পাঁচ লাখ কৃষকে বিনিয়োগ কৰা এখন ছুপাৰহিট ছবি : শ্যাম বেনেগালৰ ‘মন্থন’

পাঁচ লাখ কৃষকে বিনিয়োগ কৰা এখন ছুপাৰহিট ছবি : শ্যাম বেনেগালৰ ‘মন্থন’

Tuesday February 02, 2016,

2 min Read

যদি কোনোবাই আপোনাক কয় যে কৃষকৰ টকাৰে এখন চুপাৰহিট ছবি নিৰ্মাণ হৈছিল,সেই কথা আপুনি বিশ্বাস কৰিব নে? নিশ্চিতভাৱে সেই কথা আপুনি মানিবলৈ টান পাব।কিন্তু আপুনি শুনি অতি আচৰিত হ’ব যে ১৯৭৬ চনত মুক্তিলাভ কৰা শ্যাম বেনেগালৰ চুপাৰহিট ছবি ‘মন্থন’ নিৰ্মাণ হৈছিল গুজৰাটৰ কৃষকসকলৰ টকাৰে।

image


প্ৰসিদ্ধ অভিনেতা অনু কাপুৰে শেহতীয়াকৈ ৯২.৭ বিগ এফএমৰ জনপ্ৰিয় শ্ব’ ‘সুহানা চফৰ’ত এই ৰহস্য ভেদ কৰে।অভিনেতাগৰাকীয়ে জনায় যে ১৯৭০ৰ দশকত বিখ্যাত ছবি নিৰ্দেশক বেনেগালে নিজৰ এই বিশেষ ছবিখনক লৈ কাম কৰি থকাৰ সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল।অমূল ক’অপাৰেটিভৰ ওপৰত ছবি নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লোৱা বেনেগালে ছবিখনৰ বাবে প্ৰযোজক বিচাৰি বাৰে বাৰে বিমুখ হ’বলগীয়া হৈছিল।

‘মন্থন’ ৰ নিৰ্মাণ কাহিনী ব্যক্ত কৰিবলৈ গৈ অনু কাপুৰে কয় বাৰে বাৰে বিফল হৈও বেনেগালে হাৰ মনা নাছিল।বেনেগালে অমূলৰ সংস্থাপক আৰু দেশত শ্বেত বিপ্লৱৰ সূচনাকাৰী ভাৰ্গিজ কুৰিয়েনক নিজৰ সমস্যাৰ কথা কয়।লগে লগে কুৰিয়েনে তেওঁক পৰামৰ্শ দিয়ে যে তেওঁ অমূল ক’অপাৰেটিভ ছছাইটিৰ ৫লাখ কৃষকৰ সৈতে সম্পৰ্ক স্থাপন কৰি তেওঁলোকক দুটকাকৈ দিবলৈ অনুৰোধ কৰক।এনেদৰে ছবিখন নিৰ্মাণ কৰিবলৈ প্ৰয়োজন হোৱা ধনৰাশিৰ যোগান হৈ যাব।

image


অনু কাপুৰে কয় যে বেনেগালে কুৰিয়েনৰ পৰামৰ্শ সাৰোগত কৰি প্ৰয়োজনীয় ধন সংগ্ৰহ কৰি ভাৰতীয় দৰ্শকক মন্থনৰ দৰে ছবি উপহাৰ দিয়ে। ‘সুহানা চফৰ’ শ্ব’ত অনু কাপুৰে লগতে জনায় যে শ্যাম বেনেগালে ছবিখনৰ নিৰ্মাণৰ সম্পূৰ্ণ কৃতিত্ব অমূল ক’অপাৰেটিভ ছছাইটিৰ কৃষকসকলক প্ৰদান কৰে।ছবিখনৰ আৰম্ভণিতে পৰ্দাত ইংৰাজীত জিলিকি উঠে-‘গুজৰাটৰ পাঁচ লাখ কৃষকৰ নিবেদন-মন্থন’।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

হলীউডৰ সুন্দৰ শৰীৰৰ পৰা ভাৰতীয় মাতৃলৈকে; ৰেমোনা ব্ৰেগাঞ্জাৰ ফিটনেছ মন্ত্ৰ আটাইৰে বাবে ফলদায়ক

“পৰৱৰ্তী ডাঙৰ ঢৌ হৈছে ভাৰতৰ স্থানীয় ভাষাত কম্পিউটিং”- ছাহিল কিনি

মনীষা ৰায়সিংহানীঃ প্ৰযুক্তিৰে উচ্চ শিখৰত

জাপিসঁজীয়াৰ নাৰায়ণ কেওঁটৰ ঐকান্তিক প্ৰচেষ্টাত জীয়াই আছে সাতামপুৰুষীয়া ফুলাম শিল্প