চৰকাৰী চাকৰি বাদ দি ব্যৱসায়ক আকোৱালি লোৱা এগৰাকী উদ্যমী

চৰকাৰী চাকৰি বাদ দি ব্যৱসায়ক আকোৱালি লোৱা এগৰাকী উদ্যমী

Friday March 04, 2016,

2 min Read

হাতত আছিল এটা চৰকাৰী চাকৰি । গড়কাপ্তানি বিভাগৰ সহকাৰী অভিযন্তা তেওঁ । কিন্তু দহ বছৰীয়া এই আৰামদায়ক চৰকাৰী চাকৰিটো তেওঁ এদিন হঠাৎ পৰিত্যাগ কৰাৰ সিদ্ধান্ত লোৱাৰ কথা শুনি আচৰিত হৈ পৰিল বহুতো । অৱশ্যে কোনো অশান্তি অথবা হেঁচাত নহয়, চাকৰি এৰাৰ সিদ্ধান্তৰ অন্তৰালত আছিল তেওঁৰ নিজাকৈ কিবা এটা কৰাৰ প্ৰবল ইচ্ছা । সেই অনুসৰি চাকৰিটো বাদ দি তেওঁ আৰম্ভ কৰিলে ব্যৱসায় । এই মহিলাগৰাকী হ'ল ডিজাইনাৰ আৰু উদ্যমী হিচাপে পৰিচিত সংযুক্তা দত্ত ।

সংযুক্তা দত্তই নগাৱঁত স্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ পিছত পৰবৰ্ত্তী পৰ্যায়ত Assam Engineering College ৰ অধ্যয়ন সমাপ্ত কৰে। দত্তৰ প্ৰথম চাকৰি আছিল State Institute of Rural Development (SIRD)ত । কিন্তু তেওঁ ইয়াৰ পিচত গড়কাপ্তানি বিভাগৰ সহকাৰী অভিযন্তা হিচাপে যোগদান কৰিছিল ।

image


সৰুৰে পৰা কাপোৰত ডিজাইন কৰি পিন্ধিছিল সংযুক্তাই । সকলোৱে দেখি খুব প্ৰশংসা কৰিছিল আৰু এই প্ৰশংসাই যেন আছিল তেওঁৰ প্ৰেৰণাৰ উৎস । সংযুক্তাৰ ভাষাত, 'কলেজত পঢ়ি থকা সময়ত নিজে ডিজাইন কৰি পিন্ধা কাপোৰৰ বাবে বহুত ভাল Comment পাইছিলো, যিবোৰ মন্তব্যৰ আলমতে ডিজাইনিঙৰ নিচিনা পেছাৰ লগত জড়িত হৈ পৰিলো । ভগৱানে কৰাত ডিজাইনিঙৰ ক্ষেত্ৰত অলপ হ’লেও সফল হৈছো ।'

image


সংযুক্তা দত্তই ২০১৩ চনৰ পৰা নিজা ব্যবসায় চলাই আহিছে। অতি কম দিনৰ ভিতৰত ডিজাইনিঙৰ ক্ষেত্ৰত সফলতাৰে খোজ দিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে ২০১৫ চনৰ “Mysore Fashion Week” আৰু সেই একে বছৰতে কলকাতাত অনুষ্ঠিত হোৱা “Miss Palash India”ত দত্তই ডিজাইন কৰা সাজপাৰ আৰু আ- অলংকাৰ প্ৰদৰ্শিত হয়। তেওঁ ডিজাইন কৰা সাজপাৰ আৰু আ-অলংকাৰ বুটিক “Sanjukta’s Traditions Redesigned”ৰ পৰা অৰ্ডাৰ কৰিব পাৰে অথবা ফেচবুক পেজ (Facebook Page) পৰা অনলাইন অৰ্ডাৰ কৰিব পাৰে । সংযুক্তা দত্তয়ো পৌৰাণিক ডিজাইনকে নতুন ৰূপত সাজপাৰ আৰু আ-অলংকাৰৰ জৰিয়তে তুলি ধৰিবৰ চেষ্টা কৰিছে।

image


ডিজাইনিঙৰ লগতে সংযুক্তা দত্ত Innovative Autocorp Pvt.Ltd., Live strong health and Fitness Pvt.Ltd., SR Wellness and beauty Pvt.Ltd. ব্যৱসায়ৰ লগত জৰিত। আজিৰ তাৰিখত দত্ত এগৰকী সফল উদ্যমী ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

IIT, IIM আৰু বিদেশৰ শিক্ষাৰ পাছত কোটিটকীয়া চাকৰি এৰি গাঁৱত গো-পালনত ব্যস্ত এজন যুৱক 

ভোট জলকীয়াৰ সোৱাদ বিশ্বত বিলাই দিয়া উদ্যোগী লীনা শইকীয়া

নাৰিকল লাড়ুৰে ব্যৱসায় আৰম্ভ কৰি 'মেঘাজ ফুড প্ৰডাক্ট'ৰ জন্ম দিলে মেঘালী বৰাই

শিশুৰ সৃষ্টিশীলতাক বিশ্ববাসীৰ আগত ডাঙি ধৰাৰ প্ৰয়াসত ব্ৰতী এজন যুৱক

অসমীয়া ভাষা সংস্কৃতিক ই-বিশ্বলৈ নতুন ৰূপত লৈ যোৱা যুৱকজন-হিমজ্যোতি তালুকদাৰ