“পৰৱৰ্তী ডাঙৰ ঢৌ হৈছে ভাৰতৰ স্থানীয় ভাষাত কম্পিউটিং”- ছাহিল কিনি

মূল- দিপ্তী নায়াৰ

“পৰৱৰ্তী ডাঙৰ ঢৌ হৈছে ভাৰতৰ স্থানীয় ভাষাত  কম্পিউটিং”- ছাহিল কিনি

Thursday October 20, 2016,

3 min Read

আপুনি যদি ভাৰতত এশ কোটি লাকৰ কাষ চপাৰ সপোন দেখিছে অথচ ভাবিছে যে তাৰ বাবে কেৱল ইংৰাজীয়েই যথেষ্ট, তেন্তে আপোনাৰ ভুল হৈছে। এইদৰেই বাংগালুৰুত অনুষ্ঠিত ষষ্ঠ টেকস্পাৰ্কত (TechSparks) উচ্চাকাংক্ষী উদ্যোগীক সকীয়ালে পৰ্টফলিঅ’, আচপাডা (Portfolio, Aspada)ৰ ভাইচ প্ৰেছিডেন্ট ছাহিল কিনিয়ে ।

image


মন কৰিবলগীয়া কথা যে ভাৰতত প্ৰায় ১০ বা ১২ কোটি ইংৰাজী ক’বপৰা মানুহ আছে। ভাৰতৰ মুঠ জনসংখ্যাৰ হিচাপত এইয়া মাত্ৰ দহ শতাংশ মানুহ। কিন্তু ছাহিলৰ মতে যদি ইংৰাজী ক’বপৰা মানুহ হিচাপ কৰা হয়, তেন্তে এই সংখ্যা ৬-৮ কোটিহে হ’ব। ভাৰতত প্ৰায় ৭৮০ টা ভাষা কয় আৰু প্ৰায় ৮৬ টা লিপি আছে (উৎস: “Peoples Linguistic Survey of India”)। তাৰে ২৯ টা ভাষা কমেও এক নিযুতকৈ মানুহে ব্যৱহাৰ কৰে আৰু ২২ টা ভাষা ভাৰতৰ সংবিধানে সাংবিধানিক ভাষাৰূপে স্বীকৃতি প্ৰদান কৰিছে।

ছাহিলে কেইবাটাও ভাৰতীয় মূলৰ ভাষাত কথা পাতিব পাৰে। তেওঁ কেনেদৰে প্ৰযুক্তিক ভাৰতীয় ভাষাৰ যোগেদি এশ কোটি মানুহৰ কাষলৈ নিব পাৰি সেই বিষয়ে নিজৰ মতামত দাঙি ধৰে-

“ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আমাৰ সতে যি ব্যৱহাৰ কৰিছিল, আজি আমি আমাৰ ভাষাবিলাকৰ প্ৰতিও একে ব্যৱহাৰেই কৰিছো ”

তেওঁ কয়, "যিদৰে বৃটিছ থকাৰ সময়ত কিছু ঠাইত “ইয়াত কুকুৰ আৰু ভাৰতীয়ক প্ৰবেশ কৰিবলৈ দিয়া নহ’ব” বুলি লিখি থোৱা হৈছিল, তেনেদৰেই আমি আমাৰ জনসংখ্যাৰ অৰ্দ্ধেকৰো অধিকক ইংৰাজী নজনাৰ বাবে বহিৰ্ভূত কৰি ৰাখিছো। এইয়াই গোকাট সত্য যে ইংৰাজী নজনা বা নোকোৱা ব্যক্তিসকলক আমি বহিষ্কৃত কৰি ৰাখোঁ।"

image


ছাহিলৰ মতে ই এক ডাঙৰ সমস্যা আৰু আমি সকলোৱে এইটো বুজি পোৱা উচিত। তেওঁৰ মতে অনলাইন কনটেন্টৰ প্ৰায় ৫৬% হৈছে ইংৰাজী ভাষাত লিখিত। ইংৰাজী নজনা লোকৰ বাবে কি কাৰণে ডেভেল’পাৰ সকলে বাট মুকলি কৰি দিয়া নাই?

যিসকল ডেভেল’পাৰে কঠিনতম সমস্যাৰ সমাধান কৰিব খোজে তেওঁলোকক ছাহিলে প্ৰত্যাহবান জনাই কয় যে, স্থানীয় ভাষাত প্ৰকাশ কৰিবলৈ হ’লে কেৱল অনুবাদেই যথেষ্ট নহয়, তাত থাকিব লাগিব সৃষ্টি+ বোধশক্তি+ আৱিষ্কাৰ। ৰেভাৰিয়ে নামৰ কোম্পানীটোৱে এই সকলোখিনি সেৱা প্ৰদান কৰে- কোম্পানীটোৰ বৰ্ডত যোগদান দিয়া ছাহিলে কয়।

ইউজাৰসকলক তেওঁলোকৰ স্থানীয় ভাষাত এক উত্তম Searchৰ অভিজ্ঞতা প্ৰদান কৰিবলৈ হ’লে বাকী কাৰকসমূহ যেনে ফন্ট, ফন্ট ৰেণ্ডাৰিং, স্থানীয় আৰু লিপ্যান্তৰ ইনপুট, ড’মেইন বিশেষ অনুবাদ- আদি আটাইবোৰ একেলগে সুন্দৰকৈ কাম কৰিব লাগিব।

তেওঁৰ মতে “ভাৰতীয় স্থানীয় ভাষাত কম্পিউটিং কৰাৰ সমাধানবিহীন প্ৰশ্ন অনেক আছে। ” ধুনীয়া ফন্ট, বানানৰ সমস্যা আৰু ব্যাকৰণ শুদ্ধকৈ লিখাৰ সমস্যা, বক্তৃতাৰ পৰা পাঠলৈ পৰিবৰ্তন ইত্যাদি এশ এবুৰি সমস্যাৰ এখন দীঘলীয়া তালিকা আছে।

image


স্থানীয় ভাষাত কথা কওঁতে আমি মাজে সময়ে ইংৰাজী শব্দৰো ব্যৱহাৰ নকৰা নহয়। ছাহিলৰ মতে স্থানীয় ভাষাৰ ভাল ফল দেখুৱাব বিচাৰিলে Search Algorithmত ইয়াক স্বত:সিদ্ধ বুলি ধৰি ল’ব লাগিব। উদাহৰণ স্বৰূপে হিন্দীত যদি PLAY শব্দৰ অৰ্থ বিচৰা হয়, ই বুজাব “খেল”, বা “বজোৱা” নাইবা “নাটক”। মেচিনে কৰা অনুবাদত ইয়াৰ পাৰ্থক্য বিচৰা সম্ভৱপৰ নহ’ব।

এতিয়া সময় আহিছে ভাৰতীয় স্থানীয় ভাষাৰ ফালে দৃষ্টি নিবদ্ধ কৰিবলৈ। তাৰ পৰাই পৰবৰ্তী ডাঙৰ ঢৌটো আহিবলৈ ধৰিছে।

এইয়া হৈছে টেকস্পাৰ্ক ২০১৫ৰ স্পনছৰ- ছেকীয়া কেপিটেল, আই চি আই চি আই বেংক, মানি অন মবাইল, মাইক্ৰচফট, ছিগনেল হিল, আই বি এম ব্লুমিক্স, পি ডব্লিউ চি, এটম টেক, টীমচেট, কৰ্ণাটক চৰকাৰ, ইনটেল, ৰেবলাৰ, ডেইলীহান্ট, ৰেভেৰি, লজিনেক্স্ট আৰু পেইুবিজ; পাৰ্টনাৰসকল- ডাফ এণ্ড ফেল্পছ, টেক্সমন্ত্ৰা, ডাইনআউট, এক্স’টেল, ৩৬০ৰাইড, য়োগা বাৰ, চয় পইণ্ট, জি ডব্লিউচি আৰু মীডিয়া পাৰ্টনাৰসকল- টিভি নাইন, ফৰচুন ইন্ডিয়া, ৰেড এফ এম আৰু ডেক্কান হেৰল্ডৰ প্ৰতিও এক উদাত্ত আহবান।