উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰুৱা অঞ্চললৈ তথ্য-প্ৰযুক্তি লৈ যোৱা গুৱাহাটীৰ উদ্যোগীজন

উত্তৰ-পূৰ্বাঞ্চলৰ  ভিতৰুৱা অঞ্চললৈ তথ্য-প্ৰযুক্তি লৈ যোৱা গুৱাহাটীৰ উদ্যোগীজন

Thursday November 19, 2015,

7 min Read

গুৱাহাটী হ’ল ভাৰতবৰ্ষৰ তেনে বহু মহানগৰীৰ এখন য’ত এতিয়াও ষ্টাৰ্টআপৰ বাতাবৰণ গঢ়ি উঠিবলৈ বাকী আছে। তথাপিও আজিৰ পৰা বহুবছৰ পূৰ্বে ২০০৪ চনত নিয়মীয়া চাকৰিৰ জগতখনৰ পৰা ওলাই আহিল সঞ্জীৱ শৰ্মা; ‘অধিকতৰ কিবা এক পৰিপূৰ্ণতা’ৰ সন্ধানত।

আইবিএম গ্ল’বেল ছাৰ্ভিচেজৰ অংশ IBM ACE (এডভান্স কেৰিয়াৰ এডুকেশ্যন)ৰ লোভনীয় চাকৰিটো বাদ দি তেওঁৰ ষ্টাৰ্টআপ সংস্থা ৱেব এক্সৰ অধীনত তেওঁ আৰম্ভ কৰিছিল ‘ৰূপালীপৰ্দা.কম’ নামেৰে অসমৰ মনোৰঞ্জন উদ্যোগটোৰ বিষয়ে এক দ্বিভাষিক ৱেব পৰ্টেল। তেওঁৰ আছিল কম্পিউটাৰ এপ্লিকেশ্যন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী আৰু তেওঁ নিজৰ পেছাদাৰী জীৱনটো আৰম্ভ কৰিছিল জেপ ইনফ’টেক লিমিটেডৰ এজন ছফটৱেৰ বিশেষজ্ঞ হিচাপে।

সঞ্জীৱ শৰ্মা

সঞ্জীৱ শৰ্মা


তেওঁৰ পিতৃ আছিল ভাৰতীয় সেনাৰ এজন সেনা বিষয়া আৰু সেইসূত্ৰে তেওঁলোকৰ পৰিয়ালটো দেশৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিবলগীয়া হৈছিল। এজন অসমীয়া হিচাপে তেওঁৰ পিতৃয়ে ভাবিছিল যে অৱসৰৰ পিছত গুৱাহাটীয়েই হ’ব তেওঁলোকৰ উপযুক্ত বাসস্থান। সঞ্জীৱে দুখজনক স্মৃতি সুঁৱৰি ক’লে, ‘‘যদিও মই মোৰ প্ৰকল্পটো অসমৰ বাহিৰত আৰম্ভ কৰিব বিচাৰিছিলো, মোৰ পিতৃৰ হঠাতে দেহাৱসান ঘটাত মই সেইটো পৰিহাৰ কৰিবলৈ বাধ্য হ’লো। গুৱাহাটীত সমল আছিল সীমিত কিন্তু গুৱাহাটীকে মই মোৰ কৰ্মভূমিৰূপে গ্ৰহণ কৰিলো আৰু যি সীমিত সুযোগ সুবিধা পালো তাকে লৈ আগবাঢ়িলো।’’

ৰূপালীপৰ্দা ডট কমৰ দ্বাৰা অসমীয়া মনোৰঞ্জন উদ্যোগটোৰ বিভিন্ন দিশ সামৰি লোৱা হৈছিল, যেনে ইতিহাস, বৰ্তমানৰ খা-খবৰ, নিবন্ধ, ডাইৰেক্টৰী, ব্যক্তিবিশেষৰ তথ্য, সাক্ষাৎকাৰ, সমালোচনা আৰু অডিঅ’ ভিডিঅ’ ফাইলৰ সংকলন ইত্যাদি। সেই সময়ত এয়া আছিল এক অতি আধুনিক চিন্তা আৰু সেয়ে সি উল্লেখযোগ্য সমাদৰ নাপালে। তথাপিও তেওঁ আশাহত নহৈ সেই ৱেবছাইটটোক নৱৰূপ দিয়াৰ সিদ্ধান্ত ল’লে আৰু আজি সেই ৱেবছাইটটোৱে যথেষ্ট জনপ্ৰিয়ভাৱে চলি আছে। সঞ্জীৱৰ লক্ষ্য হ’ল ৰূপালী পৰ্দা.কমক উত্তৰ-পূবৰ সৰ্বপ্ৰথম ইণ্টাৰনেট টিভিৰূপে গঢ়ি তোলা।

সঞ্জীৱে ২০০৪ৰ পৰা ২০০৮ৰ ভিতৰত ৱেব এক্সক এক ষ্টাৰ্টআপ ফাৰ্মৰূপে জন্ম দিছিল, পিছত যেতিয়া তেওঁৰ জ্যেষ্ঠ আৰু কনিষ্ঠ ভাতৃয়ে তেওঁৰ সৈতে যোগ দিলে সেই ষ্টাৰ্ট আপটোৱেই এক প্ৰাইভেট লিমিটেড কোম্পানীৰ ৰূপ ল’লে আৰু হৈ পৰিল ৱেব এক্স টেকন’লজিছ। এতিয়া সেই কোম্পানীৰ তিনিজনকৈ পূৰ্ণকালীন সঞ্চালকৰ নেতৃত্বত তিনিটা ভাগ আছে – ছফটৱেৰ ছাৰ্ভিচেজ, আই টি ইনফ্ৰাষ্ট্ৰাকচাৰ মেনেজমেণ্ট ছাৰ্ভিচেজ আৰু আই টি চেলছ এণ্ড মাৰ্কেটিং।

কোম্পানীটোৱে এতিয়া তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত পূৰ্ণাংগ সেৱা আগবঢ়ায়। চিষ্টেম এনালাইছিছৰ পৰা চলিউশ্যন ইমপ্লিমেণ্টেশ্যন পৰ্যন্ত উচ্চ মানৰ কাৰিকৰী সহযোগিতা আগবঢ়ায় সঞ্জীৱৰ প্ৰতিষ্ঠানে।

সঞ্জীৱে ক’লে, ‘‘ৱেব এক্স হ’ল এক পেশাদাৰী তথ্য প্ৰযুক্তি পৰামৰ্শদাতা প্ৰতিষ্ঠান আৰু সম্পূৰ্ণ প্ৰতিষ্ঠানগত তথ্য প্ৰযুক্তি সেৱা প্ৰদানকাৰী কোম্পানী যি পৰিকল্পনা, ডিজাইন, ডেভলপিং আৰু তথ্য প্ৰযুক্তিৰ পৰিকাঠামোৰ সম্পূৰ্ণ সেৱা প্ৰদান কৰে। এই সেৱা নিৰ্দিষ্ট স্থানত গৈও আগবঢ়োৱা হয় বা দূৰনিয়ন্ত্ৰিতভাৱেও এনে সেৱা উপলব্ধ। আমি চাহিদাৰ খতিয়ান লওঁ, প্ৰয়োজনীয় সমাধান সূত্ৰ আগবঢ়াও, সমাধানৰ বাবে উপলব্ধ বিকল্পবোৰৰ মূল্যায়ন কৰোঁ, সময়/মানৱ সম্পদ/ সমলৰ হিচাপ কৰোঁ, সমাধানৰ ডিজাইন প্ৰস্তুত কৰো আৰু সংশ্লিষ্ট গ্ৰাহক আৰু দলীয় সহযোগীসকলৰ সৈতে সবিশেষ তথ্য বিনিময় কৰোঁ।"

image


প্ৰাৰম্ভিক প্ৰত্যাহ্বান

প্ৰাথমিক মূলধনৰ নামত সঞ্জীৱৰ আছিল মাত্ৰ ১৫০০০ টকা। কিন্তু এই বৃহৎ প্ৰত্যাহ্বানেও সঞ্জীৱৰ অদম্য ইচ্ছাৰ সন্মুখত নতি স্বীকাৰ কৰিবলৈ বাধ্য হ’ল। নিজৰ স্বপ্নৰ নৌকাত উঠি যাত্ৰা কৰাত একোৱে বাধা জন্মাব নোৱাৰে। তেওঁ বন্ধুৰ পৰা দুটা ডেস্কটপ কম্পিউটাৰ ধাৰলৈ ল’লে। তদুপৰি অতি দুৰ্বল ইণ্টাৰনেট সংযোগ, ইণ্টাৰনেট সজাগতাৰ অভাৱ, উপযুক্ত মানৱ সম্পদৰ অভাৱ আৰু ভৌগলিক বিচিন্নতাই তেওঁৰ সমস্যা বঢ়াই তুলিলে। সাগৰসদৃশ সমস্যাৰ মাজত উটি ভাহিও শেষত তেওঁ নিজৰ প্ৰথম গ্ৰাহকৰ ৰূপত পালে অসম ৰাজ্যিক পৰিবহণ নিগম(ASTC)ক।

প্ৰথম অৱস্থাত তথ্য প্ৰযুক্তিত অনুন্নত ৰাজ্য অসমত প্ৰযুক্তি জড়িত হৈ থকা বিষয়টো সন্দৰ্ভত তেওঁলোকক বুজাই সৈমান কৰাটো অত্যন্ত কঠিন আছিল। কিন্তু পৰৱৰ্তী ৰমেশ চন্দ জৈন নামৰ নতুন পৰিচালন সঞ্চালকৰূপে ASTCত যোগ দিয়াৰ পিছত কামটো সহজ হৈ পৰিল। তেওঁ সেই সময়ত অতি দুৰ্দশাগ্ৰস্ত ASTCক কম্পিউটাৰাইজড কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে।

মই তেওঁক অনলাইন টিকট বিক্ৰী ব্যৱস্থাটোৰ এটা ধাৰণা দিলো। যদিও তেওঁ এইক্ষেত্ৰত অতিশয় আগ্ৰহী আছিল তেওঁৰ এজন তথ্য প্ৰযুক্তি বিশেষজ্ঞই সেয়া সম্ভৱ নহ’ব বুলি জনালে। মই তাক এক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিলো আৰু মাত্ৰ ১৫ দিনৰ ভিতৰত প্ৰকল্পটো সম্পূৰ্ণ কৰি পেলালো। অথচ সমগ্ৰ ব্যৱস্থাটো তেতিয়া মাত্ৰ ৬৪ kbps লিজড লাইনতহে চলিছিল।

এই সফল প্ৰকল্পটোৱে ১৫০ জন যুৱকক নিযুক্তিৰ সুযোগ দিলে আৰু ASTCয়ে পূৰ্বতকৈ তিনিগুণ অধিক হাৰত ৰাজহ সংগ্ৰহ আৰু বজাৰ দখল কৰিলে। আৰু B2B প্লেটফৰ্মত টিকট বিক্ৰীৰ বাবে ASTCয়ে ডেৰশ টিকেট বিক্ৰীৰ এজেণ্ট নিযুক্তি দিলে।

সঞ্জীৱে গৌৰৱেৰে ক’লে যে আজি ৱেব এক্স হ’ল ৪২ জনকৈ অভিজ্ঞ ব্যক্তিৰ উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ আৰু ক্ষিপ্ৰ উন্নতিশীল তথ্য প্ৰযুক্তিৰ সেৱা প্ৰদানকাৰী কোম্পানী। অসমৰ বিভিন্ন ঠাইত কোম্পানীটোৰ শাখা আছে, মেঘালয় আৰু অৰুণাচল প্ৰদেশতো আছে শাখা। কৰ্প’ৰেট কাৰ্যালয় আছে গুৱাহাটীত। কোম্পানীটোৰ বৰ্তমানে প্ৰায় ২০০ গ্ৰাহক আছে যাৰ মাজত আছে ক্ষুদ্ৰ, মজলীয়া উদ্যোগ আৰু এণ্টাৰপ্ৰাইজ গ্ৰাহক যি ছফটৱেৰ সেৱা, চৰকাৰী কাম-কাজত আউট চৰ্চিঙৰ সেৱা, তথ্য প্ৰযুক্তিৰ আন্তঃগাঁঠনি পৰিচালনা, ৱেব এপ্লিকেশ্যন আদি বহুমাত্ৰিক সেৱা প্ৰদান কৰি আহিছে।

সামগ্ৰিকভাৱে তেওঁৰ গড়ে ৮০ শতাংশ গ্ৰাহক ক্ষুদ্ৰ উদ্যোগী, ১২ শতাংশ মজলীয়া উদ্যোগী আৰু বাকী ৮ শতাংশ বৃহৎ উদ্যোগী।

বহু বৃহৎ বাধা আজিও আছে

তদুপৰি ষ্টাৰ্টআপৰ ক্ষেত্ৰত উৎসাহজনক বাতাবৰণৰ অভাৱৰ দিশটোৰ কথাও তেওঁ ক’লে, ''এই অঞ্চলত ষ্টাৰ্ট আপৰ বাবে ডেঞ্চাৰ ফাণ্ডো উপলব্ধ নহয়, নাই কোনো পথ প্ৰদৰ্শক, পৰামৰ্শদাতা, নাই বজাৰ নাই চৰকাৰী সহযোগিতা।''

অভিজ্ঞ এটা দল থকাৰ পিছতো অতিৰিক্ত উপযুক্ত মানৱ সম্পদৰ অভাৱ এতিয়াও ৱেব এক্সৰ এক ডাঙৰ সমস্যা। সঞ্জীৱৰ মতে এই সীমাবদ্ধতাৰ বাবেই কেতিয়াবা গ্ৰাহকক উপযুক্ত উদ্যোগিক প্ৰকল্পৰ সেৱা আগবঢ়াওঁতে প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগে। শেহতীয়াকৈ অসমৰ তথ্য প্ৰযুক্তি বিভাগে কিছু আঁচনি ঘোষণা কৰিছে যদিও তাৰ স্পষ্ট ছবিখন এতিয়াও পৰিস্ফূট হোৱা নাই।

সফলতাৰ দুৱাৰমুখ

আজিলৈ ৱেব এক্সে প্ৰায় ২০০ টা প্ৰকল্প সম্পূৰ্ণ কৰিছে। প্ৰাৰম্ভিক অৱস্থাত প্ৰকল্পবোৰৰ অধিকাংশই আছিল ৱেবছাইট সম্পৰ্কীয়। কিন্তু ২০০৮ চনৰ পাছত তেওঁলোকে স্থিতিশীল ৱেবছাইটৰ কাম কৰিবলৈ এৰে আৰু সম্পূৰ্ণৰূপে ৱেব এপ্লিকেশ্যন আৰু কনটেণ্ট মেনেজমেণ্ট চিষ্টেমৰ কাম-কাজত মনোনিৱেশ কৰিবলৈ লয়। সঞ্জীৱৰ দাবী আজিৰ পৰা বহু বছৰ পূৰ্বে ২০০৬ চনত তেওঁলোকেই আছিল ৰে’লৱেত CMS সেৱা প্ৰয়োগকাৰী প্ৰতিষ্ঠান। সঞ্জীৱে ক’লে, ‘‘আমাৰ শেহতীয়া বঁটা বিজয়ী উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মেনেজমেণ্ট ইনফৰমেশ্যন চিষ্টেম প্ৰয়োগ ব্যৱস্থাক ৰে’লৱে ব’ৰ্ডে উচ্চ প্ৰশংসা কৰিছে আৰু আমি আশাবাদী যে আন আন ৰে’লৱেতো অতি শীঘ্ৰেই তাৰ অনুৰূপ প্ৰয়োগ হ’ব। ইতিমধ্যে পশ্চিম ৰে’লৱে আৰু ক’ৰ (CORE), চেণ্ট্ৰেল অৰ্গেনাইজেশ্যন ফৰ ৰে’লৱে ইলেকট্ৰিফিকেশ্যন’ৰ পৰা আমাৰ সৈতে যোগাযোগ কৰা হৈছে আৰু আমি অন্যান্য ৰে’লৱেৰো ওচৰ চাপিম।’’

বৰ্তমানে ৱেব এক্সে অসমৰ পৰিবহণ বিভাগৰ অধীনত চিটী বাছ মেনেজমেণ্ট ইনফৰমেশ্যন চিষ্টেম, অসম চৰকাৰৰ শ্ৰম আৰু নিয়োগ বিভাগৰ অধীনত ৱেব বেছড ই চাৰ্ভিছ ডেলিভাৰী চিষ্টেম, অইল ইণ্ডিয়া লিমিটেডৰ বাবে অন ডিমাণ্ড ৱেব কাষ্টিং প্লেটফৰ্ম, অসমৰ দুখন জিলাৰ শিশুৰ পুষ্টিহীনতাৰ সমস্যা সমাধানৰ বাবে সংহত বিকাশ সেৱাৰ বাবে MIS, নিৰ্মাণ উদ্যোগৰ বাবে MIS আদি প্ৰকল্পৰ কাম কৰি আছে। প্ৰতিটো প্ৰকল্পৰ গড় প্ৰকল্প ব্যয় ২৫-৩০ লাখ টকা আৰু এনে প্ৰতিটো প্ৰকল্পৰ বিপৰীতে তেওঁলোকৰ আয় হ’ল ২০ৰ পৰা ৩০ শতাংশ।

ভাৰতবৰ্ষৰ অসমৰ গুৱাহাটীৰ পৰা ৱেব এক্সে তেওঁলোকৰ ১২ আসনযুক্ত বিকাশ কেন্দ্ৰৰ দ্বাৰা তেওঁলোকৰ গ্ৰাহকসকলক উচ্চ মানৰ তথ্য প্ৰযুক্তি সেৱা আৰু ITIMS কনচালটেন্সী চাৰ্ভিছ আৰু এণ্টাৰপ্ৰাইজ আৰ্কিটেক্সাৰ চলিউশ্যনৰ সেৱা আগবঢ়াই আহিছে। সঞ্জীৱৰ মতে তেওঁলোকে এই বিকাশ কেন্দ্ৰটো স্থাপনৰ বাবে প্ৰাথমিক অৱস্থাত ২২ লাখ টকা বিনিয়োগ কৰিছিল।

ষ্টাৰ্ট আপ পাৱাৰ হাউচ

নতুন ব্যৱসায়িক চিন্তাৰ উন্মেষ আৰু প্ৰতিপালনৰ বাবে ৱেব এক্স আৰম্ভ কৰিছে "ষ্টাৰ্ট আপ পাৱাৰ হাউচ" আৰু এই পৰ্যন্ত তেওঁলোকে লাভ কৰা ১৩টা উৎকৃষ্ট ধাৰণাৰ পুনৰীক্ষণ অব্যাহত ৰাখিছে, 'ষ্টাৰ্ট আপ পাৱাৰ হাউচ'ৰ ক্ষেত্ৰথলী হৈছে গুৱাহাটী আৰু তেওঁলোকে লাভ কৰা ১১টা প্ৰস্তাবো গুৱাহাটীৰ, বাকী এটা নাগালেণ্ডৰ আৰু এটা অৰুণাচলৰ উদ্যোগীৰ।

সঞ্জীবে ব্যক্ত কৰিলে - ''আমাৰ এনে এক তত্ত্বাৱধায়কৰ দল আছে য’ত আছে উদ্যোগিক বিশেষজ্ঞ, শিক্ষাবিদ, ব্যৱসায়ী আৰু সেইসকল ব্যক্তি যি এটা ষ্টাৰ্ট আপৰ সফল আৰম্ভণিৰ বাবে বিভিন্ন পৰ্যায়ত সহায়-সহযোগিতা আগবঢ়াবলৈ সাজু। এই মুহূৰ্তত আমি এক উৎকৃষ্ট ষ্টাৰ্ট আপৰ বাবে এক কোটি টকা পৰ্যন্ত বিনিয়োগ কৰিবলৈ সাজু ।''

শেহতীয়াভাৱে সঞ্জীৱে CEBIT ২০০৩ এক ষ্টাৰ্ট আপৰ প্ৰস্তাৱ snapsspeak.com (১৩ ষ্টাৰ্ট আপ প্ৰস্তাৱৰ এটা)ৰ এক প্ৰদৰ্শনী অনুষ্ঠিত কৰিছিল যাৰ থীম হ’ল 'ডিজিটেল গাঁও অভিমুখী ফটোগ্ৰাফ', তেওঁ ক’লে যে এই অৱধাৰণাটো CEBIT লৈ অহা হাজাৰ হাজাৰ দৰ্শনাৰ্থীয়ে প্ৰশংসা কৰিছিল আৰু সেই প্ৰদৰ্শনৰ বাবেও লাভ কৰিছিল STPI- মেক ইন ইণ্ডিয়া বঁটা।

image


ভৱিষ্যতৰ উন্নয়ন

১১বছৰ জোৰা এক সংগ্ৰামৰ পিছত তেওঁলোকে ইতিমধ্যে যথেষ্ট অভিজ্ঞতা আৰু সাহস সঞ্চয় কৰিছে। তেওঁলোকে শীঘ্ৰেই বাংগালুৰু, কলকাতা আৰু পুণেত নতুন বিকাশকেন্দ্ৰ মুকলিৰ পৰিকল্পনা কৰিছে।

তাৰ উপৰিও ষ্টাৰ্ট আপৰ মাধ্যমেৰে গ্ৰাম্য ভাৰতত নতুন বজাৰ সৃষ্টিৰ ওপৰতো তেওঁলোকে গুৰুত্ব আৰোপ কৰিছে। ‘‘আমি তেনে কিছু সম্ভাৱনাপূৰ্ণ যুৱক-যুৱতী নিৰ্বাচন কৰিছো যি গ্ৰাম্যাঞ্চলত আমাক প্ৰতিষ্ঠা কৰিব আৰু আমি হাতত লোৱা পৰিকল্পনা অনুযায়ী বিভিন্ন সেৱা আগবঢ়াব। প্ৰথম অৱস্থাত আমি উত্তৰ পূৰ্বাঞ্চলৰ মফচলীয় অঞ্চলবোৰ লক্ষ্য হিচাপে লৈছো আৰু পৰৱৰ্তী সময়ত আমি আৰু অধিক প্ৰত্যন্ত অঞ্চললৈ সোমাই যাম’’ সঞ্জীৱে ক’লে।

বিগত বিত্তীয় বৰ্ষত ৱেব এক্সে ৫কোটি টকাৰ ৰাজহ আহৰণ কৰিছে আৰু পৰৱৰ্তী বিত্তীয় বৰ্ষত এই পৰিমাণ ৮কোটি হ’বগৈ বুলি তেওঁলোকৰ প্ৰত্যাশা।

মূলঃ অপৰাজিতা চৌধুৰী

অনুবাদঃ ৰুণুমী শইকীয়া

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

এগৰাকী চেম্পিয়ন সৃষ্টিৰ কাহিনী-হ্ৰদ নগৰীৰ কন্যাৰ সমুদ্ৰ জয়

দুটা সন্তানৰ মাতৃ অৰ্চনা চৰডানা হৈছে ভাৰতৰ প্ৰথম মহিলা“বেছ” জাম্পাৰ

বাঁহেৰে সুদৃশ্য ঘৰ নিৰ্মাণ কৰে চিভিল ইঞ্জিনীয়াৰ ইন্দ্ৰানী মুখাৰ্জীয়ে

ভোট জলকীয়াৰ সোৱাদ বিশ্বত বিলাই দিয়া উদ্যোগী লীনা শইকীয়া