স উচিত ৱ্যৱস্থা নহয়। তাৰ সলনি কৃষকসকলৰ পৰম্পৰাগত ব্যৱসায়ক অতি শক্তিশালী ৰূপত গঢ়ি তুলিব লাগিব। ২০০৬চনত তেওঁ চাকৰিৰ পৰা অব্যাহতি লৈ অৰ্গেনিক সাৰ, গ্ৰামীন বিপিঅ' আদি কাম কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু মনত সদায়েই থাকিল যে তেওঁ গাৱৰ বাবেই কাম কৰিব। ইয়াৰ পিছত ২০১২চনত জয়পুৰৰ পৰা ৭০ কিলোমিটাৰ আঁতৰৰ লিচাৰিয়া গাৱত ১.৭২হেক্টৰ ভূমিত আৰম্ভ কৰিলে গাখীৰৰ ফাৰ্ম।


image


বিজ্ঞানে য়'ৰ ষ্ট'ৰীক জানিবলৈ দিলে এনেদৰে

" দেশত সকলোৱেই জানেই যে গৰুৰ গাখীৰত সকলোতকৈ অধিক খাদ্যগুণ থাকে আৰু সহজতে হজম হয়। গাই এবিধ এনেকুৱা প্ৰাণী যাক আপুনি যি খাদ্য খুৱাব, তেনেকুৱায়ে গাখীৰ পাব। কিন্তু অধিক গাখীৰৰ বাবে গাঁৱত মানুহে ম'হ পালন কৰে। গাই গৰু পালন কৰিলেও জাৰ্ছি গাই হে পালন কৰে, যাৰ প্ৰতিপালনত খৰচ বেছি। এইক্ষেত্ৰত কিন্তু দেশী গাই সকলোতকৈ উত্তম আৰু গাখীৰো ভাল। "


image


গাওঁবাসীয়েও গাই পালন কৰিবলৈ আৰম্ভ কৰিলে।

বিগত ৪বছৰত বিজ্ঞানৰ সহজ ডেইৰী ফাৰ্মত গাইৰ সংখ্যা মুঠ ১৫০টালৈ বৃদ্ধি পাইছে। ইয়াৰ ফলত ওচৰ পাজৰৰ প্ৰায় ২৫খন গাঁৱত লোকসকলে গাই পালন কৰিবলৈ আৰম্ভ কৰিছে। দেৰৱালাৰ সীতাৰাম যাদৱে কয় ,

"আমি বিজ্ঞানৰ পৰা প্ৰেৰণা লাভ কৰিছো। মই ২০১৫চনৰ জুলাইত এজনী গাই ক্ৰয় কৰিছিলো। তাৰ ছমাহ পিছত দ্বিতীয়জনী গাই কিনিবলৈ সক্ষম হ'লো এতিয়া মোৰ তিনিটা বলদ বিক্ৰী কৰি ৬টা গাই কিনি ল'লো। এতিয়া মই প্ৰায় ৫০ লিটাৰ গাখীৰ বিক্ৰী কৰোঁ । এই ব্যৱসায়ত বিনিয়োগ কম কিন্তু লাভ বহুত। "


image


গাওঁসমুহত গঢ়ি উঠিছে কালেকছন চেন্টাৰ

সহজ ডেইৰীৰ প্ৰায় ৫০টা গায়ে প্ৰায় ৫০০লিটাৰ গাখীৰ দিয়ে আৰু বিজ্ঞানে ইয়াৰ লগতে ওচৰ পাজৰৰ গাওঁসমুহৰ পৰা গাখীৰ সংগ্ৰহ কৰিবলৈ কালেকছন ছেন্টাৰ খুলি ৰাখিছে। সহজ ডেইৰীত দেশীয় গাইগৰুৰ গাখীৰৰ পৰা চানা, মাখন,দৈ ঘী আৰু আইচক্ৰীম প্ৰস্তুত কৰা হয়। দেশীয় গাই গৰুৰ ওপৰত বিজ্ঞানে প্ৰয়োগ কৰা পদ্ধতিৰ প্ৰতি নজৰ দি ৰাজস্থান চৰকাৰে সহজ ইনক্লুছিভ অপৰছুনিতি প্ৰাইভেট লিমিটেড ডেইৰীৰ সৈতে এক বুজাবুজিৰ চুক্তিৰ আধাৰত কৃষকসকৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। ইয়াৰ সফলতা দেখি আইআইটি দিল্লীৰ পৰা পলিমাৰ ইঞ্জিনিয়াৰিঙ শিক্ষা সম্পূৰ্ণ কৰি বিগত ২০বছৰে ৰিলায়েন্স পলিমাৰত চাকৰি কৰা বিজ্ঞানৰ ভাতৃয়েও চাকৰি ত্যাগ কৰি বিজ্ঞানৰ সৈতে এই ব্যৱসায়ত নিয়োজিত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

২. আমেৰিকাত মাষ্টাৰ্ছ কৰি, ৪কোটি টকীয়া লোভনীয় ব্যৱসায় ত্যাগ কৰি গঞা ৰাইজৰ জীৱন ৰক্ষাৰ্থে আহিল তেওঁ। গোবৰ আৰু গোমুত্ৰয়েই হৈছে তেওঁৰ অস্ত্ৰ। গাই গাৰু পালনৰ বাবে গঞা ৰাইজক উৎসাহিত কৰিছে তেওঁ।

"যেতিয়াই গাঁৱলৈ ফোন কৰিছিলো, কাৰোবাৰ নহয়,কাৰোবাৰ মৃত্যুৰ খবৰ পাইছিলো। বিগত দুই বছৰত ঘৰৰে তিনিজনৰ মৃত্যু ঘটিল। পিছত ভাবিলো এনেকুৱা এটা জীৱন কটাই কি লাভ য'ত ঘৰৰ মানুহৰে জীৱন বচাব নোৱাৰোঁ। "

মুম্বাইৰ শ্ব্যামলাল কলেজৰ পৰা বিটেক আৰু কেলিফৰ্ণিয়াৰ জাছ ইউনিভাৰ্চিটিৰ পৰা ইলেকট্ৰনিকছত মাষ্টাৰ্ছ ডিগ্ৰী লোৱাৰ পিছত মুম্বাইত ডিপাৰ্টমেন্টেল ষ্ট'ৰ এখন খুলি ব্যৱসায় কৰিবলৈ আৰম্ভ কৰি শ্ৰীগংগানগৰৰ ৰণদীপ সি কংগ নিজৰ পৰিয়ালৰ ইমান মানুহ কীটনাশক দ্ৰব্যৰ ফলত মৃত্যুমুখত পৰাত বিচলিত হৈ পৰিল। তেওঁ নিজৰ সকলো ত্যাগ কৰি নিজৰ গাৱলৈ লোকসকলৰ জীৱন বচাবৰ বাবে ঢাপলি মেলিলে। প্ৰতি বছৰ ৪কোটিকৈ টকা উপাৰ্জন কৰা ৰণদীপে নিজৰ গাৱলৈ গৈ গোমুত্ৰ, গোবৰ, নীম আদিৰে সাৰ প্ৰস্তুত কৰি গাওঁবাসীৰ মাজত তাৰ প্ৰয়োগ সন্দৰ্ভত বুজাবলৈ আৰম্ভ কৰি দিলে। সেইবাবেই কংগ পৰিয়াল মুম্বাইৰ পৰা সকলো সামৰি সুতৰি নিজৰ গাওঁ শ্ৰীগংগানগৰলৈ গুছি আহিল।


image


গাঁৱলৈ উভটি আহি গাইগৰুকে জীৱনৰক্ষাৰ আহিলা বনালে।

২০০৬চনত আমেৰিকাৰ পৰা উভটি অহাৰ পিছত ৰণদীপে বিভিন্ন মাল্টিনেশ্বনেল কোম্পানীৰ পৰা লাখ টকা দৰমহাৰ চাকৰিৰ আমন্ত্ৰণ লাভ কৰিছিল। কিন্তু তেওঁ ব্যৱসায় আৰম্ভ কৰিলে মম্বাইত এখন ডিপাৰ্টমেন্টল ষ্ট'ৰ খুলি। তাৰ পিছত এখন এখনকৈ তিনিখন ডিপাৰ্টমেন্টেল ষ্ট'ৰৰ স্বত্বাধীকাৰী হৈ পৰিল তেওঁ। ডিপাৰ্টমেন্টেল ষ্ট'ৰে তেওঁক বাৰ্ষিক ৪কোটি টকাৰ লাভ প্ৰদান কৰি আহিছিল। জীৱন আছিল আৰামৰ। কিন্তু তেওঁৰ গাওঁখনত কীটনাশকৰ বাবে হৈ থকা মৃত্যুৰ খবৰে তেওঁক বিচলিত কৰি ৰাখিছিল সদায়। ইয়াৰ কাৰণ আছিল এটায়েই, কেঞ্চাৰ । তেওঁ ইয়াৰ কাৰণ বিচাৰোতে পালে যে খেতিত প্ৰদান কৰা বিপুল পৰিমাণৰ কীটনাশকে ফচলসমুহক আৰু অধিক বিষাক্ত কৰি তুলিছে। কৃষিভূমিৰ প্ৰাকৃতিক উৰ্বৰতা হ্ৰাস হবলৈ ধৰিছে। ৰণদীপে প্ৰথমতে মানি লবলৈ টান পাইছিল যে এইদৰেও কোনোবাই কীটনাশকৰ বাবে প্ৰাণ হেৰুৱাব। কিন্তু তেওঁ গাৱলৈ আহি দেখিলে যে খেতিত বিপুল হাৰত কীটনাশকৰ ব্যৱহাৰ হৈ আছে আৰু তাৰ ফলত কেঞ্চাৰত মৃত্যু হোৱা লোকৰ সংখ্যাত শ্ৰীগংগানগৰ পঞ্জাৱৰ বাটেৰেই বাট বুলিছে। তেওঁ তাৰ বিকল্পৰ সন্ধান কৰি পালে গোবৰ। কিন্তু কেৱল মাত্ৰ গোৱৰ এইক্ষেত্ৰত পৰ্যাপ্ত হোৱা নাছিল। তাৰ পিছত তেওঁ গোবৰ লগত গোমুত্ৰ আৰু নিমৰ মিশ্ৰণ কৰি সাৰ প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰি দিলে। লগতে গো-পালনৰ আন্দোলনো আৰম্ভ কৰি দিলে।


image


কংগে য়'ৰ ষ্ট'ৰীক ক'লে

"কৃষকসকলক দোকানীজনে এক ঢাকনি পেষ্টিচাইড বা কীটনাশক খেতিত দিবলৈ যেতিয়া কয়,তেওঁ ভাবে কম হ'ব পাৰে আৰু তেওঁ সেইবাবে কৰ্মচাৰীসকলক ডেৰ ঢাকনিকৈ পেষ্টিচাইড অৰ্থাত কীটনাশক দিবলৈ নিৰ্দেশ দিয়ে। কৰ্মচাৰী সকলো আকৌ বাবে যে মালিকে তেওঁলোকক কমকৈ দিবলৈ নিৰ্দেশ দিছে, সেইবাবে তেওঁলোকে নিজৰ ফালৰ পৰা আৰু আধা ঢাকনি বেছিকৈ দি দিয়ে। এইধৰণে কীটনাশকৰ পৰিমান দুগুণ বাঢ়ি যায়। সময়ৰ লগে লগে কীট-পতংগৰো সহনশক্তি বৃদ্ধি হয়। কিন্তু দেশীয় পদ্ধতি ইমানেই প্ৰভাৱশালী যে খেতি পথাৰৰ উৰ্বৰতা বৃদ্ধি কৰাৰ লগতে প্ৰথমৰ পৰা থকা খেতিৰ বিষাক্ত পদাৰ্থকো নিঃশেষ কৰি আনে। "


image


গোবৰ আৰু গোমুত্ৰৰ ওপৰত কাম কৰা আৰম্ভ কৰি কৃষক সকলক বাস্তৱ দিশৰ লাভালাভৰ সৈতে চিনাকী কৰি দিলো।

ৰণদীপে এতিয়া এটি দিশ লাভ কৰিছে। তেওঁ এই কামটোৱেই নিজ গাঁৱত কৃষকসকলৰ বাবে কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে। ২০১২চনত ব্যৱসায় সামৰি তেওঁ নিজ গাওঁ শ্ৰীগংগানগৰ গুছি গ'ল। শ্ৰীকৰণপুৰৰ নিজৰ ১০০ বিঘা কৃষিভূমিকে নিজৰ গৱেষণাৰ স্থান বনাই পেলালে। ডেইৰী ফাৰ্মৰ পৰা গোমুত্ৰ সংগ্ৰহ কৰি তাত নিম, নহৰু আদি বিভিন্ন উপাদান মিশ্ৰন কৰি সেই মিশ্ৰণক বটলত ভৰাই গাৱে গাৱে কৃষকসকলক পৰামৰ্শ দিবলৈ ওলাই যোৱা আৰম্ভ কৰি দিলে। কৃষকসকলৰ ওপৰত শিক্ষিত ৰণদীপৰ কথাৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ হল। কৃষক সকলো নিজ নিজ খেতিত জৈৱিক উৰ্বৰা বৃদ্ধিকাৰী এই উপাদানৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে আৰু যেতিয়া সুফল পালে তেতিয়া ৰণদীপৰ কথা বিশ্বাসত লবলৈ আৰম্ভ কৰিলে। ৰণদীপে এইক্ষেত্ৰত কয়,

"কিন্তু এই কাম ইমান সহজ নাছিল যদিও নিজৰে সাধন থকাৰ বলত তেওঁলোকে এই কাৰ্য সম্পন্ন কৰিবলৈ সক্ষম হ'ল। সকলোতকৈ ডাঙৰ কথাটো হ'ল কৃষকসকলক গাইগৰু পালনৰ বাবে সাজু কৰি তুলিব লগীয়া হৈ আছে। যেতিয়ালৈকে সকলো কৃষকে গাই পালন নকৰিব ইমান বিপুল পৰিমাণৰ গোমুত্ৰ আৰু গোবৰ আহিব কৰ পৰা। "


image


গোমুত্ৰত আছে ১৬প্ৰকাৰৰ পুষ্টিকৰ উপাদান , কিন্তু গছ-গছনীক লাগে মাত্ৰ ১৪প্ৰকাৰ।

ৰণদীপৰ মতে গোমুত্ৰত ১৬প্ৰকাৰৰ খাদ্যগুণ থাকে,যত নেকি গছ গছনিক কেৱল ১৪ প্ৰকাৰৰ হে প্ৰয়োজন হয়। গোমুত্ৰই ভেকুৰ আৰু ঘুন মাৰিবলৈ কামত আহে আৰু পুষ্টি বঢ়ায়। ইয়াৰ পিছত কোনো ধৰণৰ অন্য সাৰৰ প্ৰয়োজন নহয়। কৃত্ৰিম সাৰ প্ৰদান কৰা খেতিত ২-৩দিনৰে পৰা পানী দিয়াটো দৰকাৰ কিন্তু গোমুত্ৰ প্ৰদান কৰা খেতিত ৭-৮দিন পিছত দিলেই হয়। এই কামটোৰ আন এটা দিশো আছে। ৰণদীপে এতিয়া প্ৰতিদিনে এখন গোশালাৰ পৰা ৫টকা প্ৰতি লিটাৰত ৫০০ লিটাৰ গোমুত্ৰ ক্ৰয় কৰে। তাৰ ফলত গোশালাখনে দান বৰঙনীৰ ওপৰত চলিব লগীয়া হোৱা নাই। 

মূলঃ ৰিম্পী কুমাৰী

অনুবাদঃ প্ৰাঞ্জল শৰ্মা

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ভোট জলকীয়াৰ সোৱাদ বিশ্বত বিলাই দিয়া উদ্যোগী লীনা শইকীয়া

নাৰিকল লাড়ুৰে ব্যৱসায় আৰম্ভ কৰি 'মেঘাজ ফুড প্ৰডাক্ট'ৰ জন্ম দিলে মেঘালী বৰাই

শিশুৰ সৃষ্টিশীলতাক বিশ্ববাসীৰ আগত ডাঙি ধৰাৰ প্ৰয়াসত ব্ৰতী এজন যুৱক

অসমীয়া ভাষা সংস্কৃতিক ই-বিশ্বলৈ নতুন ৰূপত লৈ যোৱা যুৱকজন-হিমজ্যোতি তালুকদাৰ